শুকুলা হাতীৰ খোজ (মূল:প্ৰভাত গোস্বামী, গ্রন্থ আলোচক:অনামিকা বৰুৱা)

প্ৰভাত গোস্বামীৰ শেহতীয়া উপন্যাস “শুকুলা হাতীৰ খোজ”। এক অগতানুগতিক কাহিনীৰে এখন অগতানুগতিক উপন্যাস। অসমীয়া সাহিত্যত এইয়া এক অন্যতম সংযোজন বুলিব পাৰি। প্ৰথমেই শলাগ লৈছোঁ উপন্যাসিকৰ ধৈৰ্য্য আৰু অধ্যয়নশীলতাৰ। ইমান বৃহৎ কলেৱৰৰ কিতাপখন লিখিবলৈ নিঃসন্দেহে তেখেতে অপৰিসীম কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে। যদিও তেওঁ কিতাপখনক উপন্যাসৰ ৰূপ দিছে মোৰ সীমিত জ্ঞানেৰে মই এইখনক উপন্যাস নুবুলি বুৰঞ্জীৰ আখ্যা দিব খোজোঁ। কি নাই ইয়াত? ব্যক্তি, জীৱন, দৰ্শন, ধৰ্ম, সমাজ, ৰাজনীতি, অৰ্থনীতি সকলো দিশ সামৰি বৃহত্তৰ অসম আৰু অসমীয়া জন-জীৱনক চুই যোৱা প্ৰায়বোৰ ঘটনাকে তেওঁ তুলি ধৰিবলৈ যত্ন কৰিছে। হাতী আৰু মানুহৰ সংঘাতৰ স্বৰূপ আৰু তাৰ বিষময় ফলাফল তাকেই তেওঁ দাঙি ধৰিব খুজিছে তেওঁৰ বক্তব্যৰ দ্বাৰা। অতীজতে এচাম স্বাৰ্থপৰ আত্মকেন্দ্ৰিক মানুহে ৰুই যোৱা বিষ বাষ্পৰ পুলিটোৱে আজি কিদৰে বিশাল আকাৰ ধাৰণ কৰি সমগ্ৰ অসমকে কলুষিত কৰাই নহয় ক্ৰমাত‌ ৰঘুমলাৰ দৰে ই আমাক নিঃশেষ কৰি আনিছে তাক অংকন কৰাত তেওঁ সক্ষম হৈছে। কিতাপখনত সমান্তৰালভাৱে দুটা কাহিনীয়ে ভুমুকি মাৰিছে। এক, হাতী মাউত হ’ব খোজা মহেন্দ্ৰৰ পাছে পাছে সমগ্ৰ হস্তীকুলৰ জীৱন অধ্যয়ন; দুই, মধু বৰাৰ পাছে পাছে ব্ৰিটিছ আমোলৰ পৰা বৰ্তমানলৈকে অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱন।

বুবাইৰ ল’ৰা মহেন্দ্ৰ। বুবাইয়ে পৰিয়ালৰ জোৰা মাৰিব নোৱাৰি তাক নৰামৰ ঘৰত থয় যাতে তাত থাকি কাম-বন কৰাৰ উপৰিও স্কুলত পঢ়িবও পাৰে। কিন্তু মহেন্দ্ৰৰ পঢ়া-শুনাত মন নাই। এদিন স্কুলৰ পৰা মনে মনে হাতী চাবলৈ যোৱাৰ অপৰাধত নৰেন মাষ্টৰে তাক শাস্তি দিলে আৰু সি সেইয়া সহ্য কৰিব নোৱাৰি মাষ্টৰকে ঠেলা মাৰি পেলাই দি পলাই আহে। পাছত মাক তগৰৰ পৰামৰ্শমতে বুবাইয়ে তাক নি ৰজনী মৌজাদাৰৰ তাত লগুৱা কৰি থৈ আহে। হাতী বলিয়া মহেন্দ্ৰই মৌজাদাৰৰ ঘৰত থাকিয়ে জীৱনৰ আদিপাঠ শিকে। হাতী মাউত হ’ব খোজা মহেন্দ্ৰ এদিন ফান্দী হয়গৈ।

বুবাইৰ সখিয়েক মধু। মধু চালাক-চতুৰ। নিজৰ স্বাৰ্থৰ বাবে কৰিব নোৱাৰা কাম একো নাই। নিজৰ স্বাৰ্থৰ বাবেই অবৈধ সংগী ললিতাকো ডি.এফ.অ. মিশ্ৰৰ হাতত গটাবলৈ কুণ্ঠাবোধ কৰা নাছিল। টকাৰ লোভ আৰু ক্ষমতাৰ খকে প্ৰথমে মধুক চোৰাং চিকাৰী সজালে। পাছত তালুকদাৰৰ সহযোগত এদিন মন্ত্ৰী হয়গৈ। কিন্তু পাপৰ বলত হাচিল কৰা ধনৰ সুখ তেওঁ শেষ জীৱনত নাপালে। নিজ জীৱদ্দশাতেই তেওঁ ভোগ কৰি গ’ল তেওঁ অসম আৰু অসমীয়াক প্ৰতাৰণা কৰাৰ পাপৰ ফল। লোভ আৰু ক্ষমতাত অন্ধ হৈ মাথো ভুল কৰি গ’ল। যেতিয়া উপলব্ধি কৰিলে তেতিয়ালৈ বহুত পলম হ’ল। ফিৰিঙতি গৈ খাণ্ডৱ দাহ হ’ল। সকলো পুৰি ছাঁই হ’ল।

উপন্যাসখনৰ ভাষা সৰল। কথোপকথনত ব্যৱহৃত সংলাপে চহা জীৱনৰ সহজ-সৰল মনবোৰ আৰু পৰিবেশৰ সোৱাদ দিয়ে। নাম মহেন্দ্ৰ, কিন্তু সকলোৱে মাতে মহেন বুলি। উপন্যাসিকে এনে কিছুমান শব্দৰ প্ৰয়োগ কৰিছে যিবোৰ বৰ্তমান প্ৰায় হেৰাই যোৱাৰ দৰেই। ঠায়ে ঠায়ে এনেবোৰ শব্দই পঢ়ুৱৈক আমেজ দিব।

আও, ই একেবাৰে মৌ খোৱা বীৰটো ওলালেহি দে।…(পৃষ্ঠা-৩)

এই ফুকলীয়ামখা কিয় আহেনো—যা।…….(পৃষ্ঠা-৭)

এই মিঞা পোৱালি, শুন। দুইটাকে মাটি দিম, কিন্তু লটৰ-পটৰ নকৰিবি। মণ্ডল অফিচত খৰচা হ’ব কিন্তু।.(পৃষ্ঠা-৪১)

কৈলাসে তাক ক’লে-এয়া অনন্ত বাবু। মৌজাদাৰৰ ল’ৰা। বৰ একাচেকা মানুহ। মাতিবলৈকে ভয় লাগে। বালিৰ মহলো ডাকে। মানুহ কিন্তু ডাইল আছে।……..(পৃষ্ঠা-৪৭)

চন্দ্ৰ মহৰী সাতবিহুৰ সৈয়াকণী।…..(পৃষ্ঠা-৫৪)

এই কলীয়া, এই পেন্দুকণাটোক আয়েৰাৰ ওচৰলৈ লৈ যা। ক’বি, লাচনি-পাচনি কৰিবলৈ ৰাখিছোঁ….(পৃষ্ঠা-৫৫)

: দেখাতহে কণটিলৌ ল’ৰা, একেবাৰে ফৰফৰীয়া।……(পৃষ্ঠা-৫৬)

ইয়াত মৌজাদাৰৰ ঘৰৰ খেনা খাবলৈ পাই ইয়াৰ আহপাহ মুকলি হৈছে দেখিছোঁ। সোনকালে ডেকা হ’ব ই।…(পৃষ্ঠা-৭৫)

অ’ তাকো নাজান’? তহঁতৰ দৰে টোকোনাৰ ঘৰত ক’ত আকাশবন্তি জ্বলাইছিলি অ’।…(পৃষ্ঠা-১৬৩)

:আই, ফটচনে গৰম পানী কৰ এক চচপেন।…..(পৃষ্ঠা-৫৩৩)

বিচিত্ৰ মানুহ আৰু বিচিত্ৰ মানুহৰ জীৱন দৰ্শন। কোনে কেতিয়া কি ভাৱত কি কৰে তাক আগতীয়াকৈ কোৱা টান। বুবাই সৰু মানুহ। আৰ্থিক নিৰাপত্তা বিচাৰিয়েই মধুৰ সহযোগত আহি বনগাঁৱত থিতাপি লাগিলহি। কিন্তু বুবাই মানুহটো তেনেই সহজ-সৰল। চকুৰ আগতে সখিয়েক মধুৰ কু-কীৰ্তিবোৰে বুবাইক অশান্তি দিয়ে। সহকাৰী ফৰেষ্ট অফিচাৰ দোৱনীয়াৰ শাৰীৰিক অসুস্থতাৰ সুযোগ লৈ মধুৱে দোৱনীয়াৰ পত্নী ললিতাৰ লগত অবৈধ সম্পৰ্ক গঢ়ি তোলে। ইফালে ললিতায়ো এফালে শৰীৰৰ ভোক আনফালে এক ধৰণৰ প্ৰতিশোধ স্পৃহাৰ বলি হৈ মধুৰ জালত ভৰি দিয়ে। কিন্তু এই মধুৱেই এদিন তাইক ডি.এফ.অ. মিশ্ৰৰ হাতত তুলি দিয়ে নিঃসংকোচে নিজৰ স্বাৰ্থতেই। অৱশ্যে ললিতায়ো দুটোলা সোণৰ চেইনৰ মোহৰ পৰা মুক্ত হ’ব পৰা নাছিল। কিন্তু গৰ্ভৱতী হোৱাৰ পাছত ললিতাৰ মনৰ আমূল পৰিবৰ্তন ঘটে। গৰ্ভস্থ সন্তানটো কাৰ সেই লৈ মূৰ নঘমাই মাতৃ হোৱাৰ সুখত নিজক সামৰি আনে ললিতাই। দোৱনীয়াও পিতৃ হ’বলৈ পোৱাৰ সুখত, অতীত পাহৰি সন্তানৰ ভৱিষ্যতৰ কল্পনাত বুৰ যায়।

জুইৰ ওচৰত ঘিঁউ থাকিলে গলেই। সেই বুলি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নোৱাৰি। আভিজাত্যৰ গৌৰৱত দাগ লাগিব বুলিয়েই মৌজাদাৰণীয়ে বনকৰা ছোৱালী নিৰুক আঁকোৱালি নল’লে। নিৰুৱে অনন্তৰ প্ৰতাৰণাৰ প্ৰতিশোধ ল’বলৈকে গৰ্ভৰ সন্তানটোক জীয়াই ৰাখিলে ড্ৰাইভাৰ ৰামলালৰ লগত বিয়া হয়। নিৰুৰ পুত্ৰ অজিতক শিক্ষা-দীক্ষা দি ডাঙৰ দীঘল কৰিলে ঠিকেই কিন্তু ঘটনাচক্ৰত পৰি অজিতে ছালফা হৈ গুপ্তঘাটকৰ মৃত্যুবৰণ কৰে। মৃত্যুৰ আগে আগে মৌজাদাৰণীয়ে মহেন্দ্ৰৰ হাতত নিৰুৰ বাবে এযোৰ সোণৰ বালা দি থৈ যায়।

মৌজাদাৰৰ ঘৰত থাকিয়েই মহেন্দ্ৰই জীৱনৰ বাট বোলে। মৌজাদাৰৰ হাতী জয়বাহাদুৰ আৰু মালতীৰ আল ধৰোঁতে ধৰোঁতে মহেন্দ্ৰ এদিন ফান্দী হয়গৈ। হাতীৰ বিষয়ে পুংখানুপুংখকৈ ইয়াৰ আগতে কোনেও এনেদৰে লিখা নাছিল চাগৈ। উপন্যাসখনত এই দিশটোৱেই আটাইতকৈ লেখত ল’বলগীয়া। উপন্যাসিকে অধ্যয়নপুষ্ট ভাৱে হাতী আৰু তাৰ উথান-পতন, অতীজত হাতীৰ ব্যৱহাৰ আৰু গুৰুত্ব, বৰ্তমান মানুহৰ অদূৰদৰ্শী কাৰ্যকলাপে কিদৰে হস্তী কুলৰ ওপৰত কু-প্ৰভাৱ পেলাইছে তাক তথ্যসহকাৰে উনুকিয়াই দেখুৱাইছে। হাতী ধৰাৰ নিয়ম, তাক প্ৰতিপাল কৰাৰ নিয়ম, পূজা-পাতল, হাতীক লৈ চলি অহা ৰীতি-নীতি পৰম্পৰা সকলো বিতংকৈ ফঁহিয়াই দেখুৱাইছে। অবিবেচনাৰে অৰণ্য ধ্বংস কৰাৰ ফলত কেৱল হাতীয়েই নহয় সমগ্ৰ পশু-পক্ষী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰাকৃতিক ভাৰসাম্যতাও যে বিনষ্ট হৈছে তাক তুলি ধৰাত লেখক সফল হৈছে। জীৱিকাৰ বাবেই হওক বাৰু ঠিকাদাৰ আৰু মহলদাৰসকলে অন্যায়ভাৱে গছ কটাৰ ফলত কি দ্ৰুত হাৰে অৰণ্য কমি আহিছে তাৰ ভয়াবহতা এতিয়াও মানুহে উপলব্ধি কৰিব পৰা নাই। এসময়ত অৰণ্যত গছ কাটি-হাতী ধৰি জীৱিকা নিৰ্বাহ কৰা বহুসংখ্যক মানুহৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে, উপায়ান্তৰ হৈ শেষত মৃত্যুকে সাবটি ল’ব লগা হোৱা দুৰৱস্থাতো মানুহ পতিত হৈছে। তথাপি, ধন আৰু ক্ষমতাৰ লোভত অন্ধ হৈ মানুহে মাথোঁ অন্যায় কৰি গৈছে। মধু বৰাৰ দৰে লুভীয়া আৰু ক্ষমতা বলিয়া মানুহেই দিনে দিনে অসমখন শেষ কৰি আনিছে। মধু বৰাৰ দৰে চৰিত্ৰ আজিও আমাৰ সমাজত বিদ্যমান।

ৰাজনীতিক অংকন কৰিবলৈ গৈ উপন্যাসিকে এচোৱা দীঘল সময়ৰ পৰিসৰ টানি আনিছে। ব্ৰিটিছৰ যুগৰ পৰা বৰ্তমানলৈকে অসমৰ যি ঘটনাবহুল প্ৰেক্ষাপট তাক তেওঁ চমুকৈ হ’লেও দাঙি ধৰিছে। স্বাধীনতা আন্দোলন, ভাৰত পাকিস্তানৰ বিভাজন, চীনৰ আক্ৰমণ, বাংলাদেশৰ জন্ম, স্বাধীনতাৰ পাছত পৰিকল্পিতভাৱে ইছলামিক সংগঠনে অসমত খোপনি পোতা, ধৰ্মৰ নামত অসমত ইছলামিক লোকৰ সংখ্যা বৃদ্ধি কৰা, অসমক সাতভাগত বিভক্ত কৰা, তাৰে গইনা লৈ বড়োসকলৰ উদয়াচলৰ দাবী, ৰাজনীতিত ক্ষমতা দখলৰ স্বাৰ্থত বিদেশী লোকৰ আগ্ৰাসন আৰু সেইবোৰৰ সংস্থাপন, ভাষা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, অসম চুক্তি, অসমত চুক্তিৰ বিফলতা, প্ৰাদেশিক দলসমূহৰ বিফলতা, অসম চুক্তিৰ অন্তৰালত অসমক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আলফাৰ জন্ম, অসমীয়াৰ আবেগৰ তুলাচনী, সময়ত স্বাধীন অসমৰ মোহভংগ ঘটাত ছালফাৰ জন্ম, বৰ্তমান শিপা হেৰুৱা মানুহৰ দৰে অসমত থাকি অসমীয়াই আজি নিজৰ অস্তিত্বক লৈ সংকটাপন্ন হোৱাৰ বিভীষিকা আদি প্ৰায়বোৰ বিষয়েই সামৰি লৈছে উপন্যাসখনত। ঘটনাবহুল অসমৰ এই ঘটনা ৰাজিৰ বাবেই এইখনক উপন্যাস নুবুলি বুৰঞ্জী বুলিব পাৰি কৈছিলোঁ। লগতে হাতীৰ জীৱনক প্ৰতিফলিত কৰি তেখেতে যি সমল আগবঢ়াইছে তাৰ বাবে এইখনক এক অমূল্য দস্তাবেজ বুলিব পাৰি।

ওপৰে ওপৰে চালে কিতাপখনত নিহিত থকা গুঢ় অৰ্থটো সহজে হৃদয়ঙ্গম কৰিব নোৱাৰি। কিন্তু অলপ মন কৰিলেই বুজিব পাৰি কি এক যন্ত্ৰণাক মূৰ্ত ৰূপ দিবলৈ লেখকে অশেষ কষ্ট স্বীকাৰ কৰিছে। ধ্বংসৰ পৰাই সৃষ্টি হয়, সৃষ্টিৰ পৰাই ধ্বংস হয়। পৰমপিতা ব্ৰহ্মাই যেতিয়া জীৱৰ সৃষ্টি কৰিছিল তেতিয়া প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিয়েই পাৰিপাৰ্শ্বিকতাৰ সৃষ্টি কৰিছিল। পশু-পক্ষী, গছ-লতা, নৈ-বিল, আকাশ-বতাহ, পাহাৰ-পৰ্বত আৰু মানুহ। মানুহ প্ৰকৃতিৰ হাতত থকালৈকে স্বাভাৱিক গতিৰে চলি আছিল জীৱন পৰিক্ৰমা। কিন্তু যেই মানুহে জীৱশ্ৰেষ্ঠ হোৱাৰ অহংকাৰত প্ৰকৃতিক নিজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰিবলৈ ল’লে প্ৰকৃতিয়ে নিজৰ স্বৰূপ হেৰুৱালে। মানুহৰ হাতৰ পুতলা হৈ প্ৰকৃতিয়ে বিনাই উঠিল। কিন্তু সেই বিননিয়ে মানৱ সমাজৰ অন্তৰত প্ৰতিধ্বনি তুলিবলৈ সক্ষম নহ’ল। এক ধৰণৰ দুখ, এক অপ্ৰকাশিত ক্ষোভৰ উদগীৰণ এই শুকুলা হাতীৰ খোজ।

বৰ্তমান সময় দুঃসময়। অসমতে থাকি আজি অসমীয়াৰ অস্তিত্ব সংকটাপন্ন। ইয়াৰ বাব দায়ী কোন? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে ইতিহাসে দিব। কিন্তু ইতিহাস সৃষ্টি কৰে কোনে? মানুহে। মানুহেই মানুহক তুলি ধৰে, মানুহেই মানুহক ধ্বংস কৰে। বুবাই, মহেন্দ্ৰ, জ’ন চাহাব, মেধি, দোৱনীয়া, নাৰ্জাৰী, ডাক্তৰ বৰুৱা, ডা. কুশল কোঁৱৰ শৰ্মা, লালজীৰ দৰে মানুহে জীয়াই থাকিব খোজে, আনকো জীৱন দিব খোজে। অৰণ্যৰ উপকাৰিতা আৰু পশু-পক্ষীৰ মৰম বুজি পায়। কিন্তু মধু, তামাং, মিশ্ৰ, হনুমান, পিল্লা সিং, গিয়াচুদ্দিন, তালুকদাৰ আদিৰ দৰে মানুহে কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবে। ধনৰ লোভ আৰু ক্ষমতাৰ খঁকে জোকৰ দৰেই শুহি নিলে প্ৰকৃতিক। প্ৰকৃতিয়ে নিজৰ অস্তিত্ব হেৰুৱাৰ লগে লগে মানুহেও হেৰুৱালে জীয়াই থকাৰ সৰলতা। উপন্যাসিকে চাতুৰ্যতা আৰু বুদ্ধিমত্তাৰে এই কথাকেই ফঁহিয়াই দেখুৱাইছে। প্ৰাকৃতিক সা-সম্পদেৰে ভৰপূৰ হৈ থকা অসমত এদিন জীৱন আৰু জীৱিকাৰ সন্ধানত ভগনীয়াৰ খোজ পৰিল। সহজ সৰল অসমীয়াই মৰমতে আদৰি ল’লে। পাকিস্তানৰ পৰা আহিল, পূৰ্ব বংগৰ পৰা আহিল, বাংলাদেশৰ পৰা আহিল। আহিয়েই থাকিল। যিসকল আহিল সেইখিনি আছিল অভাৱ আৰু দৰিদ্ৰতাত পিষ্ট হোৱা মানুহৰ ভগ্নাৱশেষ। যিকোনো অৱস্থাতে মাত্ৰ জীয়াই থাকে। থাকিব খোজে। খোৱা-বোৱা আৰু সন্তান প্ৰজনন এইয়াই সেই মানুহখিনিৰ প্ৰয়োজন। তাৰবাবে যিমান পৰিশ্ৰম কৰিব লগা হ’লেও কোনো অভিযোগ নাই। লাহে লাহে ভগনীয়াৰ সোঁত বাঢ়ি আহিল। দুবেলা দুসাঁজ সুখেৰে খাই-বৈ থাকিবলৈ পালেই সন্তুষ্ট হোৱা অসমীয়াই নুবুজিলে কোৰে কাটি গ্ৰহণী চপাই লোৱা বুলি। আহিল ৰাজনৈতিক মুনাফা লাভৰ জোৱাৰ। পৰিকল্পিতভাৱে ইছলাম ধৰ্মৰ বিস্তাৰ কৰাত গুৰুত্ব দিলে বিদেশী ৰাষ্ট্ৰই। স্বাভাৱিকতেই ৰাজনৈতিক পটভূমি সলনি হ’ল। ৰাজনৈতিক ক্ষমতা লাভৰ স্বাৰ্থতে ভগনীয়াক আনি বৰঘৰৰ মজিয়াত বহুৱালে এচামে। খেনোৱে আহুপুৰুষাৰ্থ কৰিলে বিদেশীক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ। ভগনীয়াক ঠাই দিওঁতে দিওঁতে অৰণ্য ধ্বংস হ’ল। অসমীয়া ঘৰতেই পৰ হ’ল। থলুৱা লোকে থাকিবলৈ ঠাই বিচাৰি সংগ্ৰাম কৰিব লগা হ’ল। সংখ্যালঘূৰ গুৰুত্ব বৃদ্ধি পালে। ৰাজনৈতিক দলসমূহৰ হাতত ঘূৰি থাকিল অসম আৰু অসমীয়াৰ ভাগ্য। টনা-আজোৰাত বৃহত্তৰ অসম খণ্ড-বিখণ্ড হ’ল। সুযোগ সন্ধানীয়ে বিভেদৰ বীজ সিঁচি দিলে ভাই ভাইৰ মাজত। অসমীয়া জাতি বুলি চিনাকি দিয়া খিলঞ্জীয়া জনগোষ্ঠীসমূহ ভাগ ভাগ হ’ল। বড়ো, চুতীয়া, ৰাভা, অঁকা, ডফলা, কাৰ্বি, মিচিং, ডিমাচা আদি সকলো আঁতৰি গ’ল অসমীয়া জাতি গঠনৰ পৰা। কিয় এনে হ’ল? আজি অসমীয়া অসমতে সংখ্যালঘু হোৱাৰ পথত। আজি অসমীয়া জাতিটোৰ স্খলন ঘটিছে সকলো ফালে। ৰাজনৈতিক নেতাসকলৰ মাজত খোৱা-কামোৰা, ক্ষমতাৰ যুদ্ধ আৰু সাতপুৰুষৰ বাবে ধন ঘটাৰ প্ৰতিযোগিতাই মৃত্যুমুখলৈ ঠেলি দিছে অসমীয়াৰ অস্তিত্ব। এতিয়া সজাগ হোৱাৰ সময়। হাতে-কামে কিবা এটা কৰাৰ সময়। চুকতেই থাকি বুকুত কামোৰ মৰা অপশক্তিবোৰক চিনাক্ত কৰি সময়োচিত সিদ্ধান্ত লোৱাৰ সময়। নতুন প্ৰজন্মই ভাবি চাবৰ হ’ল। মাৰ বান্ধি থিয় দিবৰ হ’ল। নিজৰ স্বাৰ্থতেই হ’লেও প্ৰকৃতিক জীয়াই ৰাখি পশু-পক্ষীকো সংৰক্ষণ কৰিবৰ হ’ল। নহ’লে নিঃশেষ হ’ব অসম আৰু অসমীয়া কালৰ গৰ্ভত। এক সময়োচিত বিশ্লেষণ আৰু আত্ম সমালোচনাৰ সমীক্ষা শুকুলা হাতীৰ খোজ।

তথাপি দুই এঠাইত দোমোজা থাকি যায়। কাহিনীৰ প্ৰয়োজনতেই হ’লেও উপন্যাসখনৰ পৰিসৰ যথেষ্ট ডাঙৰ। ৫৫০ পৃষ্ঠা। কোনো কোনো ঠাইত বৰ্ণনাৰ মাত্ৰাধিক্য ঘটিছে। যি কোনো দৃশ্য এটাৰ অৱতাৰণা কৰিবলৈ যাওঁতে অলপ বৰ্ণনাৰ প্ৰয়োজন যদিও বাৰে বাৰে একে ধৰণৰ বৰ্ণনাই কথাবোৰ একঘেয়া কৰি তোলে। হয়তো পৰিবেশ ৰচনা কৰিবলৈকে লেখকে সেইয়া কৰিছে তথাপি এনেধৰণৰ বৰ্ণনাই কিতাপখনৰ পৰিসৰ বৃদ্ধিত অৰিহণা জনোৱাতো নুই কৰিব নোৱাৰি। লেখকে ব্ৰিটিছৰ যুগৰ পৰা বৰ্তমানলৈকে সামাজিক আৰু ৰাজনৈতিক জীৱনক তুলি ধৰাৰ প্ৰয়াস কৰিছে যদিও একেলগে এক বৃহত্‌ পৰিসৰ সামৰি লোৱাৰ কাৰণে কোনো কোনো সময়ত বিষয়বস্তুবোৰ মাত্ৰ চুইহে গৈছে। ভূমিপুত্ৰ সকলৰ উল্লেখ আছে কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠন আৰু তাত ভূমিপুত্ৰসকলৰ অৰিহণা ইমান বিতংকৈ আলোকপাত নহ’ল। বাহিৰৰ পৰা আহি আহোমসকলে ছশ বছৰ ৰাজত্ব কৰি ভাগ ভাগ হৈ থকা ভূমিপুত্ৰসকলক একেলগ কৰিছিল। বড়োসকলৰ উল্লেখ কৰোঁতে মাথোঁ কালীচৰণ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মৰ নাম উল্লেখ থাকিল। ৰাজনীতিৰ পথাৰত তেওঁলোকৰ অৱদানৰ বিষয়ে সবিশেষ জনা নগ’ল। পাছত এন.ডি.এফ.বি.ৰ লগতে ৰঞ্জন দৈমাৰীৰ উল্লেখ আছে।

৪৫০ পৃষ্ঠাত জয়বাহাদুৰৰ দাঁত দুটাৰেই মানুহ মাৰিছিল বুলি উল্লেখ আছে। কিন্তু জয়বাহাদুৰে মানুহ মৰা নাছিল। মানুহ মাৰিছিল আগৰৱালাৰ হাতী মোহনে। মোহনেহে মহিবুলক দাঁতেৰে খুচি পেট ফুটাই দিছিল। জয়বাহাদুৰে আন এক ঘটনাহে কৰিছিল। কলাই মহাজনক এসেকা দিবলৈকে জয়বাহাদুৰে কলাই মহাজনক দাঁতেৰে ঠেলি লৈ গৈ পথাৰডৰাতে হেঁচি ধৰিছিল। ১৮৯ পৃষ্ঠাত বসন্ত গৈ অনন্ত হ’লগৈ। এবাৰ হোৱাহ’লে ছপাশালৰ ভূত বুলি ভাবিব পৰা গ’লহেঁতেন কিন্তু বহুবাৰ তেনে হৈছে। ।

তথাপিও শুকুলা হাতীৰ খোজ এখন লেখত ল’বলগীয়া উপন্যাস। নিজস্ব বৈশিষ্ট্যৰে হাতী আৰু মানুহৰ সংঘাতক সফলতাৰে অংকন কৰা উপন্যাসখন অসমীয়া সাহিত্যত এক অন্যতম সংযোজন হৈ ৰ’ব।। আশা কৰোঁ পাঠকে ইয়াত জীৱন আৰু আশা বিচাৰি পাব আৰু আন্তৰিকতাৰে আঁকোৱালি ল’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক