স্বৰ্ণজয়ন্তী গৰকা অসমৰ ভ্ৰাম্যমান থিয়েটাৰ (-মিণ্টুমণি দাস)

 

১৯৬৩ চন৷ এই বৰ্ষটো অসমীয়া সংস্কৃতি তথা অসমীয়া সমাজৰ বাবে এটা উল্লেখযোগ্য বৰ্ষ হিচাপে চিহ্নিত হৈ ৰ’ব৷ এই বৰ্ষটোতে পাঠশালাৰ এজন উদ্যমী ব্যক্তি অচ্যুৎ লহকৰে তেখেতৰ ভাতৃ সদা লহকৰক লগত লৈ প্ৰথম ভ্ৰাম্যমান নাট্যদল ‘নটৰাজ থিয়েটাৰ’ ৰ জন্ম দিছিল৷ অৰ্থাৎ ১৯৬৩ চনৰ ২ অক্টোবৰৰ মহাত্মা গান্ধীৰ জন্মদিনটোতেই জন্ম হ’ল ইতিমধ্যে অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ৷ নটৰাজ থিয়েটাৰৰ জন্মৰ আগতে ১৯৫৯ চনত পাঠশালাৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ সহযোগত সদা লহকৰে গঠন কৰিছিল ‘নটৰাজ অপেৰা’ৰ৷ এই অপেৰাত ব্যৱহাৰ কৰা সাজসজ্জা, পোহৰ, প্ৰসাধন সামগ্ৰী, সংগীত, নাটকৰ উপস্থাপন যাত্ৰাপাৰ্টীবোৰতকৈ উন্নত নাছিল৷ অসমৰ বিভিন্ন অঞ্চলত হোৱা উৎসৱ-পাৰ্বণসমূহত এই অপেৰাই নাট প্ৰদৰ্শন কৰিছিল৷ ১৯৬০ চনত এই অপেৰাত প্ৰৱেশৰ বাবে টিকটৰ ব্যৱস্থা কৰা হ’ল৷ তাৰ ঠিক তিনি বছৰ পিছত অচ্যুৎ লহকৰৰ এক ব্যতিক্ৰমী চিন্তাৰ ফলত এই নটৰাজ অপেৰাই নটৰাজ থিয়েটাৰ হিচাপে আত্মাপ্ৰকাশ কৰে৷ সেয়েহে অচ্যুৎ লহকৰক ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি অভিহিত কৰা হয়৷ সেই ভ্ৰাম্যমানৰ পিতামহজনে দেখুৱাই দিয়া পথটিৰে আহি আহি ভ্ৰাম্যমান থিয়েটাৰে অলপতে সোণালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰিলে৷ নটৰাজ থিয়েটাৰৰ প্ৰথম বছৰৰ নাটকেইখন আছিল ‘জেৰেঙাৰ সতী’, ‘হাইদৰ আলী’, ‘ভোগৰজা’, ‘টিকেন্দ্ৰজিৎ’৷ প্ৰথম বৰ্ষত নাট পৰিচালনা কৰিছিল চন্দ্ৰ চৌধুৰীয়ে৷ নৃত্য পৰিচালনা কৰিছিল ‘শোণিতকোঁৱৰ’ গজেন বৰুৱাই৷ অভিনয় কৰিছিল নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী, মঞ্চসূৰ্য ধৰণী বৰ্মন, ৰুদ্ৰ চৌধুৰী, জিতেন পাল, অনুপমা ভট্টাচাৰ্য, জোৎস্না ঘোষ আদিয়ে৷ নাট্যযাত্ৰাৰ প্ৰথম বৰ্ষটোত কিন্তু নটৰাজ থিয়েটাৰ প্ৰযোজকগৰাকীয়ে আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হৈছিল৷ তথাপি তেখেতে পিছ হুঁহকি নাহি দ্বিতীয় বছৰৰ বাবে প্ৰস্তুতি চলাইছিল৷ দ্বিতীয় বছৰৰ উল্লেখযোগ্য নাট আছিল ’সেই মৃত্যু অপৰাজেয়’ আৰু ’বেউলা’৷ অতি জনপ্ৰিয় হৈছিল ‘বেউলা’ নাটখন৷ তাৰ পিছত আৰু ভ্ৰাম্যমান থিয়েটাৰে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ ইয়াৰ পিছতে নলবাৰী জিলাৰ চামতাৰ আন এজন উদ্যমী ব্যক্তি নটৰাজ থিয়েটাৰৰ প্ৰথম বছৰৰ অভিনেতা ধৰণী বৰ্মনে ‘সুৰদেৱী নাট্য সংঘ’ গঠন কৰে৷ ‘সুৰদেৱী নাট্য সংঘ’ৰ মঞ্চখনৰ পিছফালটো বন্ধ আৰু বাকী তিনিফালে খোলা আছিল৷ ১৯৬৬ চনত এইখনেই ‘সুৰদেৱী থিয়েটাৰ’ হিচাপে আত্মপ্ৰকাশ কৰে৷ অৰ্থাৎ অসমত দ্বিতীয়টো ভ্ৰাম্যমান নাট্যদলৰ জন্ম হ’ল৷ ১৯৭০-৭১ চনত সুৰদেৱী থিয়েটাৰে তিনিখন মঞ্চ ব্যৱহাৰ কৰে৷ ইয়াৰে মাজৰ দুখন ডাঙৰ, কাষৰ দুখন কিছু সৰু৷ ১৯৬৮-৬৯ চনত হেম তালুকদাৰ প্ৰযোজিত ‘মঞ্চৰূপা থিয়েটাৰ’-এ পোনপ্ৰথমবাৰৰ বাবে দুখন মঞ্চ ব্যৱহাৰৰ ব্যৱস্থা কৰে, যিটো ব্যৱস্থা আজিলৈকে চলি আছে৷ ইয়াৰ পিছত এখনৰ পিছত আনখন থিয়েটাৰৰ জন্ম হ’বলৈ ধৰে৷ ১৯৬৮ চনত নলবাৰী জিলাৰ মৰোৱাৰ পৰা প্ৰয়াত শৰৎ মজুমদাৰৰ প্ৰযোজনাত জন্ম লাভ কৰে ‘থিয়েটাৰ ভাগ্যদেৱী’য়ে৷ এইখন থিয়েটাৰৰ এই বছৰটো ৪৮তম বৰ্ষ৷ ১৯৭৫-৭৬ চনত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ যুটীয়া প্ৰযোজনাত জন্ম হয় ‘কহিনুৰ থিয়েটাৰ’৷ ইয়াৰ কিছু বছৰ পিছত কৃষ্ণ ৰয়ে নিজাববীয়াকৈ ‘আৱাহন থিয়েটাৰ’ গঠন কৰে৷ ১৯৬৩ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত আন কেবাটাও ভ্ৰাম্যমান নাট্যদল গঠন হয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য নাট্যদল হ’ল ৰূপকোৱৰ থিয়েটাৰ, পূৰ্বজ্যোতি থিয়েটাৰ ইত্যাদি৷ ইয়াৰে পূৰ্বজ্যোতি থিয়েটাৰত জড়িত হৈ আছিল অসমৰ কলা-সংস্কৃতিৰ লগত জড়িত তিনিজন পুৰোধা ব্যক্তি৷ তেওঁলোক হ’ল ডঃ ভূপেন হাজৰিকা, বিষ্ণু ৰাভা আৰু ফণী শৰ্মা৷ তেখেতসকলৰ লগত আছিল বিশিষ্ট নাট্যকৰ্মী আব্দুল মজিদ৷ ১৯৭৯ চনত সদা লহকৰে নিজাববীয়াকৈ গঠন কৰে আৰাধনা থিয়েটাৰ৷ ১৯৮২ চনত এইখন থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হোৱা ফণী তালুকদাৰৰ ’পৃথিৱীৰ প্ৰেম’ নাটখনেই সৰ্বভাৰতীয় সমালোচক সন্থাই আগবঢ়োৱা বছৰৰ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত এটাকৈ ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসৰ এটাৰ পিছত এটাকৈ অসংখ্য নাট্যদলৰ জন্ম হ’ল৷ লখিমী, অভিমান, ইন্দ্ৰাণী, মেঘালী, দেৱদাসী, ইন্দ্ৰধনু, ৰংঘৰ, দেৱৰাজ, শকুন্তলা, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হেঙুল, বৃন্দাবন, ইতিহাস, আশীৰ্বাদ, ৰাজতিলক, অপৰূপা, বীণাপাণি, অৰা, ৰাজশ্ৰী, বৰদৈচিলা আদি নাট্যদলে অসমৰ নাট্য ইতিহাসত প্ৰভূত বৰঙণি যোগাই আহিছে৷ ইয়াৰে বহুকেইটা নাট্যদল আৰ্থিক সংকটত পৰি অথবা প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত বন্ধ হৈ গৈছে৷ আন কেবাটাও নাট্যদলে তেওঁলোকৰ নাট্যযাত্ৰা অব্যাহত ৰাখিছে৷

এই চেগতে সৈনিক শিল্পী, অভিনায়াচাৰ্য ব্ৰজনাথ শৰ্মাৰ কথা উনুকিয়াবই লাগিব৷ ব্ৰজনাথ শৰ্মাই হ’ল অসমৰ ব্যৱসায়িক নাট্য আন্দোলনৰ গুৰি ধৰোঁতা৷ সৈনিক শিল্পীগৰাকীয়ে ১৯২১ চনত গঠন কৰিছিল ‘শিলা কালিকা অপেৰা পাৰ্টী’৷ কেইবছৰমানৰ পিছত তেখেতে ‘দক্ষিণ গণকগাড়ী পাৰ্টী’৷ ১৯২৯ চনলৈ তেখেতে এই পাৰ্টী চলায়৷ পিছৰ বছৰ এই পাৰ্টী ভাঙি ১৯৩০ চনত তেখেতে গঠন কৰিলে অসম বিখ্যাত ‘আসাম কহিনুৰ অপেৰা পাৰ্টী’৷ ১৯৩৩ চনত মঞ্চত পোনপ্ৰথমবাৰৰ বাবে মহিলা নাট্যশিল্পীক অভিনয় কৰোৱাই অসমীয়া নাট্য আন্দোলনৰ ক্ষেত্ৰখনত আন এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছিল৷ আৰম্ভ হৈছিল অসমত সহ-অভিনয়ৰ পৰম্পৰা৷ নটসূৰ্য ফণী শৰ্মাৰ সৈতে আলোচনা কৰি ডুবিৰ দুগৰাকী দেৱদাসী সাৱিত্ৰী আৰু সজনীক আসাম কহিনুৰ অপেৰালৈ অনা হৈছিল৷ ইয়াৰ পিছত অনা হৈছিল গোলাপী দাস, সৰ্বেশ্বৰী দাস, ফুলেশ্বৰী দাস, বিনোদা গগৈ আদিক৷ উদ্বোধনী অনুষ্ঠানত ব্ৰজনাথ শৰ্মাই সদম্ভে ঘোষণা কৰি কৈছিল ‘মই অসমক ৫০ বছৰ আগুৱাই থৈ গৈছো…৷ ’

অসমৰ ৰাইজে ভ্ৰাম্যমানক সদায়ে মৰমৰ চকুৰে চাই আহিছে৷ এসময়ত অসমৰ গাঁও অঞ্চলসমূহৰ বিনোদনৰ একমাত্ৰ মাধ্যমেই আছিল এই থিয়েটাৰসমূহ৷ অসমৰ এক বৃহৎ গণমাধ্যম হ’ল এই থিয়েটাৰ গোষ্ঠীসমূহ৷ গতিকে থিয়েটাৰ গোষ্ঠীসমূহেও অসমীয়া দৰ্শকসকলক মনোৰঞ্জনৰ খোৰাক যোগোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই৷ অসংখ্য কালজয়ী নাট দৰ্শকক উপহাৰ দিছে৷ এফালে ভোগৰজা, জেৰেঙাৰ সতী, এমুঠি চাউল, কাবুলীৱালা, অলংকাৰ, চন্দ্ৰগ্ৰহণ, আশীৰ্বাদ, পাহাৰৰ জুই, চিৰাজ, চম্বলৰ অভিশাপ, বেউলা, মিলনমালা, ৰামধেনু, এটি পইচা, কয়দী, বন্ধু, বনৰীয়া ফুল, জুই, দাগ আদিৰ দৰে মৌলিক নাটক দৰ্শকক উপহাৰ দিছে, আনফালে দীনবন্ধু, বিষুপ্ৰসাদ, মুখ্যমন্ত্ৰী, প্ৰতিবিম্ব, পাণ্ডুলিপি, গধূলি, মাজনিশাৰ চিঞৰ, নীলকণ্ঠ, মাটিৰ গাড়ী, সৰাগুৰি চাপৰি, দক্ষযজ্ঞ, সমুদ্ৰ মন্থন আদিৰ দৰে মননশীল নাটক দৰ্শকক দিছে৷ ভ্ৰাম্যমানৰ মঞ্চতে মঞ্চস্থ হৈছে ইলিয়াড ওডিচী, ৰামায়ণ, মহাভাৰত আদিৰ দৰে মহাকাব্যসমূহৰ নাট্যৰূপ আৰু জুলিয়াছ ছিজাৰ, মেকবেথ, হেমলেট, অথেলো, কিংলিয়েৰ আদিৰ দৰে শ্বেইক্সপীয়েৰৰ ক্লাছিক নাটকসমূহ৷ ভ্ৰাম্যমাণে বিদেশৰ পটভূমিত ৰচিত নাট ক্লিওপেট্ৰা, জুৰাচিক পাৰ্ক, অজেয় ভিয়েটনাম, টাইটানিক আদিৰ নাট মঞ্চস্থ কৰিছে৷ এইডছ ব্যাধিৰ ওপৰত নিৰ্মিত ’ডাইনীৰ প্ৰেম’ নাটখনে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ মহাভাৰত, ৰামায়ণ আদিৰ দৰে বিশাল মহাকাব্য দুখন মাত্ৰ তিনি ঘণ্টাৰ ভিতৰত মঞ্চত উপস্থাপন কৰাটো এটা বিৰাট প্ৰত্যাহবানেই আছিল৷ কিন্তু ভ্ৰাম্যমাণে তাকো কৰি দেখুৱালে৷ এই প্ৰসংগতে টাইটানিকৰ নাম উল্লেখ কৰিবই লাগিব৷ জনপ্ৰিয়তাৰ অভিলেখ গঢ়া এই নাটখনি কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিছিল৷ এক কথাত এক অসম্ভৱক সম্ভৱ কৰি তুলিছিল থিয়েটাৰখনিৰ প্ৰযোজক ৰতন লহকৰে৷ শ্ৰদ্ধেয় আদ্য শৰ্মাৰ কলা নিৰ্দেশনাত মঞ্চত একপ্ৰকাৰ জীৱন্ত ৰূপ পাইছিল টাইটানিক নামৰ জাহাজখনে৷ গোটেই আটলাণ্টিক মহাসাগৰখনেই যেন উঠি আহিছিল মঞ্চ দুখনলৈ৷ নাটখনত প্ৰয়োগ কৰা অত্যাধুনিক কাৰিকৰী কৌশল, মাৰ্জিত আৱহ সংগীত তথা অভিনেতা-অভিনেত্ৰীসকলৰ দুৰন্ত অভিনয়ে টাইটানিকক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল৷ নাটকখনৰ বিষয়ে বিদেশতো খুব ভাল সমালোচনা হৈছিল৷

ভ্ৰাম্যমানৰ আন এক অপৰিহাৰ্য অংগ হ’ল নৃত্যনাটিকা৷ চল্লিশৰ দশকত মৰোৱাৰ ’শংকৰ সংঘ অৰুণ অপেৰা’ত বিশিষ্ট শিল্পী সূৰ্য বৈশ্যই প্ৰথমবাৰৰ বাবে নৃত্যনাটিকাৰ শুভাৰম্ভ কৰে৷ এই নৃত্যনাটিকাসমূহত সমাজ জীৱনৰ বিভিন্ন কাহিনী তথা সমস্যাসমূহৰ প্ৰতিফলন ঘটে৷ এইবোৰে সমাজখনলৈ কিছুমান বাৰ্তা বহন কৰে৷ আজিকালি প্ৰতিটো নাট্যদলতে এইডছকেন্দ্ৰিক নৃত্য নাটিকা প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা হৈছে৷ বিশিষ্ট শিল্পী হেম বৰুৱা, মনেশ্বৰ দাস, উৎসৱ কলিতা, গুণেশ্বৰ ভূঞা, ৰীণা বৰা আদিয়ে নৃত্য-নাটিকাত অংশ লোৱাৰ লগতে পৰিচালনাও কৰিছিল৷ আন কেইজনমান নৃত্য পৰিচালক হ’ল গৰিমা হাজৰিকা, যতীন গোস্বামী, ৰবীন দাস, প্ৰফুল্ল হালৈ, নবীন লহকৰ আদি৷ কিন্তু সম্প্ৰতি নৃত্যনাটিকাৰ অস্তিত্ব ক্ৰমাৎ লোপ পাব ধৰিছে৷ প্ৰথম নিশাক বাদ দি প্ৰায়বোৰ নাট্যদলে নৃত্যনাটিকা প্ৰদৰ্শন কৰা দেখা নাযায়৷ যিটোৱে নৃত্য শিল্পীবোৰৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে৷

ভ্ৰাম্যমানক দৰ্শকৰ মাজত জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত স্বনামধন্য নাট্যকাৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, প্ৰফুল্ল বৰা, মহেশ কলিতা, হেমন্ত দত্ত, মুনিন বৰুৱা, সেৱাব্ৰত বৰুৱা, অভিজিৎ ভট্টাচাৰ্য, মৃদুল চুতীয়া, চম্পক শৰ্মা আদিৰ যথেষ্ট অৱদান আছে৷ ১৯৮১-৮২ চনৰ পৰা ২০০৩ চনলৈকে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াই ভ্ৰাম্যমানৰ বাবে নাট লিখি নাটকৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ তেখেতৰ কলমৰ পৰা নিগৰা দীনবন্ধু, গহ্বৰ, স্বৰ্গৰ দুৱাৰ, নীলকণ্ঠ আদি নাটকে দৰ্শকৰ মনমত ছাপ বহুৱাই থৈছে৷ তেনেদৰে আন এজন যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে ১৯৮৭ চনত হেঙুল থিয়েটাৰত মঞ্চস্থ হোৱা জনপ্ৰিয় নাট ‘মুখ্যমন্ত্ৰী’ৰ বাবে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰিছিল৷ বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তই ‘টাইটানিক’ নাট্যৰূপ দি চমক সৃষ্টি কৰিছিল৷ মুনিন বৰুৱাৰ ঘৰ, ৰং-বিৰং, হিয়া দিয়া নিয়া, সেৱাব্ৰত বৰুৱাৰ অশ্লীল, দখন, বদনাম, চম্পক শৰ্মাৰ জাৰজ, জবাব, শ্বোলেৰ নাট্যৰূপ, মহেশ কলিতাৰ বনৰীয়া ফুল, শ্ৰদ্ধাঞ্জলি আদি উল্লেখযোগ্য নাট৷ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই ‘ভুল নুবুজিবা ভূপেনদা’, ‘নাচ ময়ূৰী নাচ’, ‘চকু’, ‘শ্মশান যাত্ৰা’ আদিৰ দৰে জনপ্ৰিয় নাট ৰচনা কৰিছে৷ পৱিত্ৰ কুমাৰ ডেকাই ’নাগিনীৰ অমৃত দংশন’, ’অভাৰকোট’ আদিৰ দৰে নাটক দৰ্শকক উপহাৰ দিছে৷ লগতে কুলদা কুমাৰ ভট্টাচাৰ্য, হেম ভট্টাচাৰ্য, তপন দাস, প্ৰশান্ত হাজৰিকা, তৌফিক ৰহমান, আব্দুল মজিদ আদিৰ দৰে নাট পৰিচালক দৰ্শকে লাভ কৰিছে৷

সংগীত হ’ল নাট এখনৰ প্ৰাণ৷ নাটক হ’ল মূলতঃ সংগীত প্ৰধান কলা৷ নাটক এখনত সংগীতৰ সু-প্ৰয়োগ নাটখনক এক অনন্য মাত্ৰা প্ৰদান কৰে৷ নাটক এখনৰ বিষয়বস্তু উপস্থাপন কৰাত সংগীতে যথেষ্ট সহায় কৰে৷ বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাই পূৰ্বজ্যোতি থিয়েটাৰৰ সংগীত পৰিচালনা কৰিছিল৷ নটৰাজত আছিল মুকুল বৰুৱা, প্ৰভাত শৰ্মা, দশৰথ দাসৰ দৰে সংগীত পৰিচালক৷ সুৰদেৱী থিয়েটাৰৰ নাটসমূহৰ সংগীতৰ লগত জড়িত আছিল ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, অপূৰ্ব দাস আদিৰ দৰে প্ৰসিদ্ধ সংগীত শিল্পীসকল৷ এই সমূহ শিল্পীৰ লগতে ভ্ৰাম্যমানৰ প্ৰেক্ষাগৃহ জীপাল কৰি ৰখা আন সংগীত শিল্পীসমূহ হ’ল গোপী দাস, নাৰায়ণ ৰয়, দেৱেশ্বৰ শৰ্মা, ৰিদীপ দত্ত, জয়ন্ত হাজৰিকা, বাবুল নাগ, নন্দ বেনাৰ্জী ইত্যাদি৷ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, তৰালী শৰ্মা, পলাশ গগৈ আদিয়ে ভ্ৰাম্যমানৰ লগত জড়িত হৈ নাট্যক্ষেত্ৰলৈ যথেষ্ট বৰঙনি আগবঢ়াইছে৷

ক্ৰমে অসমীয়া সমাজ জীৱনৰ অবিছেদ্য অংগ হৈ পৰা এই ভ্ৰাম্যমান থিয়েটাৰে দৰ্শকক উপহাৰ দিছে নটসূৰ্য ফণী শৰ্মা, মঞ্চসূৰ্য ধৰণী বৰ্মন, নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী, ৰুদ্ৰ চৌধুৰী, বলদেৱ শইকীয়া, মহানন্দ শৰ্মা, সুৰেন মহন্ত, ভৱেশ বৰুৱা, প্ৰাণজিৎ দাস, জীৱেশ্বৰ ডেকা, দিলীপ ৰঞ্জন দত্ত, চম্পক শৰ্মা, চিন্ময় কটকী, তপন দাস, মৃদুল ভূঞা আদিৰ দৰে দুৰ্দান্ত অভিনেতা আৰু মীনা কুমাৰী, ৰীণা বৰা, মণি বৰা, জুৰি শৰ্মা, ৰেবা ফুকন, জিনু মাৰ্চেণ্ট, মিনতি দাস, অণিমা ফুকন আদিৰ দৰে অসাধাৰণ অভিনেত্ৰী৷ বোলছবি জগতৰ পৰা অহা যতীন বৰা, ৰবি শৰ্মা, প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া আদি অভিনেতা-অভিনেত্ৰী ভ্ৰাম্যমানলৈ আহি যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে ভ্ৰাম্যমানত পোনপ্ৰথমবাৰৰ বাবে গ্লেমাৰ শিল্পীৰ আগমন ঘটিছিল কহিনুৰ থিয়েটাৰত৷ শিল্পী দুগৰাকী আছিল প্ৰশান্ত হাজৰিকা আৰু মোহময়ী অভিনেত্ৰী ইলা কাকতি৷ দুয়োগৰাকী শিল্পীয়ে অভিনয় কৰা ‘অলংকাৰ’ নাটখনে খলকনি তুলিছিল৷ ইয়াৰ পিছত এসময়ৰ অসমীয়া বোলছবি জগতৰ ছুপাৰষ্টাৰ নিপন গোস্বামী, বিজু ফুকন, বিজয় শংকৰ, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, বিষ্ণু  খাৰঘৰীয়া, বিদ্যা ৰাও আদিয়েও ভ্ৰাম্যমানৰ মঞ্চ শুৱনি কৰিছিল৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে কহিনুৰ থিয়েটাৰৰ ‘ইলিয়াছ ওডিচী’ আৰু মুকুন্দ থিয়েটাৰৰ ‘দধিচী’ নাটৰ বাবে ক্ৰমে সুৰেন মহন্ত আৰু জীৱেশ্বৰ ডেকাই যুটীয়াভাৱে ১৯৮৭ চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছিল৷ সেইদৰে ভ্ৰাম্যমানৰ কলা নিৰ্দেশক আদ্য শৰ্মা, নুৰুদ্দিন আহমেদ, আলোক সম্ৰাট, কল্যাণ দে’ আদি তথা নাট্যদলসমূহৰ লগত জড়িত সকলো কৰ্ম-কৰ্তাৰ অসামান্য অৱদানে ভ্ৰাম্যমানৰ ভেঁটি সুদৃঢ় কৰাত যথেষ্ট সহায় কৰিছে৷

সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভ্ৰাম্যমানলৈও যথেষ্ট পৰিৱৰ্তন আহিছে৷ ৰূপান্তৰৰ পথেদি জাতি এটাৰ কলা-সংতিয়েও নৱৰূপ লয়৷ যদি এই পৰিৱৰ্তনে নাট্যশিল্পৰ ঐতিহ্যক আঘাত কৰে তেতিয়া সচেতন দৰ্শক ক্ষুণ্ণ হৈ উঠে৷ এতিয়া সুস্থ ৰুচিসম্পন্ন নাটকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ দৰ্শকৰ ৰুচিৰো কিছু পৰিৱৰ্তন ঘটিছে৷ গভীৰ বিষয়বস্তুৰ নাটকৰ দৰ্শকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ সেয়েহে প্ৰযোজকসকলে এতিয়া এনেধৰণৰ নাটক মঞ্চস্থ কৰিবলৈ ইতঃস্ততবোধ কৰে৷ কাৰণ থিয়েটাৰৰ ব্যৱসায়ৰ কথাটো আহি পৰিছে৷ ভ্ৰাম্যমাণে অসমৰ বহুতো সংস্থাপন হীন লোকক নিয়োগ কৰি তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত যথেষ্ট সহায় কৰিছে৷ প্ৰায় ৫ হাজাৰ শিল্পী, কলা-কুশলী এই ভ্ৰাম্যমানৰ লগত জড়িত হৈ আছে৷ অৰ্থাৎ প্ৰায় ৫ হাজাৰটা পৰিয়ালৰ কথা প্ৰযোজকসকলে চিন্তা কৰিব লাগে৷

এতিয়া ভ্ৰাম্যমানত নাট্যকাৰৰ অভাৱ ঘটিছে৷ পুৰণি চামৰ কেইজনমান খ্যাতনামা নাট্যকাৰে ইতিমধ্যে তেওঁলোকৰ জীৱন নাট সামৰিছে৷ যিকেইজন আছে, তেখেতসকলে খুব বেছি এখন বা দুখন নাটক লিখে৷ বৰ্তমান অসমত সৰু-বৰ প্ৰায় ৪০টা নাট্যদলে নাট প্ৰদৰ্শন কৰি আছে৷ গতিকে নাটকৰ এই চাহিদা পূৰণ কৰিবলৈ বৰ্তমান এজন নাট্যকাৰে ১৫-২০খন নাটক লিখিব লাগে৷ যাৰ ফলত নাটকৰ মান কিছু হ’লেও কমে৷ অৱশ্যে তাৰ মাজতো কেইজমান নাট্যকাৰে খুব ভাল নাটক দৰ্শকক উপহাৰ দিছে৷ ভাল নাটকৰ কদৰ সদায়েই আছে আৰু দৰ্শকো আছে৷ সুস্থ সবল মৌলিক নাটকৰ প্ৰদৰ্শনত প্ৰযোজকসকল আগ্ৰহী হোৱাৰ লগতে সাহসীও হ’ব লাগিব৷ ভ্ৰাম্যমানৰ বাবে বিশ্বৰ বিভিন্ন ঘটনা, যৌতুক, ড্ৰাগ্ছ, এইডছ আদিৰ দৰে ভয়াৱহ সমস্যাৰ বিষয়বস্তু হিচাপে লৈ বহু নাট ৰচনা হৈছে৷ এই নাটবোৰে দৰ্শকৰ মাজত এক বাৰ্তা প্ৰেৰণ কৰিছিল আৰু ৰাইজে এই নাটবোৰ আদৰিও লৈছিল৷ নাটকৰ বিষয়বস্তু দৰ্শকৰ মনোগ্ৰাহী নহ’লে ভাল গ্লেমাৰ শিল্পীয়েও সেই নাটখন বচাব নোৱাৰে৷ নাটক এখনৰ বিষয়বস্তু সুস্থ ৰুচিপূৰ্ণ, বাস্তৱসন্মত তথা ইয়াৰ উপস্থাপন নিখুঁত হ’লে নাটখন দৰ্শকে গ্ৰহণ নকৰাৰ প্ৰশ্নই নুঠে৷ তথাপি প্ৰতিটো নাট্যদলে নিজৰ শ্ৰেষ্ঠখিনি দৰ্শকৰ বাবে উজাৰি দিবলৈ প্ৰয়াস কৰে৷ কাৰণ দৰ্শকৰ মৰমতহে ভ্ৰাম্যমান নাট্যদল জীয়াই থাকিব৷

গ্লেমাৰ শিল্পীসকলক বাদ দি ভ্ৰাম্যমানৰ আন শিল্পী তথা কলা-কুশলীৰ আৰ্থিক দিশটো বৰ টনকিয়াল নহয়৷ জীৱনৰ অপৰাহ্নতো বহু শিল্পীয়ে অভাৱ-অনাটনৰ মাজেৰে দিন পাৰ কৰিবলগা হয়৷ আজিৰ পৰা কিছুদিন আগতে থিয়েটাৰৰ সু-অভিনেত্ৰী বিনু কলিতাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি ল’লে৷ আৰ্থিক দীনতাৰ বাবে চিকিৎসাও ভালদৰে কৰাব নোৱাৰিলে৷ এইক্ষেত্ৰত এইখিনি শিল্পীক ভ্ৰাম্যমানৰ প্ৰযোজকসকলেও তেওঁলোকৰ আৰ্থিক দিশটোৰ প্ৰতি নজৰ দিলে শিল্পীসকল উপকৃত হ’ব৷ এইক্ষেত্ৰত চৰকাৰেও আৰ্থিকভাৱে দুৰ্বল অথচ গ্লেমাৰহীন সঁচা শিল্পীসকলৰ বাবে শিল্পীপেঞ্চনৰ ব্যৱস্থা কৰিলে অন্তত জীৱনৰ শেষ সময়ত এনে শিল্পীসকলে ভাতমুঠি খাই জীয়াই থাকিব পাৰিব৷ এই শিল্পীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা যদি শিল্পী সাহায্য ন্যাস এটা খোলাৰ ব্যৱস্থা কৰে, তেতিয়াহ’লে আপদকালীন সময়ত শিল্পীসকলে তাৰ পৰা সামান্য হ’লেও সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব৷ কাৰণ ভ্ৰাম্যমান থিয়েটাৰৰ এই শিল্পীসকলৰ সুস্বাস্থ্য আৰু নিৰাপত্তাৰ ওপৰত নিৰ্ভৰ কৰে ভ্ৰাম্যমান নাট্যদলসমূহৰ স্বাস্থ্য আৰু আয়ুস৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক