সোঁৱৰণীৰ সঁফুৰাত ইজৰাইল (ৰঞ্জু শৰ্মা)

ইজৰাইলত মোৰ অচিনাকী আপোন: ……(১)

আন্তৰিকতা, মৰম, হেঁপাহ, আদৰ এই শব্দসমূহ আজিকালি কিমান বিৰল নহয়নে? আমাৰ চৌপাশৰ পৰা আৱেগ অনুভূতিবোৰ যে কিমান সন্তৰ্পণে লাহে লাহে নোহোৱা হৈ যাব ধৰিছে৷ আৰু বিনিময়ত হিংসা- বিদ্বেষ, অসহিঞ্চুতা, অমানৱীয়তা আদি বিষবোৰ সমাজৰ কোঁহে কোঁহে ইমান বেছিকৈ শিপাই গৈছে যে এতিয়া আমি সকলোবোৰ তাৰ কৰাল গ্ৰাসত পুৰামাত্ৰাই গ্ৰাসিত৷ কিন্তু তাৰ মাজতো যদি কেতিয়াবা এনে কিছুমান উদাহৰণ পোৱা যায় যাৰ মাথোঁ স্মৃতিয়েই আপোনাৰ মন সমগ্ৰ জীৱনলৈ আলোড়িত কৰি ৰাখিব পাৰে তেতিয়া? …. আমি বাৰু এবাৰলৈও ভাবিবলৈ বাধ্য নহ’মনে যে সময়ৰ সেই প্ৰতিটো পল আকৌ এবাৰ ঘূৰি অহা হ’লে, …অনুভূতিৰ সেই তৰংগবোৰ আকৌ এবাৰ বৈ যোৱা হ’লে আমাৰ বুকুয়েদি৷ তাতে যদি সেই আকুলতা পোৱা যায় সুদূৰ বিদেশত, এজাক অচিনাকী মানুহ, এখন দুৰ্বোধ্য সমাজৰ মাজত৷ ঘটনাবোৰ কিছু পুৰণি৷

আমি ইজৰাইলত থকা সময়ৰ কথা৷ মানস তাত থকা ইতিমধ্যে এবছৰ হৈ গৈছে৷ বিয়াৰ ঠিক পিছতেই ময়ো তেওঁৰ লগত ইজৰাইললৈ যাওঁ৷ মানসৰ ইনষ্টিটিউট ইজৰাইলৰ হাইফা চহৰৰ মাজমজিয়াত৷ হাইফা ইজৰাইলৰ প্ৰধান চহৰ, শিক্ষা তথা বাণিজ্যৰ মুল কেন্দ্ৰবিন্দু৷ মধ্যপূৱবৰ্তী এছিয়ান চহৰ যদিও হাইফাত পশ্ছিমীয়া প্ৰভাৱ পুৰামাত্ৰাই প্ৰতিফলিত৷ আচলতে ইজৰাইলৰ বেছিভাগ চহৰ বিশেষকৈ হাইফা আৰু ৰেহব’ট আদি চহৰসমূহৰ মুলভেটিৰ বহুখিনি আমেৰিকান অনুদানেৰে পুষ্ট, সেয়ে ইয়াৰ জনজীৱনত তাৰ প্ৰভাৱ পৰাটো স্বাভাবিক৷ তদুপৰি সমগ্ৰ ইজৰাইলত যিমানখিনি ইহুদী জনসাধাৰন আছে তাতকৈ বহুগুণে বেছি ইহুদী আছে আমেৰিকাত৷ যি নহওক মানসে ইতিমধ্যে হাইফাত যিটো ঘৰ ভাৰা লৈ আছিল আমাৰ বিয়াৰ পিছতো আমি তাতেই থকাৰ সিদ্ধান্ত লৈছিলো৷ পাকঘৰৰ সৈতে দুটা কোঠালীৰ এটা সৰু ঘৰ৷ দুতলীয়া ঘৰটোৰ ওপৰৰ ভাগটোত এহাল বয়সীয়া দম্পত্তি থাকে৷ আমাৰ ঘৰটোৰ মালিকৰ নাম ডেভিদ বেন আৰ্টজি৷ সেই সময়ত তেওঁৰ বসয় আছিল প্ৰায় সত্তৰৰ ওচৰা ওচৰি৷ মানুহজন অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়া৷ ইজৰাইলৰ আকৌ সুন্দৰ নিয়ম এটা আছে৷ উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত ল’ৰা ছোৱালী নিৰ্বিশেষে প্ৰতিজন ইজৰাইলী নাগৰিকে তিনি বছৰৰ বাবে দেশৰ সামৰিক বিভাগত কাম কৰাটো বাধ্যতামুলক৷ নিজৰ দেশক এই সেৱা আগবঢ়োৱাৰ পিছতহে তেওলোকে পৰৱৰ্তী শিক্ষাগ্ৰহণৰ বাবে যাব পাৰে৷ তিনিবছৰৰ পিছত যদি কোনোবাই সামৰিক বিভাগতে থাকি যাওঁ বুলি ভাবে তেন্তে তেওঁলোকক তাতেই নিযুক্তি দিয়া হয়, অন্যথা ওলাই অহাতোটো কোনো বাধ্য বাধকতা নাই৷ দেশৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিক নিজৰ দায়বদ্ধতাৰ কথা কেৱল কিতাপে পত্ৰই শিকায়েই নহয় বৰঞ্চ তাক মৰ্মে মৰ্মে উপলদ্ধি কৰাবলৈ দিয়াৰ কি এক সুন্দৰ প্ৰয়াস৷ যিয়েই নহওঁক আমাৰ ডেভিদ আংকল সেই ছাত্ৰ অৱস্থাৰ পৰা সামৰিক বিভাগত চাকৰি কৰি তাৰপৰা অৱসৰ লোৱা বিষয়া৷

আমি গৈ হাইফা চহৰ পাওতে প্ৰায় সন্ধিয়া হৈ হৈছে৷ ঘৰ পাই গৈ দেখো ঘৰৰ তলাটো খোলা৷ মানসে বুজিলে ডেভিদ আংকল আহিছে নিশ্চয় কাৰণ ঘৰটোৰ ছাবি এপাট সদায় তেওঁৰ ওচৰত থাকেই৷ বেল টো বজাই দুৱাৰ খুলি সোমাই গ’লো৷ এইবাৰ আমাৰ সম্পুৰ্ণকৈ অবাক হোৱাৰ পাল….ভিতৰত অকল ডেভিদ আংকলেই নহয় লগত তেওঁৰ সহধৰ্মিনী জিৱা আণ্টীও৷ ডাইনিঙ টেবুলত সজাই থোৱা আছে দুটামান ৰঙ বিৰঙী ফুলৰ গুলদস্তা, ৰেড ওৱাইনৰ বটল এটা, কিছুমান কুকিছ আৰু ইজৰাইলৰ স্পেচিয়েল পাম কেক এটা৷ বুজি পালো ইমান আয়োজন মাথোঁ আমাক আদৰিবৰ বাবেই৷ ঘৰটোৰ ইফালে সিফালে চকু ফুৰাই চাই দেখিলো ঘৰৰ পৰ্দাৰ পৰা আৰম্ভ কৰি টিভি ইউনিট, ৱাল চেল্ফ সকলোবোৰ নতুন৷ ডেভিদ আংকলে মাত্ৰ কেইটিমান ইংলিছ শব্দ ক’ব পাৰে আৰু আণ্টিয়ে এটাও নাজানে৷ কিন্তু তেও হীব্ৰুৰ পৰা ইংৰাজী অনুবাদ কৰিব পৰা এখন ডিজিটেল অভিধান সদায় লগত লৈ ফুৰে৷ মানুহজনে বহু কষ্ট কৰি, বেছ কিছু সময় খৰচ কৰি আমাক বুজালে যে সেইয়া সকলোবোৰ আমাৰ বাবেই৷ মানস আৰু মোৰ বাবে তেওঁৰ ফালৰ পৰা আমাৰ বিয়াৰ উপহাৰ হেনো৷ সেই বাবেই তেওঁ হেনো যিমান পাৰে ঘৰখন নতুন আচৱাবেৰে সজাইছে, চাফ-চিকুণ কৰাইছে আৰু আজি ফুল, ওৱাইন আৰু কেকেৰে সপত্নীক আমাক আদৰণি জনাইছে৷ ডেভিদ আংকলৰ কথা শুনি আৰু তেওলোকৰ মুখত ফুটি উঠা সঁচা মৰমৰ প্ৰতিবিম্ব দেখি আমাৰ চকুবোৰ ভৰি আহিল৷ …যেন ফুলৰ দলিচা পাৰি কোনোবাই নিজৰ পুত্ৰ বোৱাৰীকহে ঘৰলৈ আদৰি নিছে৷ সম্পূৰ্ণ অনাকাংখিতভাৱে তাকো মাথোঁ এজন ভাৰাঘৰৰ মালিকৰ পৰা পোৱা ইমানখিনি মৰমৰ সোঁতত আমাৰ হৃদয় কৃতজ্ঞতাৰে উপচি পৰিল৷ ..পিছে ডেভিদ আংকল তাতেই ক্ষান্ত হোৱা নাছিল৷ আমাক আচৰিত কৰিবলৈ তেতিয়াও তেওঁৰ ওচৰত বহুত সমল বাকী আছিল৷ অৱশেষত বহু কষ্টেৰে, অভিধানৰ সহায় লৈ লৈ কিছু সময় কথা-পতাৰ পিছত তেওঁলোক যাবলৈ ওলাল৷ লগতে কৈ গ’ল পিছদিনাখন ৰাতিপুৱা যাতে আমি সোনকালে ৰেডী হৈ থাকো৷ ডেভিদ আংকলে নিজৰ গাড়ীত আমাক হাইফা চহৰ ফুৰাবলৈ নিব৷ মানুহজনৰ নিঃস্বাৰ্থ আন্তৰিকতাক আমি এবাৰলৈও না কৰিব নোৱাৰিলো৷

বছ কথা মতেই কাম৷ ৰাতিপুৱা ৮ বজাৰ লগে লগে গাড়ী লৈ ডেভিদ আংকল হাজিৰ৷ মেডিটেৰিয়ান সাগৰৰ গাতে লাগি থকা পাহাৰৰ বুকুত হাইফা এখন অনুপম চহৰ৷ চহৰৰ বেছিভাগ অঞ্চলৰ পৰা তলৰ সাগৰখনৰ এক মনোৰম দৃশ্য দেখি থকা যায়৷ চহৰৰ ওখ চাপৰ ৰাস্তাবোৰৰ মাজে মাজে আংকলে খুব ধুনীয়াকৈ গাড়ী চলায় আছে৷ তাত আকৌ গাড়ীৰ ষ্টিয়েৰিঙ গাড়ীখনৰ বাওঁফালে থাকে৷ হঠাৎ মন কৰিলো আংকলৰ গাড়ীখনৰ ষ্টিয়েৰিঙডালৰ চকাটোৰ ওপৰত ঠিয়কৈ এডাল হেণ্ডেল লগোৱা আছে৷ তেতিয়াহে মই মন কৰিলো ডেভিদ আংকলৰ এখন হাত এম্পিউটেদ মানে তেওৰ বাওঁহাতখন কৃত্ৰিম৷ কোনোবা এখন যুদ্ধৰ সয়ত তেওঁ হাতখন হেৰুৱালে৷ আৰু সেইখন হাতেৰেই কোনো অসুবিধা নোহোৱাকৈয়ে গাড়ী চলোৱাৰ পৰা আৰম্ভ কৰি সমস্ত কাম তেওঁ কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰে৷ শাৰীৰিকভাৱে বাধাপ্ৰাপ্ত তেনেকুৱা মানুহবোৰৰ বাবে ইজৰাইল চৰকাৰে তেওঁলোকৰ গাড়ীসমূহত তেনেকুৱা কিছুমান বিশেষ ব্যৱস্থা কৰি দিয়ে যাতে মানুহে দৈনন্দিন জীৱন কোনো অসুবিধা নোহোৱাকৈ চলাই নিব পাৰে৷ যা হওক ডেভিদ আংকলৰ লগত সিদিনা গোটেই হাইফা চহৰ ফুৰিলো৷ হাইফাৰ বিখ্যাত বাহাই টেম্পল, মিউজিয়াম, ৱাৰ মেমোৰিয়েল, মেডিটেৰিয়ান ছী-বিচ্ছ আৰু অৱশেষত অৱসৰপ্ৰাপ্ত সৈনিক সমূহৰ বাবে থকা ৰিক্ৰেয়ন চেণ্টাৰ এটাত ডেভিদ আংকলৰ ফালৰ পৰা সুন্দৰ ডিনাৰ৷ আতিথ্যৰ এই ৰুপ দেখাৰ পিছত পৰিতৃপ্ত মনৰ আৱেগ বাখ্যা কৰিবলৈ আমাৰ কোনো ভাষা নাছিল৷ তাৰ পিছত ইজৰাইলত থকা সময়খিনিৰ ভিতৰত ‘চুক’ট’, ‘পেছাখ’ আদিকে ধৰি তাৰ প্ৰতিটো উৎসৱৰ আয়োজনত আমি আছিলো তেওঁলোকৰ মাজৰ অবিচ্ছেদ্য অংগ৷ কোনো এখন ঠাইৰ মানুহৰ ব্যৱহাৰৰ পৰা সেইখন সমাজৰ, সেইখন দেশৰ সভ্যতা আৰু স্বকীয়তাৰ উমান পোৱা যায়৷ কেৱল ডেভিদ আংকলেই নহয় ইজৰাইলত থকা সময়ৰ প্ৰতিতো মুহুৰ্ততে আমি তেওঁলোকৰ সকলোৰে পৰা যিমানখিনি আন্তৰিকতা আৰু মৰম পাইছিলো তাক সঁচাকৈ ভাষাৰে প্ৰকাশ কৰিবলৈ অসুবিধা৷

….(আগলৈ)

One thought on “সোঁৱৰণীৰ সঁফুৰাত ইজৰাইল (ৰঞ্জু শৰ্মা)

  • November 17, 2015 at 11:16 am
    Permalink

    পঢ়ি আপ্লুত হলোঁ৷ আগৰ অংশলৈ বাট চালোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!