ছিক্সটীন (অয়ন উত্তম)

ছিক্সটীন

অনু— এগৰাকী উচ্চাকাংক্ষী, মনত দুৰ্বাৰ সাহস থকা আৰু মুকলি মনৰ প্ৰায় ১৬ বছৰীয়া সুন্দৰী যুৱতী৷ ইচ্ছা ‘মডেল’ হোৱাৰ, ‘মিছ ইণ্ডিয়া’ হোৱাৰ৷ ‘লিভিং টুগেদাৰ’ত থকা অভিভাৱকেও অনুক সকলো সুবিধা দিছে— টকা-গাড়ী-দামী ম’বাইল-ক্ৰেডিট কাৰ্ড ইত্যাদি৷ প্ৰেমৰ সম্পৰ্কত বেছি দিন থকা বিধৰ যুৱতী নহয় অনু৷ প্ৰেমিকৰ সংখ্যাও অসংখ্য৷ কিন্তু হঠাৎ অনুৱে অধ্যয়ন কৰা বিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থীৰ ম’বাইলত অনুৰ অশ্লীল এম এম এছে ভিৰ কৰে৷ অনুৰ জীৱনলৈ অন্ধকাৰ নামি আহে৷ অভিভাৱকেও তাইৰ সংগ এৰে৷ তাই আগবাঢ়ি গ’ল নিজকে শেষ কৰি দিবলৈ, অৰ্থাৎ আত্মহত্যা৷ কিন্তু …

নিধি— অধ্যয়নত চোকা, এটা মধ্যবিত্ত পৰিয়ালৰ প্ৰায় ১৬ বছৰীয়া সহজ ছোৱালী৷ দেউতাকে অত্যন্ত ভাল পায় নিধিক৷ প্ৰেমৰ ক্ষেত্ৰত খুব গোড়ামী নিধিৰ, অৰ্থাৎ অন্তৰৰ পৰা অহা ভালপোৱাৰ বাহিৰে ‘যৌনতা’ক প্ৰাধান্য নিদিয়ে৷ দেউতাকেও সেই বিশ্বাসতেই নিধিক বান্ধৱীৰ সৈতে ‘ডিস্ক’’লৈও যাবলৈ বাধা নিদিয়ে৷ কিন্তু হঠাৎ নিধি অন্তঃসত্ত্বা হ’ল৷ বন্ধু-বান্ধৱীয়ে তাইক ভৰ্তি কৰালে এখন ব্যক্তিগত নাৰ্ছিং হোমত৷ নিধিয়ে এই কথা দেউতাকৰ পৰা লুকুৱাব বিচাৰিছে, মুখামুখি হ’ব বিচৰা নাই দেউতাকৰ৷ কিন্তু…

তানিছা— সৰুতেই মাক-দেউতাকক দুৰ্ঘটনাত হেৰুওৱা, অকলশৰীয়া পেহীয়েকৰ লগত থকা প্ৰায় ১৬ বছৰীয়া সুন্দৰী যুৱতী৷ পেহীয়েকে সম্পূৰ্ণ স্বাধীনতা দিছে তানিছাক, তানিছাৰ বহল মনটোক দেখা পায়৷ কিন্তু এই তানিছাই প্ৰেমত বাৰে বাৰে অসফল হৈ ৰৈছে, তানিছাই ভালপোৱা প্ৰতিজন যুৱকেই তাইক এৰি গুচি যায়৷ হঠাৎ পেহীয়েকৰ ঘৰলৈ ‘পেয়িংগেষ্ট’ হিচাপে অহা এজন লেখকৰ প্ৰেমত পৰে তানিছা৷ বয়সত ডাঙৰ এই লেখকজনেও তানিছাক সংগ দিয়ে, সাহস দিয়ে৷ কিন্তু অবিবাহিত পেহীয়েকেও লেখকজনক মনে-প্ৰাণে ভাল পাবলৈ ধৰে, এই কথা তানিছাক নিজেই কয় পেহীয়েকে৷ এটা জটিল সন্ধিক্ষণত তানিছাই নিজক অৰ্পণ কৰি দিবলৈ আহে লেখকজনৰ ওচৰলৈ৷ কিন্তু …

অশ্বিন— কঠোৰ পিতৃৰ অনুশাসনত ডাঙৰ হোৱা প্ৰায় ১৬ বছৰীয়া যুৱক৷ অধ্যয়নত ভোটা, কিন্তু বহল মনৰ অশ্বিনক আই পি এছ হ’বলৈ বাৰে বাৰে সকীয়নি দিয়ে পিতৃয়ে৷ সৰু সৰু কথাতেই প্ৰহাৰ কৰে পিতৃয়ে৷ অশ্বিনে ভালপায় তানিছাক, কিন্তু তানিছাই খুব ভাল বন্ধু হিচাপেই জ্ঞান কৰে অশ্বিনক৷ এই কথাত হতাশ হৈ ঘৰলৈ অহা অশ্বিনক পুনৰ প্ৰহাৰ কৰে পিতৃয়ে৷ খঙত হিতাহিত জ্ঞান হেৰুৱাই অশ্বিনে হত্যা কৰে দেউতাকক৷ ঘৰৰ পৰা পলাই গৈ খোজ দিয়ে অপৰাধ জগতত৷ অপৰাধ জগতখনৰ ‘বছে’ অশ্বিনক এটা হত্যাৰ ভাৰ দিয়ে৷ পুনৰ এটা হত্যাৰ বাবে সাজু হয় অশ্বিন৷ কিন্তু …

‘ছিক্সটীন’ (Sixteen)— এই ‘কিন্তু’বোৰক লৈয়ে পৰিচালক ৰাজ পুৰোহিতে নিৰ্মাণ কৰিছে ছবিখন৷ অভিভাৱকৰ হেঁচা, প্ৰেমৰ সম্পৰ্কত জটিলতা, অবৈধ গৰ্ভধাৰণ, আত্মহত্যাৰ তাড়না, অধ্যয়নৰ হেঁচা, এম এম এছ কাণ্ড, কৈশোৰৰ অপৰাধ ইত্যাদি জটিল বিষয় কেইটামানক লৈ এখন সুন্দৰ ছবি উপহাৰ দিলে পুৰোহিতে৷ হলত ছবিখন চলিল নে নচলিল, বক্স-অফিচত কি প্ৰভাৱ পেলালে ছবিখনে— সেয়া এক বিতৰ্কিত বিষয়; কিন্তু প্ৰতিজন অভিভাৱকে, প্ৰতিজন নৱ-প্ৰজন্মই চাব লগা ছবি ‘ছিক্সটীন’৷ ইজাবেল, মেহেক, ৱামিকা, ৰোহন ইত্যাদি অখ্যাত যুৱ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ছবিখনে উদঙাই দেখুৱাইছে কিছু বিতৰ্কিত বিষয়— চিন্তা কৰিবলৈ বাধ্য কৰাইছে অভিভাৱকক, নৱ প্ৰজন্মক৷ পৰিচালকে প্ৰতিজন অভিনেতা-অভিনেত্ৰীকে সম্পূৰ্ণ স্বাধীনতা দিছে অভিনয় দক্ষতা প্ৰদৰ্শন কৰিবলৈ আৰু তেনেদৰে প্ৰতিজনেও নিজৰ কাম কৰি গৈছে৷ ‘ষ্টাৰবিহীন’ ছবিখনত প্ৰতিজনেই একো একোজন ‘ষ্টাৰ’৷ ছবিখনৰ সকলোতকৈ ভাল লগা দিশ হ’ল ‘কাহিনী’৷ ৰাজ পুৰোহিত আৰু পৱন ছোনীৰ চিত্ৰনাট্যৰ ‘ছিক্সটীন’ক অনন্য মাত্ৰা প্ৰদান কৰিছে সংগীতে৷ নৱ-প্ৰজন্মৰ স্খলন-উত্থান, অভিভাৱকৰ দায়িত্ব-কৰ্তব্য ইত্যাদি বৰ্তমানৰ সৈতে খাপ খোৱা বিষয়ক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে৷ ইণ্টাৰনেট-ছ’চিয়েল নেটৱৰ্কিং ছাইট, স্মাৰ্ট ফোন, পকেট মানীৰ প্ৰয়োগ সঁচা অৰ্থত ক’ত ক’ত কৰা হৈছে আৰু ক’ত ক’ত কৰিব লাগে, সেই বিষয়েও দৰ্শকৰ চেতনা জাগ্ৰত কৰাত সহায় কৰিছে ছবিখনে৷ ছবিখনৰ দুৰ্বল দিশ বুলিবলৈ— চিত্ৰনাট্যই সামৰি ল’লে ধনিক শ্ৰেণীৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ জীৱন৷ অৱশ্যে ধনিক শ্ৰেণীৰ বিদ্যালয়তেই এই ধৰণৰ কাম-কাজৰ পয়োভৰ বেছি বাবে হয়তো পৰিচালকে তেনেদৰেই চিত্ৰনাট্য প্ৰস্তুত কৰিছে৷ আশাবাদী ছবি ‘ছিক্সটীন’— সম্পূৰ্ণ কাহিনীটো নিলিখিলোঁ, উপভোগ কৰাৰ পিছত এই ‘কিন্তু’বোৰৰ উত্তৰ পাব পাৰে দৰ্শকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!