ইংৰাজীৰ আগ্রাসন (লক্ষ্য জ্যোতি নাথ)

ৰাতিপুৱাই প্রেমিকে প্রেমিকালৈ ফোন কৰিছে…

 

: গুড মৰ্ণিং জান

: গুড মৰ্ণিং মাই লিভাৰ (কলিজা)

: কি কৰি আছা?

: এই নক’বা আৰু বডী (দেহা) আজি আমাৰ সকাম আছে; সেইকাৰনে গৰুৰ লেট্রিন অলপ আনি চোতাল খন মচি আছোঁ। তুমি কি কৰিছা?

: মই ৰাতিপুৱাৰ ব্রেকফাষ্ট কৰি আছো । কি খুৱাবা আজি সকামত ?

: এই প্রসাদ আৰু ৰাইচ। মাম্মীয়ে প্রথম ক’লে চিকেন ৰাইচ খুৱাম বুলি, কিন্তু সকামত চিকেন খুৱাব নাপাই যে ভেজ ৰাইচ খুৱাব।

: অ’ মোক নামাতা?

: এই নালাগে দিয়া ইমান হট দে’ত ভেজ ৰাইচ খাব আহিব, চানডাল দেখা নাই কেনেকৈ ওলাইছে, হাফ বইল হৈ যাবা মোৰ চুইট লিভাৰটো।

: ওম, আজি আবেলি টিউচন আহিবানে…

: ওম, যাম; বাট পাপায়ে ড্রপ কৰিব যাব যে তোমাৰ বাইকত যাব নোৱাৰিম, আৰু শুনা তুমি যে অলপ শ্ল’ বাইক ৰাইডিং কৰিবাছোন। বাইকখন পালে একেবাৰে ফ্লায়িং হৈ ৰাইড কৰা…

: হ’ব দিয়া শ্ল’ ৰাইডিং কৰিম মোৰ গল্ডজনী…

: অ’ শুনা মোৰ যে বহুত ৱর্ক পেণ্ডিং হৈ আছে পিছত টকিং কৰিম হা… বা বাই মাই লিভাৰ…

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!