কাটাৰৰ ডায়েৰী – ১৫

কাটাৰৰ ডায়েৰী – ১৫

ডা° ভূপেন্দ্ৰ শইকীয়া

২০১২চনৰ আজি দুই আগষ্ট ৷ বৰ্তমান মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে ৷ কাটাৰত সেই উপলক্ষে গোটেই মাহটো জুৰি কাৰ্যালয়, দোকান-বজাৰ আদিৰ কামৰ সময়সূচী সলনি বা কৰ্তন কৰা হৈছে৷ বতৰো অতি উষ্ণ হৈ পৰিছে৷ বাতানুকুল পৰিৱেশৰ বাহিৰ হ’লেই অনুভৱ হয় যেন জুইৰ উত্তাপেহে দহিছে ৷ আনকি সন্ধিয়াও ইয়াৰ ব্যতিক্ৰম নহয়৷ তাপমাত্ৰা সৰ্বোচ্চ ৪৫ ডিগ্ৰী চেলচিয়াচৰ পৰা সৰ্বনিম্ন ৩২ ডিগ্ৰী চেলচিয়াচৰ মাজত চলি আছে৷ এইকেইদিন নিশা ৯বজাৰ পৰা মাজৰাতিৰ ১বজালৈ ড’হাৰ বাট-পথত দেখা গৈছে অতিপাত ব্যস্ততা; গাড়ী-মটৰৰ ভীৰ – বিশেষকৈ হোটল, ৰেষ্ট্ৰোৰেন্ট আৰু ফাষ্টফুডৰ দোকানসমূহ লোকে লোকাৰণ্য হৈ থকা পৰিলক্ষিত হৈছে৷
মোৰ কৰ্মস্থলী আৰু থকা ঠাই অলচাড হ’ল গুৱাহাটীৰ ফাঁচিবজাৰৰ নিচিনা এক ব্যস্ত আৰু সম্ভ্ৰান্ত অঞ্চল৷ ইয়াত আছে হোটেল লা চিগেল আৰু হোটেল মিনেনিয়মৰ দৰে পঞ্চতাৰকা হোটেল আৰু ৰয়েল প্লাজা, অল ম্যেনা টাৱাৰ্চ, চেন্টাৰ পইন্টৰ দৰে বৃহৎ শ্বপিংমল৷ কেএফচি, কড’নাল্ড, বাৰ্গাৰকিং, ফ্ৰাইডে, নেইবাৰহুড ৰেষ্ট্ৰোৰেন্ট, অপেৰা, ভেনিচ, এপেলবিজ, অল মেৰিডিয়ান আৰু কিমানবোৰ যে বিখ্যাত ফাষ্টফুডৰ দোকান, ৰেষ্ট্ৰোৰেন্ট আৰু কফি শ্বপ৷ তদুপৰি নিৰ্দিষ্ট কমিউনিটিৰ বাবে আছে ৰেষ্ট্ৰোৰা- নামেই যাৰ পৰিচয় দিয়ে৷ যেনে— টেঞ্জুৰ, বম্বে বাল্টি, ৰয়েল ইণ্ডিয়ান টেণ্ডুৰ; বাহৰি ইজিপ্তচিয়ান পাই, ইটালিয়ান জব, থাই স্নেক হাউস, লেবানিজ ৰেষ্ট্ৰোৰা, চাউকিংগ ফিলিপিনো, টাৰ্কি ফুড চেন্টাৰ, মাৰমাৰা  ইষ্টাম্বুল, আফগান ব্ৰাদাৰ্চ  ৰেষ্ট্ৰোৰা আদি৷
সদা ব্যস্ত অঞ্চল অল চাডত আছে- কেইবাটিও মনিচেঞ্জাৰ আৰু বেংক, ড’হা মিউনিচিপেলিটিৰ কাৰ্যালয়, টেলিফোন কোম্পানী কিউ-টেলৰ মুখ্য অফিচ, গাড়ীৰ শ্ব ৰুম, ষ্টুডিঅ’, পুস্প-সজ্জাৰ দোকান, ট্ৰেভেল এজেঞ্চী, বিউটি ক্লিনিক, বুক শ্বপ,  টেলিফোনৰ সামগ্ৰী বিক্ৰিৰ দোকান, গ্ৰচাৰী ষ্ট’ৰ, চুপাৰ মাৰ্কেট আৰু বেকাৰী৷ কেইবাখনো পলিক্লিনিক,চিকিৎসালয়, বিভিন্ন বিশেষজ্ঞৰ মেডিকেল চেম্বাৰ, ডেন্টেল ক্লিনিক, হস্পিতেল, লেবৰেটৰীও এই অঞ্চলত পৰিপূৰ্ণ হৈ আছে৷
অলপতে কেইটিমান বাতৰি আৰু প্ৰৱন্ধ পঢ়িলোঁ বৰ্তমান জীৱন ধাৰনৰ শৈলীৰ কাটাৰৰ জনতাৰ স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱ সম্বন্ধে৷ আজি তাৰ আভাস আমাৰ পাঠকক দিবলৈ প্ৰয়াস কৰিম৷ কাটাৰৰ ইংৰাজী দৈনিক বাতৰি কাকত “গাল্ফ টাইমচ্” আৰু “নিউয়ৰ্ক টাইমচ্” – বিশ্ব  স্বাস্থ্য সংস্থাৰ উদ্ধৃতিসহ প্ৰকাশ কৰা এই দুয়োখনতে ওলোৱা বাতৰিৰ সাৰাংশ হ’ল :-
(১) বিশ্বত (২০ৰ পৰা ৭৯বছৰ বয়সৰ ভিতৰৰ) ডায়েবেটিচ হোৱা প্ৰমুখ দেশসমূহৰ ভিতৰত কাটাৰৰ স্থান হ’ল পঞ্চম৷
(২) মেদবহুলতাৰ প্ৰাদূৰ্ভাবৰ দিশত বিশ্বত কাটাৰৰ স্থান হ’ল ৬ষ্ঠ৷
(৩) জন্মগত বিকৃতিলৈ জন্মা শিশুৰ হাৰৰ ক্ষেত্ৰত বিশ্বত কাটাৰৰ স্থান হ’ল ১৬তম৷
কিন্তু পৰিতাপৰ কথা এই দেশৰ চৰকাৰে এতিয়ালৈকে ৰোগসমূহৰ চিকিৎসাৰ ওপৰতহে গুৰুত্ব দি আহিছে৷ ৰোগ হোৱাটো বাধা দিবলৈ ফলপ্ৰসু চিন্তা এতিয়ালৈকে কৰা পৰিলক্ষিত হোৱা নাই৷
বিভিন্ন সংস্থাই চলোৱা সমীক্ষামতে দেশখনৰ সৰ্বমুঠ আঢ়ৈ লাখ কাটাৰী জনসংখ্যাৰ শতকৰা ৫০জন প্ৰাপ্তবয়স্কই হ’ল মেদবহুলতাৰ (Obesity ) চিকাৰ আৰু শতকৰা ১৭ জন হ’ল বহুমূত্ৰ বা ডায়েবেটিচৰ ৰোগী৷ এই দুয়োবিধ ৰোগৰ প্ৰাদূৰ্ভাৱ মহিলাৰ ক্ষেত্ৰত বেচি৷ দেশখনৰ খাদ্যাভাস আৰু পৰম্পৰা ইয়াৰ অন্তৰালত থাকিব লাগে৷ টাইপ-১ ইনচুলিন নিৰ্ভৰশীল শিশু ৰোগীৰ সংখ্যাও দিনক দিনে দেশখনত বৃদ্ধি পাব ধৰিছে৷ বৰ্তমান ১৬% গৰ্ভৱতী মহিলাই প্ৰসৱজনিত ডায়েবেটিচ (Gestational Diabetes ) ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে কিছুমানৰ প্ৰসৱৰ সময়ত মাতৃ আৰু সন্তান উভয়েই সংকটৰ মুখামুখি হয়৷ আনহাতে বৰ্তমান দেশৰ ২৮% শিশুৱেই হ’ল মেদবহুল৷
সমগ্ৰ আৰব দেশসমূহত সমগোত্ৰিয় বিবাহ (Consanguineous marriage) এতিয়াও নিষিদ্ধ হোৱা নাই ৷ ফলত তেজৰ সম্পৰ্ক থকা ভাই-ভনীৰ (Cousin) মাজত বিবাহ সম্পন্ন হৈ আহিছে৷ কাটাৰী সমাজো ইয়াৰ ব্যতিক্ৰম নহয়৷ চিকিৎসা শাস্ত্ৰৰ মতে এনে ঘনিষ্ঠ সম্পৰ্কৰ বিবাহৰ দ্বাৰা জন্ম হোৱা সন্তানৰ অনেক জন্মগত বিজুতি (Genetic defects) হয়৷ এনে সন্তান নানা মানসিক ৰোগযুক্ত, শাৰীৰিক ত্ৰূতি থকা বা দৃষ্টিহীন বা শ্ৰৱণশক্তিবিহীন হ’ব পাৰে৷
এটা সময়ত অতি  দুখীয়া, সংগ্ৰামী অঘৰীৰ  জীৱন কটোৱা কাটাৰীৰ জীৱনলৈ  খাৰুৱাতেলৰ আবিষ্কাৰে একঅভূতপূৰ্ব পৰিৱৰ্তন আনিলে৷কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত  পোন প্ৰথমবাৰৰ বাবে খাৰুৱাতেলৰ আবিষ্কাৰ হয়৷কাটাৰত  খাৰুৱা তেলৰ  সন্ধান নোলোৱালৈকে কাটাৰী লোকসকলৰ জীৱন শৈলী আজিৰ দিনতকৈ সম্পূৰ্ণ পৃথক আছিল৷ জীৱনআৰু জীবিকাৰ বাবে তেওঁলোকে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল৷কৰ্ম আৰু খাদ্যৰ  সন্ধানত  একে ঠাইতে ৰৈ থকাতকৈ পৰিয়ালসহ মৰুৰ সংগী উটৰ এক কাফিলা লৈ যাযাবৰী, অঘৰী জীৱন যাপন কৰিছিল৷ এই বেদুইনসকলৰ কষ্টকৰ জীৱনলৈ খাৰুৱা তেলে আনিলে অভাৱনীয়পৰিৱৰ্তন৷আজি বেদুইনৰ অস্তিত্ব নাই ৷ জীবিকাৰ আগৰ দিনৰ সমলসমূহ আজি বুৰঞ্জী মাথো৷ হস্ততাত, এম্ব্ৰডায়েৰী, টেৰাকোটাৰ কাম, উটৰ নোম আৰু ভেড়াৰ  ঊলেৰে বস্ত্ৰ বনোৱা টাকুৰি আদি সজুলি, নৌকা বনোৱা সা-সৰঞ্জাম, সাগৰত মাছ ধৰা সঁজুলি, সাগৰতলীৰ পৰা সংগ্ৰহ কৰা মূল্যবান মাণিক-মুকুতা আদি আছিল তেওঁলোকৰ দৈনন্দিন জীৱনৰ সহচৰ৷ কাটাৰী লোকসকলে স্বৰ্ণঅলংকাৰো এটা সময়ত গঢ়িছিল৷ সন্ধিয়াৰ আজৰি সময়ত  স্বনিৰ্মিত বাদ্যযন্ত্ৰৰে আৰবী  লোকসংগীতৰ মূৰ্ছনাৰ মায়াজাল তুলি দুখ-ভাগৰ পলুৱাইছিল৷ ভাবিলে কবিতা কবিতা লগা সেই মধুৰ  পৰিবেশ আজিমাথো অতীত৷ সময়ৰ কালচক্ৰত ইতিহাস বন্দী  হৈ ৰ’ল  আজি মিউজিয়ামৰ স্মৰণিকা হৈ ……. !
১৯৭১ চনৰ ৩ চেপ্তেম্বৰ তাৰিখে  কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ’ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে৷ দেশৰ অৰ্থনীতিৰ লগতে শিক্ষাৰ ক্ষেত্ৰটো স্বৰাজেত্তৰৰ কালত উন্নতি ক্ষিপ্ৰতৰ হ’বলৈ ধৰিলে৷ ১৯৭৩ চনত ড’হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড’হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিলে৷ ইয়াৰ ফলত সেই পশ্চিমীয়া দেশসমূহৰ আদব-কায়দা, জীৱন-শৈলীৰো আমদানি ঘটিছে৷ অৱশ্যে কাটাৰী পুৰুষ মহিলাসকলে এতিয়ালৈকে নিজৰ পৰম্পৰাগত সাজ-পোছাক ত্যাগ কৰা নাই৷ ধৰ্মীয় গোড়ামি বা কঠোৰ পৰিয়ালৰ পৰম্পৰাগত শাসনৰ পৰা বাহিৰলৈ আহি কাটাৰী মহিলাই ৰাজপথত গাড়ী চলাইছে আৰু বিভিন্ন চাকৰিক নিজৰ কৰ্মক্ষেত্ৰৰূপে বাচি লৈছে৷
বৰ্তমান আধুনিক কাটাৰ ভৰি পৰিল অলেখ পশ্চিমীয়া খাদ্যসম্ভাৰৰ বিপনীৰে ৷ টিভি আৰু স্থানীয় বাতৰি কাকতৰ পৃষ্ঠা শুৱনি কৰিব ধৰিলে তেওঁবিলাকৰ ৰঙীন মোহনীয় বিজ্ঞাপনেৰে৷ চুকে কোনে গঢ়ি উঠিল ফাষ্টফুড বা জাংগ ফুডৰ দোকান৷ গাড়ীৰে বা বাইকেৰে বিনা অতিৰিক্ত ভৰণীৰে ঘৰত ডেলিভাৰিৰ ব্যৱস্থা আৰম্ভ হ’ল৷ মেম্বাৰশ্বিপ ললে ‘ৰেহাই’ বা অতিৰিক্ত ফ্ৰি পৰিৱেশনৰ সুবিধাৰ ফান্দো পাতিব ধৰিলে৷ সোনকালেই ইয়াৰ কু পৰিণাম কিদৰে আজি দেশখনে বা জাতিটোৱে ভূগিব ধৰিছে এই বিষয়ে  মোৰ লিখনি অলপ মনোযোগেৰে পঢ়িলেই পাঠকে অনুধাৱন কৰিব পাৰিব৷
কাটাৰী নৱ প্ৰজন্মই  মুখত সোণ-ৰূপৰ চামুচলৈ ওপজিলে ৷পূৰ্বপুৰুষসকলে মৰুৰ কষ্টকৰ জীৱন পোৱাৰ বিপৰীতে এওঁলোকে পালে বাতানুকুলিত পৰিবেশ, চাকৰ-নাকৰ, গাড়ী-মটৰেৰে ভৰা বিলাসিতাপূৰ্ণ  অভাৱহীন জীৱন৷ প্ৰত্যেক  তথাকথিত সম্ভান্ত কাটাৰীৰ ঘৰত চিকিউৰিটি, আয়া, ৰান্ধনি, মালি, ড্ৰাইভাৰ, সহায়কৰ নামত আছে কেইবাজনো লগুৱা-লিকচৌ৷ তাৰ বাবে সেৱা আগবঢ়াবলৈ নেপাল,বাংলাদেশ, ফিলিপাইন আৰু কেইবাখনো দৰিদ্ৰ আফ্ৰিকান দেশ সৰ্বদা তৎপৰ৷  বিশ্বৰ আটাইতকৈ চহকী দেশ কিন্তু আজি নাগৰিকৰ স্বাস্থ্যৰ দিশত অধোনমিত হ’ব ধৰিছে৷ দিনটো নানা ধৰণৰ খাদ্যৰ জুতিলৈ চিগাৰেটৰ কুণ্ডলি পকাই বিলাস-বৈভৱত আলস্যময় জীৱন কটোৱা লোকসকল চিৰৰুগীয়া হব ধৰিছে৷ এইসকল নৱ-প্ৰজন্মৰ মাত-কথাৰ সুৰ আগৰ দিনৰ কাটাৰীৰ দৰে সহজ-সৰল নহয় ৷
কাটাৰী খাদ্যত থাকে প্ৰচুৰ মিঠা, মৌ, খেজুৰ, ড্ৰাই-ফ্ৰুইটচ, নানা ফল, নানা বিধ মাংস, কণী, মাছ, কবুজ-ৰুটি, পোলাও আদি ৷  প্ৰটিনৰ উপৰি চৰ্বি আৰু কাৰ্বোহাইড্ৰেডৰ মাত্ৰা অত্যধিক৷ কাৰোবাক খোৱা বস্তু যাচিলে এৰাৰ নিয়ম নাই- এইয়া তেওঁলোকৰ পৰম্পৰা ৷ আনকি অতিমাত্ৰা ভোজন কৰি চিকিৎসালয়ৰ শৰণাপন্ন হ’বলগীয়া অৱস্থাও কেতিয়াবা হয় ৷পৰিপূৰ্ণ  খাদ্য আৰু অখাদ্যৰ বিপৰীতে নৱপ্ৰজন্মৰ নাই কোনো শাৰৰিক শ্ৰম ৷প্ৰচুৰ জাংক ফুড আৰু পেপচি-কোলা জাতীয় শীতল কেলৰিযুক্ত পানীয় গ্ৰহণ কৰাৰ বিপৰীতে তাক বাৰ্ণ কৰাৰ অৰ্থাৎ কেলৰিখিনি খৰছ কৰাৰ নাই কোনো ব্যৱ্স্থা ৷ পৰিণামস্বৰূপে আহে মেদবহুলতা বা অবেচিটি৷ যাৰ সহচৰ হ’ল ডায়েবেটিচ,উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত অনিষ্টকাৰী চৰ্বিৰ পৰিমাণ বৃদ্ধি পোৱা), হৃদৰোগ, তেজত ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা বাতজনিত ৰোগ আদি ৷
ড’হা বা সমগ্ৰ কাটাৰৰ বাতাবৰণ বছৰতোৰ বেচি ভাগ সময়েই গৰম বতাহেৰে আবৰি থাকে বাবে আমি চিকিৎসকসকলে নিতৌ ৰোগীক আধা ঘন্টা খোজ কঢ়িবলৈ দিয়া উপদেশ কাৰ্যকৰি কৰাতো তেওঁলোকৰ বাবে কঠিনহৈ পৰে৷ বিকল্প হিচাপে ৰুমৰ ভিতৰতে জপিওৱা, খোজ কঢ়া, ফ্ৰি হেণ্ড ব্যায়ম , আসন আদি কৰিবলৈ কওঁ৷

মুখনিত আন এটা প্ৰাসংগিক কথা ক’ব খুজিছোঁ ৷ আজি কাটাৰে পশ্চিমীয়া খাদ্যপ্ৰণালী আৰু জীৱনশৈলী গ্ৰহণ কৰাৰ কুপৰিণাম অতি কম সময়ৰ ভিতৰতে ভূগিব ধৰিছে — যি নেকি ইয়াৰ চিকিৎসকসকলৰ বাবে এক গুৰুতৰ চিন্তনীয় বিষয় হৈ পৰিছে৷ হয়তো অদূৰ ভবিষ্যতে দেশৰ শাসকসকলে ইয়াৰ বাবে নতুন স্বাস্থ্য নীতি প্ৰণয়ন কৰিব৷ একেদৰে আমাৰ অসম প্ৰদেশৰ পৰা যদি মদৰ দোকানসমূহৰ ব্যৱসায় নিয়ন্ত্ৰিত নকৰে  অচিৰেই অসমীয়া জাতিৰ এক বুজন সংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে পংগু হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!