কথোপকথন ( ভাষ্কৰজ্যোতি হাজৰিকা )

( বানপীড়িত গাওঁকেইখনৰ গাওঁবুঢ়াকেইজনৰ লগত আলোচনাত ব্যস্ত চৰকাৰী বিষয়া শইকীয়াৰ মোবাইলটো হঠাত বাজি উঠিল….. পত্নীৰ ফোন)

শইকীয়া :: হেল্ল’, সোনকালে কোৱা। মই ফিল্ড ভিজিটত আছোঁ।
পত্নী :: মাইনাক আনিবলৈ মই যাব নোৱাৰোঁ। আজি ডি আই ডি ৰ ৰিপিট টেলিকাষ্ট মিচ কৰিব নোৱাৰোঁ।
শইকীয়া :: তোমাৰ দেখোন সদায় কিবা এটা থাকেই বাহানা। হ’ব দিয়া অফিচৰ গাড়ীখন দি ড্ৰাইভাৰটোক পঠিয়াই দিম, সিয়েই আনিব। আৰু কিবা ক’বা?
পত্নী :: আৰু আমাৰ এন.জি.ও টোৰ ফাণ্ডটো চেংশ্যন কৰাই দিবাই কিন্তু আজি তোমাৰ কমিচনাৰ চাৰক কৈ।
শইকীয়া :: হ’ব দিয়া । কিন্তু মই কালি ৰাতিয়েই ক’লোচোন তোমাক যে তোমালোকৰ এন.জি.ও টোত যোৱা দুবছৰৰ এক পইচাৰ হিচাপ নাই,  গোটেই খেলিমেলি, সেই মিচেচ. চহৰীয়াৰ কথা দেখোন নিউজতো ওলাইছিল। আৰু কমিচনাৰ চাৰ নতুনকৈ আহিছে, বাহিৰৰ IAS অফিচাৰ। চাওঁ চেষ্টা কৰি।
পত্নী :: কি হ’ব দিয়া? ইমান ডাঙৰ অফিচাৰ এজন হৈ সেইখিনি পাৱাৰ নাইনে? ফাণ্ডটো চেংশ্যন কৰিবা মুঠতে। মই একো নাজানো। আমাৰ JB’s আৰু Prime Bakesত বহুত পেমেণ্ট বাকী আছে। আৰু ফিল্ড ভিজিট কিন্তু কাইলৈৰ পৰা এসপ্তাহলৈ কৰিব নোপোৱা। ভাইটিৰ বিয়ালৈ যাব লাগিব। …..

( ঘৈণীয়েকে আৰু কিবা কিবি কৈছিল। ৰাজহ বিভাগৰ বিষয়া শইকীয়াৰ কিন্তু কাণত নোসোমাল আৰু সেইবোৰ। নাতিদূৰৰ মথাউৰিত আশ্ৰয় লৈ থকা মানুহবোৰৰ অৱস্থা দেখি বাৰে বাৰে মনত পৰিবলৈ ধৰিলে সৰুতে বানপানীত মাক, ভায়েকৰ লগত মথাউৰিত আশ্ৰয় লোৱা দিনবোৰ। কাণত ভাহি আহিল সৰুতে মাকে কান্দি কান্দি কোৱা কথা এষাৰ, “সোণ, ডাঙৰ হৈ যেনেকৈ পাৰ, মানুহক সদায় সহায় কৰিবি।” … আনফালে খুলশালিয়েকৰ বিয়া, শহুৰেকৰ বাৰম্বাৰ নিমণ্ত্ৰণ…….। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!