কথাছৱি-ডংগলৰ বিষয়ে: দিগন্ত চহৰীয়া

2016 বৰ্ষত ভাৰতীয় ক্ৰীড়ানুৰাগীৰ মনত দকৈ সাঁচ বহুওৱা শব্দটো হল প্ৰডু’নভা (pradunova )। জিমনাষ্টিকছৰ বিপজ্জনক শৈলীটোৱে হল প্ৰডু’নভা ভল্ট। এতিয়ালৈকে মাত্ৰ পাঁচগৰাকী জিমনাষ্টে প্ৰডু’নভা ভল্টত সফল হৈছে । ইমানেই মাৰাত্মক যে ছেকেণ্ডৰ ইফাল সিফাল হলেই মৃত্যু অৱধাৰিত। ৰিঅ’ অলিম্পিকৰ জিমনাষ্টিকছৰ ৰাণী ছিমন বাইলছে কৈছিল – ‘ মই মৰিবলৈ চেষ্টা নকৰো ।’ অৰ্থাৎ তেওঁ কেতিয়াও প্ৰডু’নভা ভল্ট বাছি নলয় । ইমানেই বিপজ্জনক ।

খেলত জিকিবলৈ অকল টেকনিক জানিলেই নহয়, ইয়াৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, সাধনা, অধ্যৱসায় আৰু নিজকে উজাৰি দিব পৰা অদম্য সাহস । মানসিকভাৱে সাহসী নহলে, টেকনিকেলী নিপুন হলেও সফলতাই লগ নিদিব পাৰে । দীপা কৰ্মকাৰ আজি ভাৰতৰ তাৰকা খেলুৱৈ। প্ৰডু’নভা ভল্টত সফল হোৱা বিশ্বৰ পাঁচগৰাকী জিমনাষ্টৰ ভিতৰত দীপা  অন্যতম।

কবলৈ বিচাৰিছো মহাবীৰ সিং ফগাটৰ কথা । তেওঁৰ দুই পালোৱান কন্যা গীতা কুমাৰী আৰু ববিতা কুমাৰী ফগাটৰ বিষয়েও আলোচনা কৰিব ওলাইছো । তাৰ পূৰ্বে প্ৰডু’নভাৰ বিষয়ে অৱতাৰণা কৰিলো অলপ।

‘ডংগল’ নোচোৱালৈকে  মহাবীৰ আৰু তেওঁৰ দুই কন্যাৰ জীৱন কাহিনী গম পোৱা নাছিলো । ক্ৰীড়া সাংবাদিক হিচাপে গীতা আৰু ববিতাক দেশৰ তাৰকা মল্লযুঁজাৰু বুলি জানো । গীতাই 2010 commonwealth games ত সোণ আৰু ববিতাই ৰূপৰ পদক পাইছিল । অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতৰ প্ৰথম মহিলা ৰেষ্টলাৰ গীতাই 2014 commonwealth games তো সোণ হস্তগত কৰিছিল।  এইখিনি সকলোৱে জনা কথা ।
কিন্তু ৰেষ্টলাৰ পৰিয়ালটোৰ বিষয়ে জানিবলৈ হলে ‘ডংগল’ চোৱাৰ বাহিৰে এতিয়া গত্যন্তৰ নাই ।
উত্তৰ ভাৰতত এতিয়াও কন্যা সন্তান অৱহেলাৰ পাত্ৰ । ভ্ৰুণ হত্যা তাত সাধাৰণ কথা । কন্যা সন্তান জন্মিলে  মুখ কলা পৰে পৰিয়ালৰ লোকৰ । ছোৱালীবোৰৰ কাম কেৱল ভাত ৰন্ধা আৰু বিয়াৰ পিছত সন্তান জন্ম দিয়া । ছোৱালীক বিয়াও দিয়ে কম বয়সতে । তেনে এক পৰিবেশত ছোৱালীক মল্লযুঁজাৰু হিচাপে প্ৰতিষ্ঠিত কৰাটো সহজ কথা নহয় । কিন্তু এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু মহাবীৰ আছিল বেলেগ ধাতুৰে গঢ়া । তেওঁৰ সপোন আছিল নিজৰ সন্তানৰ জৰিয়তে আন্তৰ্জাতিক পদক জয় কৰা । অৱশ্যে মহাবীৰেও প্ৰথমতে লৰা সন্তান বিচাৰিছিল। কাৰণ সেই সময়ত ছোৱালীয়ে ৰেষ্টলিং কৰাটো আছিল কল্পনাৰ অতীত। সেয়ে প্ৰতিবাৰে লৰা সন্তান বিচাৰি বিভিন্নজনৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে কবিৰাজৰো কাষ চাপে । পিছে প্ৰতিবাৰে ছোৱালী হয় । স্বাভাবিকতেই হতাশাত ভাগি পৰে মহাবীৰ । অৱশ্যে ভিতৰি আক্ষেপ থাকিলেও মহাবীৰে নিজৰ কন্যা সন্তানক কেতিয়াও দুব্যৱহাৰ কৰা নাছিল। যিয়েই নহওঁক এদিন গীতা আৰু ববিতাই দুজন ল’ৰাক গুৰুলাগুৰুলকৈ পিটে । ইয়াৰ পাছতে মন সলনি হয় মহাবীৰৰ । তেওঁৰ জুহুৰীৰ চকুৰে দেখিলে গীতা আৰু ববিতাৰ পালোৱানগিৰি । তেওঁৰ সপোনে পুনৰ সাৰ পালে । আৰু মল্লযুঁজৰ প্ৰশিক্ষণ দিবলৈ ওচৰৰে এখন আখৰালৈ লৈ গল । পিছে ছোৱালী কাৰণে গীতা আৰু ববিতাক প্ৰশিক্ষকে লবলৈ অস্বীকাৰ কৰে । মহাবীৰ হাৰ মনা মানসিকতাৰ মানুহ নহয় । সেয়ে তেওঁ নিজেই গীতা আৰু ববিতাক মল্লযুঁজ শিকাবলৈ ধৰে । প্ৰথম অৱস্হাত তেওঁ বহু ঠাট্টা মস্কৰা হজম কৰিবলগীয়া হয় । গীতা আৰু ববিতাৰো মন নাছিল শিকিবলৈ । কিন্তু ঘটনাক্ৰমে গীতা আৰু ববিতাৰ মন সলনি হয় আৰু বাপুৰ  ( পিতৃ ) সপোন পূৰণ কৰিবলৈ আগুৱাই আহে । দিল্লী কমনৱেলথ গেমছত গীতাই সোণ আৰু ববিতাই ৰূপৰ পদক জয়েৰে মহাবীৰৰ সপোন পূৰ্ণ কৰে । চিনেমাখনৰ সাৰভাগ মোটামুটি এয়াই । অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় ক্ৰীড়া জগতৰ কিছু অন্ধকাৰ দিশ আৰু প্ৰশিক্ষকৰ কুটিল ৰাজনীতি উন্মোচিত কৰা হৈছে । বহুক্ষেত্ৰত প্ৰশিক্ষকৰ ভুল শিক্ষা আৰু আক্ৰোশৰ বলি হব লগা হয় খেলুৱৈ । এইকথাও চিনেমাখনৰ জৰিয়তে উদঙাই দিয়া হৈছে । কিন্তু নাৰী যে অবলা নহয়, সেইকথা পুনৰবাৰ দেখুৱাই দিলে ডংগল চিনেমাখনে । পদক কোনে অৰ্জন কৰিছে ডাঙৰ কথা নহয় । লৰা বা ছোৱালীয়ে অৰ্জন কৰিলেও পদকটো দেশৰ গৌৰৱ ।
চিনেমাখন চাই ছলমানে কি কৈছিল জানেনে ? ডংগল আগতে ৰিলিজ হোৱা হলে চুলতান দৰ্শকে নাচালেহেঁতেন । তেওঁ আমিৰ খানক ব্যক্তিগতভাৱে  ভাল পায় । কিন্তু প্ৰফেছনেলী ভয় কৰে । চিনেমাখন চাই এইদৰে কৈছিল ছলমান খানে ।
চিনেমাখনৰ প্ৰধান চালিকা শক্তি আমিৰ খান। বলীউডে বহুকেইখন ক্ৰীড়াভিত্তিক চিনেমা উপহাৰ দিছে । ছুপাৰহিটো বহুকেইখন। ভাগ মিলখা ভাগ,  মেৰীকম, চুলতান, এম এছ ধোনী : দ্য আনটল্ড ষ্টৰী ইয়াৰ ভিতৰত অন্যতম সফল । কিন্তু চেম্পিয়ন হল ডংগল ।
প্ৰডু’নভা ভল্ট গৰিষ্ঠ সংখ্যক জিমনাষ্টৰ বাবে ভয়ৰ এক নাম । কঠোৰ সাধনা অবিহনে এই বিপজ্জনক শৈলীত কোনো সফল নহয় । একেদৰে মহাবীৰে যেন জীৱনৰ এক প্ৰডু’নভা ভল্টত অংশ ললে ।
চিনেমাখন ঠিক মহাবীৰৰ জীৱন আধাৰিত নহয় । তেওঁৰ জীৱনৰ অনুপ্ৰেৰণাত নিৰ্মাণ কৰা হৈছে বুলি আৰম্ভণিতে স্বীকাৰোক্তি দিয়া হৈছে । অৰ্থাৎ পৰিচালক নীতেশ তিৱাৰীয়ে  যথেষ্ট স্বাধীনভাৱে কল্পনাৰ ৰহন সানি কাহিনী আগবঢ়াই নিছে  । কিন্তু  মূল কাহিনীত ইয়াৰ অলপো প্ৰভাৱ পৰা দেখা নগল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!