কেনিবেল: মানুহ খোৱা মানুহবোৰ (জীতেন্দ্ৰ জীতু শইকীয়া)

আশ্চৰ্যৰে ভৰা এই পৃথিৱী৷ ভাবি অন্ত কৰিব নোৱাৰা ৰহস্যৰে আবৃত আমাৰ চৌপাশ৷ জিজ্ঞাসু মনক বাধা দি ৰাখিব পৰা জানো সম্ভৱ? ই প্ৰতিক্ষণে আহৰণ কৰিব বিচাৰে নিত্য নতুন তথ্য৷ আজি আপোনালোকলৈ আগবঢ়ালোঁ মানুহৰ মাংস খাই ভাল পোৱা মানুহবোৰৰ কথা৷

কেনিবেলিজম্ (Cannibalism) মানে হ’ল এজন মানুহে অন্য এজন মানুহৰ (বা এটা প্ৰাণীয়ে একে প্ৰজাতিৰ প্ৰাণীৰ) মাংস বা দেহৰ কোনো অংগ ভক্ষণ কৰা কাৰ্য৷ এনে কাৰ্যৰ লগত জড়িত লোক সকলকে কেনিবেল (Cannibal) বুলি জনা যায়৷ উনবিংশ শতিকালৈকে পৃথিৱীৰ বিভিন্ন ঠাইত কেনিবেলিজমৰ ঘটনা প্ৰত্যক্ষ কৰা হৈছিল৷ পৃথিৱীৰ বিভিন্ন জাতিয়ে ভিন্ন কাৰণত মানুহৰ মাংস ভক্ষণ কৰি আহিছে৷ বৰ্তমানো দক্ষিণ প্ৰশান্ত মহাসাগৰৰ কিছুমান অকলশৰীয়া দ্বীপত বাস কৰা বৰ্বৰ লোকে মানুহৰ মাংস ভক্ষণ কৰে৷ আফ্ৰিকাৰ বিষুব অঞ্চলৰ কিছুমান ঠাইতো কেনিবেল পোৱা যায়৷ নিউ গিনি, চ’ল’মান দ্বীপপুঞ্জ, ফিজি, এমাজনৰ সন্মুখভাগৰ পৰা কংগোলৈকে আৰু নিউজিলেণ্ডৰ মাওৰিৰ দৰে ঠাইত কেনিবেলিজম্ প্ৰচলিত বুলি জনা যায়৷

কেনিবেলিজম্ (Cannibalism) শব্দটো ৱেষ্ট ইণ্ডিজৰ জনজাতি “Caribs“ সকলক বুজাবলৈ ব্যৱহাৰ কৰা স্পেনিছ শব্দ “Canibales“ ৰ পৰা আহিছে৷ বৰ্বৰ জনজাতিসকলৰ কেনিবেলিজম্ এক সামাজিক ব্যৱস্থা যদিও কেনিবেলিজমৰ কাৰণ বিভিন্ন হ’ব পাৰে৷ সভ্য সমাজত ঘটা কেনিবেলিজমৰ ঘটনাবোৰ সাধাৰণতে মানসিক ৰোগ বা পৰিস্থিতিৰ পাকচক্ৰৰ বাবে ঘটা ঘটনা৷ তাৰে দুটামান বিখ্যাত ঘটনা তলত উল্লেখ কৰা হ’ল৷

১) ফেব্ৰুৱাৰী ২০১৪৷ নাইজেৰিয়াৰ এখন ৰেস্তোৰাঁত মানুহৰ মাংসৰ বেপাৰ চলাৰ কথা গম পাই আৰক্ষীয়ে তালাচী চলায় দুটা নৰমুণ্ড উদ্ধাৰ কৰে৷ কেনিবেলিজমৰ অপৰাধত ৰেস্তোৰাঁখনৰ পৰা ১১ জন লোকক আটক কৰা হয়৷ এই ৰেস্তোৰাঁখনত বহুদিন ধৰি মানুহৰ মাংসৰ বিভিন্ন খাদ্য প্ৰস্তুত কৰি বিক্ৰি কৰি থকা হৈছিল৷ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকল মানুহৰ মাংস খাবলৈ এই ৰেস্তোৰাঁখনলৈ আহিছিল৷

২) আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো কেনিবেলিজমৰ এক বিৰল ঘটনা ঘটিছিল৷ ২০১৪ চনৰ কোনোবা এটা দিনত মোহম্মদ আৰিফ আলি আৰু তেওঁৰ ভাতৃ মোহম্মদ ফৰমান আলি থকা ঘৰটোৰ পৰা অহা উৎকট দুৰ্গন্ধত অতিষ্ঠ হৈ ওচৰ চুবুৰীয়াই পুলিচক গোচৰ দিয়ে৷ গোচৰ অনুসৰি পুলিচে তেওঁলোকৰ ঘৰ তালাচী চলাই কেইবাটাও মৃতদেহ উদ্ধাৰ কৰে৷ পিছত পুলিচৰ জেৰাত তেওঁলোকে স্বীকাৰ কৰে যে কমেও ১০০ মান মৃতদেহ কবৰৰ পৰা চুৰ কৰি আনি তেওঁলোকে ইতিমধ্যে ভক্ষণ কৰিছিল৷

৩) এইবাৰৰ স্থান হ’ল কানাডা৷ লুকা মেগন’টা নামৰ কানাডিয়ান মডেল তথা প’ৰ্ণষ্টাৰজনে ২০০৭ চনৰ কোনোবা এটা দিনৰ নিজৰে সমলৈংগিক প্ৰেমিক জুন লিনক কেইবাবাৰো চুৰিৰে হানি হত্যা কৰে আৰু দেহটো কেইবাটুকুৰা কৰি কানাডাৰ ৰাজনৈতিক দলবোৰৰ কাৰ্যালয় আৰু স্কুলবোৰলৈ পঠিয়াই দিয়ে৷ এই সকলো দৃশ্য তেওঁ নিজেই ভিডিঅ’ কৰি ইণ্টাৰনেটত আপল’ড কৰে৷

৪) অষ্ট্ৰেলিয়াৰ কেথেৰীণ নাইট নামৰ মহিলা এগৰাকীয়ে ৬ বছৰীয়া সম্পৰ্ক থকা নিজৰ প্ৰেমিকক যৌন সম্পৰ্ক স্থাপনৰ অন্তত উপৰ্যুপৰি ৩৭ বাৰ চুৰিৰে হানি হত্যা কৰে৷ কেই ঘণ্টামানৰ পিছত মৃতদেহটো ওলোমাই লৈ টুকুৰা টুকুৰ কৰি সেই মাংসৰে বন্ধাকবি আৰু আলু মিহলাই তৰকাৰী ৰান্ধি নিজে খায় আৰু তেওঁৰ সন্তান দুটিৰ বাবেও মেজত সজাই থয়৷ অৱশ্যে ওচৰ চুবুৰীয়াৰ গোচৰত পুলিচে সন্তান দুটি ঘৰ আহি পোৱাৰ আগতেই মহিলা গৰাকীক আটক কৰে৷

৫) ৰাচিয়াও কেনিবেলিজমৰ ঘটনাৰ পৰা বঞ্চিত নহয়৷ ২০০৯ চন৷ টিমুৰ আৰু মাৰাগ জি নামৰ দুজন ৰাচিয়ান ভাতৃক নিজৰে ককায়েকক হত্যা কৰাৰ অপৰাধত পুলিচে আটক কৰে৷ মৃতদেহ বিচাৰি অৱশেষত বাগিচাত পুতি থোৱা অৱস্থাত কিছুমান নষ্ট হ’বলৈ ধৰা মাংসৰ টুকুৰা উদ্ধাৰ কৰে৷ অৱশেষত দুই ভাতৃয়ে স্বীকাৰ কৰে যে প্ৰমাণ নোহোৱা কৰিবৰ বাবেই মৃতদেহটো টুকুৰা টুকুৰ কৰি ফ্ৰিজত থৈ দিছিল আৰু অলপ অলপ কৈ ছয় মাহ ধৰি সেই মাংস খাই আছিল৷

৬) এইবাৰৰ ঘটনা কেলিফৰ্ণিয়া৷ ২০০৯ চন৷ ডেৱিড ৱিনচ নামৰ মানুহ এজনৰ হাতত পত্নীৰ দুৰ্ঘটনাবশত মৃত্যু হয়৷ সুৰাপান কৰি গাড়ী চলাবলৈ বাধা দিবৰ বাবে তেওঁ পত্নীক মুখত সোপা দি বান্ধি ৰখাৰ ফলতে পত্নীৰ মৃত্যু হৈছিল৷ প্ৰমাণ লুকুৱাবলৈ তেওঁ কাম কৰা ৰেস্তোৰাঁখনৰ পাত্ৰত পত্নীৰ মৃতদেহ চাৰি দিন ধৰি সিজাই ঠাণ্ডা হ’বলৈ দি মাংসবোৰ জোকাৰি হাড়ৰ পৰা আঁতৰাই ডাষ্টবিনত পেলাই দিয়ে আৰু হাড়বোৰ নি মাকৰ কোঠাত পুতি থয়৷ শেষত তেওঁ পুলিচৰ হাতত ধৰা পৰে আৰু সকলো কথা স্বীকাৰ কৰে৷

৭) এতিয়া কবলৈ ওলাইছোঁ পৃথিৱীৰ আটাইতকৈ কুখ্যাত কেনিবেলিজমৰ ঘটনাটো৷ বৰ্তমানলৈ জেফ্ৰি ডে’মাৰ নামৰ কেনিবেলজনেই হ’ল পৃথিৱীৰ সভ্য সমাজৰ আটাইতকৈ কুখ্যাত কেনিবেল৷ ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে ১৭ জনকৈ ব্যক্তিক হত্যা কৰি দেহৰ বিভিন্ন অংগ ভক্ষণ কৰা এই লোকজনৰ চিকাৰ হিচাপে বাচি লৈছিল যৌন কৰ্মীসকলক৷ বিভিন্ন প্ৰলোভনেৰে এই গণিকাসকলক উইচকন্সিনত থকা তেওঁৰ বাসভৱনলৈ মাতি আনি যৌন সন্তুষ্টিৰ অন্তত তেওঁলোকক বিভিন্ন ধৰণেৰে নৃশংসভাবে হত্যা কৰিছিল আৰু যৌনাংগবোৰ যৌন তৃপ্তিৰ বাবে সংগ্ৰহ কৰি ৰাখিছিল৷ তেওঁ হত্যা কৰা লোকসকলৰ কিছুমানৰ বয়স ১৪ বছৰৰো তলৰ আছিল৷ এইদৰে হত্যা কৰা গণিকাবোৰৰ মৃতদেহৰ মাংস খায় হেনো তেওঁ যৌন তৃপ্তি লাভ কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!