টেঙা ফুটুৱা পুঠী মাছ —গীতা দত্ত

 

ৰেচিপি :
টেঙা ফুটুৱা পুঠী মাছৰ জুতি । এইটো মোৰ অতি প্ৰিয় থলুৱা ব্যঞ্জন । মোৰ আইতাই আগতে জুহাল্ত বহি এইয়া ৰন্ধা মনত পৰে । এটা কথা ,বৰ্তমান সেই আইতাই ৰন্ধাৰ দৰে মাছৰ সোৱাদ মই নাপাওঁ । বিশেষকৈ আমাৰ বিল ,পুখুৰীত থকা মাছৰ সোৱাদেই সুকীয়া । যি পালোঁ ,সেই কেইটা পুঠী বাছি মেলি ৰান্ধিলোঁ । প্ৰথমে মাছ কেইটাত নিমখ হালধি সানি ললোঁ । তাৰ পাছত তাৱা এখনত অকণমান মিঠা তেল গৰম কৰি মাছ কেইটা দিলোঁ । দুই পিঠি আধা সিজাকৈ ভাজি ললোঁ । । আধা ভজা হওঁতে , নেমু এফাল চেপি দিলোঁ । নেমুৰ ৰস দুই পিঠিত লাগিবৰ বাবে মাছকেইটা লুটিয়াই দিলোঁ । এটা সময়ত নেমুৰ ৰস খিনি শুকাই যোৱাৰ পাছত , অকণমান ধনিয়া কাটি ছটিয়াই দিলোঁ আৰু ভাতৰ লগত পৰিবেশন কৰিলোঁ । গৰমৰ দুপৰীয়া এনেকৈ মাছ ভজা খায় বৰ ভাল পাওঁ !

———————————————————————————————-

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!