সুখী মানুহ (তুলিকা নির্মলীয়া)

(১)

: অই জহনী মৰতি! ক’ত মৰি আছ’গৈ? দুৱাৰখন খোলোতে ইমান সময় লাগে নেকি?
মুনিন্দ্রই দুৱাৰখনতে কেইবাটাও গোৰ মাৰিলে। ৰূপালীৰ ৰৈ ৰৈ আমনি লগাত টি ভি টো খুলি লৈছিল বাতৰি টোকে চাওঁ বুলি। কেতিয়া জানো টোপনিয়ে হেঁচা মাৰি ধৰিলে তায়ো গম নাপায়! খপ্ জপকৈ সাৰ পাই তাই দুৱাৰখন খুলি দিলে।

: মানুহটোৱে ক’ত কি খাইছো, কি কৰিছো খবৰ নাই। তই মহাৰাণীৰ দৰে ঘৰত বহি বহি কাৰ লগত মস্তি কৰিছ’?
এই কথাবোৰৰ উত্তৰ দিয়াটো প্রয়োজন বুলি নাভাবে তাই আজিকালি। জানে, তাই কিবা এটা কোৱা মানেই এখন যুদ্ধ!
: ভৰি-হাত কেইটা ধুই আহক। ভাত দিছো। __ৰূপালীয়ে শান্ত মাতেৰে ক’লে।
: দে দে ভাত দে। ভৰিকেইটাৰে ভাত খাম নেকি? নুধুলেও হ’ব।

ভাত খাবলৈ বহি টি ভি ৰ ভলিউম টো বঢ়াই দিলে মুনিন্দ্রই।
ৰূপালীয়ে ভয়ে ভয়ে ক’লে “ৰাতি ১২ বাজিবৰেই হ’ল। ভলিউমটো অলপ ক’মাই দিয়কচোন!”

মুনিন্দ্র গৰগৰাই উঠিল__
: কিয়? কেলেই? মোৰ ঘৰত মই যি কৰো লাগে। তই ক’বলৈ কোন?
: নহয়, ওচৰৰ মানুহবোৰ শুলে। সাৰ পাব বুলিহে কৈছো।
: ওচৰৰ মানুহবোৰলৈ তোৰ কিহৰ ইমান দৰদ? জানো নহয় কুলৰ পুতেকৰ লগত তোৰ কিহৰ লেটিপেটি। মই নাথাকিলে খুউব ফূর্তি কৰ’ নহয়?
: কিয় নো তেনেকৈ কৈছে? সি মোৰ নিজৰ ভাইটিৰ দৰে।
: চ্যালি বেশ্যা! মোৰ মুখে মুখে কথা ক’বলৈ আহ’! এইবোৰ কি ৰান্ধিছ’? গৰুৰ দানা?

মুনিন্দ্রই খাই ভাল পাই বুলিয়েই ঔ টেঙা দি মাছৰ আঞ্জাকণ ৰান্ধিছিল তাই। কিন্তু হ’ব কি! প্রায়েই হোৱাৰ দৰে আজিও হ’ল! টি ভি ৰ ৰিম’ট টো দলিয়াই ভাঙিলে। ভাতৰ কাঁহীখনো দলিয়াই দি মানুহটো বিচনাত উঠিল।

প্রায়েই মুনিন্দ্র মাজনিশাহে ঘৰ সোমাইহি। তাই ৰৈ থাকে ভাত খাবলৈ। সি কেতিয়াও নুসুধে “তই ভাত খালিনে” বুলি। ভাল পায়েই বিয়াত বহিছিল তাই এই মানুহটোৰ লগত। সুখৰ আছিল দিনবোৰ। তাইৰ হাইস্কুলৰ চাকৰিটোৰে দুটা মানুহ ধুনীয়াকৈ চলিছিল। সিও মাজে মাজে অইলৰ চার্ভে কামবোৰত কাম পাইছিল। এতিয়াও যায়, দুদিনমান শদিয়াৰ ফালে আছিল গৈ চার্ভেৰ কামত। ইলেকচনৰ সময়ত পার্টিৰ কামত লাগে। তেনেকৈয়ে তাঁহাত দুটাৰ পৰা তিনিটা হ’ল। ক’ত কেতিয়া কেনেকৈ কেৰুণ লাগিল তাই নাজানে। সি তাইক দেখিবই নোৱাৰা হ’ল। মানুহটোৰ উৎপাতবোৰ দেখি ভয়তে তাই একমাত্র সন্তান ৰূপমক হোষ্টেলত ৰাখি পঢ়ুৱাইছে। সেই লৈয়ো তাইক মাৰপিট পর্যন্ত কৰিছে মুনিন্দ্রই। অহাবাৰ ল’ৰাটোৱে হায়াৰ চেকেণ্ডেৰীৰ পৰীক্ষা দিব। এই পৰিবেশত তাই কেতিয়াও ৰাখিব নুখুজে তাক। থাকক, সি দূৰে দূৰে থাকি ভাল হওঁক।

কেতিয়াবা তাইৰ মন যায় মানুহটো এৰি গুচি যাবলৈ। কেতিয়াবা ধাৰ থকা দা-খন দেখিলে মানুহটোৰ ডিঙিতে ঘাপ এটা বহুৱাই দিবলৈ মন যায় । কিন্তু যি দিনাই তাই মদ নোখোৱা ভাল মুনিন্দ্র টোক লগ পায়, সেইদিনাই তাই তাক আকৌ ভাল পাই পেলায়!

: শুনিছনে নাই? ক’ত আছ’? ভৰিকেইটা বিষাইছে, মালিছ কৰি দে হি।
মুনিন্দ্রই দলিয়াই থৈ যোৱা ভাতৰ কাঁহী সামৰি হাতত ‘মুভ’ৰ টেমাটো লৈ ৰূপালী তাৰ কাষ পালেগৈ।
“কি পৰুৱা বগুৱাৰ দৰে মালিছ কৰিছ’? ভালকে মালিছ কৰ” বুলি তাইক পেটতে গোৰ এটা সোধালে সি।

সি টোপনি যোৱালৈকে তাই ভৰিকেইটা পিটিকি থাকিল। তাৰ নাকৰ শব্দ হ’বলৈ লোৱাত তায়ো কাষতে শুই পৰিল। মদৰ ভেকেটা-ভেকেট গোন্ধ এটা তাইৰ নাকত লাগিল। সেইটো গোন্ধ আওকাণ কৰি ৰূপালীয়ে মুখখন মুনিন্দ্রৰ বুকুত গুজি দিলে কিবা এটা চিনাকী গোন্ধ বিচাৰি! তাইৰ ভাল লগা গোন্ধ এটা বিচাৰি! তাই জানে, সমাজক সাক্ষী কৰি জীৱনে মৰণে কাষত থাকিম বুলি আদৰি লোৱা মানুহটোক এৰি থৈ গৈ তাই সুখী হ’ব নোৱাৰে। ৰূপালীৰ বিশ্বাস, তাই ভালপোৱা মুনিন্দ্রটোক এদিন ওভতাই পাব। নিজৰ ভালপোৱাত তাইৰ বিশ্বাস আছে। কুলৰ পুতেকৰ প্রলোভনে তাইক গলাব নোৱাৰে।

(২)

ইচ ৰাম! কথাটো পাহৰিয়েই গৈছিল। আজি হিমুৰ ঘৰত তাঁহাত তিনিওটা লগ হোৱাৰ কথা আছিল। ৰবিবাৰ বুলি অলপ ৰিলেক্স হোৱাৰ কথা আছিল। তিনি বন্ধু মিলি অলপ আড্ডা জমোৱাৰ কথা আছিল। এবাৰ নিজকে বেচেলৰ বেচেলৰ ফিল্ কৰোৱাৰ কথা আছিল। কিন্তু এই ‘আছিল’বোৰ তেতিয়াহে হৈ উঠিব যেতিয়া সি ঘৰৰপৰা ওলাই যাব পাৰিব। কিন্তু বজাৰলৈ যাম বুলি কোৱা মানুহজনীক কি বুলি মিছা কথা কৈ সি ওলাই যায়? নাই নাই, এই কথাই কথা নহয়। যাম বুলি কোৱা হ’ল যেতিয়া যাবই লাগিব। বাকীবোৰ পিছত দেখা যাব।

: হেৰা শুনিছা। আজি তুমি বজাৰলৈ যাব নালাগে দিয়া। মোৰ দৰকাৰী কাম এটা আছে। হিমুৰ লগত অলপ আলোচনা কৰিব লাগিব। উভতি আহোঁতে দৰকাৰী বস্তুকেইটা লৈ আহিম। হয়তো অলপ দেৰিও হ’ব পাৰে। তুমি খাই-বৈ শুই যাবা। __ নৰেনে মানুহজনীৰ আগত মিছা মাতিলে।
: আজি বন্ধৰ দিনানো আপোনাৰ কি দৰকাৰী কাম ওলাল? হ’ব দিয়ক, ময়েই কাৰোবাৰ লগত গৈ বজাৰ কৰি আহিম। বিশেষ একো নাই। পাকঘৰৰ বস্তু কেইটামান লাগিছিল। নাইটি এটাও ল’ম বুলি ভাবিছিলো।
: নালাগে দিয়া, ময়েই লৈ আহিম। তুমি বেগ এটা দিয়া মোক। দেৰিয়েই হৈছে। যাওঁ সোনকালে। নাইটিটো পিছে পৰেও ল’ব পাৰিবা।
নৰেনৰ অপৰাধী যেনো লাগিল নিজকে। মানুহজনীয়ে ৰাতিয়েই কৈছিল বজাৰলৈ যোৱাৰ কথা। সি হে বন্ধুৰ স’তে থকা প্রগেমৰ কথা পাহৰি তাইৰ কথাত সন্মতি দিছিল।

নাই নাই। আৰু বেছি ভাবি থাকিলে যোৱাই নহ’ব বুলি ভাবি নৰেনে হিমুৰ ঘৰলৈ বুলি গাড়ী দৌৰালে।
নৰেন, হিমাংশু আৰু দীপাঙ্কৰ। ইন চর্ট্ নন্দ, হিমু আৰু দীপু। নিজৰ সুবিধা মতে নন’ৰ লগত ‘দ’ এটা লগাই নৰেন’ক তাঁহাতি নন্দ কৰি লৈছে। তিনিওটা কলেজীয়া বন্ধু। বেংকৰ চাকৰিয়াল। মাজে-মধ্যে বন্ধৰ দিনত সুবিধা পালে তিনিওটা লগ হৈ অলপ আড্ডা-ফূর্তি কৰে। কলেজীয়া দিনৰ কথা সোঁৱৰে। ৰঙীন পানীয় আৰু ধোঁৱাৰ মাজত কিছু ৰসালাপ কৰে।

মাহেকে পষেকে হোৱা এই আড্ডাবোৰ সাধাৰণতে দীপু আৰু হিমুৰ ঘৰতে হয়। নন্দই সিহঁতক নিজৰ ঘৰলৈ মাতিবলৈ অলপ ইতহস্তঃ অনুভৱ কৰে! কাৰণ? কাৰণটো হ’ল তাৰ পত্নী ‘গীতা’! নন্দৰ ধাৰণা তাৰ পত্নী তাৰ বন্ধু পত্নীকেইগৰাকীৰ দৰে স্মার্ট নহয়, আধুনিকা নহয়, তাৰ লগত বহি এপেগ হুইস্কি খাব নোৱাৰে, ক্লাৱ-পার্টিলৈ যাব নোখোজে। বিধে বিধে ৰেচিপি ৰান্ধিবও নাজানে, ইমান দেখনিয়াৰো নহয়, চেক্সি ফিগাৰ এটা নাই, খীণ-মীন! তথাপি থিকথাক বিধৰ! তাইক লৈ সি হীনমন্যতাত ভোগে। সেয়ে কিবা কৰি পার্টিবোৰ সি হিমু আৰু দীপুৰ ঘৰতেই কৰে। সেই লৈ তাহাঁতি দুটাই কেতিয়াবা কথা শুনাই তাক। ল’ৰাটোৰ পঢ়াৰ কথা কৈ সি গা এৰা দিয়ে কথাবোৰৰ। দীপু আৰু হিমু, দুয়োটাৰে প্রেম-বিবাহ। নন্দৰহে প্রেম কৰিবলৈ সময় নহ’ল। গতিকে ঘৰৰ পছন্দ ‘ঘৰধৰা ছোৱালী গীতা’ই তাৰ ঘৰ ধৰি আছে!

আধা ঘণ্টাত গৈ নন্দ হিমুৰ ঘৰ পালে। অলপ অলপ আন্ধাৰেই হৈছিল। দীপু আহি ৰৈয়েই আছিল।
: কি হে দোষ্ট, দেৰি কৰিলি? আহিবলৈ মানা কৰিছিল নেকি?__ দীপুৱে হাঁহি হাঁহি ক’লে তাক।
: হা হা হা… নাই দোষ্ট! মইহে পাহৰি গৈছিলো আজিৰ প্রগেমৰ কথা।
: আহ্ আহ্ দেৰি কৰিব নালাগে। আজিৰ সভা আৰম্ভ কৰা যাওঁক। __ হিমুৱে ৰগৰ কৰি ক’লে।
তিনিওটা গৈ হিমুৰ ঘৰৰ ফার্ষ্ট ফ্লোৰত থকা বেলকনিত বহিলগৈ। হিমুৱে নিজেই গিলাচ, পানী আৰু আইচ্ আনিলে। হিমুৰ পত্নী ৰিদ্ধিয়ে প্লেটত মাছ ফ্রাই আৰু কিবাকিবি এখিনি দি গ’ল। তাৰ আৰু গীতাৰ খবৰো সুধিলে।

নন্দই কেৰাহিকৈ তাই যোৱাৰ ফালে চালে। বব্ কাট্ চুলি, মাখনৰ দৰে গাৰ ৰং! জিঞা পাখিৰ দৰে জিলজিলীয়া নীলা ৰঙৰ নাইটি এটা পিন্ধিছে। ৰঙা ব্রেচিয়াৰৰ ফিটাকেইদাল জিলিকি আছে। লাইটৰ পোহৰ তাইৰ গাত পৰাত সি অনুমান কৰিলে তাই হয়তো পেটিকোট পিন্ধা নাই! নিজৰ মানুহজনীলৈ মনত পৰাত নন্দই দীঘল হুমুনিয়াহ এটা এৰিলে!

তিনি বন্ধু আড্ডাত মচগুল। হুইস্কিৰ এটা ফোল বটল গলাধঃকৰণ কৰি আকৌ এটা খুলিছে। একেটা চিগাৰেটকে তিনিওটাই হুপিছে। মাজতে এবাৰ ৰিদ্ধিয়ে আহি প্লেটত কিবাকিবি দি ভাত খোৱাৰ কথা কৈ গ’ল। তাহাঁতি তাইক খাই ল’বলৈ ক’লে। ইতিমধ্যে তিনিওটাৰে নিচা হৈছে। হঠাতে জানো দীপুৰ কি হ’ল! কথাৰ মাজতে হুকহুকাই কান্দি দিলে!

আচৰিত হৈ নন্দই সুধিলে__ আৰে! কি হ’ল ৰে তোৰ? মাইকী মানুহৰ দৰে কিয় কান্দিছ’?
হিমুয়েও দোৰোল খোৱা জিভাৰে সুধিলে__ আৰে দোষ্টি, ক্যা হুৱা?
: তাইক মই ইমান ভাল পাওঁ! অথচ তাই? তাইৰ লগৰ কলেজৰ প্রফেচাৰটোক ভাল পাইছে, তাৰ লগত ঘূৰি ফুৰিছে। কি দিয়া নাই মই তাইক? যি লাগে চব দিছো। কিয় এনেকুৱা কৰিছে তাই মোৰ লগত?

দীপুৱে আকৌ কান্দিব লাগিল। তাৰ কথাত হিমু আৰু নন্দৰ নিচা কিছু ফাটিল। দীপুয়েই তাহাঁতৰ গ্রুপৰ আটাইতকৈ ফূর্তিবাজ ল’ৰা। অথচ সি কিমান দুখত আছে তাহাঁতি অনুমানেই কৰিব পৰা নাছিল।

হিমুৱে দীপুৰ পিঠিত লাহে লাহে থপৰিয়াই দি ক’লে “চব ঠিক হৈ যাব দোষ্ট, চিন্তা নকৰিবি!”
এনেকুৱা পৰিবেশ এটা তাহাঁতি আশাই কৰা নাছিল। নন্দই কি কৰো কি নকৰো ভাবি আইচ শেষ হ’ল বুলি তাকে আনিবলৈ তললৈ নামি গ’ল। সি ফ্রীজৰপৰা আইচ লৈ ঘূৰি আহিব লওঁতেই দেখিলে ৰিদ্ধি ৰৈ আছে।

: আৰে তুমি শোৱা নাই নেকি? শুই থাকা। আমিও যাওঁ আৰু।
এই বুলি কৈ সি আহিব খোজোতেই ৰিদ্ধিয়ে তাক সাৱটি ধৰি গালে-মুখে চুমা খাব লাগিল! কি হৈছে সি তত্ ধৰিবই পৰা নাছিল। কোনোমতে তাইক ঠেলা মাৰি থৈ সি দৌৰি যোৱাদি গৈ বেলকনি পালেগৈ।
: অই দীপু, যাওঁ ব’ল ব’ল। তোক ঘৰত মই দ্রপ্ কৰি দিম। যাওঁ হিমু। ভালে দেৰি হ’ল। গীতা চাগে’ মোলৈ ৰৈ আছে।

এই বুলি কৈ নন্দ আৰু নৰ’ল। দীপুক হাতত ধৰি তললৈ লৈ আহি গাড়ী ষ্টার্ট দিলে। গোটেই বাটটো সি জ্বৰে ঘমা দি ঘামিল। দীপুক ঘৰত দ্রপ্ কৰি ঘৰ পাওঁতে প্রায় ১১ বাজিল। ক’লিং বেল বজোৱাত গীতাই দুৱাৰ খুলি দিলে। সি দেখিলে তাইৰ চুলিখিনি আউল-বাউল হৈ আছে। কপালৰ ফোটটো বেঁকা হৈ শিৰৰ সেন্দুৰকণৰ লগত মিলি গৈছে। কোঁচমোচ খাই থকা চাদৰখনৰ অ’ত ত’ত হালধিৰ দাগ। তাই চাগৈ টোপনি গৈছিল। তাইৰ সৰলতাৰে ভৰা মুখখন দেখি অহেতুক মৰম এটা জাগি উঠিল নন্দৰ। আজিহে যেন তাইৰ মুখখন সি ভালকৈ চালে।

: ইমান দেৰি কৰিলে! ভাত খালে নে? নে মই গৰম কৰোগৈ? __ গীতাই টোপনিৰ জাল থকা মাতেৰে ক’লে।
: নালাগে দিয়া। খায়েই আহিলো। বৰ ভাগৰ লাগিছে। শুই থাকোগৈ। তুমিও শোৱা, মই দেৰিয়েই কৰিলো।

নন্দই মিছা মাতিলে। ভৰি-হাতকেইটা ধুই সিও গীতাৰ কাষতে শুই পৰিল। তাইৰ চাগৈ ভাগৰ লাগি আছিল। বিচনাত পৰিয়েই টোপনি গ’ল। প্রথমবাৰ সি অনুভৱ কৰিলে তাইৰ গাৰপৰা অহা নিমখ-হালধি, পাকঘৰৰ ধোঁৱাৰ মিশ্রিত গোন্ধটো বৰ ভাল লাগিছে তাৰ! সি নিজৰ ওচৰতে স্বীকাৰ কৰিলে তাৰ পত্নী ৰিদ্ধিহঁততকৈ বহুত ধুনীয়া! সি সুখী মানুহ! অনন্তঃ হিমু আৰু দীপুতকৈ সি বহুত বেছি সুখী!
বজাৰ কৰিবলৈ নিয়া বেগটো গাড়ীতে থাকিল। নন্দই ঠিক কৰিলে কাইলৈ গীতাক লৈ ওলাই যাব কেনিবা। তাইৰ লাগতীয়াল বস্তুখিনিও কিনি দিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments