গৃহহীন বিশ্বকাপ (শ্বৰতাজ আহমেদ)

কেইদিনমানৰ আগতে ফেচবুকত এটা লেখা পঢ়িব পাইছিলো, গৃহহীন বিশ্বকাপৰ বিষয়ে। লেখাটি অত্যন্ত সৰু আছিল। সৰু অছিল যদিও, মোৰ মনত জিজ্ঞাসা সৃষ্টি কৰিবলৈ ইয়েই যথেষ্ট আছিল। ইন্টাৰনেটত অলপ বিচৰাত কিছু কথা জানিব পাৰিলো। তলত তাৰেই এটি আভাস দিবৰ চেষ্টা কৰিছো। গৃহহীন বিশ্বকাপ বা Homeless World Cup (HWC) বস্তুটো হয় কি? এই বিশ্বকাপ পাবলৈ হ’লে কি কৰিব লাগিব? প্ৰকৃততে গৃহহীন বিশ্বকাপ এক আন্ত:ৰাষ্ট্ৰীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতা, যি আয়োজন কৰে Homeless World Cup Organization চমূকৈ HWCO নামৰ এটা সংগঠনে। যাৰ উদেশ্য ফুটবলৰ মাধ্যমেৰে গৃহহীনতা দুৰ কৰা। ই এনে এক প্ৰতিযোগিতা, য’ত নেইমাৰ, ৰোনাল’ডো বা মেচিৰ কোনো স্থান নাই। এতিয়া হয়তো বহুতে ভাবিছে, ই চেৰিটীৰ বাবে আয়োজন কৰা এক ফুটবল প্ৰতিযোগিতা, য’ত বিভিন্ন দেশৰ চেলিব্ৰেটি সকলে নিজ নিজ ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।
কিন্ত নহয়, বৰঞ্চ ইয়াৰ ওলোটাহে। গৃহহীন বিশ্বকাপত অংশ লোৱা প্ৰত্যেক গৰাকী খেলুৱৈ গৃহহীন হোৱাটো বাধ্যতামূলক। ২০০৩ত অষ্ট্ৰিয়াত প্ৰথমবাৰৰ বাবে আয়োজন হোৱা প্ৰতিযোগিতাখনৰ দ্বাদশ সংস্কৰণ অনুষ্ঠিত হৈ গ’ল আমি ISLৰ উল্লাষত ব্যস্ত্য থাকোতে, ১৯-২৬ অক্টোবৰত চিলিৰ চান্টিয়াগো চহৰত। অৱশ্যেই ফুটবলৰ এই সংস্কৰণবিধ আমি সচৰাচৰতে খেলা বা দেখা ফুটবলৰ দৰে কোনো বৃহত খেলপথাৰত খেলা নহয়, বা বৃহৎ
খেলপথাৰৰ প্ৰয়োজনো নহয়। ইয়াৰ বাবে ২২মিটাৰ দীঘল আৰু ১৬ মিটাৰ বহল খালি ঠাই হ’লেই হ’ল।  ষ্ট্ৰীট ছ’কাৰ নামেৰে জনাজাত খেলবিধত এটা দলত খেলুৱৈৰ সংখ্যা মাত্ৰ ৪ গৰাকী। ১৪ মিনিটৰ খেল বিধ ৭ মিনিটকৈ দুটা অৰ্ধত খেলুৱা হয়। HWCOৰ ৭০খন সহযোগী দেশৰ ৪৮খন দেশে এই প্ৰতিযোগিতাত ভাগ লয়। গৃহহীন বিশ্বকাপৰ এটা আনন্দদায়ক কথা হ’ল যে, সাধাৰন বিশ্বকাপ ফুটবলৰ দৰে ইয়াত কেৱল এখন দেশ বিজয়ী নহয়, বৰঞ্চ ৬খন দেশে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰে। কিন্ত কেনেকৈ? প্ৰতিযোগীতা খন ৩টা ভাগত খেলুওৱা হয়। তাৰে প্ৰথম ভাগটোত ৪৮টা দলক ৬টাকৈ ৮টা গোটত ভাগ কৰা হয়।  য’ত প্ৰত্যেকটো দলে নিজ গোটৰ আন দল সমূহৰ বিৰূদ্ধে এখনকৈ অৰ্থাৎ মূঠ ৫খন খেল খেলিব। এতিয়া আহোঁ দ্বিতীয় ভাগলৈ। প্ৰথমটো ভাগৰ খেল শেষ হোৱাৰ পিছত প্ৰত্যেকটো গোটৰ প্ৰথম ৩টা দল section A(২৪টা দল) আৰু পিচৰ ৩টা দল section B (২৪টা দল)ত ভাগ কৰা হয়। পুনৰ ৬দলীয় ৮টা গোট কৰা হয়(এনেদৰে গোট কৰা হয় যাতে কোনো এটা দলেই পূৰ্বে প্ৰ্তিদ্বন্দীতা কৰা দলৰ সন্মুখীন হ’ব লগা নহয়)। একেদৰেই প্ৰত্যেকটো দলক ৫খনকৈ খেল খেলুওৱা হয়।  এতিয়া আহোঁ তৃতীয় তথা অন্তিম ভাগলৈ। দ্বিতীয় ৰাওণ্ডৰ শেষত ৰেংকিং অনুযায়ী দলসমূহ পূণৰ ভাগ কৰা হয়। ব্যতিক্ৰম মাথো এটাই , এইবাৰ ৮টা গোটৰ সলনি ৬টা গোট।  কিন্ত এইবাৰো কোনো দল ন’কআউট নহয়। অৰ্থাৎ প্ৰত্যেকটো গোটত ৮টাকৈ দল। এই তৃতীয় ভাগটোক Trophy Stage বুলি কোৱা হয়। ৬টা গোটৰ বাবে ৬টা ট্ৰফী। ৰেংকিং অনুযায়ী প্ৰথম ৮টা দলে Homeless World Cup, দ্বিতীয় ৮ টা দলে Dignitary Cup, সেইদৰে পৰ্যায়ক্ৰমে City Cup, Host Cup, Community Cup আৰু শেষৰ ৮টা দলে INSP Networking Trophyৰ বাবে যুঁজ দিয়ে। অৱশ্যে এইবাৰ ট্ৰফীৰ বাবে লীগ মেচ নহয়, কোৱটাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেলেৰে বিজয়ী ঘোষিত কৰা হয়। উল্লেখযোগ্য যে গৃহহীন বিশ্বকাপত ভাৰতেও অংশগ্ৰহন কৰে। চান্টিয়াগোত ভাৰতীয় মহিলা দলটোৱে ১০ম স্থান (dignitary cup runners up) আৰু পুৰুষ দলটোৱে ৩৩তম  community cup champion) স্থান দখল কৰে। ঘৰুৱা দলটোৱে পুৰুষ মহিলা উভয় শিতানতে বিজয়ীৰ খিতাপ Homeless World Cup অৰ্জন কৰে । খেলৰ জৰিয়তে গৃহহীনতা দুৰ কৰাৰ কথা প্ৰথমে মনলৈ আহে Mel Young আৰু Harald Schmiedৰ মনত ২০০১ চনত। আৰু ইয়াৰ বাবে তেঁওলোকে ফুটবলক নিৰ্বাচন কৰিলে।  ফলাফল ২০০৩ত প্ৰথম গৃহহীন বিশ্বকাপ। www.homelessworldcup.com ৰ মতে ষ্ট্ৰীট ফুটবলে ৭০খন দেশৰ ৪২০খন চহৰৰ ১০০০০০০ গৃহহীন লোকক প্ৰভাবিত কৰিছে। তেঁওলোকৰ মতে ৯৪% লোকে জীয়াই থাকিবলে নতুন প্ৰেৰণা লাভ কৰিছে। ৭১%ৰ জীৱনশৈলী পৰিৱৰ্তন হৈছে। ৮৩%ৰ সমাজৰ সৈতে সম্পৰ্কৰ উন্নতি হৈছে। ৭১% লোকে ফুটবল খেলা অব্যাহত ৰাখিছে। এতিয়া হয়তো বহুতে ভাবিছে, খেলৰ দ্বাৰা গৃহহীনতা কেনেকৈ দুৰ হ’ব? গৃহহীন বিশ্বকাপত অংশগ্ৰহণ কৰা খেলুৱৈসকলে নিজ মুখে স্বীকাৰ কৰিছে ষ্ট্ৰীট ফুটবলে আনিদিয়া পৰিৱৰ্তনৰ কথা। দলগতভাবে কাম কৰাৰ, জীৱন যুঁজত অকলশৰীয়া নোহোৱাৰ অনুভৱৰ বৰ্ণনা  ইন্টাৰনেটত অলপ বিচাৰিলেই পোৱা যাব। ২০০৪ চনৰ গৃহহীন বিশ্বকাপত অংশগ্ৰহণ কৰা Scotland দলৰ সদস্য David Duke এ নিজ দেশলৈ ঘূৰি অহাৰ পিচত ফুটবল প্ৰশিক্ষণৰ শিক্ষা লৈ ২০০৫ৰ পৰা গৃহহীনসকলক প্ৰশিক্ষণ দিয়াত লাগিল। আৰু ২০০৭ চনত দলটোক বিশ্বকাপ জিকোৱাত সফলো হ’ল। উল্লেখযোগ্য যে, এই সফলতাৰ এক সপ্তাহৰ ভিতৰত এটা ঘৰ পাবলৈও সক্ষম হ’ল। এতিয়া আহোঁ ব্ৰাজিলৰ মিচেলিৰ  জীৱনলৈ। ২০০৭ৰ মহিলা সংস্কৰণত ভাগ লোৱা খেলুৱৈগৰাকীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল।  প্ৰতিযোগিতাৰ ঠিক পিছতেই অনুৰ্দ্ধ ২০  ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ পায়।  পিচলৈ মূল ৰাষ্ট্ৰীয় দলতো স্থান লাভ কৰে। এনে সফলতাৰ
কাহিনী আৰু ওলাব।  গৃহহীনতাৰ বিৰুদ্ধে এই যুঁজখনত অৱশ্যেই ধনৰ প্ৰয়োজন। আৰু এই ধন আহে দান বৰঙনিৰ যোগে। Homeless World Cup Supporting Club নামৰ এটা গোটে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়। আশা কৰো ফুটবলৰ জৰিয়তে গৃহহীনতাৰ বিৰুদ্ধে HWCO সফল হ’ব। আমাৰ অসমতো ষ্ট্ৰীট ছ’কাৰৰ দ্বাৰা গৃহহীনসকলৰ গৃহহীনতা দুৰ কৰিব পাৰি নেকি? এই বিষয়ে আগলৈ বিষদ আলোচনা হ’ব বুলি আশা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!