অসমত নিদানপত্ৰৰ ইতিহাস : দেৱব্ৰত গগৈ

অসমত নিদানপত্ৰৰ ইতিহাস

দেৱব্ৰত গগৈ

 

১৭১৪ চন, এপ্ৰিল মাহৰ শেষৰ সপ্তাহ। বংগদেশ জয়ৰ ইচ্ছাৰে লগত প্ৰায় চাৰিলাখ সৈন্য-সামন্তৰে ৰাজধানী ৰংপুৰৰ পৰা ভটিয়াই আহি গুৱাহাটীত বাহৰ পতা আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ হঠাৎ টান নৰিয়াত পৰে আৰু শেষত ৰাজ্যৰ সীমা বহলোৱাৰ আশা মনতে লৈ আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ তাতেই মৃত্যু হয়। এটা কথা অতি সহজতে অনুমান কৰিব পাৰি যে এখন শত্ৰুদেশ আক্ৰমণ কৰাৰ দৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত স্বৰ্গদেউজন সৰ্ম্পূণ সুস্থ আছিল আৰু ৰংপুৰৰ পৰা গুৱাহাটীলৈ অহাৰ বাট চোৱাতেই তেখেতক নিশ্চয় কোনো ৰোগে আক্ৰমণ কৰিছিল। কিন্ত সেই ৰোগ কেনেধৰণৰ আছিল তাৰ বিষয়ে বুৰঞ্জী প্ৰায় নিমাত। কোনো কোনো বুৰঞ্জীত ৰুদ্ৰসিংহৰ বসন্ত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল বুলি বৰ্ণনা কৰা আছে যদিও সেই তথ্যৰ কোনো নিৰ্ভৰযোগ্যতা নাই। কেৱল ৰুদ্ৰসিংহৰ ক্ষেত্ৰতেই এনে হোৱা নাই, ছশ বছৰীয়া আহোম শাসনত যিসকল ৰজাৰ ৰোগজনিত কাৰণত মৃত্যু হৈছিল তেখেতসকলৰ সেই নিৰ্দিষ্ট ৰোগৰ বিশদ বিৱৰণ নাই বা থাকিলেও এটা বা দুটাশাৰীতেই শেষ হৈছে। আনহাতে এটা কথা লক্ষ্য কৰিবলগীয়া যে আহোম স্বৰ্গদেওসকলৰ কোনোজনৰেই যুদ্ধত মৃত্যু হোৱা নাছিল। কেৱল স্বৰ্গদেউসকলেই নহয় , ফ্ৰাচেনমুং বৰগোঁহাইৰ বাহিৰে আহোম শাসন ব্যৱস্থাৰ মূল কাণ্ডাৰী বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই আৰু বৰফুকন পদবীৰ কোনো এজনৰেই কোনো এখন ৰণত মৃত্যু হোৱা নাছিল। ঘৰুৱা শত্ৰু বা পাত্ৰ-মন্ত্ৰীসকলৰ ষড়যন্ত্ৰৰ বলি হৈ মৃত্যু হোৱাৰ বাহিৰে সৰহ সংখ্যক স্বৰ্গদেও ৰোগাক্ৰান্ত হৈ বা বাৰ্ধক্যজনিত ৰোগত মৃত্যু হৈছিল।

ছশ বছৰীয়া আহোম শাসন ব্যৱস্থাৰ অন্যতম অৱদান হৈছে বুৰঞ্জী, য’ত অতীত অসমখনৰ বিষয়ে যথেষ্ঠ কথা জানিবলৈ পোৱা যায়। সেই সময়ৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশৰ নানা কাহিনী উপযুক্ত তথ্য আৰু প্ৰমাণ সহকাৰে পোৱা গলেও এটা অতি গুৰুত্বপূৰ্ণ বিষয় সৰ্ম্পকে বুৰঞ্জী প্ৰায় নিমাত আৰু সেয়া হৈছে সেই কালৰ মানুহবোৰৰ স্বাস্থ্য, ৰোগ আৰু ৰোগৰ চিকিৎসা। কোনো এজন পৰাক্ৰমী ৰজাৰ ঘটনাবহুল শাসন কাৰ্য্যৰ পুংখানুপুংখ বৰ্ণনা পোৱা গ’লেও ৰজাজন যদি কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তেন্তে ইয়াৰ সঠিক উল্লেখ পোৱা নাযায়। উদাহৰণস্বৰূপে, ১৫৫২ চনত স্বৰ্গদেও ছুক্লেংমুঙৰ মৃত্যু হয়। এইজন ৰজা শাৰীৰিকভাবে দুৰ্বল আছিল বুলি উলেখ আছে আৰু এই দুৰ্বলতাৰ বাবেই অৱশেষত তেখেতৰ মৃত্যু হোৱা বুলি জনা যায়, কিন্ত এই শাৰীৰিক দুৰ্বলতা কি বেমাৰৰ বাবে হৈছিল তাক জনা নাযায়। ঠিক তেনেদৰে স্বৰ্গদেও ছুট্যিনফা বৰ বেমাৰী আছিল আৰু তেখেতৰ ৰাজহাঁড়ডাল বেঁকা আছিল বাবে তেখেতক নৰিয়া ৰজা বা কেঁকোৰা ৰজা বুলিছিল। কিন্ত এই দীৰ্ঘম্যাদী ৰোগটো কি আছিল বা কিহৰ বাবে ৰাজহাড়ডাল বেকা হৈছিল তাৰ ঊল্লেখ নাই। বিখ্যাত শৰাইঘাটৰ যুদ্ধ চলি থকাৰ মাজতেই লাচিত বৰফুকনৰ টান নৰিয়া হৈছিল আৰু সেই নৰিয়াৰ বাবেই তেখেতৰ যুদ্ধৰ পাছত মৃত্যু হয় কিন্ত তেখেতৰ ৰোগটো কি আছিল ইয়াৰও বিশদ বিৱৰণ নাই। স্বৰ্গদেও গদাধৰ সিংহ, ৰুদ্ৰসিংহ , শিৱসিংহ, কমলেশ্বৰ সিংহ আদি কৰি ভালেমান আহোম ৰজা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। কিন্ত বুৰঞ্জী এইসকল ৰজাৰ ৰোগৰ সৰ্ম্পকে প্ৰায় নিমাত। অৱশ্যে ইয়াৰ মাজতো কোনো কোনো ৰজাৰ ৰোগ সৰ্ম্পকে বুৰঞ্জীত অলপ-অচৰ পোৱা যায়। যেনে ৰজা জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, ৰামধ্বজ সিংহ আদিসকলৰ জলসাৰ বা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈছিল। ঠিক তেনেদৰে আহোম সাম্ৰাজ্যৰ অন্তিম স্বাধীন ৰজা পুৰন্দৰ সিংহৰ মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুৰ বতৰা প্ৰথম অসমীয়া কাকত অৰুণোদয়ত প্ৰকাশ হৈছিল।

সাহসী, কৰ্মউদ্যমী আৰু সকলো দিশতে পাৰ্গত সেই সময়ৰ অসমীয়া জন-সাধাৰণৰ স্বাস্থ্য, ৰোগ আৰু ৰোগৰ চিকিৎসা সৰ্ম্পকে বিশেষ তথ্য পাবলৈ নাই। এই ক্ষেত্ৰত মিৰজুমলাই অসম আক্ৰমণ কৰোতে তেওঁৰ লগত অহা ভ্ৰমণকাৰী তথা লেখক ছিহাবুদ্দিন তালিছে লিখি থৈ যোৱা তেতিয়াৰ অসম সৰ্ম্পকে টোকা পঢ়ি এই সৰ্ম্পকে অলপ-অচৰ তথ্য পোৱা যায়। টোকাটোত ঊল্লেখ আছে যে- “ ব্ৰহ্মপুত্ৰ নৈ পাৰৰ অঞ্চলসমূহৰ বতৰে স্থানীয় আৰু বিদেশী উভয়ৰে বাবে স্বাস্থ্যকৰ আছিল । কিন্ত ভিতৰুৱা অঞ্চলসমূহৰ বতৰে স্থানীয় লোকৰ ক্ষতি নকৰিলেও বিদেশীৰ কাৰণে ই অসহনীয় আছিল ……… শীত আৰু সেমেকা বতৰৰ ৰোগসমূহে স্থানীয় লোকতকৈ বিদেশীক বেছি আমনি কৰে আৰু আনহাতেদি জহৰ দিনত স্থানীয় লোকতকৈ বিদেশী লোকক পেটৰ অসুখ আদিয়ে বেছি কষ্ট দিয়ে। বংগদেশত সচৰাচৰ দেখা কুষ্ঠ , ভৰি উখহা , ডিঙি উখহা নাইবা ছালৰ বেমাৰ এই ৰাজ্যত দেখা নাযায়। দীঘলীয়া লেকেটালগা ৰোগসমূহৰ পৰাও এই ৰাজ্যৰ বাসিন্দাসকল মুক্ত আছিল…..”।

পুৰণি অসমত সাধাৰণ প্ৰজা বা শাসকসকলক আক্ৰমণ কৰা ৰোগসমূহৰ সঠিক বিৱৰণ পোৱাটো টান যদিও বুৰঞ্জীৰ পাত খুচৰিলে বহুতো কথাই জনা যায়। ৰজা জয়ধ্বজ সিংহৰ দিনলৈকে, অৰ্থাৎ মিৰজুমলাৰ অসম আক্ৰমণলৈকে অসমত কুষ্ঠৰোগৰ প্ৰাৰ্দুভাব নাছিল। হয়তো ইয়াৰ পিছৰ পৰ্য্যায়ত অন্য বাহিৰা আক্ৰমণকাৰীৰ লগত উত্তৰ ভাৰতৰ পৰা অহা লোকসকলৰ পৰা এইৰোগ অসমত বিয়পি পৰে। এটা কথা নিশ্চিত যে সেইকালত ৰোগৰ প্ৰকোপ যেনেদৰে আছিল ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাও যথেষ্ঠ পৰিমাণে আছিল। আহোম ৰাজত্বৰ আৰম্ভণিতে ৰোগৰ পথ্য হিচাপে বনৌষধিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাতেই এই কাম কৰা হৈছিল আৰু ইয়াৰ বাবে বিশেষ পদৰ সৃষ্টি কৰা হৈছিল। এই ধৰণৰ কামত লিপ্ত থকাসকলক বেজবৰুৱা উপাধি প্ৰদান কৰা হৈছিল। প্ৰথমাৱস্থাত এই বেজবৰুৱা পদত বৰাহী সম্প্ৰদায়ৰ লোকক অধিষ্ঠিত কৰা হৈছিল, কাৰণ বৰাহীসকল এই কামত বিশেষ পাৰ্গত আছিল। পাছলৈ অৱশ্যে এই পদত ব্ৰাহ্মণলোকক বহোৱা হৈছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত কনৌজৰ পৰা নিমন্ত্ৰণ কৰি অনা আয়ুবেৰ্দিক ব্ৰাহ্মণ পণ্ডিত একাচেকা বৰুৱাক বেজবৰুৱা পদ দিয়ে। এই একাচেকা বৰুৱাৰ বংশই পুৰুষাণুক্ৰমিকভাবে আহোম ৰাজ পৰিয়ালক আৰ্য়ুবৈদিক পদ্ধতিৰে চিকিৎসা কৰিছিল আৰু তেওঁলোকৰ অন্তিমজন ৰাজবৈদ্য আছিল সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা। এই দীননাথ বেজবৰুৱা অসমৰ অন্তিমজন ৰজা স্বৰ্গদেও পুৰন্দৰ সিংহৰ ৰাজবৈদ্য আছিল।

ব্ৰাহ্মণসকলে বেজবৰুৱাৰ পদত বহি অসমত চিকিৎসাও সেৱা কৰিবলৈ লোৱাৰে পৰা অসমত আৰ্য়ুবেদিক চিকিৎসাৰ প্ৰসাৰ বাঢ়িবলৈ ধৰিলে। ইয়াৰ আগলৈকে চিকিৎসাৰ মূল উপায় আছিল বনৌষধ। পিছলৈ ব্ৰাহ্মণ বেজবৰুৱাসকলে অসমৰ থলুৱা বনৌষধ আৰু আৰ্য়ুবেদ চিকিৎসাৰ সংমিশ্ৰণ ঘটাই নানানটা ৰোগ উপশমৰ ক্ষেত্ৰত যথেষ্ঠ সফলতা লাভ কৰিছিল।

আহোম ৰাজত্বত “ৰসেন্দ্ৰ বৰুৱা” নামৰ আন এক পদবীৰ উল্লেখ আছে। এই পদবীটোক বৰ্তমানৰ ৰসায়নবিদ আৰু ফাৰ্মাচিষ্টৰ লগত তুলনা কৰিব পাৰি। থলুৱাভাবে লভ্য হোৱা বিভিন্ন ৰাসায়নিক পৰ্দাথ বা ঔষধ প্ৰস্তত কৰিব পৰা কৌশল এই ৰসেন্দ্ৰ বৰুৱা উপাধিৰ ব্যক্তিসকলে জানিছিল। এই পদবীটো তীক্ষ্ন মগজুৰ ব্ৰাহ্মণসকলে লাভ কৰিছিল যিটো পাছলৈ পুৰুষাণুক্ৰমিক হৈছিল।

সেইকালত চিকিৎসাদলয়ৰ কোনো ধাৰণা নাছিল বাবে সাধাৰণ জনতাই ৰোগ নিৰাময়ৰ বাবে বৈদ্যসকলৰ গৃহলৈকে গৈছিল আৰু বৈদ্যৰ ঘৰটোক নিৰ্দিষ্ট কৰি অমুক বেজৰ ঘৰ বুলিছিল। আৰ্য়ুবেদিক চিকিৎসাৰ উপৰি প্ৰাচীন অসমত আন কিছুমান পদ্ধতিৰে মানুহৰ চিকিৎসা কৰা হৈছিল। ইয়াৰ ভিতৰত বনৌষধিৰ ব্যৱহাৰ, লোকাচাৰ বা লোক বিশ্বাস আৰু তন্ত্ৰ-মন্ত্ৰ বা আসুৰিক চিকিৎসাই প্ৰধান। বনৌষধি ব্যৱহাৰত যথেষ্ঠ পৰিমাণৰ বৈজ্ঞানিক কাৰক আছিল। নিৰ্দিষ্ট শাক-বন , ফল-মুল , গছৰ পাত বা ছালে নিৰ্দিষ্ট বেমাৰক নিৰাময় কৰাৰ বিষয়ে বেজসকলৰ লগতে সাধাৰণ জনতাও জ্ঞাত আছিল । আহোমসকলৰ লগতে অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ঘৰুৱা মদ প্ৰস্তুত কৰি আহিছে। এই ঘৰুৱা মদত যথেষ্ঠ পৰিমাণৰ বনৌষধিৰ সংমিশ্ৰণ ঘটোৱা হৈছিল, যাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ এনে ঘৰুৱা মদৰ ব্যৱহাৰে মানুহক নিৰোগী আৰু সবল কৰি ৰাখিছিল। স্বাস্থ্যৰ বাবে আন এক অতি লাগতীয়াল আহাৰ বা ঔষধ শুকান মাছ বহু আগৰে পৰা অসমত প্ৰচলন হৈ আছে।

লোকাচাৰ বা লোকবিশ্বাসৰ দ্বাৰাও সেইকালত ৰোগ নিৰাময়ৰ চেষ্টা কৰা হৈছিল। এটা কথা মন কৰিবলগীয়া যে লোকবিশ্বাসৰ ভেটি যথেষ্ঠ পৰিমাণে বাস্তৱিক কাৰণ আৰু যুক্তিৰ ওপৰত নিৰ্ভৰশীল। লোকবিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত পাৰ্থক্য আছে। অসমত চলি অহা ডাকৰ বচন আৰু খাদ্য সম্পকীয় ফকৰা-যোজনাবোৰ লোক বিশ্বাসৰ অৰ্ন্তগত। এই লোক বিশ্বাসবোৰত শৰীৰক কেনেকৈ ৰোগ মুক্ত কৰি ৰাখিব পাৰি তাৰ চমু উল্লেখ থাকে। ডাকৰ এটা বিখ্যাত বচন আজিৰ দিনতো প্ৰাসংগিক বাবে তলত ঊল্লেখ কৰা হ’ল —-

“ জেঠত দৈ আহাৰত খৈ ।
শাওণে মৰাপাট খাবা গৈ ॥
ভাদত ওল আহিনত কল ।
কাতিত কচু বঢ়াই ফল ॥
আঘোণত খাবা চৰাই ।
পুহত-পিঠা মাঘত কড়াই ॥
ফাগুনত মৌ , চতত ঔ , বহাগত বৰ ।
ইয়াকে খালে পুৰুষৰ কৰ্মজ্বৰ ॥“

আসুৰিক চিকিৎসাত তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱ থাকে। এই ধৰণৰ চিকিৎসাৰ পদ্ধতি প্ৰাচীন অসমত ব্যাপকভাৱে আছিল যদিও ইয়াৰ বৈজ্ঞানিক ভিত্তি যথেষ্ঠ কম। অৱশ্যে এই তন্ত্ৰ-মন্ত্ৰ পুথিসমূহে অসমীয়া প্ৰাচীন সাহিত্যৰ ভৰাঁল চহকী কৰি থৈছে।

প্ৰাচীন অসমত ৰোগৰ নিৰাময়ৰ বিভিন্ন উপায় থকাৰ ওপৰিও মানৱ দেহৰ কটা-ছিঙাৰ যন্ত্ৰণা উপশম কৰাৰ সুন্দৰ উপায় থকাৰ কথা অনুমান কৰিব পৰা যায় যাক আধুনিক চিকিৎসা বিজ্ঞানত ‘শল্য চিকিৎসা’ বুলি কোৱা হয়। এই বিষয়েও কোনো বুৰঞ্জীতে বিশদ বিৱৰণ পোৱা নাযায় যদিও সমসাময়িক ঘটনা কিছুমান লক্ষ্য কৰিলে যথেষ্ঠখিনি তথ্য পোৱা যায়। উদাহৰণস্বৰূপে, স্বৰ্গদেউ চুখাম্‌ফাই ৰাজত্বৰ আৰম্ভণিতেই হাতীৰ পিঠিৰ পৰা পৰি ভৰিত আঘাত পাইছিল আৰু পংগু জীৱন কটাইছিল। সেয়ে তেওঁক খোৰা ৰজা বুলি জনা যায়। ঊল্লেখনীয় যে এই খোৰা ৰজাই আহোম স্বৰ্গদেউসকলৰ ভিতৰত সৰ্বাধিক কাল প্ৰায় ৫১ বছৰ ৰাজত্ব কৰিছিল। এটা পংগু ভৰি লৈ ৰাজ কাৰ্য চলোৱা এই ৰজাজনক নিশ্চয় বিশেষ পৰিৰ্চযাৰ প্ৰয়োজন হৈছিল। প্ৰতাপসিংহৰ দিনত অসমলৈ অহা আজান ফকীৰৰ চকু কাঢ়ি শাস্তি দিছিল। এই শাস্তিৰ পাছতো আজান ফকীৰ বহু বছৰ জীয়াই থকালৈ চাই অনুমান কৰিব পাৰি যে ফকীৰ চাহাবে শাস্তি পোৱাৰ পাছত উপযুক্ত চিকিৎসাই পাইছিল। ৰজা হোৱাৰ আগমূৰ্হুতলৈকে দেহৰ সকলো অংগই নিখুঁত অৱস্থাত থকাটো আহোম কোঁৱৰসকলৰ বাবে এটা প্ৰাথমিক চৰ্ত আছিল। সেয়ে নিজৰ প্ৰতিদ্বন্দ্বী কোঁৱৰসকলক অংগক্ষত কৰাটো আহোম স্বৰ্গদেউসকলৰ এটা অলিখিত নিয়মত পৰিণত হৈছিল। বিশেষকৈ ল’ৰাৰজা বা চুলিকফাই নিজৰ সিংহাসন সুৰক্ষিত কৰিবলৈ ভালেকেইজন কোঁৱৰৰ অংগক্ষত কৰাইছিল কিন্ত তেওঁলোকক প্ৰাণে মৰা নাছিল। ইয়াৰ পৰা জনা যায় যে অংগক্ষত কৰাৰ ফলত হোৱা ৰক্তক্ষৰণৰ চিকিৎসা সেইসময়ত প্ৰচলিত আছিল।

অসমত আধুনিক চিকিৎসা বিজ্ঞান অৰ্থাৎ এলোপেথিক চিকিৎসাৰ কেতিয়া আৰম্ভণি ঘটিল তাৰ সঠিক তথ্য নাই । মিৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহি গড়গাঁৱত ৰোগাক্ৰান্ত হৈছিল। সেই ৰুগীয়া দেহাৰেই তেখেতক বংগদেশলৈ নিয়াৰ ব্যৱস্থা কৰে। উভতনি যাত্ৰাত অসুস্থ মিৰজুমলাক কাজলি চকত গেলমাৰ ভৰবাগ নামৰ এজন ডাট্‌ছ চিকিত্সকে চিকিৎসা কৰে। সেই ডাট্‌চ চিকিত্সকজনৰ লগত আন এজন ইংৰাজ চিকিত্সকো আছিল বুলি জনা যায়। অসমৰ ইতিহাসত বিদেশী চিকিত্সলকৰ এইয়ে প্ৰথম উল্লেখ। ১৭৯২ চনত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ বৃটিছ সৈন্যবাহিনী কেপ্তেইন ৱেল্‌ছৰ নেতৃত্বত ৰংপুৰত উপস্থিত হয়হি। এই সৈন্য বাহিনীৰ লগত চিকিৎসা বিষয়া হিচাপে আহিছিল ডাঃ জন পিটাৰ ৱেড। অৱশ্যে চিকিৎসাতকৈ ডাঃ জন পিটাৰ ৱেড অসমৰ ইতিহাসৰ বিষয়ে গৱেষণা কৰাৰ বাবেহে বিখ্যাত আছিল। সেইসময়ৰ সাধাৰণলোকে ডাঃ ৱেডক ‘ডাঃ বেজ’ বুলিহে জানিছিল। এনেদৰেই অসমত বৃটিছৰ আগমণৰ লগে লগে এলোপেথিক চিকিৎসাই খোপনি পোতে। অৱশ্যে দ্বিতীয় মহাসমৰৰ আগলৈকে অসমত পূৰ্ণাংগ পৰ্য্যায়ৰ চিকিৎসাখলয় থকাৰ কথা জনা নাযায়। দ্বিতীয় মহাসমৰৰ সময়ত মিত্ৰ শক্তিয়ে জাপানী সেনাক ভেটিবলৈ উজনি অসমত যুদ্ধৰ প্ৰস্তুতি চলায় আৰু ইয়াৰে অংশ হিচাবে ডিব্ৰুগড়ত মিলিটেৰী হস্পিটেল স্থাপন কৰে। যুদ্ধৰ সমাপ্তিৰ পাছত তেতিয়াৰ ইংৰাজ চাহ খেতিয়ক ডাঃ জন বেৰী হোৱাইটে সেই মিলিটেৰী হস্পিটেলখন কিনি লয় আৰু ‘ড: জন বেৰী হোৱাইট স্কুল অৱ মেডিচিন’ স্থাপন কৰে। দেশে স্বাধীনতা পোৱাৰ পাছত এই বেৰীহোৱাইট মেডিকেল কলেজখনক অসম চৰকাৰে ১৯৪৭ চনত ‘অসম চিকিৎসা মহাবিদ্যালয়’লৈ উন্নীত কৰে।

প্ৰাচীন অসমৰ ৰোগ আৰু চিকিৎসা পদ্ধতিৰ বিষয়ে আজিলৈকে পূৰ্ণ পৰ্যায়ত বিশেষ গৱেষণা হোৱা নাই। বুৰঞ্জীৰ প্ৰতি ধাউতি থকা চিকিৎসা বিজ্ঞানৰ কোনো ছাত্ৰই এই দিশত চৰ্চা আৰু গৱেষণা কৰিলে বহু নজনা কথাই জানিব পৰা যাব।

9 thoughts on “অসমত নিদানপত্ৰৰ ইতিহাস : দেৱব্ৰত গগৈ

  • May 9, 2013 at 2:56 pm
    Permalink

    “যেনে ৰজা জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, ৰামধ্বজ সিংহ আদিসকলৰ জলসাৰ বা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈছিল। ঠিক তেনেদৰে আহোম সাম্ৰাজ্যৰ অন্তিম স্বাধীন ৰজা পুৰন্দৰ সিংহৰ মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুৰ বতৰা প্ৰথম অসমীয়া কাকত অৰুণোদয়ত প্ৰকাশ হৈছিল।”
    মধুমেহ আৰু বহুমূত্ৰ ৰোগ একেটাই নহয় জানো ?

    Reply
    • May 13, 2013 at 4:21 pm
      Permalink

      লেখকে হয়তো ‘Diabetes mellitus’ৰ বাবে ‘মধুমেহ’ আৰু ‘Diabetes insipidus’ৰ বাবে ‘বহুমূত্ৰ’ ব্যৱহাৰ কৰিছে। কিন্তু সাধাৰণতে দুয়োটা শব্দ Diabetes mellitus বুজাবলৈকে ব্যৱহাৰ কৰা হয়।

      Reply
  • May 9, 2013 at 3:15 pm
    Permalink

    নজনা কথা জানিব পাৰিলোঁ যথেষ্ট।

    Reply
  • May 16, 2013 at 9:22 am
    Permalink

    ধন্যবাদ।

    Reply
  • September 7, 2013 at 5:43 pm
    Permalink

    ধন্যবাদ, বহুত নজনা কথা জানিব পাৰিলো ।

    Reply
  • April 25, 2017 at 11:50 am
    Permalink

    এজন পৰিশ্ৰমী লেখকৰ সুন্দৰ লেখা|

    Reply
  • April 25, 2017 at 11:51 am
    Permalink

    এজন পৰিশ্ৰমী লেখকৰ সুন্দৰ লেখা|

    Reply
  • November 14, 2018 at 1:19 pm
    Permalink

    অসমত নিদান পত্ৰৰ ইতিহাস” লেখাটোত বেৰী হোৱাইট মেডিকেল স্কুলৰ সন্দৰ্ভত দিয়া তথ্যখিনি ভুল। বেৰী হোৱাইট মেডিকেল স্কুলখন প্ৰতিষ্ঠা হৈছিল ১৯০০ চনত। ডাঃ জন বেৰী হোৱাইটে উইল যোগে আগবঢ়াই থৈ যোৱা ৫০ হাজাৰ টকাক মূলধন হিচাপে লৈ। তেওঁৰ মৃত্যু হৈছিল ১৮৯৬ৰ ১৯ নৱেম্বৰত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!