গ্ৰন্থালোচনাঃ স্বৰ্গাদপি –

 

স্বৰ্গাদপি৷ বিশিষ্ট ঔপন্যাসিক ড৹ ধ্ৰুৱজ্যোতি বৰাদেৱৰ এক অনন্য সৃষ্টি ’স্বৰ্গাদপি’৷ এক কথাত স্বৰ্গাদপি এক বুৰঞ্জীমূলক উপন্যাস৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমৰ পটভূমিত এক সুপ্ত কাহিনীক বিষয় হিচাপে লৈ আমি কোনেও নাম পৰ্য্যন্ত নুশুনা এজন সংগ্ৰামীক পোহৰৰ বাটলৈ অনা উপন্যাস ’স্বৰ্গাদপি’৷

লেখকে লিখিছে, “অসমীয়া জনজীৱনৰ প্ৰান্তীয় বৰ্গৰ বুলি অতি ভুলভাৱে বিবেচিত হৈ অহা এই চৰম ত্যাগী সৈনিকজন আৰু তেওঁৰ পৰিবাৰৰ বিষয়ে তথ্যপাতি, নথি, দলিল সামান্যহে পোৱা গৈছে৷” আৰু সেই সামান্য তথ্যপাতিৰ আধাৰতেই অসমৰ চাহ বনুৱা সম্প্ৰদায়ৰ পৰা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ বিজু বাউৰীৰ জীৱনভিত্তিক এই উপন্যাসখন ৰচনা কৰা হৈছে৷ অৱশ্যে লেখকে কৈছে, “স্বৰ্গাদপি জীৱনীমূলক উপন্যাস নহয়৷ বৰং ই বেছিকৈ কালপুষ্ট কথকতাৰে নিৰ্ধাৰিত এখন কাল্পনিক উপন্যাসহে৷“ তাৰ পিছতো ন-দি কব পাৰি যে উপন্যাসখন পঢ়ি থকাৰ সময়ত অথবা পঢ়ি উঠি কেতিয়াও ভাবিব নোৱাৰি যে এইখন কাল্পনিক উপন্যাস৷

বিদেশী শক্তিৰ প্ৰভাৱত জন্মভূমিৰ পৰা আৰকঠীয়া আৰু গিৰমিটিয়া চালানত বংগৰ পুৰুলীয়াৰ পৰা অসমলৈ আহি অসহনীয় দুখ কষ্টৰ মাজতো এই ভূমিক নিজভূমি বুলি গণ্য কৰি লোৱাৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ এক সুন্দৰ প্ৰতিচ্ছবি উপন্যাসখনৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰতিফলিত হৈ আছে৷ কাহিনীবোৰত বিস্তৃত হৈ আছে চৰিত্ৰসমূহৰ এই ভূমিৰ আপোন হোৱাৰ, এই ভূমিক আপোন কৰাৰ স্পষ্ট হাবিয়াস৷ বাউৰী সম্প্ৰদায়ৰ নিজস্ব পৰম্পৰাসমূহৰ বিৱৰণ আৰু তাৰ সমানুপাতিকভাৱে থলুৱা পৰম্পৰা-সংস্কৃতিৰ প্ৰতি আকৰ্ষণ উপন্যাসখনৰ আটাইতকৈ উল্লেখনীয় দিশ, নিদৰ্শন৷ সাংস্কৃতিক আদান-প্ৰদানৰ কিছু দৃশ্যই সমাজৰ প্ৰীতি আৰু একতাৰ ছবিও ডাঙি ধৰিছে৷ মুঠতে প্ৰাক-স্বাধীন যুগৰ এক সম্পূৰ্ণ ছবি ঔপন্যাসিকে ফুটাই তোলাত সফল হৈছে৷

গতিশীলতা ড৹ বৰাৰ উপন্যাসৰ এক প্ৰৱহমান ধাৰা৷ এইখন উপন্যাসতো এই ধাৰা অক্ষুণ্ণ আছে৷ এমা-ডিমা বিজু কেতিয়ানো গৈ সংগ্ৰামী হোৱাৰ বয়স চুলেগৈ উপন্যাসখনৰ কোনো এটা ক্ষণতে অনুধাৱন কৰিব নোৱাৰি৷ সময়ৰ এই পৰিৱৰ্তনৰ সমান্তৰালভাৱে সামাজিক পৰিৱৰ্তনসমূহো দেখুওৱা হৈছে৷

প্ৰতিবাদী সত্ত্বাৰ আৰম্ভণিৰে, শিক্ষাৰ পোহৰেৰে, নিজে বস্তি ভাঙি খেতি বাতিত মনোনিবেশেৰে, স্বাধীনতা সংগ্ৰামৰ মজিয়ালৈ নায়কৰ মাজত ফুটাই তোলা হৈছে এক উন্নয়নকামী সমাজৰ নিদৰ্শন৷ এয়াও লেখকৰ এক বৃহৎ সাফল্য৷ মুঠৰ ওপৰত অসম প্ৰকাশন পৰিষদৰদ্বাৰা ২০১৪ চনত প্ৰকাশিত ২০৩ পৃষ্ঠাজোৰা শব্দশৈলীত পাঠকে বিচাৰি পাব এক মননশীল গদ্যশিল্প৷ বুৰঞ্জীমূলক পটভূমি আৰু সামাজিক পৰিৱৰ্তনৰ বিষয় ভাল পোৱা পাঠকৰ বাবে “স্বৰ্গাদপি“ এক নিশ্চিত সুখপাঠ্য৷ পঢ়িব খোজা পাঠকসকলৰ বাবে কিতাপখনৰ মূল্য ১৩০ টকাও অন্তৰায় নহয়৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!