এয়াৰ-পোৰ্ট (উচ্চজিৎ কলিতা)

সভ্যতাৰ অগ্ৰগতিৰ দুৱাৰমুখত
পখীৰ স্বপ্ন বুকুত লৈ
স্বৰ্গৰ লগত মানুহৰ হিচাপ-নিকাচ।
তলত
পৃথিৱীৰ প্ৰেমৰ সুবাস।
পকীবেৰৰ জলঙাৰে
কণমানি শিশুটিয়ে দেখা পোৱা
দেউতাকৰ অনুজ্জ্বল মুখ ।
কোনোবা মাতৃৰ আঁচলত বিচ্ছেদৰ দুখ।
সিহঁতৰ আজি আকাশ বিশাল,
আমাৰ স্বপ্নৰ আকাশ।
কাৰ দুচকুত উভতি অহাৰ প্ৰতিশ্ৰুতি
কাৰ হৃদয়ত অনন্ত কালৰ অপেক্ষা,
কাৰ বাবে মিলন
আৰু কাৰ বাবে বিৰহ-বেদনা।
তাৰ সাক্ষী এয়াৰ-পোৰ্ট
আকাশ আৰু পৃথিৱীক লগ লগোৱা।
এয়াৰ-পোৰ্ট মাথোঁ ইঞ্জিনৰ শব্দ নহয়,
নহয় মাথোঁ বিমান উঠা-নমা কৰা ৰাণ-ৱে।
এয়াৰ-পোৰ্ট আমাৰ আশাৰ প্ৰতীক,
এটি অপেক্ষাৰ নাম।
ওপৰত স্বপ্নৰ আকাশ
তলত পৃথিৱীৰ প্ৰেমৰ সুবাস।
এক-দুই-তিনি-চাৰি
গুৱাহাটীৰ পৰা মুম্বাই।
এক-দুই………..সাত-আঠ
মুম্বাইৰ পৰা লণ্ডন।
আমাৰ বাবে জীৱনৰ বহু বন্দৰ
নিউয়ৰ্ক-পেৰিছ-অহিঅ’-মিলান।
মাজত অপেক্ষাৰে গধুৰ একোখন সেঁতু
এয়াৰ-পোৰ্ট তাৰ নাম।
—–**—–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!