ভৱিষ্যত কালৰ কথা (শান্তনু চাংমাই)

ভৱিষ্যত কালৰ কথা


শান্তনু চাংমাই

অখম নামৰ দেশখনত ৰজা বিবুদ্ধিত পৰিল।  তেওঁ যোৱাৰ পিছত দেশৰ ৰজা কোনটো পুতেকক পাতি যাব পাৰি তাকে চিন্তা কৰি কৰি তেওঁৰ খাদ্য হজম নোহোৱা হ’ল, ৰাতি শেতেলিত পৰিলেও চকুলৈ নিদ্ৰা নহা হ’ল। তেওঁৰ মনোকষ্ট দেখি কাৰণ সোধাত মহামন্ত্ৰীক তেওঁ সকলোখিনি বুজাই ক’লে- যিহেতু প্ৰত্যেকটো পুতেককে তেওঁ সমানেই স্নেহ কৰে, গতিকে উত্তৰাধিকাৰী নিৰ্বাচন কৰিবলৈ লৈ তেওঁ বিপাঙত পৰিছে।
মহামন্ত্ৰীয়ে নাকটো অলপ সময় খজুৱাই থাকি ৰজাক বুধি এটা দিলে – বুধিটো ৰজাৰ পচন্দো হ’ল। কথা মতেই সন্ধিয়ালৈ তেওঁ তিনিও পুত্ৰক মাতি আনি এশ এশ টকা গাইপতি দিলে আৰু ক’লে যি এই এশ টকাৰে বস্তু ক্ৰয় কৰি আনি এই কোঠাটো পূৰ কৰি পেলাব পাৰিব, তেঁওকেই ম‍ই দেশৰ ভাবী-অধিপতি বুলি জনগণৰ আগত ঘোষণা কৰি দিম। তিনি পুত্ৰ মূৰ দোঁৱাই ওলাই গ’ল।

পিছদিনা :
কনিষ্ঠ পুত্ৰ ইজিপি-য়ে দুইবস্তা ঘাঁহ আনি মজিয়াত মেলি দিলে। মজিয়াখন ভৰি গ’ল। ৰজা খুছ।
মহামন্ত্ৰী: মজিয়াখন বাৰু পূৰ হ’ল কিন্তু বাকী খালী ঠাই খিনি?
মাজু পুত্ৰ বিডেপি-য়ে একবস্তা কপাহ আনি মেলি দিলে। বতাহৰ শুভ্ৰ কপাহ উৰি ভৰি পৰিল। ৰজা খুছ। কিন্তু কিছু সময়ৰ পিছতে কপাহখিনি মজিয়াত পৰি স্থিৰ হৈ ৰ’ল।
মহামন্ত্ৰী: ছেইম প্ৰবলেম এজ এব’ভ।  নেছেল।
জ্যেষ্ঠ পুত্ৰ খংগ্ৰেছে প্ৰথমতে খিৰিকীবোৰ বন্ধ কৰিলে, তাৰ পিছত দুৱাৰখন। তাৰ পিছত জেপৰ পৰা মম এডাল আৰু জুইশলা এটা উলিয়াই ফচকৈ কাঠি জ্বলাই অগ্নি-সংযোগ কৰি দিলে। গোটেই কোঠাটো মমৰ প্ৰকাশেৰে ভৰি পৰিল। ৰজা মহা-খুছ, কেছ চ’ল্ভড- উত্তৰাধিকাৰী হাজিৰ!!
মহামন্ত্ৰী: বাৰু বাৰু কামতো বাৰু সিজিল।  কোঠাটো বাৰু ভৰি পৰিল।  কিন্তু এডাল মমৰ দাম ৫ টকা আৰু জুইশলাইৰ দাম ১ টকা, মুঠ ৬ টকা হে খৰচ হ’ল; বাকী ৯৪ টকা ক’ত?
খংগ্ৰেছ: (লাহেকৈ আগবাঢ়ি মহামন্ত্ৰীৰ পকেটত ৫০ টকা গুজি দি), এহ খুড়া খং-ৰাগনো কিয় কৰে হে? লওক- মিঠাই খাব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments