জামুকী লগ্ন – মধুমিতা বৰুৱা শইকীয়া

জামুৰঙী চাদৰ মেখেলাযোৰ উলিয়াই লৈয়ো, তৰা থমকি ৰ’ল এবাৰ৷ পিন্ধিব জানো কাপোৰযোৰ? অৱশ্যে পূৰণা যদিও আজিও দহখন বুটিকৰ শেহতীয়া ফেশ্বনেৱল কাপোৰৰ লগত নিশ্চিতভাৱে ফেৰ মাৰিব পৰা কাপোৰ এইযোৰ৷ জিলিকা তৰা বচা কাপোৰযোৰ আগতে তাইৰ গাৰ ৰঙৰ লগত মিলি পৰিছিল৷
এবাৰ ৰগৰ কৰি সৌৰভেও কৈছিল, আইনা চাব নালাগে দিয়া, কাপোৰ আৰু পিন্ধোতাৰ great co- ordination, মানে ধৰা সাংঘাতিক মণিকাঞ্চন সংযোগ৷ অকণমান হলেও এটা নাৰ্চিছাচ উন্মাদনাই তাইক চুই গৈছিল৷ আন বহুতেও কৈছিল প্ৰশংসা সুলভ নানাকথা৷ অৱশ্যে মনপছন্দৰ কাপোৰযোৰ৷ পিন্ধি কোনোবাই কিবা কওক বা নকওক আইনাখনে কিন্তু তাইক প্ৰথমটো থামছ্আপ দিছিল৷

এতিয়া কথাবোৰ সলনি হ’ল৷ কপহুৱা চুলিতে নহয়, দেহাৰ মসৃণতাকো চুই গৈছে বাঢ়নী বয়স আৰু সময়ৰ দৈত্যকায় হাতে৷ কাপোৰবোৰে আজি কালি তৰাক তুলি নধৰে৷ কথাটো আচলতে তৰাই নিজেই অনুভৱ কৰিব পাৰে৷ আইনাই মিছা নকয়৷ আগতে থামছ্আপ দিয়া আইনাখনে যেন আজিকালি লাহেকৈ হাতদাঙি তাইক নিৰুত্তাপ সহাঁৰি এটাহে দিয়ে৷

তথাপিও আজিৰ কথা অলপ বেলেগ৷ সৌৰভৰ ভাগিনৰ বিয়া৷ আত্মীয় স্বজনৰ উপৰিও তেওঁৰ আৰু তৰাৰ প্ৰায় গোটেইবোৰ বন্ধুবৰ্গৰ সমাগম হব৷ অলপমান ভালদৰেই পিন্ধি উৰি যাব লাগিব৷

পাতলীয়া মেকআপখিনিৰে পাছে নিজকে বেয়া নেদেখিলে তাই৷ তাৰপাছত আহিল গহনাৰ কথা৷ তাই সাধাৰণতে খালিকৈ থৈ ভালপোৱা ডিঙিত কি পিন্ধিবনো বাৰু৷ ডিঙিটো খালি কৰি থোৱাৰ বাবে মাককে ধৰি বহুতে তৰাক মৃদু ভৰ্ৎসনা কৰে৷ আনকি কাষৰ ঘৰৰ মহিলা ববী বাইদেৱে কওঁ নকওকৈ কেতিয়াবা কৈয়ে দিয়ে, ….. কি খালি ডিঙি আৰু হাতৰে থাকা অ৷ কিবা এডাল ডিঙিত থাকিব লাগে আচলতে৷ তৰাই শলাগি থয় যদিও পিন্ধিবলৈ মন নকৰে৷ ক’বলৈ গ’লে পিন্ধিব নোৱাৰেও৷ পিন্ধাৰ লগে লগে খজুৱতি ধৰা যেন লাগে৷ অৱশ্যে বিশেষ কিবা নিমন্ত্ৰণ আদিলৈ ওলাই মেলি গ’লে ভাললগা এণ্টিক জুৱেলাৰীৰ এপদ পিন্ধিয়েই কাম চলায় তৰাই৷

আজি কিন্তু নিজৰ আত্মীয়ৰ বিয়াৰ কথা৷ গতিকে নিয়ম ৰক্ষাৰ বাবে হলেই আজি পিন্ধিবই লাগিব কিবা এধাৰ সোণৰ গহনা৷

কিন্তু লেঠা লাগিল এটা৷ মানে কোনো এপদ সোণৰ গহনাই বিশেষকৈ ডিঙিৰ নেকলেচডাল জামুৰঙী কাপোৰযোৰৰ লগত কোনোমতেই নিমিলিল৷ উপান্তৰ তাই বহু বছৰ আগতে, হায়দৰাবাদত কিনা ব্লেক পাৰ্লৰ চেটটো উলিয়াই ল’লে৷ খোপাটো ওখকৈ বান্ধি তৰাই ডিঙিৰডাল হাতত ল’লে৷ তেতিয়াহে ওলাল আচল সমস্যাটো৷ কোনোপধ্যেই তাই ডিঙিটোৰ পাছফালৰ হুকটো লগাব নোৱাৰে৷ বিশেষ কায়দাৰে বনোৱা কেৰেচীয়া হাকোটা এডালৰ দৰে, হুকটো আন্দাজমতে লগাবলৈও গৈয়ো বাৰে বাৰে ৰৈ গ’ল৷ পিন্ধাৰ অভ্যাস থাকিলেহে তাইৰ৷ জোৰকৈ লগাবলৈ বিচাৰোতে হাতখনো সিৰিককৈ মাৰিলে৷ পাছফালে নিয়াটোতো দূৰৰে কথা৷ গলধনতে লাগি ধৰে হাতখন৷

ইফালে ইতিমধ্যে, ধুনীয়া কাপোৰ কানি পিন্ধি উৰি, সৌৰভ ফিটফাটহৈ ড্ৰেচিং টেবুলৰ ওচৰ পালেহি৷ হঠাতে তৰাই বহুত দিনৰ মূৰত সৌৰভলৈ চায় মন কৰিলে, ধুনীয়া হৈ আছে সৌৰভ৷ তৰাই মন কৰিলে তাইৰ এলেহুৱা স্বভাৱৰ ফলত অযত্ন পালিত কৰি পেলোৱা দেহবল্লৰীলৈ৷ কিয় বাৰু মই ইমান জাধলী বাৰু বুলি নিজকে নিজে গালি এটা দিলে তাই৷ অৱশেষত৷ ডিঙিৰ নেকলেচডাল অলপ পাছত পিন্ধিব বুলি ভাবি লৈ, কাপোৰৰ জামুৰঙী ৰংটিৰ লগত মিলাকৈ লিপষ্টিক বিচাৰিবলৈ ধৰিলে৷

ইফালে উচপিচায় উঠিল সৌৰভ, …..আজি হবগৈনে তোমাৰ সাজোন কাচোন……..
… হেৰা, ডিঙিৰ নেকলেচডালৰ পাছফালৰ হুকটো লগায় দিয়ানা৷ সৌৰভ অকণমান বিৰক্ত হ’ল যদিও তৰাৰ ওচৰলৈ আহিল৷ এইবোৰ কামত আগতে, মুনমা লাগিছিল৷ জোৰজবৰদস্তি তৰাক ষ্টাইল কৰিবলৈ বাধ্য কৰিছিল৷ এতিয়া উকা ঘৰখন৷ তাই বাহিৰত থকা বছৰচেৰেক হ’ল৷

কেতিয়াবা সময়বোৰ অসহনীয় হৈ উঠে৷ ঘৰখনত এতিয়া নিৰ্জনতাই দিনলিপিৰ অনাহুত দান৷

সৌৰভে বুজি পালে, তৰাৰ ডিঙিৰ নেকলেচডালৰ হুকটো লগাবলৈ তাৰ বাহিৰে কোনো নাই৷ এই কথাবোৰ সৌৰভে আমনি পায়, আদা বেপাৰীৰ জাহাজৰ খবৰৰ দৰে, তৰাই কি ৰঙৰ কাপোৰ পিন্ধিব, কোনডাল নেকলেচ পিন্ধিব তাত সৌৰভৰ কোনো মাথা বেথা নাই৷ তৰাৰ সেইটোৱেই আপত্তি৷ সৌৰভৰ এনেকুৱা ৰোমাণ্টিক চেন্সয়েই নাই৷ আগতে অলপ আছিল যদিও আজিকালি অকণো নাই৷ প্ৰাত্যাহিকতা আৰু বাঢ়নী বয়সে যেন ৰুঢ়তাৰে কাঢ়ি
…হেৰা দিয়া, দিয়া কিহৰ হুক লগাই দিব লাগে৷ সৌৰভ তৎপৰ হৈ উঠিল৷ সোনকালে গ’লে পুৰণি মানুহবোৰ লগ পাব পাৰিব৷

খপজককৈ তৰাই নেকলেচডাল সৌৰভৰ হাতত দি ডিঙিটো আগবঢ়ায় দিলে৷ অচিন আবেগ এটা ই তাইক চুই গ’ল৷ ইস্ কিমান দিনৰ মূৰত আজি সৌৰভে আহি তাইৰ শৃংগাৰত সহায় কৰিছে৷ পলকতে এটা ভাললগাই তৰাক বিনোদিনী কৰি তুলিলে৷
…..অহ, তোমাৰ ডিঙিত অৱশ্যে বয়সৰ আচোঁৰ বৰকৈ পৰা নাই অ তৰা৷ ৰঙটোৱে বগী কৰি থৈছে যে৷ কথাখিনি একান্ত সাধাৰণভাৱেই কৈছিল যদিও তৰাৰ বুকুখন ভৰি পৰিল৷ এনেকুৱা এষাৰ কথা নুশুনাযে কিমান বছৰ হ’ল৷ প্ৰাত্যহিকতাই কাঢ়ি নিছিল জীৱনৰ আবেগৰঙীন ক্ষণ আৰু বিমুগ্ধ বসন্ত যেন লগা অনুভৱ বোৰ৷ ডিঙিৰ নেকলেচডালৰ হুকটোকে ধন্যবাদ দিবলৈ মন গ’ল তৰাৰ৷

হ’ল দিয়াই দিলো হুক, এতিয়া আৰু আইনাৰ আগত দেৰি কৰি থাকিব নালাগে৷ ৰূপহীহৈ থকাৰ হেঁপাহ এটাই এতিয়াও তোমালোকক এতিয়াও বিন্ধি থাকে নহয়……

হৈছে, হুকডাল লগায় দিলা বুলিয়েই ইমান লেকচাৰ দিব নালাগে৷ পৃথিৱী উদ্ধাৰ কৰা নাই দিয়া৷

অৱশেষত খপজককৈ তৰা গাড়ীত বহিল৷ দুৱাৰখন আধাখোলাকে থৈ, গাড়ীৰ গ্লাচখন মোহাৰিবলৈ ধৰিলে৷ গাড়ীৰ লাইটটো জ্বলি থকাত তৰাই আকৌ এবাৰ নিজৰ বেশভূষাখিনি শেষ বাৰলৈ চায় ল’লে৷ গোমা ফাগুণৰ দৰে মনটো জামৰি গ’ল তৰাৰ৷ অলপ অলপ কেটেৰেক্ট আৰম্ভ হবলৈ ধৰা সৌৰভৰ চকুৱে নমনিলে নেকি, নেকলেচডালৰ হুকটো ওলোটাকৈ লগালে৷ ফলত তলবল কৰি থকা কুহুমবুলীয়া পেনডেণ্টটো, ওলোটা হৈ থাকিল৷ অৱশ্যে মন নকৰিলে সতকাই কাৰো চকুত নপৰে৷ ওলোটাফালেও আছে সূক্ষ্ম কাজ কৰা৷ পাছে তৰাই শৃংগাৰৰ মধুৰতাখিনি নষ্ট কৰিবলৈ নিবিচাৰিলে৷ প্ৰশান্ত মনৰে, নিজৰ লগ বন্ধুক লগপাবলৈ উচপিচায় থকা সৌৰভকো মনত পেলাই দিবলৈ মন ন’গল তেওঁৰ বাঢ়ি অহা বয়সৰ অৱধাৰিত প্ৰভাৱৰ কথা৷ একো নাই, জীৱন এনেকুৱাই৷ মনৰ বৈভৱক, দাম্পত্য জীৱনৰ মাধুৰীমাক বয়সে গৰকিব নোৱাৰে৷ নেকলেচডালৰ ওলোটা হুকটো আচলতে এটা মিঠা উন্মাদনাহে৷

এইবোৰকে ভাবি গাড়ীৰ দুৱাৰখন বন্ধ কৰোঁতে নুমাই গ’ল গাড়ীৰ ভিতৰত লাইটটো৷ লাইটৰ পোহৰখিনি তৰাৰ মন আকাশত বিজুলীৰ বিচ্ছুৰিত বৰ্ণালী হৈ পৰিল৷ পাতলকৈ সানি লোৱা সুগন্ধিখিনিৰ কোমল নিৰ্যাস আৰু তৰাৰ তৰাবচা সন্ধিয়াৰ অনুভৱৰ অনুৰণনত তলবলায় উঠিল এটি জামুকী লগ্নৰ এধানি মাধুৰীমা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!