কাটাৰৰ ডায়েৰী (ডা° ভূপেন্দ্ৰ শইকীয়া)

কেৰালাৰ কেট্টুংগাল গ্ৰামৰ কাহিনী
৩০অক্টোবৰ, ২০১৩

‘কাটাৰৰ ডায়েৰী’ গ্ৰন্থ উন্মোচনী অসমত সুকলমে সম্পন্ন কৰি ২৫অক্টোবৰত পুনৰ পুৱাই কৰ্মক্ষেত্ৰ ডোহা পাই ডিউটিত যোগদান কৰিলোঁ৷ ইয়াত ডিউটি মানেই কাম, কথাৰ মহলা মাৰি কেণ্টিনত চাহ-তামোল খাই সময় কটোৱাৰ কথা কল্পনা কৰিব নোৱাৰি৷ শুকুৰবাৰে একেলেথাৰিয়ে ( মাজত ১৫মিনিটৰ লাঞ্চৰ বিৰতিৰ বাদে ) ৯০জন ৰোগী পৰীক্ষা কৰি বিধান দি ৪বজাত ঘৰ সোমালোঁহি৷ শনিবাৰ আৰু দেওবাৰে ডিউটি কৰি সোমবাৰে ভাৰতীয় দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰলৈ গলোঁ৷ প্ৰতিস্থানৰ মুৰব্বী শ্ৰী তৰুণ কুমাৰ বসুক লগ ধৰি আগন্তুক ইণ্ডিয়া ফেষ্টিভেলৰ শেহতীয়া খা-খবৰৰ সৈতে অৱগত হলোঁ৷ মোৰ কিতাপখনৰ এটা কপিও তেওঁক উপহাৰ দিলোঁ৷ লগতে অসম সমাজ,কাটাৰৰ প্ৰকাশিত হবলগীয়া স্মৰণিকাৰ ডেম’ কপিও দেখোৱালোঁ৷ দুয়োখন কিতাপেই শ্ৰীবসুৱে আগ্ৰহেৰে আৰু আনন্দৰে গ্ৰহণ কৰাত মন প্ৰফুল্লিত হৈ উঠিল৷ তেওঁ ইণ্ডিয়া ফেষ্টিভেলত অসমৰ পৰা আহিবলগীয়া প্ৰতিনিধিৰ আবেদন নভেম্বৰৰ এক তাৰিখে জমা দিবলৈ ক’লে৷ পাঠকসকলক ইতিমধ্যে পূৰ্বৰ সংখ্যাত কৈছোঁৱেই যে নভেম্বৰৰ ২৮আৰু ২৯তাৰিখে ডোহাৰ মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ চৌহদৰ সাগৰৰ পাৰৰ বাগিছাত মহাসমাৰোহেৰে দুদিনীয়াকৈ এক ভাৰতবৰ্ষ বিষয়ক প্ৰদৰ্শণী আৰু সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব৷

আই চি চিৰ অৰ্থাৎ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ লাইব্ৰেৰীত চকু পৰিল ২৮অক্টোবৰৰ ইংৰাজী ‘কাটাৰ ট্ৰিবিউন’ নামৰ দৈনিক বাতৰি কাকতখনত৷ মাজৰ সম্পূৰ্ণ এটা পৃষ্ঠা আৱৰি আছে কেইবাখনো ৰঙীন ফটোসহ এক লিখনিয়ে৷ ভাৰতবৰ্ষৰ এনে এখন গাওঁৰ কথা উল্লেখ আছে যিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ এজন হ’লেও কাটাৰত কৰ্মৰত৷ ডেৰশৰো অধিক পৰিয়ালৰ বসতি থকা এই গাঁওখন হ’ল দক্ষিণ ভাৰতৰ কেৰালা প্ৰদেশৰ আৰবীয়ান সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ এখনি নদীৰে আৱৰা, প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্য্যৰে ভৰপূৰ কেট্টুংগাল গ্ৰাম৷ ইয়ালৈ অনেক পৰিভ্ৰমী চৰাইৰ আগমণ ঘটে৷ প্ৰচুৰ ধান খেতি এই অঞ্চলত হয়৷ ওচৰতে আছে ভাৰতৰ প্ৰাচীনতম সমুদ্ৰ বন্দৰ কোজিকোড৷ ৩০বছৰৰ আগতে এজন সমাজকৰ্মী (বৰ্তমান স্বৰ্গীয় ) আব্দুৰ ৰহমানে আন কেইজনমানৰ সৈতে এই বন্দৰেৰে এক অনিশ্চিত ভবিষৎ আগতলৈ এই পথেৰে সমুদ্ৰ যাত্ৰা আৰম্ভ কৰে আৰু এটা সময়ত পাৰস্য সাগৰৰ উপকুলৰ ডোহা বন্দৰত নামি যায় কৰ্মৰ সন্ধানত৷ ক্ষুদ্ৰ দেশ কাটাৰে পৰাপক্ষত কাকোৱেই বিমুখ নকৰে৷ নাট্যকৰ্মী আব্দুৰ ৰহমানে কাটাৰী শিল্পী গানাম চুলেইটিৰ সৈতে য’ত বান্ধি শিল্প আৰু সংস্কৃতিৰ সাধনাত নামি গ’ল৷ কাটাৰ টিভিত নাটকৰ প্ৰদৰ্শন হ’ল৷ চুবুৰীয়া দেশ বাহৰাইন আৰু কুৱেইটলৈয়ো তেওঁৰ খ্যাতি বিয়পিল৷ একে সময়তে কাটাৰলৈ কেট্টুংগাল গ্ৰামৰ পৰা বিভিন্ন কৰ্মক্ষেত্ৰত লোকৰ নিয়মীয়াকৈ আগমন ঘটিবলৈ ধৰিলে৷ কাটাৰত কেট্টুংগাল সাংস্কৃতিক সমাজৰ গঠন হ’ল আৰু ১৯৮০ চনত মালয়ালম ভাষাত পোনপ্ৰথমবাৰৰ বাবে সাংস্কৃতিক উৎসৱ ৰাজহুৱাকৈ প্ৰদৰ্শিত হ’ল৷ এই নীৰব আন্দোলন আজিও অব্যাহত আছে৷ আধুনিক প্ৰযুক্তিৰ সহায়ত কেট্টুংগাল সাংস্কৃতিক সমাজৰ ৱেবচাইটে নতুনকৈ কাটাৰলৈ আহিব খোজাসকলক পথ নিৰ্দেশনা দিয়ে৷ বৰ্তমান এই সংস্থাৰ গুৰি-বঠা ধৰা ব্যক্তিজনৰ নাম হ’ল আব্দুল আজিজ৷ কেৰালা প্ৰদেশৰ কেবল মাত্ৰ এখন ক্ষুদ্ৰ গাঁৱৰ কাহিনী এয়া৷ লাখ লাখ টকা বিদেশৰ পৰা এই গ্ৰামলৈ অহা সত্বেও গাঁওবাসীয়ে তাৰ প্ৰাকৃতিক পৰিবেশ আধুনিকতাৰ ছাপ পৰি নষ্ট হ’বলৈ দিয়া নাই৷ কেট্টুংগাল গ্ৰামৰ বাসিন্দাসকলে আজি গৌৰবেৰে ঘোষণা কৰে কাটাৰ আমাৰ দ্বিতীয় মাতৃভূমি!

ইয়াৰ বিপৰীতে আমাৰ অসমৰ ছবিখন চকুত ভাঁহিলে কেবল হুমুনিয়াহ এটাহে স্বত:ফুটভাবে ওলাই আহে৷

এখন স্মৰণিকাৰ কথাৰে

১৩ নভেম্বৰ ২০১৩

কাটাৰৰ অসম সমাজৰ এখন চ’ভেনিয়েৰ বা স্মৰণিকা প্ৰকাশৰ বহুদিনীয়া পৰিকল্পনা আছিল৷ এই স্মৰণিকাত প্ৰবাসী অসমীয়াৰ লিখনি, উৎসৱ পালনৰ ফটোৰ ওপৰিও কাটাৰৰ অসমীয়া লোকসকলৰ চমু পৰিচয় ওলোৱাৰ কথা৷ ইংৰাজী আৰু অসমীয়া দ্বিভাষিক এই স্মৰণিকাখন প্ৰকাশৰ এটি সুযোগো ওলাল৷ নভেম্বৰৰ শেষ সপ্তাহত দুদিনীয়াকৈ “ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল” ৰাজধানী চহৰ ডোহাৰ মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ সমুদ্ৰ তীৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱাৰ কথা৷ সেই প্ৰদৰ্শনী বা মেলাত ভাৰতবৰ্ষৰ প্ৰত্যেকখন প্ৰদেশকে একোখনকৈ ষ্টল লগোৱাৰ সুযোগ দিয়া হব৷ ইয়াৰ আয়োজন কৰিছে ভাৰতীয় দূতাবাসে৷ উদ্দেশ্য হ’ল – ভাৰতৰ শিল্প, কলা-সংস্কৃতি আদিৰ পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰা৷ নক’লেও হ’ব কাটাৰত কেবল আৰবীলোকেই নহয়, গোটেই বিশ্বৰ লোকে বসবাস কৰে৷ দিনত প্ৰদৰ্শনী চলি থাকিব আৰু নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব৷ অতি আনন্দৰ কথা ধেমাজীৰ ডেইজি দলেৰ নেতৃত্বত ৪জনীয়া এটি যুৱতীৰ দলে এই উৎসৱত বিহুনৃত্য প্ৰদৰ্শন কৰাৰ কথা৷ এওঁলোক আটায়ে কাটাৰ এয়াৰলাইনচৰ কৰ্মচাৰী৷ ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলত প্ৰদৰ্শনীৰ সামগ্ৰী বিক্ৰীও কৰিব পাৰিব৷ এই ষ্টলসমূহে কোনো তৈয়াৰী খোৱা বস্তু বিক্ৰী কৰিব নোৱাৰিব৷ কেবল কাটাৰ চৰকাৰৰ অনুমোদিত লাইচেঞ্চপ্ৰাপ্ত অনুষ্ঠানৰ ফুডষ্টলতহে খাদ্য পদাৰ্থ বিক্ৰীৰ ব্যৱস্থা থাকিব৷ গতিকে কাটাৰৰ বসবাস কৰা বিভিন্ন প্ৰদেশৰ ভাৰতবাসীয়ে ঘাইকৈ কুটীৰ শিল্পৰ বা হেণ্ডলুমৰ সামগ্ৰী, বস্ত্ৰ আদিহে প্ৰদৰ্শনীস্থলীত ৰাখিব পাৰিব৷ অতি আনন্দৰ কথা ‘ব্লু আই ইনফ’টেক’ নামৰ অসমৰ সৰভোগৰ প্ৰতিষ্ঠান এটাই ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই উৎসৱত ভাগ ল’বলৈ কাটাৰলৈ আহিব৷ অসমক প্ৰতিনিধিত্ব কৰিব ওলোৱা এই একমাত্ৰ প্ৰতিষ্ঠানৰ স্বতাধিকাৰ শ্ৰী হেমন্ত কুমাৰ নাথ ধন্যবাদ আৰু প্ৰসংশাৰ পাত্ৰ – তেওঁক সকলো অসমবাসীয়ে শুভ আশীষ যাঁচে যেন৷

পুনৰ স্মৰণিকাৰ কথালৈ ঘূৰি আাহোঁ৷ আমাৰ স্মৰণিকাখন ইণ্ডিয়া ফেষ্টিভেলত ভাৰতবৰ্ষৰ দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী শ্ৰীতৰুণ কুমাৰ বসুৱে উন্মোচন কৰাৰ কথা৷ ঘাইকৈ কাটাৰত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকৰ লিখনি থকিলেও এক বহল দৃষ্টিত ভাৰত আৰু অসমকে ধৰি বিশ্ব আন আন ঠাইৰ পৰাও লেখা আহ্বান কৰি অনা হৈছে, যাতে স্মৰণিকাখন এক পূৰ্ণাংগ আলোচনীৰ সমপৰ্যায়ৰ হ’ব পাৰে৷ শ্ৰীবসুৱে এই অভাজনৰ ‘কাটাৰৰ ডায়েৰী’ কিতাপখনৰ বৈদেশিক সংস্কৰণৰো উন্মোচন এই উৎসৱতে কৰাৰ কথা৷

স্মৰণিকাৰ জন্ম লগনত ক’বলগীয়া আগ কথা :

বহু প্ৰচেষ্টাৰ মূৰত অৱশেষত এটি সপোন বাস্তৱলৈ ৰূপান্তৰিত হ’ল৷ কাটাৰৰ অসম সমাজৰ প্ৰায় প্ৰতিটো বৈঠকতে অনুচ্চ স্বৰেৰে এই বিষয়ে দুই এজন মাননীয় সদস্যই উনুকিয়াই আহিছিল যোৱা প্ৰায় এটা বছৰে৷ সমূহীয়া প্ৰচেষ্টাত কাটাৰত ৰঙালী বিহু এইবাৰ বেছ উৎসাহ-উদ্দীপনাৰে পালিত হ’ল৷ আমাৰ চুবুৰীয়া সংযুক্ত আৰব আমীৰাটৰ অসম সমাজেও অসমৰ শিল্পীৰ সহযোগত উলহ-মালহৰে ৰঙালী বিহুক ডুবাইৰ মঞ্চত শক্তিশালীভাবে উপস্থাপন কৰিলে৷ তেওঁলোকে বিহুৰ এখনি সুন্দৰ স্মৰণিকাও প্ৰকাশ কৰিলে – কাটাৰলৈয়ো সেই স্মৰণিকাখন আহিল৷ আমাৰ ইয়াৰ অসম সমাজেও তাকে দেখি খাটাংকৈ কিবা এটা কৰিবলৈ মনতে পাঙিলে৷ সেই এমুঠি মান সদস্যৰ সদিচ্ছা আৰু একান্ত আগ্ৰহৰ ওপজ হ’ল এই লিখনিৰ সংকলনখনি৷ স্মৰণিকাত ঘাইকৈ কাটাৰত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকৰ লিখনিয়ে স্থান পাইছে যদিও আন প্ৰবাসী অসমীয়াৰ লিখনিকো আহ্বান কৰি অনা হৈছে৷ ফলত চৌডি আৰব, ওমান, সংযুক্ত আৰব আমীৰাট, চিংগাপুৰ, টাইৱানৰ পৰাও একোটিকৈ সুন্দৰ আৰু প্ৰয়োজনীয় লিখনিয়ে ভিতৰৰ পৃষ্ঠাসমূহ শুৱনি কৰিছে৷ একেদৰে কেইটিমান লাগতিয়াল লিখনি স্বদেশৰ পৰাও আমদানি কৰা হৈছে৷ ইয়াৰে কেইবাজনো লিখক (মনোজ মন, ধীৰাজ কলিতা, অজয়লাল দত্ত, অনপমা বৰগোঁহাই, আফতাৰ চৌধুৰী) অকবৰ পাঠকসকলৰ পৰিচিত৷ ভিতৰৰ ৰচনাসমূহত লিখকসকলৰ কাটাৰৰ ওপৰিও জাপান, ভিয়েটনাম, কুবেইট আদি দেশৰ ৰসাল কৰ্ম অভিজ্ঞতাৰ বিষয়ে পাঠকসকলে পঢ়িবলৈ পাব৷ বিদেশত জন্মা অসমীয়া সন্তানৰ মাতৃভূমিৰ প্ৰতি থকা আকৰ্ষণৰ বৰ্ণনা, কাটাৰত কৰ্মৰত দুগৰাকী শিক্ষয়ত্ৰীৰ অভিজ্ঞতা, কাটাৰ বিশ্ববিদ্যালয়ত কাম কৰা এগৰাকী অসমীয়া মহিলাৰ অভিজ্ঞতা, এগৰাকী কেবিন ক্ৰুৰ বিস্ময়কৰ ভ্ৰমণ অভিজ্ঞতা, আশীৰ দশকৰ কাটাৰৰ স্বৰূপ, কাটাৰৰ বুৰঞ্জীমুলক ৰচনা, বিদেশত নন-টেকনিকেল কাম কৰিবলৈ প্ৰয়োজন হোৱা অৰ্হতা, কেইবাটিও কবিতা, কাৰ্টুন, অকবৰ অঞ্জলি সোণোৱালে তোলা বিনন্দীয়া অসমৰ মোহনীয় ছবি, কাটাৰৰ অসমীয়া শিশুৰ চিত্ৰাংকন, কাটাৰৰ সুন্দৰ দৃশ্যৱলীৰ ফটোৰে সমৃদ্ধ স্মৰণিকাত ১৬টি ইংৰাজী আৰু সম-সংখ্যক অসমীয়া লিখনি সন্নিবিষ্ট হৈছে ৷ বিগত বছৰৰ ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলৰ ফটোসহ বিৱৰণৰ ওপৰিও কাটাৰৰ অসম সমাজৰ ২০১৩চনৰ ৰঙালী বিহু পালনৰ ফটোৰ চ’ভেনিয়ৰখন সজোৱা হৈছে৷ আৰু এটা কথা উল্লেখ নকৰিলে বক্তব্য অপূৰ্ণ হৈ ৰ’ব – আলোচনীৰ সৌষ্ঠৱ বঢ়োৱা কেইবাজনো লিখকে নিজৰ প্ৰথম প্ৰয়াসতেই প্ৰতিভাৰ স্বাক্ষৰ ফুটাই তুলিছে যি আমাৰ বাবে সুখদ আৰু বিস্ময়কৰ অভিজ্ঞতা৷ স্মৰণিকাখনৰ প্ৰি-প্ৰেছ ৱৰ্ক সম্পন্ন কৰিছে অকবৰে আব্দুছ চাজিদে৷ অৰ্থপূৰ্ণ বেটুপাতৰ অলংকৰণ কৰাৰ উপৰি তেওঁ এটি প্ৰৱন্ধত কিয় কাটাৰলৈ অহাৰ ইচ্ছা মনত পুহিছে তাৰ এক অন্তৰস্পৰ্শী বৰ্ণনা আগবঢ়াইছে৷ সম্পূৰ্ণ ৰঙীন ৮৮পৃষ্ঠাৰ এ-৪ কিতাপ আকাৰৰ আলোচনীখন আৰ্ট পেপাৰত ছপা কৰি উলিয়াইছে ডোহা মডাৰ্ণ প্ৰিন্টিং প্ৰেছে৷ উন্মোচন হোৱাৰ পিছত ইয়াৰ ক’পী অকবৰ স্মৰণিকাৰ লিখকসকললৈ অৱশ্যেই প্ৰেৰণ কৰা হ’ব৷

এতিয়া ইয়াৰ গুণগত মান নিৰ্ণয় কৰাৰ ভাৰ আদৰণীয় পাঠকসকলৰ হাতত৷ নক’লেও হ’ব যে আলোচনীৰ ৰূপ দিবলৈ প্ৰয়াস কৰা এই স্মৰণিকাখনৰ পাঠক বিশ্বৰ বিভিন্ন কোণত অৱস্থিত৷ সহৃদয় পাঠকৰ সমাদৰ পালে আগলৈ আমাৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি বিনম্ৰভাবে এই আলোচনীৰ পাততে ঘোষণা কৰা হৈছে৷৷ শেষত স্মৰণিকাখনৰ সকলো অনিচ্ছাকৃত ভুল-ত্ৰুতিৰ দায় মোৰ ওপৰত ন্যস্ত থাকিব বুলিও সকলোকে জনাইছোঁ৷ অসমীয়াত কথা-বতৰা গোটৰ সকলোৰে শুভাশিষ কামনা কৰি আজিৰ এই লিখনি ইমানতে সামৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!