সপোনৰ তিনিটা স্তৱক: (-অঞ্জল বৰা)

(১)
তুমি নহ’লে দুচকুৱে
সপোন নেদেখে
উজাগৰি নিশা
বুকুৰ শেতেলিত
শূন্যতাই ভৰি উঠে
দুচকু মুদিলেই ভাহি উঠে মাথোঁ
এখন মুখ…
যাৰ ওঁঠত মোৰ সপোনটো
জিলিকি থাকে৷
(২)
তোমাৰ বাবেই এতিয়াও মই
জীৱন উদযাপনৰ আখৰা কৰিছোঁ
শূন্যতাৰ প্ৰতিটো মুহূৰ্ত
তোমাৰ ভালপোৱাৰে ভৰাই ৰাখিছোঁ
তোমাৰ বাবেই মই
হতাশাৰ ধ্বংসস্তূপৰ মাজতো
এটা সেউজীয়া কবিতা
ৰোপণ কৰিছোঁ
এতিয়াও দুচকুত সপোনটো
শেষ হ’ব নিদিয়াকৈ
জীপাল কৰি ৰাখিছোঁ
কেৱল তোমাৰ বাবেই৷
(৩)
তোমাক ভালপোৱাৰ বাবেই মই
সীমাহীন অপেক্ষাৰে
উজাগৰি নিশা
উন্মাদনাৰ পাগল নদীত
সাতুৰি ফুৰিছোঁ
আজিও বিচাৰি পোৱা নাই
ইপাৰ সিপাৰ দুটি পাৰ৷

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anup Choudhury
8 years ago

bhal lagise….hridoy sui jua

Pranjal Das
8 years ago

nice………..