জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো – চতুৰ্থ খণ্ড (উদ্দীপ তালুকদাৰ)

জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো
– চতুৰ্থ খণ্ড (উদ্দীপ তালুকদাৰ)


টেবুলখনে যেন বহু পুৰণি বন্ধুক লগ পাইছিল। সেইখনৰ মাত আখৈ ফুটা দি ফুটিবলৈ লাগিল, “আকৌ লগ পাই বৰ ভাল পালোঁ খ্ৰীংকো। পিছে ইমান দিনে তোমাৰ দেখা-সাক্ষাৎ নাই দেখি মই আকৌ আমাৰ ‘আজিৰ ব্ৰহ্মাণ্ড বাতৰি’ত তোমাৰ নামত শোকবাৰ্তা এটা দিবলৈ ওলাইছিলোঁৱেই। কিন্তু.. হে: হে:, আচলতে তোমাৰ ভাল গুণ বিলাকৰ তালিকা এখন উলিয়াবলৈ যাওঁতেই মোৰ ছিষ্টেম ক্ৰেছ হ’বলৈ ওলোৱা বাবেহে বাদ দিব লগা হ’ল।”
খ্ৰীংকোৱে তাৰ গুণ বখনা দেখি লাজ পাইছিল, সেইকাৰণে লাহেকৈ মাত লগালে, “হ’ব দিয়াচোন। মইনো আৰু কিমান মাছ? মোৰ গুণ চাওঁতেই তোমাৰ দৰে হাই-ফাই ছিষ্টেম ক্ৰেছ হয় নে?”
“এইখিনি কাম! হা: হা:,” কম্পিউটাৰটোৱে (মানে টেবুলখনে, বুজিছেই চাগৈ টেবুলখন আচলতে এটা কম্পিউটাৰ) ডাঙৰকৈ এবাৰ হাঁহি ল’লে। তাৰ পাছত আকৌ যোগ দিলে, “এইখিনি কাম! তোমাৰ গুণৰ সংখ্যা প্ৰায় শূন্যক দোষৰ সংখ্যা প্ৰায় ইনফিনিটিৰে হৰণ কৰি গুণ-দোষৰ অনুপাত উলিয়াবলৈ যাওঁতেই বাফাৰ অভাৰফ্লো হৈ চব গোলমাল হৈ গ’ল।”
তিতাকেৰেলাৰ ৰসত তিতাভেঁকুৰী ভাজি তাৰ লগত নিম পাতৰ চাটনী আৰু দুটা কুইনাইনৰ বড়ি মানুহ এজনক খুৱাই দিলে মুখখন যেনেকুৱা কৰিব, খ্ৰীংকোৱে মুখখন তাতকৈ অলপ বেছি বিকতাই গহীনাই ক’লে, “আমি ক’ত আছোঁ?”
“এক মিনিট! সেইটো শেষ কৰি ল’বলৈ দিয়া। বাৰু পদ্মশ্ৰীৰ লগত মিলা শব্দ এটা কোৱাচোন।” টেবুলখনে ক’লে।
“তোমাৰ কবিতা লিখা বাদ দি আমাৰ অৱস্থান কোৱা,” খ্ৰীংকোৱে খঙেৰেই ক’লে।
“একমিনিট বছ! পদ্মশ্ৰী… পদ্মশ্ৰী…”
“হতশ্ৰী!” অনন্তই ৰ’ব নোৱাৰিলে। শব্দ বিচাৰি নোপোৱাৰ বেদনা এজন কবিয়েহে বুজিব পাৰে।
“হতশ্ৰী.. বা: বঢ়িয়া! পদ্মশ্ৰী—হতশ্ৰী!! হৈ গ’ল। হে পৃথিৱীৰ বন্ধু, তোমাৰ জবাব নাই।”
“আমি ক’ত আছোঁ?” খ্ৰীংকোৱে চিঞৰিলে।
“আগতে কবিতাটো শুনি লোৱা নেকি? তোমাৰ প্ৰত্যাৱৰ্তনৰ ফূৰ্তিত লিখা কবিতা!”
“থৈ দিয়া তোমাৰ কবিতা! আমি ক’ত আছোঁ?”
“জি টুৱেণ্টি নাইন, পি ইলেভেন, এক্স এ জিৰো ওৱানত।”
“তোমাৰ সেই চব গেলেক্টিক মেপিং ইণ্ডেক্স বাদ দি বুজি পোৱাকৈ কোৱা।”
“চিধা-চিধিকৈ মানে তুমি বুজি পোৱাকৈ ক’ব লাগিলে আমি আছোঁ জিনট্ৰনৰ এক নম্বৰ গ্ৰহটোৰ এশ-পঁচিছ নম্বৰ উপগ্ৰহটোৰপৰা নিচেই ওচৰত।”
“ভাল ৰেষ্টোৰা আছে নেকি?”
“আলবত! কিয়! পাহৰি গ’লা নেকি? সেইবাৰ আহোঁতে যে… তুমি যে… মিছ কেনেটিগেনেক’ক লগ পাইছিলা। তাৰ পাছত বিয়া পাতো বুলি প্ৰায় খাটাং কৰি পেলাইছিল। পূৰা বিছ বছৰ ডেটিং মাৰি ডিউটি ফেইল কৰা কাৰণে তোমাৰ চাকৰিও যাওঁ যাওঁ হৈছিল!” টেবুলখনে কথাখিনি বৰ ৰস লগাই লগাই কৈ আছিল। “বছৰপৰা ডব্লিউ টি মেছেজ (ইমান উন্নত বিজ্ঞান থকাৰ পাছতো কিয় ডব্লিউ টি মেছেজ ব্যৱহাৰ কৰে মই সুধিছিলোঁ। খ্ৰীংকোৱে ক’লে চৰকাৰী কাম-কাজ বোলে সমগ্ৰ ব্ৰহ্মাণ্ডতে একে নিয়মতে চলে! মোৰ গাত দোষ নাই!) নহা হ’লে তুমি কিজানি…”
“বাদ দিয়া পুৰণি কথা আৰু লেণ্ড কৰাৰ ব্যৱস্থা কৰা; আৰু পাৰা যদি এবাৰ কেনেটিক লগ কৰাৰো চেষ্টা কৰা।”
“পাছৰটো নহ’ব। কেনেটি এতিয়া তোমাৰ বছৰ ঘৈণী।”
“হে! কি কোৱা!”
“কিয়? মনত নাই? তোমালৈ বছে ফোন কৰোঁতে কেনেটিয়ে ধৰিছিল। তাৰপিছতেই ঝট্ মংগ্নী, পট্ বিয়াহ।”
“বাৰু.. সদ্যহতে লেণ্ড কৰি খোৱাৰ ব্যৱস্থাটোকে কৰা তেন্তে।”
“অ.কে.” এইবুলি টেবুলখনে গান এটা আৰম্ভ কৰি কামত লাগিল। গানটোহে কিবা অদ্ভূত। কথাখিনি প্ৰায় এনেকুৱা- অ’ সোণজনী.. তোমাৰ মেমোৰীত নাই নেকি বাৰু প্ৰেমৰ প্ৰোগ্ৰাম—আছে যেন পাইছোঁ ইউজাৰ বহুত.. সেই বাবেই মোক নিদিয়া এক্সেছ। ইয়াৰ পাছৰখিনিৰ সুৰ একেবাৰে সপ্তমত, আৰু সুৰটোও অলপ অলপ ‘তেৰা চুৰুৰ’ৰ নিচিনা— “লাগক তোমাৰ, লাগক তোমাৰ, (প্ৰেমৰ) প্ৰগ্ৰামত ভাইৰাছ।”
সুৰ যেতিয়া একেবাৰে চৰিল, তেএএট্কৈ এটা ৰঙা লাইট জ্বলি সকলোকে ভয় খুৱাই দিলে। “ছৰী.. এই শব্দ প্ৰদূষণ ইণ্ডিকেটৰটোৱে মোৰ গান একেবাৰে সহ্য কৰিব নোৱাৰে।” টেবুলখনে গান বন্ধ কৰিলে। লগে লগে ৰঙা লাইটো বন্ধ হ’ল।
অনন্তই ইতিমধ্যে উঠি টেবুলখনৰ ওচৰতে থিয় হৈ কাণ্ড-কাৰখানা চাই আছিল। তাৰ কেনেকুৱা লাগিছিল কোৱা মস্কিল। সি নিজেই বুজা নাই, গতিকে ময়ো আপোনালোকক জনাব নোৱাৰিছোঁ।
তেনেতে কাষৰ কোঠাৰপৰা অনন্তৰ মাক আৰু বান্দৰটো (মানে ৰব’টটো) ওলাই আহিল। মাকে বান্দৰটোক সৰু কেঁচুৱা এটা কোলাত লোৱাৰ দৰে লৈ আছিল। “চাঐ অনন্ত, কি মৰম লগা বান্দৰ। পম্পীয়ে পালে কি যে ভাল পাব।” পম্পী অনন্তহঁতৰ কাষৰে বৰাৰ তিনিবছৰীয়া ছোৱালীজনী।
কিন্তু মাছটো দেখিহে মাক আকৌ মূৰ্ছা যাওঁ যাওঁ হ’ল। বান্দৰটো থলপ্কৈ সৰি পৰিল। সি আকৌ বৰ দুখ পোৱাৰ নিচিনাকৈ কোনোমতে থিয় হ’ল আৰু মাকৰ কাণৰ কাষত ফুচফুচাই কিবা ক’বলৈ আৰম্ভ কৰিলে। মাকে চকুকেইটা এবাৰ ডাঙৰ এবাৰ সৰু কৰি শুনিবলৈ ধৰিলে।
টেবুলখনে কৈ উঠিল, “লেণ্ড কৰিবলৈ সাজু হোৱা।” অৱশ্যে তাৰ কথালৈ কোনোৱে কাণ নিদিলে। “অনুগ্ৰহ কৰি আটায়ে ছিট-বেল্ট বান্ধি লওক। যিকোনো ইলেকট্ৰনিক উপকৰণ বন্ধ কৰি ৰাখক। খন্তেক পিছতে আমি জিনট্ৰণৰ এক নম্বৰ…” খ্ৰীংকোৰে ইতিমধ্যে মোবাইলৰ দৰে বস্তুটো উলিয়াই লৈ ফিছাৰে অংগী ভংগী কৰিবলৈ লাগি গ’ল। হঠাতে আকৌ ঝাপ!
(ক্ৰমশ:)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments