গুৱাহাটীত গছ – গছনি ( দীপুল হালৈ )

গুৱাহাটীত গছ – গছনি

 

দীপুল হালৈ :
মোৰ অনুভৱ হয় ভাৰতৰ আন ৰাজ্যৰ ৰাজধানীতকৈ আমাৰ গুৱাহাটীত গছ বৰ দুখলগাকৈ কম | অন্য ৰাজধানীত যিকোনো মূল্যৰ বিনিময়ত গছ এডাল বচায়, নাকাটে | আমাৰ ইয়াতটো সৰু সৰু কথাতে গছত কুঠাৰ /কৰত চলায় | ৰুৱাৰ আগ্ৰহো বৰ দুখলগাকৈ কম | বাকী ঠাইৰ ৰাজধানীবোৰ ইমান সেউজীয়া আমাৰ গুৱাহাটী ইমান উকা -গছ হীন | চৰকাৰ তথা ৰাইজে কাইলৈৰ বাবে আজিয়ে গছ পুলি ৰোপন কৰিবৰ হ’ল | লগতে থকা পূৰণা গছ পৰাপক্ষত নকটাকৈ থাকিব লাগে |

উদ্দীপ তালুকদাৰ : সকলোৱে পুৰণি গছ কাটি এপাৰ্টমেণ্ট সাজিবলৈ ললে কেনেকৈ থাকিব ? চৰকাৰী ভাৱে সজা ঘৰবিলাকৰ ডিজাইনতে গছৰ বাবে ঠাই নাৰাখে কিজানি ! থকাকেইডালো কাটি-কুটি খাস্তাং কৰে। কিছুদিন আগতে গুৱাহাটী সম্পৰ্কে পোষ্ট এটা লিখিছিলো । তাতেই লিখিছিলো মালিগাঁৱৰপৰা খানাপাৰালৈ আপুনি অকণমান সময় মুকলি বতাহ অকণ খাওঁ বুলিলে ক’তো ঠাই নাই। ইমান নগৰীকৰণ কিজানি আমেৰিকা-ইউৰোপতো হোৱা নাই। দীঘলী-পুখুৰীটো আছে, তাতো আকৌ দুডাল প্লাষ্টিকৰ গছ! এনেহে দিন পৰিছে আমাৰ!

হৃষীৰাজ শৰ্ম্মা : প্ৰথম কথা, Town Planning Departmentটো এনেই আছে। মই কিছুদিন গুৱাহাটীত কাম কৰিছিলোঁ। GMD Bye Laws মতে নতুন Buildingৰ permissionৰ বাবে submission drawing তৈয়াৰ কৰোতে ঘৰটোৰ চাৰিও ফালে নিৰ্ধাৰিত মুকলি ঠাই এৰিব লাগে। Landscaping বাবেও সঠিক Bye Law আছে। আৰ্কিটেক্ট সকলে ঠিকেই তৈয়াৰ কৰে কিন্তু গৰাকীয়ে সেইবোৰ বিধি বিধান নামানে আৰু শেহত গোটেই পৰিৱেশটো কংক্ৰিতময় হয়গৈ। কেৱল Residential Buildingৰ কথা কোৱা নাই। Public, semi-public আৰু commercial সকলো ধৰণৰ Structureএটা সজাওতে যদি গৰাকীয়ে Landscaping কথা নাভাবে তেনেহ’লে সেই ধৰণৰ construction কেতিয়াও Eco-friendly নহয়গৈ। আৰু দুঃখৰ কথা চৰকাৰেও তেনেধৰণৰ Constructionৰ বাবে কোনো জৰিমনা নিবিহে। অৱশ্যে জৰিমনাৰ কথাটো উল্লেখ আছে, কিন্তু টকা পইচাৰে সকলোৱে Town Planning বিভাগটোক কিনি থৈছে। গতিকে পৰিৱেশ সজাগতাৰ কথাটো তেনেই অস্বাভাৱিক। দ্বিতীয়তে আমাৰ নগৰ খন ( কোনোবাৰ মতে মহানগৰ) সুস্থ ভাৱে পৰিকল্পিত নহয়। Development Authorityয়ে আজোকপতি গুৱাহাটীৰ এখন নিকা Master Plan তৈয়াৰ কৰি তাক বাস্তৱ ৰূপ দিব নোৱাৰিলে। কাৰণ যেতিয়া Town Planningৰ অধীনত Master Planning আৰম্ভ হয়, তেতিয়া প্ৰথম কাম হয় সমগ্ৰ অঞ্চলটোৰ Zoning কৰা। সমগ্ৰ অঞ্চলটোক বিভিন্ন Zoneত ভাগ কৰা হয় আৰু গছ গছনিবোৰক Buffer Zoneত ৰখা হয়। কিন্তু যেতিয়াই Zoning কাম আৰম্ভ হ’ব তেতিয়াই বিভিন্ন সংগঠন উপ সংগঠন বোৰে নিজ নিজ মুনাফা লাভৰ বাবে এই কামটো আৰম্ভ হোৱাত বাধাৰ সৃষ্টি কৰে। আনকি চৰকাৰ ঘৰৰ পৰাও মাটি বাৰী ইত্যাদি বিভিন্ন বিষয়ক লৈ আপত্তি উত্থাপিত হয়। তেতিয়া আৰ্কিটেক্টজন বৰ আহুকালত পৰে আৰু শেহত বিভিন্ন ৰজনৈতিক আৰু অৰাজনৈতিক হেঁচাৰ প্ৰকোপত তেওঁ এই কাম বাদ দিবলগীয়া হয়। এনেবোৰ কাৰণত গুৱাহাটীক আমি মৃত নগৰী বুলি অভিহিত কৰিছোঁ। যেতিয়া মানুহৰ অন্তৰত সজাগতা আহিব তেতিয়া হয়তো সকলোৱে বুজি পাব । গুৱাহাটীত কোনো Micro Climate নাই। সেয়েহে গৰমত অস্বস্তি পোৱা যায়। দুই চাৰিটা Show room আৰু shopping complex সজাই আমি উন্নতি কৰিছোঁ বুলি গৰ্ব কৰা লোক সকল আচলতে পৰিৱেশ, architecture and planning ইত্যাদিক লৈ কিমান সজাগ সেই বিষয়ে মোৰ সন্দেহ আছে। সমাজৰ লোক সকলৰ সকলো ধৰণৰ সজাগতা আৰু চৰকাৰৰ সফল সহযোগিতা অবিহনে কোনেও এখন ভাল চহৰ সৃষ্টি কৰিব নোৱাৰে। বোধহয় এয়া শিক্ষাৰ অভাৱ নহলে অৱহেলা ।

উদ্দীপ তালুকদাৰ: ‎”বোধহয় এয়া শিক্ষাৰ অভাৱ নহলে অৱহেলা।” লগত আৰু এটা যোগ দিছোঁ-“পইচাৰ খক।” কাৰণ আৰ্কিটেক্টজনে এইবিলাক কথা জানিও একো কৰিব নোৱাৰে। তেওঁলোকে ডিজাইন কৰাৰ সময়ত চব কিজানি ঠিকেই ৰাখে, কিন্তু landscaping-ৰ বাবে ৰখা খালী ঠাইখিনিত মালিকে (চৰকাৰ, ব্যক্তিগত যিকোনো) দুচলীয়া দোকান ঘৰ একোটা সাজি ভাৰালৈ দিয়ে!!
ঈশানজ্যোতি বৰা : গছ-বন কাটি তহিলং কৰাৰ বাবেই বনৰ বাঘ আহি মহানগৰীত থিতাপি লৈছেহি ৷ অৱশ্যে আজাৰাৰ(এয়াৰপৰ্ট ৰোড) ফালে অলপ গছ-গছনি আছিল ৷ কিন্তু ৰাস্তাৰ কাম কৰিবৰ বাবে বহু পুৰনি বিশাল গছ কাটি পেলোওৱা হৈছে ৷ মূল চিটীত গছ-গছনি নাই বুলিবই পাৰি ৷ সেয়ে গৰমো বেছি ৷ প্রদুষনৰ কথা নকলোৱেইবা ৷

[মতামতৰ বাবে সম্পাদক দায়ী নহয় । ]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!