কালাম ছাৰৰ ঘৰলৈ গৈছিলোঁ (- লক্ষ্য জ্যোতি নাথ)

kalam-siror-ghoroloi_lakhya-jyoti-nath_sanitized
“Dream is not that which
you see while sleeping
it is something that
does not let you sleep.“
-Dr. A P J Abdul Kalam
“সপোন সেইবোৰ নহয় যি তুমি টোপনিত দেখা, সপোন সেইবোৰহে যিয়ে তোমাক টোপনি যাবলৈ নিদিয়ে৷“
-ড’ এ পি জে আব্দুল কালাম
ড’ এ পি জে আব্দুল কালাম, যাৰ নামেই এক পৰিচয়৷ মিছাইল মেন তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’ এ পি জে আব্দুল কালাম ছাৰক জীৱিত অৱস্থাত এবাৰ সোঁশৰীৰে লগ পোৱাৰ হেঁপাহ বাৰুকৈ পুহি ৰাখিছিলোঁ কিন্তু ই সম্ভৱ নহ’ল যদিও তেওঁৰ জন্ম ঠাইখন, তেওঁ ডাঙৰ-দীঘল হোৱা ঘৰখন চোৱাৰ ইচ্ছা বাৰুকৈ আছিল৷ যোৱা ২২ অক্টোবৰ তাৰিখে চেন্নাইৰ পৰা সাগৰীয় পথেৰে আহি ভাৰতৰ একেবাৰে তলত শ্ৰীলংকাৰ প্ৰায় ওচৰতে থকা ৰামেশ্বৰম নামৰ ঠাইডোখৰত উপস্থিত হ’লোঁহি৷ তামিলনাডুৰ ৰামেশ্বৰম নামৰ এই সৰু চহৰখনতে মহাকাশ জয় কৰিবলৈ সক্ষম হোৱা কালাম ছাৰৰ জন্ম হৈছিল৷
ৰামেশ্বৰম নামৰ এই সৰু চহৰখন কেইবাটাও কাৰণে বিখ্যাত৷
প্ৰথম ইয়াত থকা ৰামেশ্বৰম মন্দিৰ৷ কিংবদন্তী মতে এই ৰামেশ্বৰম মন্দিৰতে শ্ৰীৰামে সীতাক লংকাৰ পৰা উদ্ধাৰ কৰিবলৈ যোৱাৰ আগত শিৱ লিংগ স্থাপন কৰি মহাদেৱক আৰাধনা কৰিছিল৷ আজিও দৈনিক ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় এই ৰামেশ্বৰম মন্দিৰত৷ গোটেই মন্দিৰটোৰ আকাৰো যথেষ্ট ডাঙৰ আৰু গোটেই মন্দিৰটো বিভিন্ন কাৰু-কাৰ্যৰে ভৰি আছে৷
দ্বিতীয়তে মাণ্ডপাম (Mandapam) আৰু ৰামেশ্বৰমক সংযোগ কৰা পামবান (Pamban) ৰে’লৱে দলংখন হৈছে পৃথিৱীৰ দহখন বিপদজনক ৰে’লৱে দলঙৰ ভিতৰত এখন৷ সাগৰৰ জলপৃষ্ঠত প্ৰায় লাগো লাগো অৱস্থাত থকা এই ৰে’লৱে দলংখন অতি বিপদজনক বুলি চিনাক্ত কৰা হৈছে৷ মই এই দলংখনৰ বিষয়ে প্ৰথম Discovery চেনেলত চাই গম পাইছিলোঁ সেইবাবে এই দলংখন চোৱাৰো বৰ হেপাঁহ আছিল৷ বিশ্বৰ সবাতোকৈ বিপদজনক ৰে’লৱে দলঙৰ ভিতৰত স্থান পোৱা ভাৰতৰ এইখনেই একমাত্ৰ দলং৷
এই দলংখনেই ড’ এ পি জে আব্দুল কালামে জন্মগ্ৰহণ কৰা ৰামেশ্বৰমক ভাৰতৰ মূল ভূ-খণ্ডৰ লগত সংযোগ কৰিছে৷ নহ’লে ৰামেশ্বৰম এটা দ্বীপ বুলি ক’লেও ভুল কোৱা নহ’ব৷
এই পামবান দলং অতিক্ৰম কৰিয়েই প্ৰথমে উপস্থিত হ’লোঁগৈ কালাম ছাৰৰ সমাধিক্ষেত্ৰত৷ নিৰ্মীয়মান কালাম ছাৰৰ সমাধিক্ষেত্ৰখন দেখি মনটো জঁয় পৰি গ’ল৷ বিশ্বাস কৰিবলৈ এতিয়াও টান লাগে যে কালাম ছাৰ বৰ্তমান নাই৷ কালাম ছাৰক সমাধি দিয়া ঠাইডোখৰ লোৰ বেৰাৰে বেৰি দি সমাধিৰ ওপৰত ইছলাম ধৰ্মৰ ৰীতি-নীতি অনুযায়ী ধৰ্মীয় কাপোৰ এখনৰে ঢাকি দি মূৰৰ ফালে ভাৰতৰ জাতীয় পতাকাখন পুতি থোৱা হৈছে৷
সমাধিক্ষেত্ৰত অলপ সময় কটাই বাছেৰে কালাম ছাৰৰ ঘৰৰ অভিমুখে গ’লোঁ৷ ইজন-সিজনক সোধ-পোচ কৰি সৰু গলি এটাৰ মাজেৰে অলপ সোমাই যাওঁতেই  House of Kalam বুলি লিখা একেবাৰে সাধাৰণ ঘৰ এটা চকুত পৰিল৷ ঘৰটোৰ ভিতৰলৈ চেণ্ডেল-জোতা খুলি মানুহ অহা-যোৱা কৰা চকুত পৰাত খাটাং হ’লো যে সেইটোৱেই কালাম ছাৰৰ ঘৰ৷ ঘৰটো কালাম ছাৰৰ হয়নে নহয় এইবাবেই সন্দেহ হৈছিল যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এজনৰ ঘৰ৷ আমি ঠায়ে ঠায়ে দেখা বিধায়ক, মন্ত্ৰী আনকি পঞ্চায়তৰ সভাপতি আদিৰ ঘৰবোৰেই (ঘৰ বুলি ক’লে ভুল হ’ব অট্টালিকা) কিমান আটক ধুনীয়া, কেইবা মহলীয়া৷ তেনে স্থলত এজন ৰাষ্ট্ৰপতিৰ ঘৰ বুলি ক’লে মনলৈ কেনেকুৱা ভাৱ আহে! এখন ডাঙৰ ওখ ৰাজকীয় তোৰণ, তাত দুফালে দুজন দেহৰক্ষী, ভিতৰত এটা অট্টালিকা, সন্মুখত এখন ফুলৰ বাগিচা আদি আদি৷
কিন্তু কালাম ছাৰৰ কথাবোৰেই আনতকৈ সুকীয়া যে! এটা সাধাৰণ ঘৰতেই ডাঙৰ-দীঘল হৈ মহাকাশ জয় কৰিছিল কালাম ছাৰে৷ কালাম ছাৰৰ সেই সাধাৰণ ঘৰটো দেখি মনলৈ বহু কথা আহিছিল৷ তেওঁ এখন দেশৰ ৰাষ্ট্ৰপতি আছিল, ইচ্ছা কৰাহেঁতেন তেওঁ কিমানযে অট্টালিকা, মাটি-সম্পত্তি নিজৰ নামত কৰি যাব পাৰিলেহয় ঠিক নাই৷ সঁচাকৈয়ে জীৱনত টকা-পইচা, ধন-সম্পত্তিৰ কিবা মাহাত্ম্য আছেনে সেই কথা প্ৰমাণ কৰি গ’ল কালাম ছাৰে৷ আমাৰ পঞ্চায়তবোৰৰ সাধাৰণ সদস্য এজনেও (সকলো নহয়) পাঁচ বছৰত পকী ঘৰ এটা, মাটি-ভেঁটি গোটাই লয় কিন্তু কালাম ছাৰে ৰাষ্ট্ৰপতি হৈও কি কি সম্পত্তি গোটালে আৰু কি কি এৰি থৈ গ’ল?
তেওঁৰ সম্পত্তিবোৰ হ’ল তেওঁ লিখা অমূল্য কিতাপসমূহ, তেওঁৰ সৃষ্টিৰাজি যিয়ে ভাৰতক বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম কৰিলে, তেওঁৰ মূল্যবান বচনবোৰ যিয়ে সকলো মানুহক, ছাত্ৰ-ছাত্ৰীক সফল জীৱন এটা জীয়াই থাকিবলৈ শিকায় আৰু অনুপ্ৰেৰণা দিয়ে৷ বাকী ধন-সোণ তেওঁৰ সম্পত্তিৰ তালিকাত নাছিল৷ মৃত্যুৰ সময়ত কালাম ছাৰে ২৫০০ খন কিতাপ, এটা ঘড়ী, ৬ টা ছাৰ্ট, ৪ টা পেণ্ট, ৩ যোৰ চ্যুট আৰু মাত্ৰ এযোৰ জোতা এৰি থৈ গৈছিল৷
কালাম ছাৰৰ ঘৰটো দেখিয়েই জীৱনত টকা-পইচা, ধন-সোণৰ যে কোনো মূল্য নাই আকৌ বুজি পালোঁ৷
কালাম ছাৰৰ ঘৰটোৰ তলৰ মহলাত (বাকী ওপৰৰ আৰু দুটা মহলা তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সংগ্ৰহালয় আৰু বিভিন্ন সামগ্ৰী পোৱা দোকান বনাবলৈ সাজিছে বুলি গম পালোঁ)। এতিয়া তাত তেওঁৰ ভাতৃ থাকে৷ প্ৰথম মহলাত তেওঁৰ ভাতৃৰ বাসস্থান বাবে দ্বিতীয় মহলালৈ উঠি গ’লোঁ য’ত কালাম ছাৰৰ বিভিন্ন স্মৃতিবোৰ সংগ্ৰহালয় আকাৰে ৰখা হৈছে৷ দ্বিতীয় মহলাত সোমায়ে প্ৰথমে চকুত পৰিল কালাম ছাৰৰ ল’ৰালি কালৰ, ছাত্ৰ কালৰ বিভিন্ন ফটোবোৰ৷ বিদ্যালয়ত শিক্ষক আৰু সমনীয়াৰ লগত উঠা ফটোবোৰ, বিজ্ঞানী হিচাপে ৰকেট আদি নিৰ্মাণ কৰাত ব্যস্ত হৈ থকা ফটোবোৰ, বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰি থকা মুহূৰ্তত আৱদ্ধ কৰা ফটোবোৰ, ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিবাহ কৰি থাকোঁতে বিভিন্ন দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ লগত তোলা ফটোবোৰ৷ তাৰ পাছতেই চকু পৰিল কালাম ছাৰে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান এখনত পিন্ধা পাইলটৰ ইউনিফৰ্মযোৰ৷ ইউনিফৰ্মযোৰৰ কাষত সেইযোৰ পিন্ধি থাকোঁতে কেমেৰাত আৱদ্ধ হোৱা ফটোবোৰো থৈ দিয়া আছে৷
তাৰ পাছতেই কালাম ছাৰক সন্মানিত কৰা ভাৰত ৰত্ন, পদ্ম ভূষণ, পদ্ম বিভূষণ পদক কেইটা দেখি কেনে লাগিছিল মই প্ৰকাশ কৰিব নোৱাৰিম৷ ভাৰত ৰত্ন বুলি লিখি থোৱা পদকটো মই বহু সময় ভালকৈ চাইছিলোঁ ওচৰৰ পৰা৷ শচীন টেণ্ডুলকাৰ, ড’ এ পি জে আব্দুল কালাম আদিৰ দৰে মহান ব্যক্তিক ভাৰত ৰত্ন সন্মানৰে সন্মানিত কৰে, সেই ভাৰত ৰত্ন পদকটো দেখি সঁচাকৈয়ে আৱেগিক হৈ পৰিছিলোঁ৷
তাৰ পাছতেই ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কালাম ছাৰলৈ লিখা চিঠি এখন তেওঁৰ স্বাক্ষৰৰ সৈতে চকুত পৰিল৷ তাৰ কাষতেই কালাম ছাৰে নিজৰ ব্যক্তিগত ডায়েৰীত লিখা তেওঁৰ বিভিন্ন আখৰবোৰ দেখি সঁচাকৈয়ে ভাল লাগিল৷ তদুপৰি কালাম ছাৰক প্ৰদান কৰা বিভিন্ন বঁটা, প্ৰসংশা পত্ৰ, প্ৰমাণ পত্ৰ আদিৰে সংগ্ৰহালয়টো ভৰি আছে৷ তেওঁৰ নিদেৰ্শনাত নিৰ্মাণ কৰা বিভিন্ন ৰকেট, মিছাইল আদিৰ আৰ্হি আদিও সংগ্ৰহালয়টোত ৰখা হৈছে৷
লগতে সংগ্ৰহালয়টোত ড’ কালাম ছাৰে লিখা আৰু তেওঁৰ ওপৰত বিভিন্ন লেখকে লিখা বিভিন্ন কিতাপৰ এটা সৰু পুথিভঁৰালো আছে৷
ভগৱানক বিচাৰি মন্দিৰ, মছজিদ যোৱাতকৈ; সেই ঘৰটোও মোৰ বাবে কোনো মন্দিৰ বা মদজিদতকৈ কম পৱিত্ৰ নাছিল৷
কালাম ছাৰৰ সকলো বাণীয়ে মোক জীৱনটো জীয়াই থাকিবলৈ শিকায়, উৎসাহ-অনুপ্ৰেৰণা দিয়ে৷ কালাম ছাৰৰ ঘৰটোলৈ সোমাই যাওঁতেই কালাম ছাৰৰ ফটো এখনৰ তলত চকুত পৰাকৈ লিখা আছিল
“You Cannot change your Future.
You can change your Habits.
And surely your Habits
Will change your future.“
-Dr. A P J Abdul Kalam
“তুমি তোমাৰ ভৱিষ্যৎটো সলনি কৰিব নোৱাৰা কিন্তু তুমি তোমাৰ স্বভাৱ সলনি কৰিব পাৰিবা৷ আৰু বিশ্বাস কৰা তোমাৰ স্বভাৱে তোমাৰ ভৱিষ্যৎ সলনি কৰি দিব৷ “
-ড’ এ পি জে আব্দুল কালাম৷
জীৱনৰ এটা ডাঙৰ আশা পূৰ্ণ হ’ল৷

One thought on “কালাম ছাৰৰ ঘৰলৈ গৈছিলোঁ (- লক্ষ্য জ্যোতি নাথ)

  • May 8, 2019 at 4:02 pm
    Permalink

    খুউব সুন্দৰ আৰু পঠনীয় লেখা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!