অসম কৃষি বিশ্ববিদ্যালয়: ব্যাপ্তি, প্ৰাপ্তি আৰু প্ৰত্যাশা (- অঞ্জন কৃষ্ণ শৰ্মা)

কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ এই তিনিটা উদ্দেশ্য সাৰোগত কৰি ১৯৬৯ চনৰ ১ এপ্ৰিল তাৰিখে যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হয়৷ ইতিপূৰ্বে এই স্থানতে ১৯৪৮ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ সেনাবাহিনীৰ এটি পৰিত্যক্ত ঘৰত “অসম কৃষি মহাবিদ্যালয়” প্ৰতিষ্ঠা কৰি অসমত কৃষি শিক্ষা আৰম্ভ কৰা হৈছিল৷ অসম কৃষি বিশ্ববিদ্যালয় আইন ১৯৬৮ অনুসৰি যোৰহাট নগৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ বৰভেটা অঞ্চলত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে “অসম কৃষি মহাবিদ্যালয়”ক “কৃষি মহাবিদ্যালয় যোৰহাট” নামাকৰণ কৰি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মহাবিদ্যালয় ৰূপে স্বীকৃতি প্ৰদান কৰা হয়৷ ড০ সত্য ৰঞ্জন বৰুৱা আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য৷

অসম কৃষি বিশ্ববিদ্যালয় হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আতাইতকৈ পুৰণি কৃষি বিশ্ববিদ্যালয়৷ প্ৰতিষ্ঠা কালৰে পৰা এই বিশ্ববিদ্যালয়ে কৃষি শিক্ষা, গৱেষণা, কৃষি উন্নয়ন আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতিলৈ বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে৷ সম্প্ৰতি, অসম কৃষি বিশ্ববিদ্যালয় মাথোন শিক্ষাৰ্থী সমাজৰ মনৰ মাজতে সীমাবদ্ধ এটি শিক্ষানুষ্ঠান নহয়, বৰং এই বিশ্ববিদ্যালয় হৈ পৰিছে কৃষক, আত্মসহায়ক গোট, বেচৰকাৰী প্ৰতিষ্ঠান, মহিলা সংঘ, সকলো প্ৰকাৰৰ সামাজিক অনুষ্ঠান, চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু অন্যান্য চৰকাৰী বিভাগ আদিৰ লগত সংঘবদ্ধভাৱে সামাজিক উত্তৰণৰ দিশত অবিৰত গতিৰে কাৰ্যসূচী গ্ৰহণ কৰা এক জনমুখী বিশ্ববিদ্যালয়৷ বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ে ভাৰতৰ আগশাৰীৰ কৃষি বিশ্ববিদ্যালয় সমূহৰ মাজত অন্যতম ৰূপে স্বীকৃতি লাভ কৰিছে আৰু বিভিন্ন সামাজিক সংস্থাইও বিশ্ববিদ্যালয়ৰ গঠনমূলক কাম-কাজৰ শলাগ লৈছে৷ বিগত ৪৫ বছৰীয়া পৰিক্ৰমাত অসম কৃষি বিশ্ববিদ্যালয়ে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰনৰ ওপৰি লোক প্ৰশাসন, বন, বেংক, উদ্যোগ, বিভিন্ন সেৱা খণ্ডৰ বাবে কুশলী মানৱ সম্পদ সৃষ্টি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উপযোগী কৃষি প্ৰযুক্তি উদ্ভাৱন আৰু উদ্ভাৱিত প্ৰযুক্তিৰ পৰীক্ষণ, প্ৰদৰ্শন আৰু প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে কৃষি অৰ্থনীতিলৈ আৰু সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনলৈ বলিষ্ঠ বৰঙনি আগবঢ়াই আহিছে৷

ব্যাপ্তিঃ

সম্প্ৰতি অসম কৃষি বিশ্ববিদ্যালয় শাখা-প্ৰশাখাৰে পৰিবেষ্টিত এক বিশাল মহীৰূহত পৰিনত হৈছে৷ বিশ্ববিদ্যালয় খনৰ মানচিত্ৰত ইতিমধ্যে অসমৰ প্ৰায়বোৰ জিলাই অন্তৰ্ভূক্ত হৈ পৰিছে৷ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰত্যক্ষ প্ৰশাসনীয় তত্বাৱধানত প্ৰায়বোৰ জিলাতে মহাবিদ্যালয়, গৱেষণা কেন্দ্ৰ, প্ৰশিক্ষণ নাইবা সম্প্ৰসাৰণ কেন্দ্ৰ গঢ়ি উঠিছে৷ বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহ হ’ল,-

(১) কৃষি মহাবিদ্যালয়, যোৰহাট (১৯৪৮চন)
(২) গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, যোৰহাট (১৯৬৯)
(৩) পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা (১৯৪৮, অস্থায়ীকৈ নগাৱঁত)
(৪) বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি (১৯৮৮)
(৫) মীন মহাবিদ্যালয়, ৰহা (১৯৮৮)
(৬) পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, লখিমপুৰ(১৯৮৮)
(৭) কৃষি মহাবিদ্যালয়, ধুবুৰী (নিৰ্মীয়মান)

বৰ্তমান নিৰ্মাণকাৰ্য চলি থকা কৃষি মহাবিদ্যালয়, ধুবুৰীত আগন্তুক শিক্ষাবৰ্ষৰ পৰা ধুবুৰী চৌহদতে শিক্ষাদান আৰম্ভ হ’ব৷ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় সম্প্ৰতি বন্ধ হৈ আছে৷ লখিমপুৰৰ জহিং নামৰ ঠাইত মহাবিদ্যালয় খনৰ পুনৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে৷ অচিৰেই ইয়াতো পাঠদান আৰম্ভ হ’ব৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন গৱেষণা কেন্দ্ৰঃ
(ক) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ
(১) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, কৰিমগঞ্জঃ শতবৰ্ষ গৰকা অসমৰ প্ৰথমটো কৃষি গৱেষণা কেন্দ্ৰ ৷ ১৯১৩ চনত স্থাপিত এই কেন্দ্ৰক ১৯৭৩ চনত অসম কৃষি বিশ্ববিদ্যালয়লৈ হস্তান্তৰিত কৰা হয়৷ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি কৃষি প্ৰযুক্তি উদ্ভাৱনৰ বাবে নিয়োজিত এই কেন্দ্ৰটো মুলতঃ এক ধান গৱেষণা কেন্দ্ৰ৷ প্ৰায় পাঁচ হেজাৰৰো অধিক ধানৰ সঁচ এই কেন্দ্ৰত সংৰক্ষিত হৈ আছে৷
(২) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰঃ ১৯২৩ চনত স্থাপিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমটো ধান গৱেষণা কেন্দ্ৰ ৷ ১৯৮০ চনত এই কেন্দ্ৰটো অসম কৃষি বিশ্ববিদ্যালয়লৈ হস্তান্তৰিত কৰা হয়৷ ধানৰ অধিক উৎপাদনশীল জাত উদ্ভাৱনৰ দ্বাৰা এই গৱেষণা কেন্দ্ৰই সুখ্যাতি অৰ্জন কৰিছে৷

(৩) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, চিলঙনীঃ নগাওঁ জিলাৰ চিলঙনীত অৱস্থিত এই কেন্দ্ৰটো ১৯৭৩ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে৷ মাহজাতীয় শস্য, তৈলবীজ, মৰাপাট আৰু অন্যান্য আঁহজাতীয় শস্য, ঘেঁহু আৰু বৰোধানৰ গৱেষণাৰ লগত জড়িত এই কেন্দ্ৰটোৱে ঘাইকৈ মধ্য অসমৰ কৃষি জলবায়ুৰ লগত সংগতি ৰাখি কৃষি গৱেষণা কৰে৷

(৪) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰঃ ঘাইকৈ বাওঁধানৰ গৱেষণাত নিয়োজিত এই কেন্দ্ৰটো ১৯৮০ চনত স্থাপন কৰা হয়৷ এই কেন্দ্ৰই উত্তৰ পাৰৰ জিলাকেইখনৰ বাবে উপযোগী কৃষি গৱেষণা সমাপন কৰে৷
(৫) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, ডিফুঃ ১৯৮০ চনত স্থাপিত এই আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটোৱে পাহাৰীয়া অঞ্চলৰ উপযোগী ধান, শাক-পাচলি, গোমধান, কন্দজাতীয় শস্য আৰু কণীধানৰ বিষয়ে গৱেষণা কৰি আহিছে৷

(৬) আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, গোসাইগাওঁ : ১৯৮০ চনত স্থাপিত এই কেন্দ্ৰই নামনি অসমৰ কৃষি জলবায়ুৰ উপযোগী গৱেষণা কাৰ্য সম্পাদন কৰে৷ ধেমচি, গুজিতিল, তিচি আদি শস্যৰ গৱেষণাৰ দিশত এই কেন্দ্ৰ বিশেষভাৱে নিয়োজিত৷

(খ) নিৰ্দিষ্ট শস্য বা পশুধন কেন্দ্ৰিক গৱেষণা কেন্দ্ৰ (Commodity Research Station):
(১) উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছিঃ ১৯৫০ চনত স্থাপিত এই কেন্দ্ৰ ১৯৭৩ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হয়৷ এই প্ৰতিষ্ঠান উদ্যানশস্য গৱেষণাৰ লগত জড়িত৷
(২) কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ, বুঢ়ালিকচন : গোলাঘাট জিলাৰ বুঢ়ালিকচনত অৱস্থিত এই কেন্দ্ৰটো পূৰ্বে ৰাজ্য চৰকাৰৰ কুঁহিয়াৰ পাম আছিল আৰু ১৯৬৯ চনত এই কেন্দ্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হয়৷
(৩) টেঙাজাতীয় শস্য গৱেষণা কেন্দ্ৰ, তিনিচুকীয়াঃ ১৯৭৬ চনত স্থাপিত এই কেন্দ্ৰই সকলোধৰণৰ টেঙাজাতীয় ফলৰ বিষয়ে গৱেষণা কৰে৷
(৪) নাৰিকল গৱেষণা কেন্দ্ৰ, খাৰুৱাঃ অতি সম্প্ৰতি বন্ধ হৈ থকা এই কেন্দ্ৰটো ১৯৭৩ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হৈছিল৷
(৫) ছাগলী গৱেষণা কেন্দ্ৰ, বৰ্ণিহাটঃ বিজ্ঞান সন্মত ছাগলী পালন আৰু প্ৰজননৰ গৱেষণাৰ বাবে ১৯৭৮ চনত এই কেন্দ্ৰ স্থাপন কৰা হয়৷
(৬) পশুধন গৱেষণা কেন্দ্ৰ, হেকেৰাঃ ১৯৮১ চনত কামৰূপ জিলাৰ হেকেৰাত পশুধন কেন্দ্ৰিক কৃষি ব্যৱস্থাৰ উদ্ভাৱনৰ লক্ষৰে স্থাপন কৰা হয়৷
(৭) মীন গৱেষণা কেন্দ্ৰ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মুখ্য চৌহদত অৱস্থিত এই কেন্দ্ৰই মীন গৱেষণাৰ ক্ষেত্ৰত এক অগ্ৰনী ভূমিকা লৈ আহিছে৷


(গ) কৃষি বিজ্ঞান কেন্দ্ৰঃ

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ে এতিয়ালৈকে অসমৰ কুৰিখন জিলাত একোখনকৈ কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰিছে আৰু বাকী জিলা কেইখনতো স্থাপন কৰাৰ যাবতীয় কাম-কাজ আৰম্ভ হৈছে৷ কৃষক ৰাইজৰ সেৱাত উৎসৰ্গিত এনে কেন্দ্ৰ ১৯৮১ চনত শোনিতপুৰ জিলাৰ নপামত প্ৰথম প্ৰতিষ্ঠা হয়৷ পৰৱৰ্তী সময়ত এই কেন্দ্ৰ গোলাঘাট জিলাৰ খুমটাইত, কোকৰাঝাৰ জিলাৰ গোসাইগাৱঁত, নগাওঁ জিলাৰ চিলঙনীত, তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত, বৰপেটা জিলাৰ হাউলীত, নলবাৰী জিলাৰ সৰিয়হতলীত, কামৰূপ জিলাৰ কাহিকুছিত, চিৰাঙ জিলাৰ কাজলগাৱঁত, দৰঙ জিলাৰ মঙলদৈত, ধুবৰী জিলাৰ বিলাসীপাৰাত, ডিব্ৰুগড় জিলাৰ কৰ্দৈবামত, যোৰহাট জিলাৰ কলিয়াপানীত, ধেমাজি জিলাৰ চিলাপথাৰত, ওদালগুৰি জিলাৰ লালপুলত, কাৰ্বিআংলং জিলাৰ ডিফুত, লখিমপুৰ জিলাৰ গৰুমুৰীয়াত, শিবসাগৰ জিলাৰ নাজিৰাত, কৰিমগঞ্জ জিলাৰ আকবৰপুৰত আৰু কাছাৰ জিলাৰ অৰুণাচলত প্ৰতিষ্ঠা কৰা হয়৷ কৃষকৰ প্ৰশিক্ষণ, প্ৰযুক্তি পৰীক্ষণ আৰু প্ৰদৰ্শনৰ দিশত এই কেন্দ্ৰ সমূহে প্ৰশংসনীয় সেৱা আগবঢ়াই আহিছে৷ কৃষকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ তথ্যৰ ওপৰি কৃষকে সহজে পাব পৰাকৈ উন্নত জাতৰ বীজ, পশুধনৰ সঁচ, ভূমি পৰীক্ষণ, বতৰৰ আগলি বতৰা আদিৰ ব্যৱস্থা এই কেন্দ্ৰ সমূহে কৰি দিয়ে৷ এই কৃষি বিজ্ঞান কেন্দ্ৰ সমূহে সংশ্লিষ্ট জিলাৰ বাবে কৃষি পৰিকল্পনা যুগুত কৰাৰ ওপৰি সম্প্ৰসাৰণ কৰ্মী আৰু বিষয়া সকলৰ বাবেও প্ৰশিক্ষণৰ ব্যৱস্থা কৰে৷ ঘাইকৈ এই কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ জড়িয়তেই কৃষি বিশ্ববিদ্যালয়ে কৃষক আৰু জনগনৰ লগত সুদৃঢ় যোগসুত্ৰ স্থাপন কৰিছে৷
(ঘ) প্ৰশিক্ষণ কেন্দ্ৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাটত এটা গ্ৰামসেৱীকা প্ৰশিক্ষণ কেন্দ্ৰ আছে৷
প্ৰাপ্তিঃ

অসম কৃষি বিশ্ববিদ্যালয়ে শিক্ষাদানৰ ক্ষেত্ৰত আৰম্ভনিৰে পৰা চেমেষ্টাৰ পদ্ধতিৰ প্ৰয়োগ কৰি গুণগত উচ্চশিক্ষাৰ ব্যৱস্থা কৰি আহিছে৷ ২০১১-১২ শিক্ষাবৰ্ষলৈকে অসম কৃষি বিশ্ববিদ্যালয়ে ১২৩৬৩ জনক স্নাতক, ২৯৭০ জনক স্নাতকোত্তৰ আৰু ৩৯১ জনক পি.এইচ. ডি. ডিগ্ৰী প্ৰদান কৰিছে৷ অধিক বাস্তৱসন্মত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰাম্য পৰিবেশত অভ্যস্ত হ’ব পৰাকৈ স্নাতক পাঠ্যক্ৰমৰ এটা চেমেষ্টাৰ গাৱঁত সম্পাদন কৰা হয়৷ এই ক্ষেত্ৰত কৃষি মহাবিদ্যালয়ে ১৯৯৪ চনৰ পৰা “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি” ৰূপায়ণ কৰি অহাৰ লগতে চাহ বিজ্ঞান , গাৰ্হস্থ্য বিজ্ঞান, পশুচিকিৎসা বিজ্ঞান আৰু মীন বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমতো এনে আঁচনি সন্নিবিষ্ট কৰা হৈছে৷ নিম্ন মধ্যবিত্ত পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ উচ্চশিক্ষাৰ সপোন বাস্তৱায়িত কৰাত অসম কৃষি বিশ্ববিদ্যালয়ে বিশেষ ভুমিকা গ্ৰহন কৰি আহিছে৷
কৃষি বিশ্ববিদ্যালয়ে নূন্যতম আৰ্থিক বোজা আৰু যথোচিত মেধা জলপানী ব্যৱস্থা প্ৰবৰ্তন কৰি সমাজৰ সকলো বৰ্গৰ বাবে উচ্চশিক্ষাৰ দুৱাৰ মুকলি কৰি দিছে৷ বিশ্ববিদ্যালয়ৰ গৌৰৱময় শৈক্ষিক ইতিহাসত এনে ভালেমান ছাত্ৰ-ছাত্ৰীৰ নাম ল’ব পৰাকৈ আছে যি সকলে নূন্যতম খৰছতে অসম কৃষি বিশ্ববিদ্যালয়ত সফল শৈক্ষিক কেৰিয়াৰ গঢ়ি দেশে বিদেশে সুপ্ৰতিষ্ঠিত হৈ সন্মানীয় আসনত উপৱিষ্ট হৈ আছে৷ নিম্নমধ্যবিত্ত অভিভাৱকৰ আৰ্থিক সামৰ্থৰ ভিতৰতে গুণগত উচ্চশিক্ষাৰ সুব্যৱস্থা কৰি অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ বিজ্ঞান শিক্ষা বিকাশৰ দিশত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে৷

কৃষি গৱেষণাৰ ক্ষেত্ৰত, এই বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰি উলিওৱা ধান, মাহজাতীয় শস্য, তৈলবীজ, মৰাপাট, উদ্যান শস্যৰ বিভিন্ন জাতৰ ওপৰি পশু আৰু মীন সম্পৰ্কীয় প্ৰযুক্তি সমূহে কৃষকৰ পথাৰত আশানুৰূপ সুফল দিছে৷ নিজস্ব জাত উদ্ভাৱনৰ ওপৰি অন্যান্য প্ৰতিষ্ঠানৰ উদ্ভুত জাতক পৰীক্ষা-নীৰিক্ষাৰ দ্বাৰা অসমৰ পৰিবেশত খাপ খোৱা সমূহ বাছনি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অনুমোদন জনাইছে৷ শস্যৰ পৰিপুষ্টি, ৰোগ, পোক-পতংগ নিয়ন্ত্ৰণ, জলব্যৱস্থাপনা, অপতৃন নিয়ন্ত্ৰণ, জৈৱ নিয়ন্ত্ৰণ, জৈৱ প্ৰযুক্তিবিদ্যা আদি কৃষি বিজ্ঞানৰ ন ন শাখাত অসম কৃষি বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে৷ পশুপালন, মীন পালন আৰু গাৰ্হস্থ্য বিজ্ঞানৰ ক্ষেত্ৰটো এই বিশ্ববিদ্যালয়ৰ যথেষ্ট অৱদান আছে৷

অসম কৃষি বিশ্ববিদ্যালয়ে সম্পাদন কৰা কিছুমান গুৰুত্বপূৰ্ণ গৱেষণা কৰ্মঃ

(১) ধানৰ জাত উদ্ভাৱনঃ অসম কৃষি বিশ্ববিদ্যালয়ে ভিন ভিন শস্যকালৰ আৰু অনুকূল-প্ৰতিকূল উভয়ধৰণৰ পৰিস্থিতিৰ উপযোগী উচ্চ উৎপাদনক্ষম ভালেমান ধানৰ সঁচ উদ্ভাৱন কৰি উলিয়াইছে৷
(ক) দীৰ্ঘদিনীয়া শালিধানৰ উন্নত জাত ( অনুকূল পৰিস্থিতিৰ বাবে): ৰঞ্জিৎ, বাহাদুৰ, পিয়লি, কুশল, মনিৰাম আদি৷
(খ) মধ্যমীয়া কৃষিকালৰ শালিধানৰ উন্নত জাতঃ সত্যৰঞ্জন, বসুন্ধৰা, স্বৰ্ণাভ, টি.টি.বি. ৪০৪, দীননাথ৷
(গ) কম কৃষিকালৰ জাঁতঃ লাচিত আৰু চিলাৰায়
(ঘ) অতি কমদিনীয়া (৯০-১০০ দিনীয়া): লুইত, কপিলী, কলং, দিচাং
(ঙ) বুঢ়া কঠিয়া ৰোপন কৰিও ভাল উৎপাদন দিয়া সঁচঃ প্ৰফুল্ল আৰু গীতেশ
(চ) বানপানী সহিব পৰা জাঁতঃ জলশ্ৰী আৰু জলকুৱঁৰী
(ছ) বৰোধানৰ উন্নত জাতঃ জয়মতী আৰু কনকলতা
(জ) বাওধানৰ উন্নত জাঁতঃ পদ্মপানী, পানীন্দ্ৰ আৰু পদ্মনাথ

বিভিন্ন পৰিবেশ, পৰিস্থিতি, জলবায়ু, আৰ্থসামাজিক পৰিবেশত খাপ খাব পৰাকৈ অসম কৃষি বিশ্ববিদ্যালয়ে আন বহুতো ধানৰ জাত উদ্ভাৱন কৰি উলিয়াইছে৷ নামমাত্ৰ সাৰেৰে কৰিব পৰা জাত “ভাৰতী”, জহাধানৰ উন্নত জাত “কেতেকী জহা”, বৰাধানৰ উন্নত জাত “আঘোনী বৰা”, “ৰঙালী” আৰু “ভোগালী” আদিৰ নাম ল’ব পাৰি৷ আগতীয়া বানপানী এৰাই চলিব পৰাকৈ “লুইত” আৰু “কপিলী” জাতৰ আগতীয়া আহুধানৰ খেতি আৰু বানপানী শুকোৱাৰ পাছত পোনপটিয়াকৈ সিঁচি বা ৰুই কৰা লুইত আৰু কপিলী জাতৰ শেহতীয়া শালিধানৰ খেতিয়ে বানাক্ৰান্ত কৃষকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷ “কেতেকী জহা” ধানৰ জৈৱিক খেতিয়ে ৰাজ্যৰ কৃষিখণ্ডলৈ অপাৰ বানিজ্যিক সম্ভাৱনাৰ পথ প্ৰশস্ত কৰিছে৷
(২) সৰিয়হৰ উন্নত জাতঃ টি.এচ. ৩৬, টি.এচ. ৩৮ , টি.এচ. ৪৬ আৰু শেহতীয়াকৈ সিচিব পৰা জাত টি.এচ. ৬৭৷
(৩) কুঁহিয়াৰৰ উন্নত জাতঃ দৰিয়া, কলং, বৰাক, ধনশিৰি, নামবৰ, কপিলীপাৰ, দৈয়াং আদি৷
(৪)মৰাপাটৰ উন্নত জাতঃ তৰুন (সৰ্বভাৰতীয় অনুমোদনপ্ৰাপ্ত জাত)
(৫) মগুমাহৰ উন্নত জাতঃ প্ৰতাপ
(৬) মাটিমাহৰ উন্নত জাতঃ কে. ইউ. ৩০১
(৭) তিলৰ উন্নত জাতঃ এচ. টি. ১৬৮৩
(৮) নাৰিকলৰ উন্নত জাতঃ কামৰূপা, আসাম গ্ৰীন টল, কাঁহিকুছি হাইব্ৰিড – ১
(৯) জিকাৰ উন্নত জাতঃ জে. চি. ১ আৰু জে. চি. ২
বিশ্ববিদ্যালয়ে জৈৱ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰটো বিশেষ সফলতা লাভ কৰিছে৷ বুট মাহৰ এবিধ অপকাৰী পতংগৰ বিৰুদ্ধে প্ৰতিৰোধমূলক জিন উদ্ভাৱন কৰি ব্যক্তিগত খণ্ডৰ জড়িয়তে এনে প্ৰতিৰোধী সঁচৰ বিপননৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ জৈৱ নিয়ন্ত্ৰক বিশেষকৈ, “ট্ৰাইক’কাৰ্ড”, “জৈৱকীৰন” আদিয়ে কৃষকৰ পথাৰত সুফল দিছে৷ পশুপালনৰ ক্ষেত্ৰত “গাহৰি’ আৰু “ছাগলী”ৰ স্থানীয় ও বিদেশী জাতৰ মাজত বৰ্ণসংকৰণৰ দ্বাৰা উন্নত সঁচ উদ্ভাৱন কৰিছে৷ বনৰজা, কলিংগ ব্ৰাউন আদি কুকুৰাৰ জাতে কৃষকৰ সমাদৰ পাইছে৷ গাৰ্হস্থ্য বিজ্ঞান বিভাগৰ পুষ্টিকৰ শিশু খাদ্য “আসাম মিক্স”, মীন গৱেষণা কেন্দ্ৰৰ সুষম মৎস্য-খাদ্য “সুষমা” আদি উল্লেখনীয় উদ্ভাৱন৷ গাৰ্হস্থ্য বিজ্ঞান বিভাগে মহিলাৰ বাবে উপযোগী হোৱাকৈ ভালেমান কৃষি সঁজুলিৰ নিৰ্মান অথবা নৱনিৰ্মান কৰি উলিয়াইছে৷ প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰৰ দ্বাৰা বস্ত্ৰ ৰঙীন কৰাৰ প্ৰযুক্তি গাৰ্হস্থ্য বিজ্ঞান বিভাগে উদ্ভাৱন কৰি উলিয়াইছে৷ মীন গৱেষণা কেন্দ্ৰৰ উদ্যোগত বিশ্ববিদ্যালয়ে বৰ্তমান বাৰ্ষিক ৮ কোটি মাছৰ পোনা উৎপাদনৰ আন্তঃগাঁথনি গঢ়ি তুলিছে৷ শস্য- মৎস্য আৰু পশুধনৰ সমন্বিত পাম ব্যৱস্থাপনাৰ উদ্ভাৱন আৰু জনপ্ৰিয়কৰণত এই বিভাগে সাফল্য লাভ কৰিছে৷ তাৰোপৰি বিশ্ববিদ্যালয়ে “ক্ষুদ্ৰ চাহখেতিয়ক পৰামৰ্শ কাৰ্যক্ৰম”ৰ দ্বাৰা ক্ষুদ্ৰ চাহ খেতিৰ প্ৰসাৰত বিশেষ অৰিহনা যোগাই আহিছে৷
প্ৰত্যাশাঃ
বিশ্ববিদ্যালয় সমূহ হৈছে সামাজিক উত্তৰণৰ জৰায়ু৷ এই জৰায়ুত স্থিতি লৈয়ে সমাজৰ বিভিন্ন খণ্ডলৈ দুচকুত অযুত স্বপ্ন লৈ ওলাই আহে কুশলী মানৱ সম্পদ৷ সেয়েহে বিশ্ববিদ্যালয়ৰ পৰা সমাজৰ প্ৰত্যাশা সদায়েই সৰ্বাধিক৷ স্বাভাৱিক আৰু সংগত কাৰণতেই কৃষি বিশ্ববিদ্যালয়ৰ পৰাও সমাজৰ প্ৰত্যাশা বহু বেছি, কিয়নো কৃষি খণ্ডৰ বিকাশ বিশ্ববিদ্যালয়ৰ লগত ওতপ্ৰোতভাৱে জড়িত৷ কৃষিয়ে কালৈও অপেক্ষা নকৰে,- সেয়েহে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাত সামান্যতম গাফিলতিকো সমাজে সহজভাবে নলয়৷

পৰিৱৰ্তিত পৰিস্থিতিত সকলোধৰণৰ সমাজ উন্নয়নমূলক আঁচনি, পৰিকল্পনা আৰু সামাজিক উত্তৰণৰে অভিকেন্দ্ৰৰূপে বিশ্ববিদ্যালয় সমূহ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাই দেখা দিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ক কৃষিখণ্ডৰ এনে এক উন্নয়নৰ অভিকেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰাসংগিকতাই দেখা দিছে৷ ইতিমধ্যে অসমৰ কৃষক ৰাইজে বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত প্ৰযুক্তি আৰু কৃষি সম্প্ৰসাৰণ ব্যৱস্থাৰ প্ৰতি গভীৰ আস্থা প্ৰদৰ্শন কৰিছে৷ এই ব্যৱস্থা অধিক শক্তিশালী ৰূপত গঢ়ি উঠিলেহে অসমৰ কৃষক ৰাইজ সৰ্বাত্মকভাৱে লাভান্বিত হ’ব৷
সাম্প্ৰতিক সময়ত, গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিবৰ্তন আদি কাৰকে কৃষিখণ্ডলৈ নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷ পুৰণি প্ৰযুক্তিবোৰক পৰিৱৰ্তিত জলবায়ুত খাপখোৱাকৈ সংশোধন, পৰিমাৰ্জন কৰাৰ লগতে ন উদ্ভাৱনৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ বহু ক্ষুদ্ৰ আৰু উপান্ত কৃষকে গোলকীয় অৰ্থনীতিৰ মেৰপেছত পৰি কৃষিখণ্ড পৰিত্যাগ কৰি নগৰলৈ ঢাপলি মেলি অদক্ষ শ্ৰমিকৰ জীৱনকে বাছি লৈছে৷ আনহাতে, বিভিন্ন কাৰণত কৃষিভুমি টুটিছে, হেৰাইছে থলুৱা জাত আৰু নাটনি হৈছে কৃষি বনুৱাৰ৷ বজাৰ ব্যৱস্থাপনাৰ অভাৱে আশাহত কৰিছে উৎপাদক কৃষকক আৰু মধ্যভোগীৰ অধিক মুনাফা লাভৰ পথ মুকলি কৰিছে৷

অসম কৃষি বিশ্ববিদ্যালয়ে ইতিমধ্যে এই কৃষি সমস্যাবোৰৰ ওপৰত বিস্তৃত গৱেষণা প্ৰকল্প আৰম্ভ কৰিছে৷ এই কথাও মনত ৰাখিব লাগিব যে,- নতুন কৃষিনীতিত কৃষকেই লাভ কৰিছে সৰ্বোচ্চ প্ৰাথমিকতা৷ আগন্তুক দিনত বাস্তৱমুখী শিক্ষা, গবেষণা, আৰু ফলাফলকেন্দ্ৰিক সম্প্ৰসাৰন আঁচনিৰ জড়িয়তে কৃষিখণ্ডৰ আৰু সৰ্বসাধাৰণ কৃষকৰ প্ৰত্যাশা পুৰণৰ হেতু অবিৰত গতিৰে অসম কৃষি বিশ্ববিদ্যালয় অগ্ৰসৰ হ’ব লাগিব৷
——————-
শ্ৰী অঞ্জন কৃষ্ণ শৰ্মা
শস্য বিজ্ঞান বিশেষজ্ঞ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ
নপাম- ৭৮২০৪২, তেজপুৰ
মবাইলঃ ৯৯৫৭৭৩০৩২২

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!