ছাত্ৰ-ছাত্ৰীয়ে লব লগা দুটিমান ছালৰ যতন – ডাঃ প্ৰাঞ্জল জ্যোতি দত্ত

মৰমৰ ছাত্ৰ ছাত্ৰী সকল-এই যে তোমালোকে খেলা ধুলা বিলাক কৰোতে কেতিয়াবা পৰি ধৰি চেলচেলনি খোৱা, আঠুৰ ছাল চিঙা, হাতৰ ছাল চিঙা-সেই ছাল খনৰ কথাকেই আজি তোমালোকক কব খুজিছো৷ মানুহৰ শৰীৰটোক আৱৰি ৰখা আমাৰ ছালখন দেহৰ কাৰণে এক অতীব প্ৰয়োজনীয় অংগ৷ ছালখনৰ সহায়তেই কোনোবাই আমাক চুই দিলে আমি গম পাঁও৷ গৰম গাখীৰৰ গিলাচটো চুলে গৰম, বা ফ্ৰীজৰ পানীকণ চুলে ঠাণ্ডা বুলি গম পাও৷ নহয় নে বাৰু? তেনেকৈ তোমালোকে মনত ৰাখিবা যে শৰীৰৰ ভিতৰত বেছিকৈ তাপ জমা হলে, সেই তাপ ছাল খনৰ মাজেৰেই বাহিৰলৈ ওলাই গৈ দেহটো আমাৰ শীতল কৰে৷ অৰ্থাৎ শৰীৰৰ তাপমাত্ৰা বজাই ৰখাত ছালখনে অপৰিসীম সহায় কৰে৷ তেনেকৈ শৰীৰত জমা হোৱা কিছুমান দূষিত বস্তু ঘামত মিহলি হৈ শৰীৰৰ পৰা ছাল খনৰ মাজেৰেই ওলাই যায়৷ তদুপৰি শৰীৰক আক্ৰমণ কৰিব পৰা বিভিন্ন জীৱাণু বা কণিকাক ধ্বংস কৰিব পৰা কেতবোৰ সৈন্য সামন্তও ছাল খনত সোমাই থাকে৷ তোমালোকে জানাই যে এজন ব্যক্তিৰ সৌন্দৰ্য উজ্জ্বলাই তোলাত ছাল খনৰ গুৰুত্ব খুবেই বেছি৷ নহলেনো বাৰু আমাৰ মুখৰ ছাল খনত সৰু গুটি বা ফোঁহা এটা হলেও আমাৰ মনটো সেমেকি যায় নে? কিন্তু আমাৰ মৰমৰ ছাল খনৰ কাৰণে অকণমান যতন আৰু পৰিচৰ্যা লব পাৰিলেই আমাৰ ছালখনক স্বাস্থ্যবান আৰু ধুনীয়া কৰি ৰাখিব পৰা যায়৷ ছাত্ৰ ছাত্ৰী সকল সেয়েহে আজি তোমালোকক, ছাল খনৰ কাৰণে লব লগা দুটিমান যতনৰ বিষয়ে কব খুজিছো৷
পৰিষ্কাৰ পৰিচ্ছন্নতাই শাৰীৰিক স্বাস্থ্যৰ আধাৰ৷ ছাল খনো ইয়াৰ ব্যতিক্ৰম নহয়৷ নিয়মিত গা ধোৱা, মুখ ধোৱা, চুলি পৰিষ্কাৰ কৰা, নখ কাটিকুটি ৰখা বৰ দৰকাৰী কাম৷ ছাল খনৰ সৈতে ৰজিতা খোৱা কোমল চাবোনেৰে গা ধোৱা উচিত৷ কোমল ছালত ডাঙৰে ব্যৱহাৰ কৰা সকলো সামগ্ৰী নুসুজিবও পাৰে৷ সেয়েহে জেষ্ঠ্যজন বা আন অভিজ্ঞ ব্যক্তিয়ে নিৰ্ব্বাচন কৰি দিয়া চাবোন, শ্বেম্পু আদিহে তোমালোকে ব্যৱহাৰ কৰিবা৷ গা ধোৱাৰ পিচত ভাল দৰে গাটো টোকা বা মচি পেলোৱা অতি জৰুৰী৷ আধা শুকুৱা গা বা চুলিত বিভিন্ন জীৱাণুৱে গা কৰি উঠি ৰোগৰ উৎপত্তি কৰিব পাৰে৷ তেনেকৈ সাজ পাৰ বিলাকো সম্পুৰ্ণ শুকাণ হব লাগে৷ গৰম দিনত দুবাৰ গা ধোৱা ভাল৷ কেতিয়াবা দুবাৰ ধুব নোৱাৰিলেও, শোৱাৰ আগতে বা ভাত পানী খোৱাৰ আগতে তিতা গামোছাৰে গা মচি পেলাব লাগে৷ পানী টুকিবৰ সময়ত কাষলতি, কৰঙণ, টিকাৰ ফাঁক আদিৰ বিশেষ যতন লব লাগে, যাতে তেনে ঠাই বোৰ ভালদৰে শুকুৱাই পেলাব পৰা যায়৷ দিনে কমেও দুই তিনিবাৰ মুখ খন ধোৱাৰ এটা অভ্যাস তোমালোক সকলোৱে ৰাখিবা৷ মুখৰ ছাল খন যিহেতু খুব কোমল আৰু পাতল সেই বাবে সদায় বেছিকৈ ঘঁহি দিয়াৰ সলনি আলফুলকৈ কোমল কাপোৰেৰে টুকি পেলাবহে লাগে৷ বেছি গৰম পানী বা বৰফৰ টুকুৰা পোনপটিয়াকৈ গালত নাসানিবা দেই৷ কুহুমীয়া পানীৰে মুখ ধুব পাৰি৷ বৰফৰ পানী কৰি মুখ ধুলে ক্ষতি নহয়৷ গৰমৰ দিনত বৰফ চেঁচা পানীৰে দুপৰীয়াৰ বেলা স্কুলৰ পৰা আহি মুখ ধুব পাৰা৷ ফ্ৰীজ নাথাকিলেও, কলহত থোৱা চেঁচা পানীও সমানেই ভাল৷ ঘামুচিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈও চেঁচা পানীৰে গা ধোৱা বা মচিকাচি থকা ভাল৷ দৰকাৰ হলে ঘাম শুহিব পৰা টাল্ক যুক্ত বা ভেঁকুৰ নাশক পাউদাৰ ব্যৱহাৰ কৰিব পাৰা৷ বডী-স্প্ৰে বা ডিউদৰেণ্টৰ ব্যৱ্হাৰ তোমালোকৰ কোমল ছালৰ কাৰণে বৰ হানিকাৰক৷ চুলি সপ্তাহত তিনি দিন ভালদৰে ধোৱা বা শ্বেম্পু কৰা ভাল৷ তেনেকৈ ভাল ধৰণেৰে শুকুৱাবা৷ পৰাপক্ষত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ নকৰিবা৷ যদিহে তোমালোকৰ কোনোবাই উফি বা শাল মইনাৰ সমস্যাত ভোগা তেনে হলে চুলিত টিপ-টিপিয়াকৈ তেল সানি থোৱাৰ অভ্যাস এৰাই চলিবা৷ কেতিয়াবা তেল সানিবলৈ মন কৰিলে চুলি ধোৱাৰ এঘণ্টা মান আগতেই সানি থৈ ধুই পেলাবা৷ তেনেকৈ মুখত শালমইনাই দেখা দিলে কেতিয়াও সেই বিলাক চিকুটি ভাঙি দিয়াৰ চেষ্টা নকৰিবা৷ তাৰ ফলত কেতিয়াবা মুখত কলা দাগ বা গাঁত হোৱাৰ সম্ভাৱণা বাঢ়ি যায়৷ তেনেকৈ মুৰত খজুৱতি বা ফোঁহা হলেও সেইবোৰ নখেৰে ভাঙি বা চিকুটি নিদিবা৷
নিয়মীয়াকৈ নখ কাটিবা৷ নখৰ দাঁতি বা কাষবোৰ সদায় যথাসম্ভৱ থিয়কৈ কাটিব লাগে৷ নখৰ সমুখৰ ভিতৰভাগ পৰিষ্কাৰকৈ ৰাখিব লাগে৷ তোমালোকৰ কোনো কোনো ছাত্ৰ ছাত্ৰীৰ, নখৰ দাঁতিৰ ছাল দাঁতেৰে কামুৰি থকাৰ অভ্যাস থাকে৷ ই এটা অতি স্বাস্থ্য বিৰুদ্ধ কথা৷ তাৰ ফলত নখবিলাকৰ স্ব্চ্ছতা নষ্ট হৈ যোৱাৰ উপৰিও নখচটা ভাগি এৰাই যোৱাৰ সম্ভাৱণাও থাকে৷ তাৰ লগতে নখত সোমাই থকা জীৱাণু তিলিকতে পেট পায়গৈ আৰু পেটৰ ৰোগো কৰেগৈ৷ এই কথাবোৰো মনত ৰাখি চলিবা৷ শীতকালত নখৰ গুৰিৰ ছাল এৰাই যায়৷ তেনে ছাল কেতিয়াও চিঙিব নালাগে৷ সৰু কেঁচীৰে কাটিহে দিব লাগে৷ নখৰ আশে-পাশে থকা শুকাণ ছালত জাৰৰ দিনত নাৰিকল তেল বা গ্লিচাৰিণ সানিব পাৰা৷
তোমালোকে জানা ঠাণ্ডা দিনত ছাল খনত থকা পানীৰ পৰিমাণ শুকাই যায়৷ ছালখন হৈ পৰে খহটা৷ কেতি্যাবা আঁকবাঁকো পৰে৷ তেনেকুৱা দিন বোৰত ছাল বেছিকৈ শুকাই গলে, চাবোনৰ ব্যৱহাৰ কমাব লাগে৷ গাধোৱা ঘৰতে তোমালোকে নাৰিকল তেল, গ্লিচাৰিণ বা আন মইশ্যাৰাইজাৰ থৈ দিবা৷ গা ধুই উঠিয়েই তেনেকুৱা তৈলাক্ত পদাৰ্থ গাত মালিচ কৰিব লাগে৷ হাত-ভৰি ঢকা কপাহী সাজ পাৰ পিন্ধিব লাগে৷ বহু বেছি সময়ৰ কাৰণে জুই বা হিটাৰৰ কাষত বহিলে ছাল বেছিকৈ শুকাব পাৰে৷ ঠাণ্ডাৰ দিনত মন গলে পিচে অকণমান জুইৰ সেক লৈ পঢ়াৰ টেবুলত বহিলে বেয়া নহয়৷
শৰীৰত কিছুমান খাদ্যপ্ৰাণ যেনে ক আৰু ঘ শ্ৰেণীৰ খাদ্যপ্ৰাণ প্ৰস্তুত হবলৈ হলে ৰদৰ পোহৰ খুবেই আবশ্যক৷ সেয়েহে প্ৰয়োজনীয় মাত্ৰাত সীমিত সময়ৰ বাবে ৰদত বহা বা খেলা-ধুলা কৰাটো দৰকাৰী৷ সেয়ে হলেও অত্যধিক ৰদৰ তাপ বা পোহৰে ছালখনক ক্ষতি কৰে৷ সেই দিশৰ প্ৰতিও সজাগ হবা তোমালোক৷ প্ৰয়োজন হলে দীঘল হাতৰ চোলা, টুপি বা চান গ্লাছৰ ব্যৱহাৰ কৰিবা৷ ভৰ দূপৰীয়াৰ চোকা ৰদ জাকত বেছি সময় নেখেলিবা৷ ৰদৰ পোহৰত থকা অতি বেঙুণীয়া ৰশ্মিৰ দৰেই, টি.ভি বা মোবাইলৰ পৰা নিৰ্গত বিকীৰণেও ছাল খনৰ ক্ষতি কৰে৷ সেই কাৰণে টি.ভি যিমান পাৰি দূৰৰ পৰা নিৰ্দিষ্ট সময়ৰ কাৰণেহে চাবা৷ বহু সময় ধৰি মোবাইলত গেম খেলাৰ অভ্যাস পৰিহাৰ কৰিবা৷ চকুৰ লগতে সেইবোৰে ছাল খনৰো ক্ষতি কৰে৷
সুষম খাদ্য সুস্বাস্থ্যৰ চালিকা শক্তি৷ ছাল খনৰ কাৰণেও, প্ৰচুৰ পানীৰ লগতে খাদ্যপ্ৰাণ আৰু খনিজ-লৱণ জাত খাদ্য খুবেই দৰকাৰী৷ শাকপাচলি আৰু সতেজ ফলমূল খাবলৈ পিছ নোঁহোকিবা৷ মুখৰোচক বজৰুৱা খাদ্যৰ অভ্যাস স্বাস্থ্য সন্মত মুঠেই নহয়৷ তেনে খাদ্যত থকা ৰাসায়নিক দ্ৰব্যই স্বাস্থ্যৰ হানি কৰাৰ লগতে, পুষ্টিকাৰক খাদ্যৰ প্ৰতি অৰুচিৰ জন্ম দিয়ে৷ তাৰ পৰিণতি সহজেই অনুমেয়৷
যি কি নহওক, হে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল, ছাল খনৰ লগতে তোমালোকৰ সম্পুৰ্ণ শৰীৰটোৰেই যতন লৈ, নিজকে একো একোজন সুস্থ সবল, সক্ষম আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলাৰ ব্ৰতত ব্ৰতী হোৱা৷ মনত ৰাখিবা তোমালোকৰ চিন্তা আৰু কৰ্মৰ ওপৰতেই আমাৰ সমাজ খনৰ ভৱিষ্যতৰ সৰ্বাংগীণ ছবিখন নিৰ্ভৰ কৰিছে৷ তোমালোকলৈ হিয়াভৰা শুভকামনা যাচিলো৷

 

ডাঃ প্ৰাঞ্জল জ্যোতি দত্ত

চৰ্মৰোগ বিশেষজ্ঞ, যোৰহাট

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!