গণশিল্পী আৰু তেখেতসকলৰ সৃষ্টিক জীয়াই ৰখাৰ দায়িত্ব(- কিশোৰ কুমাৰ বৈশ্য)


১৩-০৬-২০১৪ ৷ মহান শিল্পী খগেন মহন্তদেৱৰ মৃত্যুত সকলো অফিচ-কাছাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ অৰ্ধছুটী ৷ দুপৰীয়া ৰাস্তালৈ ওলাই যাওঁতে ওচৰৰ সৰু ভণ্টি এজনীক লগ পাই স্কুলৰ পৰা সোনকালে অহাৰ কাৰণ সুধিলো ৷ তাইৰ উত্তৰ “স্কুল হাফ হৈছে, কোনোবা খগেন মহন্ত মৰিছে বোলে, শোকসভা হৈছে ৷” কথাষাৰ শুনি হঠাৎ মনটো ব্যথিত হ’ল আৰু প্ৰশ্ন উদয় হ’ল—”প্ৰতিযোগিতাৰ পৃথিৱীত নম্বৰৰ পিছত দৌৰাই সন্তানক যন্ত্ৰ সজোৱা অভিভাৱকসকল আচলতে নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি কিমান সচেতন ??? উঠি অহাচামৰ মাজত এই স্বনামধন্য শিল্পীসকলক জীয়াই ৰখাৰ দায়িত্ব সঁচা অৰ্থত কাৰ ?? ভুলটো ক’ত ?? ”

আমি যেতিয়া সৰু আছিলো, বাৰাণ্ডাত বাজি থকা সেই ‘ফিলিপছ্’ৰ ৰেডিঅ’টোত ৰজনজনাই আছিল পুৰণি অসমীয়া গীতবোৰ ৷ ৰেডিঅ’ৰ সমস্বৰত মাৰ মুখত গুণগুণনি , সেই ছেগতে আমাক কৈ গৈছিল নেপথ্যৰ কণ্ঠশিল্পীজনৰ নাম, চিনেমাৰ নাম, অভিনেতা-অভিনেত্ৰীৰ নাম ইত্যাদি নজনা কথাবোৰ ৷ দেউতাৰ সুখ-দুখৰ লগৰী সেই পুৰণি ৰেডিঅ’টোত এতিয়াও বাজি থাকে আকাশবাণী গুৱাহাটীৰ ভিন্নসুৰী অনুষ্ঠান ৷

বিদ্যালয়ৰ প্ৰাথমিক স্তৰত শিকাইছিল বিষ্ণু-জ্যোতিৰ বিভিন্ন সমবেত সংগীত, সকলোকে একেলগে গোৱাইছিল “মা আমি শদিয়ালে যামে”, “আজি বন্দো কি ছন্দেৰে” ইত্যাদি গীতবোৰ ৷ গতিকে এই সৃষ্টিৰাজিবোৰ জীয়াই ৰখাৰ স্বাৰ্থত বিদ্যালয়ে বিদ্যালয়ে প্ৰাথমিক পৰ্য্যায়ত পুৰণি গীত-মাতৰ কৰ্মশালা হওক; লগতে বৰগীত, লোকগীতৰ চৰ্চা হওক ৷ সাধাৰণজ্ঞান বিষয়ত সন্নিৱিষ্ট হওক অসমীয়া কলা-সংস্কৃতিত মহৎ অৱদান থকা প্ৰতিজন গণশিল্পীৰ নাম আৰু কৰ্মৰাজি ৷

সময় সলনি হ’ল ৷ এতিয়া ৰেডিঅ’ শুনা মানুহৰ সংখ্যা তেনেই সীমিত হৈ পৰিল ৷ ঘৰে ঘৰে ৰঙীণ টি.ভি. আৰু ছেটেলাইট চেনেল আহি পৰিল ৷ এইবোৰৰ যোগেদি হানি সিং, চানী লিওনক সততে চিনি পোৱা আজিৰ শিশুবোৰে পৰৱৰ্তী কি হিন্দী চিনেমা মুক্তি পাব, সুধিলে টপৰাই উত্তৰ দিব হয়তো ৷ কিন্তু নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি জ্ঞান নগণ্য ৷ এতিয়া চাৰি-পাঁচটাকৈ অসমীয়া নিউজ চেনেল আৰু বহুকেইটা মনোৰঞ্জনধৰ্মী অসমীয়া চেনেল ৷ কেৱল টি.আৰ.পি. বঢ়োৱাৰ সুযোগত থকা নিউজ চেনেল কেইটাই শিল্পী এজনাৰ মৃত্যুৰ পাছত তেখেতৰ গুণ-গৰিমা, কৰ্মৰাজি আৰু সৃষ্টিবোৰৰ ওপৰত অনুষ্ঠান প্ৰচাৰ কৰে ঠিকেই, কিন্তু জীৱিত কালত তেখেতসকলৰ গীত-মাতৰ তেনেকুৱা চৰ্চা আৰু প্ৰচাৰ কৰা দেখা নাযায় ৷ অসমীয়া মনোৰঞ্জনদায়ক চেনেলবোৰে কেৱল চিৰিয়েল প্ৰচাৰ কৰাৰ লগতে বৰেণ্য অসমীয়া শিল্পী-সাহিত্যিক সকলৰ গীত-মাত, কবিতাক তথ্যচিত্ৰ আকাৰত বা আন অনুষ্ঠান হিচাপে প্ৰচাৰ কৰাত গুৰুত্ব দিলে, সেইবোৰ সংৰক্ষণ কৰা আৰু জীয়াই ৰখাত নিশ্চয়কৈ সহায়ক হব ৷ দ্বীপেন বৰুৱা, কুল বৰুৱা, ৰিদীপ দত্ত, চাৰু গোঁহাই, পুলক বেনাৰ্জী, দিপালী বৰঠাকুৰ, অনিমা চৌধুৰী, বিউটী শৰ্মা বৰুৱা, মিতালী চৌধুৰী আৰু বহুকেইজন জোষ্ঠ শিল্পীৰ একালৰ জনপ্ৰিয় গীতসমূহ জীয়াই ৰাখি নতুনচামৰ মাজত ইয়াক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নিশ্চয়কৈ আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!