সপ্তাহান্তিক পতি- হেমন্ত কাকতি

পুৰা ছয়দিন পৰিয়ালৰ পৰা দুৰৈত থাকি শনিবাৰৰ গধূলিটো অহালৈকে অধীৰ আগ্ৰহেৰে বাট চাই থাকো৷ শনিবাৰে গধূলি মোৰ গাড়ীখন আহি পদূলিত ব্ৰেক মৰাৰ লগে লগে আমাৰ কুকুৰটোৰ ৰজনজনাই যোৱা ভুকভুকনিয়ে সমগ্ৰ ওচৰ চুবুৰীয়াক জনাই দিয়ে মই আহিলো বুলি৷ ল’ৰা ছোৱালীহাল মই অহাৰ উলাহতে দৌৰি ওলাই আহে৷ লগতে লেপটপটো দাঙিবলৈ আহে আমাৰ মৰমৰ গোলাপী নামৰ বন কৰা ছোৱালীজনী৷ তাৰ পিছতে মুখত এটা ’মনালিছা’ হাঁহি লৈ মোৰ সহধৰ্মিনীৰ আৱিৰ্ভাব হয়৷ তাৰ পিচত মোৰ মস্তিষ্কৰ পাল, মানে সেই দুঃসাধ্য মুখমণ্ডল পঢ়ি গোটেই সপ্তাহটোৰ অন্তৰ্নিহিত ’মুড’ টো আৱিষ্কাৰ কৰাৰ৷ সেইখিনি সময়ত ঘ্ৰাণেন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা মুডৰ ক্লু পাওঁ৷ মানে পাকঘৰৰ পৰা ভাঁহি অহা কেক জাতীয় কিবা নহ’লে ভাল কিবা ব্যঞ্জনৰ গোন্ধ আহিছে যদি তেখেতৰ মুড ভাল৷ সন্ধিয়া ডিনাৰ টেবুলত বহি ভয়- ভয়কে মিচিকিয়া হাঁহি এটা মাৰি মই তেওঁ মোক চাৰপ্ৰাইজ দিবলৈ বনোৱা ’অদ্ভুত ব্যঞ্জন’ খনৰ ’ৰিচিপি’ টোৰ বিষয়ে এনেকে সোধো যেন অহা সপ্তাহত মই সেইটো ট্ৰাই কৰিম৷ ল’ৰা ছোৱালীহালক অলপ মৰমেৰে সপ্তাহটোত কি কি পঢ়াশুনা কৰিলি বুলি সুধিব খুজিলেই ডাঙৰ জনীয়ে টপিক বদলাই কব “ দেউতা, আমাৰ গোলাপীয়ে ম’বাইল ল’লে নহয়! দিনটো ম’বাইলতে থাকে আজিকালি৷ “ নহ’লে ভায়েকৰ ওপৰত কমপ্লেইন৷
তাৰ পিছত ড্ৰিংক এটা গলাধ: ৰণ কৰি নিজকে ঘৰখনৰ মহাৰজাতকৈ কোনোগুনে কম নহয় টাইপৰ ভাৱ এটা লৈ পায়চাৰি কৰি কৰি বাৰাণ্ডাৰ চকীখনত বহি লওঁ আৰু এইহেন সুখৰ জীৱনটো পোৱা বাবে ওপৰৱালাৰ শলাগ লওঁ৷
কিন্তু যোৱাতো শনিবাৰ আছিলে অলপ বেলেগ৷ মই অহা সময়ত কাৰো মাতবোল নাই৷ ল’ৰা ছোৱালীহাল ঘৰৰ ভিতৰৰ পৰাই ওলোৱা নাই, আমাৰ মৰমৰ ’ডগি’ জনীও চোফাৰ পিচফালে মূৰ পোলোকা মাৰি সোমাই আছে৷ আমাৰ সৰ্বত্ৰ বিৰাজমান কামকৰা ছোৱালী গোলাপীৰো শুংসুত্ৰ নাই৷ পৰিবেশ টো এনে হৈছিল যেন ঘৰখনৰ ’হেপীনেচ’ নামৰ বস্তুটো ক’ৰবাত ফুৰিবলৈ গৈছে৷
এটাও শব্দ নকৰাকৈ বেডৰুমৰ ফালে আগুৱাই গ’লো৷
“বেডৰুমৰ বাল্বটো ফিউজ হৈছে৷ টৰ্চ টো লৈ যোৱা৷ “ পাকঘৰৰ কোনোবা এটা চুকৰ পৰা শ্ৰীমতীৰ মাতষাৰ ভাহি আহিল৷
“গোলাপী! ক’ত গলি? টৰ্চটো লৈ আহ চোন! “ অলপ খঙকে গোলাপীক চিঞৰিলো৷
ঘৰখনৰ অসুখী ’মুড’ টোৱে মোৰ মূৰত ধৰাৰ আগতেই দেখিলো মোৰ লৰাটোৰ হাতত এটা টৰ্চ আৰু ছোৱালী জনীৰ হাতত এখন টাৱেল লৈ মোৰ ওচৰত৷ অচিনাকি ’সহায়ৰ হাত’ দুখন দেখি আচৰিত হৈ সুধিলো “ গোলাপী ক’ত? “
“ তাই আজি গ’ল৷ গাঁৱৰ পৰা খুৰাক এজন আহি লৈ গ’ল, মাকৰ গা বেয়া বুলি ক’লে৷ “
বাক্যটো কিছু সময় কাণ দুখনত প্ৰতিধ্বনিত হৈ হৈ মাৰ গ’ল৷ তেওঁৰ পৰহিৰ পৰা হব লগীয়া নেচনেল চেমিনাৰ, ল’ৰা ছোৱালীৰ স্কুল, মোক বছে দিয়া টাৰগেট এইবোৰে মূৰত এফালৰ পৰা খুন্দিয়াই গ’ল৷ পাকঘৰৰ এটা চুকৰ পৰা দিনটো নেপেলোৱা জাবৰৰ উৎকট গোন্ধটো চিৰিংকে নাকত লাগিল৷
শ্ৰীমতীক বুজাবলৈ একো কথা নাপায় লাহেকৈ কৈ থলো “ আহিব দিয়া, কেইদিন মান পিচত ঘূৰি৷ “
“ আজিলৈকে যোৱা কামকৰা মানুহ বোৰ কোনোবা ঘূৰি আহিছে জানো? “
মই চুপ হৈ থকাই সমীচীন বুলি ভাবিলোঁ৷
ৰাতি শোৱাৰ পৰত এবাৰ লাহেকৈ কৈ থ’লো
“পাৰ্ট টাইম কাম কৰা এজনী বিচাৰিব লাগিব৷ “
তেওঁ মনে মনে থাকি থাকি হঠাৎ কৈ উঠিল
“কাইলৈৰ পৰা গাড়ী চলাবলৈ শিকাবা! ড্ৰাইভাৰ জনো আজি গুছি গ’ল৷ “
কথাষাৰ শুনি আকৌ এবাৰ ভগৱানৰ নাম স্মৰণ কৰিলো৷ বিপদ আহিলে যে একেলগে আহে সেয়া লোকক বহুত লেকচাৰ দিছিলো, কিন্তু আজিহে কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ৷ ভাবিলো বৰ্দ্ধিত দৰমহা, দিনে ৰাতিয়ে টি ভি আনকি ’হেণ্ডচাম’ ড্ৰাইভাৰৰ সংগয়ো তাইক ৰখাব নোৱাৰিলে৷ দুয়ো একে দিনাই গ’ল যে? কথাটো কি? দুয়োৰে মাজত কিবা গোপন বুজাবুজি বা প্ৰেমজনিত ঘটনা হল নেকি বাৰু? গাভৰু ছোৱালী ঘৰত ৰাখিলে এইবোৰেই বিপদ! কিন্তু নতুন কামকৰা মানুহ এজনী লাগ বুলিলে পাম ক’ত? তেও কলেজলৈ গ’লে ল’ৰা ছোৱালী দুটা কাৰ লগত এৰি থৈ যাব?
কথাবোৰ ভাবি ভাবি ৰাতিটো শোৱাই নহ’ল৷
পুঁৱতি নিশা প্ৰায় চাৰে চাৰিমান বাজিছে৷ বাহিৰত চৰাই চিৰিকটিৰ মাত ওলাইছে৷ এপাকত বিছনাৰ পৰা উঠিলো৷ ল’ৰা ছোৱালীহাল নিশ্চিন্তমনে শুই আছে৷ কিন্তু মাক ওচৰত নাই! বুকুখন চিৰিংকৈ মাৰিলে৷ ক’ত গল তাই? মোৰ শংকা দূৰ কৰি অলপ পিছতে বাথৰুমৰ দৰ্জাখন খুলি অলপ চিঞৰাৰ দৰেই কৈ উঠিল-
“টয়লেট টো কিবা এটা হৈছে, একো ওলাই যোৱা নাই, বাথৰুমটোত বানপানী হৈ গৈছে, কোনো ফালে একো ওলাই যোৱা নাই৷ বাথৰুমৰ গোন্ধত মৰি যাম এতিয়া৷ কিবা এটা কৰা! “
“চেপটিক টেঙ্কে ফেইল মাৰিলে চাগে৷ “ সবতকৈ বেছি বেয়া হ’ব পৰা ঘটনাটোৱেই ভাবিবলৈ ল’লো৷
“চাহ একাপ দিয়া মই ওলাই যাওঁ৷ মীৰ প্লাম্বাৰৰ ঘৰলৈকে যাওঁ৷ এনেও ফোন কৰি মাতিলে আহিম বুলিও নাহে৷ আগতে মোক কেবাবাৰো ঘূৰাইছে সি৷ আজি ঘৰতে বিছনাতে ধৰিম গৈ৷ “
প্ৰায় দহমান বজাতহে প্লাম্বাৰ আহিল৷ আৰু কামত লাগিল৷ এটাৰ পিচত এটাকে লাইন খুলি খুলি অৱশেষত সমস্যা টো ধৰা পেলালে৷ এটা “টি“ খুলি এসোপামান ডিটাৰজেণ্ট আৰু চাবোনৰ পেকেট উলিয়াই সমস্যাটো সমাধান হৈ গল বুলি দেখাবলৈ মাতিলে৷ মই একো নকৈ এওঁলৈ আঙুলিয়ালো৷ এওঁ গোলাপীৰ নাম লৈ এজাউৰি গালি উলিয়ালে৷ আত্মপক্ষ সমৰ্থন কৰি কিবা ক’বলৈ গোলাপীও নাই৷ কামৰ শেষত প্লাম্বাৰক কিমান লাগে সোধাত সি ক’লে- “চাওঁক দাদা, এইবোৰ কাম সাধাৰণতে কোনেও নকৰে, মই বুলিহে কৰিছোঁ৷ টকা এহেজাৰ দিয়ক! “
তাৰ লগত অলপ দৰদাম কৰিব ধৰোতেই প্লাম্বাৰ জনক চাহ একাপ দি এওঁ প্ৰায় মোক ধমক দিয়েই কলে “ দি দিয়া যি বিচাৰিছে, কামটো কেনেকুৱা দেখা নাই? “৷ মোৰ হতবম্ব হোৱাৰ পাল৷ অইনকালে ফাঁচীবজাৰত হাজাৰটকীয়া কাপোৰৰ দাম দেৰশ টকাৰ পৰা আৰম্ভ কৰি মোক লাজ বিবুদ্ধিত পেলোৱা মানুহজনীৰ এই ৰূপ মোৰ বাবে একেবাৰে নতুন আছিল৷ ক্ষন্তেক ৰৈ হে বুজিলো যেতিয়া এওঁ মোলায়েম সুৰত তাৰ ফালে চাই আৰম্ভ কৰিলে “কাম কৰা মানুহ এজনী চাবাচোন, তোমালোকৰ অঞ্চলত পায় বুলি শুনিছো৷ দৰমহাৰ চিন্তা নকৰিবা৷ বাকী আনি দিলে তোমাকো কিবা এটা দিম৷ “
“চাওঁ দিয়ক বাইদেউ“ বুলি টকা হেজাৰ লৈ মোৰ ফালে যেন বিদ্ৰূপৰ হাহি এটা মাৰি সি বিজেতাৰ দৰে গুছি গ’ল৷
এওঁক বলে নোৱাৰি এইবোৰ কামত মিছামিছিকে টকাপইচাসোপা আমাৰ দৰে মধ্যবিত্ত মানুহৰ কেনেকৈ ড্ৰেইনেৰে আচলতে বৈ যায় তাকে ল’ৰাছোৱালী হালকে অলপ বুজালো৷ কালি ৰাতিৰে বাকীথকা ভাত আঞ্জা খিনি মোৰ আগত ৰাখি এইবাৰ ব্ৰেকফাষ্টৰ টেবুলত আৰম্ভ হ’ল আলোচনা৷
দুই এদিনৰ ভিতৰতে কাম কৰা মানুহ নাপালে যে পৰিস্থিতি যে আৰু ভয়াবহ হ’ব বুজিবলৈ অকনো বাকী নাথাকিল৷ এই মিটিঙতে সিদ্ধান্ত হল যে কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ (মানে মানুহ বিচাৰি নোপোৱালৈকে) দুজনৰ ভিতৰত এজনে অফিচৰ পৰা ছুটি লব লাগিব৷ প্ৰতিবাৰে হৰাৰ দৰে ছুটিলোৱা কামটো মোৰ দ্বাৰাই কৰিব লাগিব বুলিও সিদ্ধান্ত ঘোষনা হৈ গ’ল৷ এতিয়া ’কাৰণ’ এটা আৱিষ্কাৰ কৰি বছলৈ ফোন কৰি ছুটিটো মঞ্জুৰ কৰাব লাগে৷ মোৰ আইতা ঢুকোৱা প্ৰায় বিছ বছৰ হ’ল যদিও মোৰ আগৰ ’বছ’ৰ পাহৰণি বেমাৰটোৰ সুযোগ লৈ এইবোৰ কামত আগতে প্ৰায়ে যেতিয়াই তেতিয়াই তেওঁক চিৰশান্তিৰ নিদ্ৰাৰ পৰা জগাই আনিছিলো৷ এইবাৰৰ বছ অলপ একাচেকা৷ তাতে আকৌ যোৱা মাহতে আইতাৰ মৃত্যুত শেষ ’শ্ৰদ্ধাঞ্জলি’ অৰ্পন কৰিছিলো৷ বছৰ পাহৰাৰ প্ৰশ্নই নুঠে৷ গতিকে নতুন কিবা এটা ভাবিবলৈ ল’লো৷ অৱশেষত ভয়ে আশংকাই ফোনটো হাতত লৈ বছৰ নম্বৰ ডায়েল কৰিলো৷ ৰিং কৰি হেলো শুনাৰ লগে লগেই বছৰ কাইলৈ ডিউটি গৈ কৰিব লগীয়া কামৰ হিচাপ আৰম্ভ কৰি দিলে৷ পাঁচ মিনিট মান শুনাৰ পিছত লাহেকৈ ক’লো “ছাৰ, কালি ৰাতিৰ পৰা গাটো ভাল নহয়, কেইদিন মান ছুটি লাগিছিল… …“ বুলি কাহ দুটা মান জোৰকৈ মাৰি ফোন টো কাটি দিলো৷ অহা সপ্তাহত বছৰ লগত হব পৰা সম্ভাব্য মুখামুখিৰ দৃশ্যটো ভাবি গাটো শিয়ঁৰি উঠিল৷ এসপ্তাহ অফিচলৈ নগৈ অলপ আৰাম কৰিম বুলি ভাবি মনটো ভাল লাগিল যদিও গোটেই সপ্তাহটো বাচন বৰ্তন ধুই কাপোৰ ইস্ত্ৰী কৰি ল’ৰাছোৱালীক খুৱাই-বুৱাই যে স্কুল পঠাব লাগিব, গাড়ী চলাই অনানিয়াও কৰিব লাগিব সেইবোৰ চিন্তা মনলৈ অহাৰ লগে লগে মনটো সেমেকি গল৷ কাৰণ গোটেই সপ্তাহটো এওঁ কলেজৰ চেমিনাৰৰ কামত ব্যস্ত থাকিব বুলি কৈয়েই থৈছিলে৷ যি হ’ব দেখা যাব বুলি বজাৰ কৰা বেগ খন লৈ ওলাই গ’লো৷
নতুন মডেলৰ গাড়ী এখন কিনিলে যেনেকৈ ৰাস্তাত অকল সেইকেইখন গাড়ীহে চকুত পৰে তেনেকৈ গোটেই ৰাস্তাত আৰু বজাৰত মোৰ চকু অকল কামকৰা যেন লগা মানুহবোৰৰ ওপৰতহে পৰিল৷ বহুকেইজনক আন্দাজতে কামকৰা মানুহ বুলি সুধি বেয়াকৈও উত্তৰ পালো৷ পিছে কালৈকো ভ্ৰূক্ষেপ নকৰি মোৰ মিছন “কামকৰা মানুহ আৰু ড্ৰাইভাৰ“ৰ সন্ধানত প্ৰায় দুই বজালৈ ইফালে সিফালে ফুৰিলো৷ ক’তো একো সন্ধান উলিয়াব নোৱাৰি “মই আজি সংগীবিহিন, ক্লান্ত পথিক, এই বিশাল পৃথিবীত“ পুলক বেনাৰ্জীৰ গানটো ক’ব নোৱাৰাকৈয়ে গুনগুনাই লাহে লাহে ঘৰমুৱা হলো৷
গাড়ীখন গেটত ৰাখি গেটখন খুলিবলৈ লওঁতেই এওঁ আহি ওলাল৷ বজাৰৰ মোনা খন আগবঢ়াই দিওঁতেই কৈ উঠিল-
“ক’ৰবাত কিবা পালানে? “
“নাই অ’! “ এটা দীঘল হুমুনিয়াহ কাঢ়ি ক’লো৷
“হ’ব দিয়া নালাগে৷ গোলাপী আৰু ড্ৰাইভাৰ দুয়ো আহি ওলাইছেহি! “
এওঁৰ মুখ খনলৈ চালো৷ ৰাতিপুৱা দেখা মুখখন যেন নহয়৷ খং ৰাগৰ কোনো চিন মোকামেই নাই৷ মুখত এক প্ৰশান্তিৰ হাঁহি৷ পুনৰ মোৰ মৰমীয়াল মানুহজনীক আকৌ যেন এবাৰ আৱিষ্কাৰ কৰিলোঁ৷ সকলো দুখ দুৰ্গতি যেন নিমিষতে কৰবালৈ উৰি গুছি গ’ল৷
“তুমি কাইলৈ যাবাগৈ অফিচলৈ৷ এনেই এনেই ছুটিবোৰ নষ্ট কৰিব নেলাগে৷ অহা মাহত ইহঁতৰ পৰীক্ষা শেষ হলে গোৱা যোৱাৰ প্লেন বনাই থৈছো৷ বছক কৈ এতিয়া গৈয়েই ছুটিটো চেংচন কৰাই থ’বা৷ “
প্ৰায় লগে লগেই ম’বাইলটো বাজিব ধৰিলে, দেখিলো বছৰেই ফোন-
“ কৈছা হেই আপকা তবীয়ত? দেখো কল মিনিষ্টাৰ কা ভিজিট হেই, ইউ হেভ টু বি প্ৰেজেণ্ট হিয়েৰ! কল মৰ্নিং কো কিচি ভী হালত মে আ জানা“
“চাৰ, আই এম নট ৱেল ইউ ন’, ফিৰভী আপকে লিয়ে আই ৱিল বি ৰিপোৰ্টিং টুমৰ’ মৰ্নিং, বাট বচ, আই নিড ফিউ ডেইজ লিভ ইন ডা নেক্সট মান্থ! “
“ডণ্ট ৱৰি, হো জায়েগা, বচ কল জৰুৰ আনা! “
“সুৰাত মগন, ভয়াল ৰাতি“ৰ সেই সুঁহুৰীটো কেনেকৈ বজাই বজাই ভিতৰলৈ সোমাইছিলো ভাবি আছো৷
———

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক