ডাক্তৰ ধনীৰাম বৰুৱা দোষী নে নিৰ্দোষী

ডাক্তৰ ধনীৰাম বৰুৱা দোষী নে নিৰ্দোষী(মনোজ মন)

মনোজ মন (টাইৱান) ঃ ডাক্তৰ ধনীৰাম বৰুৱা দোষী নে নিৰ্দোষী ! নে তেখেত কাৰোবাৰ আক্ৰোশৰ চিকাৰ হৈছে !!! মোৰ মনে কয় তেখেতে জনসাধাৰণৰ উন্নতিৰ বাবে প্ৰচলিত ধাৰাৰ পৰা অলপ বেলেগকৈ চিন্তা-চৰ্চা কৰিব চেষ্টা কৰি আহিছে বহু বছৰ ধৰি | তেখেতে এইদৰে গৱেষণাৰ নামত নিজৰ জীৱন উচৰ্গা নকৰি সুখে-সন্তোষে থাকিব পাৰিলেহেতে | মনত পৰা দিন ধৰি তেখেতেৰ ওপৰত চলি অহা অত্যাচাৰ সমূহ, তেখেতৰ জীৱনলৈ অহা আহুকাল সমূহ দেখি আহিছো | বিজ্ঞসকলৰ মন্তব্য আশা কৰিলো ||

দিগন্ত শ‍ইকীয়া :মোৰো এক মত ৷ অসমত গৱেষনা কৰাৰ বাতাবৰন নাই … এজনেই দেখিছিলো তেওঁও চিকাৰ হ’ল ! আমি আচলতে গেলিলিও যুগতে বাস কৰি আছো !!

মনোজ মন :মোৰ ইয়াত দেখিছো ডাক্তৰ সকলেও পিএইচ দি কৰি আছে, গৱেষণা কৰি আছে ৰোগীৰ চিকিত্সা কৰাৰ ওপৰিও | কিন্তু অসমলৈ চকু গ’লে মনটো বেয়া লাগি যায় | ধনীৰাম বৰুৱাৰ প্ৰেছ বিজ্ঞপ্তি এখন পঢ়িলো আজি, তেখেতৰ উদ্যানৰ প্ৰায় এহেজাৰ জোপা গছ কাটি পেলোৱা হ’ল তাত হোটেল খুলিবলৈ | কিমান দুখ লগা কথা এইটো | ভোগ-বিলাসিতা কৰিবলৈ যে এক সুস্থ শৰীৰ লাগে সেয়া সেই পিশাচ কেইটাই বুজি নাপায় নেকি ! কিবা এটা বেমাৰ হ’লেই আমি বাহিৰলৈ দৌৰ মাৰো | অসমত কোনোবা ৰোগীৰ মৃত্যু হ’লে আমি ডাক্তৰক কিলাও | কিয় ? ধনীৰাম বৰুৱাই কিবা নতুন আৱিস্কাৰ কৰিবলৈ বিচাৰিছে তেন্তে আমি কিয় তেখেতক সহায় কৰা নাই ? সৰুতে তেখেতে গাহৰিৰ হৃদপিণ্ড লগোৱাৰ বাবে জেললৈ যোৱা খবৰটো পঢ়িছিলো | সংবাদ মাধ্যমৰ দয়াত তেতিয়া বুজি পোৱা নাছিলো তেখেতে আচলতে কি কৰিব বিচাৰিছিলে, কিন্তু এতিয়া মোৰ বিবেকে কয় আমি সকলোৱে তেখেতেৰ বাবে মাত মতা উচিত |

অজয় লাল দত্ত :কবলৈ বেয়া….অসমত সাংবাদিক মানেই সাংঘাটিক হেনো৷ তেওঁ সেই সাংঘাটিকৰ চিকাৰ হল…ইমান হালধীয়াখন কৰিলে যে তেওঁক সৰিয়হফুল দেখুৱাইহে এৰিলে….কিন্তু তেখেতক পাগল বুলি প্ৰচাৰ কৰিব বিচাৰিলে….কিন্তু প্ৰথমে পাগল বুলি সমাজে স্বীকাৰ কৰাজনেই পাছলৈ স্বীকৃত হয়৷ সেয়া পাহৰি গলে নহব৷তেওঁক বদনাম কৰা সকলৰ বুকুতে তেওঁৰ আৱিস্কাৰ বৰুৱা ভালভ লগাৰ দিন আহক৷

ভগৱান যদি তুমি আছা,এই মিৰাকলটোকে কৰানা!

মনোজ মন :বহুত বেলেগ দেশৰ কথা নকৈ আমেৰিকাৰ কথাই কওঁ | আমেৰিকা যুক্তৰাষ্ট্ৰক আমি বেয়া পাওঁ, তেওঁলোকৰ কামৰ নিন্দা কৰো.. কিন্তু আজি যদি ডাক্তৰ ধনীৰাম বৰুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ এই গৱেষণা কৰি থাকিলেহেতেন তেন্তে তেওঁ ইতিমধ্যে বহুত কিবা কিবি সন্মান পালেহেতেন ! কিন্তু তেওঁ তেনে সন্মান বিচাৰি নগ’ল কলৈকো | তেওঁ এতিয়াও যুঁজি আছে অকলে অকলে , যোগদলৰ হত্যাকাণ্ডৰ মূল অভিযুক্তই এতিয়াও আইনৰ মেৰপাকৰ বাহিৰত, অথচ তেওঁলোকক হত্যাকাৰী বুলি সাক্ষীও দিছে বহুজনে | আমাৰ আইন ব্যৱস্থাৰ এনে ফোপোলা অৱস্থাৰ বাবেই ধনীৰাম বৰুৱা এই সকল পিশাচৰ আক্ৰোশৰ চিকাৰ হৈ আহি আছে; কিন্তু মাত মাতোতা কোনো নাই | নদী বান্ধ বন্ধ কৰিবলৈ জনা-নজনা বহুজনে আন্দোলন কৰিছে, বহু মন্তব্যও লিখিছে বাতৰি কাকতত… কিন্তু ধনীৰাম বৰুৱা পক্ষত থিয় দিবলৈ সকলোৰে ভয় কিহৰ !

আজিজ উল হক :মই ব্যক্তগত ভাবে ডঃ বৰুৱাক নাজানো যদিও আৰু সকলো সংবাদ মাধ্যমে পৰিবেশন কৰা খ-খবৰ সকলো ক্ষেত্ৰতে বিশ্বাসযোগ্য নহয় যদিও তেওঁৰ চিকিত্‍সাৰে সুস্থহোৱা কেইবাজনো লোকৰ সাক্ষ্য পাইছোঁ আৰু আগৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে আৰোপ কৰা গুচৰত তেওঁ জয়ীহোৱা আদি কথাবিলাক ভাবিচালে তেওঁ কাৰোবাৰ আক্ৰোশৰ বলি হোৱা যেনহে লাগিছে ৷ ই অতি পৰিতাপৰ কথা ৷ আনন্দৰ কথা যে তেওঁ স্বদেশ এৰি যোৱা হৰগোবিন্দ খোৰানা নহ’ল ৷

আফটাৰ হুছেইন চৌধাৰী :জই আই অসম৷ আজি তুমি হইতো অতি দূখেৰে লক্ষ্য কৰিছা যে তোমাৰেই এজন সু্যোগ্য সন্তান ডাক্তৰ ধনীৰাম বৰুৱাই নিজৰ মানুহখিনিৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰি আছে কিন্তু কিছুমান ব-কলম, কুখ্যাত মানুহ নামৰ প্ৰাণিয়ে তেওঁক বাৰে বাৰে বাধা দি আছে নিজৰ স্বাৰ্থৰ বাবে৷ সচাঁকৈয়ে কিছুমান স্বাৰ্থপৰ মানুহ(!)ৰ বাবে আমি অসমীয়া জাতি ড: বৰুৱাৰ গৱেষণাৰ অমুল্য ফলাফলৰ পৰা বঞ্চিত হৈ আছো৷ এই অৱস্থাৰ পৰিবৰ্তন নহলে কেতিয়াও কোনো ড: বৰুৱা আগবঢ়ি নাহে আমাৰ কাৰনে কোনো গৱেষণা কৰিবলৈ৷

দেবব্ৰত গগৈ :মানুহজনৰ দোষ এটাই তেখেত সময়তকৈ আগবঢ়া ।

উদ্দীপ তালুকদাৰ :ডাক্তৰ ধনীৰাম বৰুৱাক ভাল-বেয়া বোলাৰ আগেয়ে তেখেতৰ ওপৰত মূলতঃ কি কি দোষাৰোপ কৰিব পাৰি, সেইকেইটা চাব লাগিব। আৰু সেইটো কৰোঁতে মানুহজনক আগেয়েই ভাল-বেয়া একো বুলি নধৰাটোৱেই শ্ৰেয়। প্ৰথমেই আহোঁ একেবাৰে প্ৰথম কথালৈঃ

মানুহৰ দেহত গাহৰিৰ অংগ সংস্থাপনঃ এইটো বিষয়ত মূল অভিযোগ আছিল তেখেতে প্ৰাৰম্ভিক ethical কথাখিনি নমানকৈ পৰীক্ষা কৰিছে। আৰু সেইটো অভিযোগ মই যিখিনি বিচাৰি পালোঁ (গুগল-ত), তাৰ ভিত্তিত সম্পূৰ্ণ সঁচা। মানৱ দেহত যিকোনো পৰীক্ষা কৰাৰ আগেয়ে ভাৰতত icmr (indian council of medical research)ৰ দ্বাৰা প্ৰমাণিত প্ৰকল্পৰ আধাৰতহে কৰা যুগুত বুলি নিয়ম ধাৰ্য কৰি দিয়া আছে। সেয়ে, তেখেতে কৰোঁ বুলিলেও এই কামটো আগতে অনুমতি নোলোৱাকৈ কৰিব নোৱাৰে। আনকি প্ৰচলিত ঔষধ এবিধ আন ৰোগত পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিলেও সংশ্লিষ্ট কৰ্তৃপক্ষ (যেনে বিশ্ববিদ্যালয়ৰ ethics committee)-ৰ অনুমতি আৱশ্যকীয়। যিকোনো বৈজ্ঞানিক পৰীক্ষাৰে কিছুমান অৱশ্যে মানিবলগীয়া নিয়ম আছেই, সেইখিনি কৰি লোৱাটো বাধ্যতামূলক। এনে নিয়মসমূহ নামানিলে কেতিয়াবা হিতে-বিপৰীত হ’ব পাৰে। কিন্তু এই নিয়মৰ বিৰূদ্ধে কোৱা বহু মানুহ আছে। বিশেষকৈ এনে কিছুমান ঔষধ যাক এতিয়াও মানুহৰ উপযোগী বুলি স্বীকৃতি দিয়া হোৱা নাই, কিন্তু জন্তুৰ দেহত প্ৰমাণিত হৈছে, তেনে ঔষধৰ ক্ষেত্ৰত এই প্ৰশ্ন প্ৰায়েই উত্থাপন হৈ আহিছে। কাৰণ মানুহৰ বাবে স্বীকৃতি দিয়াৰ বাবে লগা পৰীক্ষাৰ সময়তে সেই ৰোগত আক্ৰান্ত বহুখিনি মানুহ সেই উপকাৰ নোপোৱাকৈয়ে ৰৈ যাব। সেয়ে ধনীৰাম বৰুৱাৰ নিশ্চিত ভাৱে আগেয়ে সেই কামখিনি কৰি লোৱাৰ আৱশ্যক আছিল। দ্বিতীয়তে এনে পৰীক্ষাৰ ফলাফল বাতৰি-কাকতত প্ৰকাশ কৰাতকৈ আগেয়ে কৰিবলগীয়া কাম হৈছে, সেই বিষয়ৰ জাৰ্ণেলত প্ৰকাশ কৰা। ঠিক এই কথাটোৰ লগত সম্বন্ধিত নহয় যদিও, উল্লেখনীয়ঃ ২০-৩০জন ৰোগীক লৈ কৰা পৰীক্ষাৰ সফল ফলাফল সাংবাদিক মাতি আনি প্ৰছ-মেল মাতি দেখুওৱা আন এটা ঘটনা বাতৰি-কাকতত দেখিছোঁ। সেইটো শুভ লক্ষণ নহয়, মানুহে এনে বিষয় দুদিন আলোচনা কৰি তাৰপৰা বিজ্ঞাপনৰ নিচিনাকৈ সেই চিকিৎসালয় বা ঔষধৰ কেইদিনমানৰ বিক্ৰী বাঢ়িলেও, তাৰপৰা দীৰ্ঘ-ম্যাদী কোনো লাভ নহয়। আৰু অসফল হ’লে সেই পৰীক্ষা কেতিয়াও বাতৰি-কাকতৰ মাজলৈ নাহে। কিন্তু যিকোনো বৈজ্ঞানিক পৰীক্ষাৰ মূল লাভ হৈছে, বিষয়টোত জ্ঞানৰ যোগ দিয়াহে (লগতে যদি মানুহৰ লাভ হয়, আৰু ভাল কথা), সেয়ে সফল-অসফল সকলো পৰীক্ষাই সমানে গুৰুত্বপূৰ্ণ। ধনীৰাম বৰুৱাৰ একেটা বিষয়তে আৰু এটা কথা উল্লেখনীয়, প্ৰথমে তেখেতে কলিজা আৰু হাওঁফাওঁ সংস্থাপিত কৰা বুলিছিল যদিও, আদালতত তেখেতে ভাল্ভৰ এটা অংশহে সংস্থাপন কৰা বুলিছিল। যদি সেয়ে সঁচা হয়, তেন্তে তেখেতে গোটেই কাণ্ডটোক প্ৰয়োজনতকৈ ডাঙৰকৈ দেখুওৱাএ চেষ্টা কৰিছিল সেইটোত সন্দেহ নাই। (আৰু আছে)

আৰু এটা প্ৰশ্ন আছে, ধনীৰাম বৰুৱাৰ পৰীক্ষাৰপৰা যদি অদ্ভূত কিবা এটা হ’লহেঁতেন, তেন্তে আজি আমি তেখেতক দূষিলোহেঁতেন! পৰীক্ষা এটা সফল হোৱাৰ পাছত মানি ল’বলৈ সহজ, কিন্তু আগতেই সেই ফলাফল যাতে ভয়ানক নহয়, তাৰ বাবে সাজু হৈ থকাটো নিয়ম। ধনীৰাম বৰুৱাই অন্ততঃ এইখিনি সাধাৰণ নিয়মটো মানি চলা নাছিল।

 

কেইজনমান ৰোগী সম্মুখত লৈ মই অমুক বেমাৰৰ ঔষধ উলিয়ালো বুলি ক’বলৈ আমাৰ ডাক্তৰ-বেজসকলৰ কিবা এটা হৈছে। বহুত ৰোগ ‘প্লেচেবো’ এফেক্টতে ভাল হৈ যায়। সেয়ে, সম্পূৰ্ন বিজ্ঞানভিত্তিক পৰীক্ষা, পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ আদি কথাবোৰ তল পৰি যায়। মই ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ, আয়ুৰ্বেদ, যোগাসন, ৰিকি ইত্যাদি সকলোৰে কিছুমান ৰোগ-নিৰাময় উপাদান আছেই, কিন্তু চিকিৎসা বিজ্ঞানৰ বাহিৰে আন কোনেও গৱেষণাৰ দ্বাৰা নিজৰ তথ্যৰ শুদ্ধতা পৰীক্ষা কৰাত আগ্ৰহ প্ৰকাশ নকৰে, কিছুমান ব্যৱস্থা ভুল বুলি মানি লোৱাৰ আশাই কৰিব নোৱাৰি। আধুনিক চিকিৎসা বিজ্ঞানে পৰীক্ষা আৰু তাৰ প্ৰকৃত মূল্যাংকনৰ ওপৰত গুৰুত্ব দি আছে কাৰণেহে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু চাই থাকিব, যোগাসন, আয়ুৰ্বেদৰ সফল নিয়মবিলাক লৈ চিকিৎসা বিজ্ঞানে নিজৰ পদ্ধতিৰ ভিতৰতে সুমুৱাই থৈ দিব!! আৰু তাকে প্ৰয়োগ কৰি লম্বা বিল দিবলৈও কুণ্ঠাবোধ নকৰিব।

পঙ্কজ বৰা :এইবিষয়ে আগেয়ে এবাৰ বিতং আলোচনা এই গোটত হৈ গৈছে ৷ ধনীৰাম বৰুৱা এজন অতিশয় প্ৰতিভাশালী চোকা চিকিৎসক আছিল ৷ কিবা বিধিৰ দুৰ্বিপাকত তেখেতৰ অদ্ভূত পৰিৱৰ্তন আহে ৷ শেহতীয়াকৈ জেনেটিক ইঞ্জীনিয়াৰিং, আৰ এন আই (RNA interference) আদিৰ দ্বাৰা তেখেতে কেঞ্চাৰ, ডায়েবেটিছ, হৃদৰোগৰ চিকিৎসা কৰাৰ যি বাৰে ভচহু কথা প্ৰচাৰ কৰি আছে, সেইয়া জিনীয় অভিযন্ত্ৰণৰ সাধাৰন জ্ঞান থকা ব্যক্তিয়েও সন্তুলন হেৰুওৱা মানুহৰ প্ৰলাপ বুলি ভালকৈ বুজি পাব ৷ মই অৱশ্যে পঢ়ি চায়ফিক ৰহঘৰা পঢ়াৰ নিছিনাকৈ উপভোগ কৰো ঁ ৷

দেবব্ৰত গগৈ : মানৱদেহটো সৰ্ম্পূণ sequencing আজিলৈকে কৰাটো সম্ভৱ হৈছেনে বাৰু ? মই জিনীয় অভিযন্ত্ৰণৰ বিষয়ে সাধাৰণ জ্ঞান থকা আৰু ব্যৱসায়িক সৰ্ম্পক থকা ব্যক্তি হিচাপে কথাখিনি সুধিছো তোমাক ।

পঙ্কজ বৰা :হয় দেবব্ৰত দা মানৱদেহত থকা সৰ্ম্পূণ জিনসমূহৰ (জিন’ম) sequencing কৰা হৈছে আৰু সেই জিন’ম প্ৰকাশৰ দহ বছৰীয়া দিৱস উৎযাপনৰ দিনা মই মানৱ জিন’ম প্ৰকল্পৰ পুৰোধা ফ্ৰেদ চেংগাৰৰ উপস্থিতি কেম্ব্ৰিজৰ ‘জিন’ম চেন্টাৰত’ উপস্থিত থকাৰ সৌভাগ্য হৈছিল ৷ এতিয়া অৱশ্যে নতুন প্ৰজন্মৰ জিন’ম চিকুৱেঞ্চীং প্ৰযুক্তি (Next generation Sequencing) আহিল যাৰ দ্বাৰা কেই ঘন্টামানৰ ভিতৰতে অতি কম খৰছত এজন ব্যক্তিৰ জিন’ম চিকুৱেঞ্চ কৰিব পাৰি ৷

উদ্দীপ তালুকদাৰ :এতিয়া যিটো কথাত ধনীৰাম বৰুৱা বাতৰিৰ শিৰোনামালৈ আহিছে, সেইটোৰ বাবে ধনীৰাম বৰুৱাৰ আগৰ কথাবিলাক ধৰি বিচাৰ কৰিবই নালাগে। তেখেতে নিজেও কৰিব নালাগে। এইবাৰৰ কথাটোত ময়ো তেখেতক বলিৰ পঠা সজা হৈছে বুলিয়েই বিশ্বাস কৰোঁ। কিন্তু আগৰ কাণ্ড-বিলাকৰ কাৰণে তেখেতে নিজেই নিজৰ অৱস্থা বেয়া কৰি ৰাখিছে। তেখেতৰ বিতৰ্কমূলক স্থিতি নহৈ গৌৰৱপূৰ্ণ হোৱা হ’লে কিজানি এইবাৰৰ কাণ্ডটো সম্পন্ন কৰাৰ সাহসেই নকৰিলেহেঁতেন।

মনোজ মন :মোৰ মতে গৱেষণা সদায় নতুন বস্তুৰ আৱিস্কাৰৰ বাবেহে কৰা হয় | আগতে পৃথিৱীখন যে ঘূৰণীয়া অথবা পৃথীৱী যে সূৰ্য্যৰ চৌদিশে প্ৰদক্ষিন কৰে সেইটো কথা গছত গৰু উঠাৰ দৰে আছিল |

উদ্দীপ তালুকদাৰ :ভুল বুলি ক’ব নোৱাৰি। কিন্তু গৱেষণাৰ নীতি-নিয়মবিলাক নামানিলে অসুবিধা আছে। বৰ্তমানে বিজ্ঞানে যিটো অৱস্থা পাইছে, তাত নীতি-নিয়মৰ কথা নাথাকিলে বহুত ভয়ানক কাণ্ড হৈ যাব। মাইকেল ক্ৰিকটন-ৰ উপন্যাস Next আৰু gattaca নামৰ চিনেমাখন। দুয়োখনেৰে বহুত ভুল আছে বুলি আঙুলিয়াই দিয়া হৈছে। কিন্তু ভৱিষ্যতৰ বিজ্ঞানৰ এটা সাধাৰণ আভাষ হিচাপে দুয়োখনতে চিন্তা কৰিবলগীয়া বহুত কথা আছে।

পঙ্কজ বৰা : মনোজ মন,তুমি siRNA আৰু তাৰ গৱেষণাৰ বিষয়ে নিশ্চয় ভালকৈ জানা ৷ অনুগ্ৰহ কৰি ডা: বৰুৱাৰ ৱেবছাইটত থকা এই কথাবোৰ পঢ়িবা ৷ In the entire planet of diseased and unhealthy Human Genome”

First time on this Planet

Baruah siRNA as Baruah nuclear head missile

Acting as Commander-in-chief to command the microRNA

to switch on and off their functions to cure

dreaded incurable and rarest of the rare diseases proven by

Total Human Genomic Mapping using

SOLiD with profiling of Total miRNA৷৷ Commander – in – Chief – Baruah siRNA

Executor – miRNA

Slave – mRNA

মনোজ মন :পঙ্কজদা,দা ..হয় ম‍ই পঢ়িছো .. তেওঁক ম‍ই ১০০% শুদ্ধ বুলি ক’বলৈ বিচৰা নাই, অৱশ্যে প্ৰকৃততে তেওঁ কিমান দূৰ শুদ্ধ ম‍ইও নাজানো | কিন্তু তেওঁৰ ওপৰত যে এক প্ৰকাৰ অত্যাচাৰ হৈ আছে সেয়া নিশ্চয়কৈ জানো |

পঙ্কজ বৰা :আধুনিক বৈজ্ঞানিক গৱেষণাত এথিক্চ এটা বৰ গুৰুত্বপূৰ্ণ বিষয় ৷ এথিক্ছ কমিটীৰ সঠিক মান্যতা নহ’লে মানুহ বা জীৱ-জন্তুটো দূৰৰ কথা এজোপা সৰু গছৰ ওপৰতো পৰীক্ষা চলাব নোৱা ঁৰি ৷ অংগসংস্থাপন বিশেষকৈ আন্তঃপ্ৰজাতীয় অংগসংস্থাপন, জিনীয়ভাৱে অভিযন্ত্ৰিত জীৱ আদি অতি স্পৰ্শকাতৰ বিষয় ৷ অনেক পৰ্য্যায়ৰ কঠিন ক্নিনকেল ট্ৰায়েলৰ পাছতহে মানৱ দেহত প্ৰয়োগৰ মান্যতা প্ৰদান কৰে ৷ডা: ধনীৰাম বৰুৱাই তেনে কোনো ক্নিনিকেল এথিক্ছ মানি চলা নাছিল ৷ ভাৰতত হোৱা বাবে তেখেতে বিশেষ শাস্তি ভোগ নকৰিলে ৷ আন দেশত হোৱা হ’লে মৃত্যুদণ্ড পৰ্য্যন্ত হ’লহেতেন ৷এজন সম্ভাৱনাময় অসমীয়া চিকিৎসাবিজ্ঞানীৰ প্ৰতিভাৰ অপমৃত্যুত অসমীয়া হিচাপে নিজৰেই বহু দুখ লাগে ৷ প্ৰকৃত নীতি নিয়ম মানি কামবোৰ কৰা হ’লে তেখেত আজি উজলি থাকিলহেতেন৷

ধ্ৰুৱজ্যোতি শৰ্ম্মা :এৰা ! তেওঁ আগতে অনুমতি লোৱাৰ দৰকাৰ আছিল | আমাৰ নিয়ম-নীতিবোৰ আছে নহয়….. গতিকে ভাল কাম (তেওঁ আৰম্ভ কৰা কামটো ম‍ই ভাল বুলিয়েই কবলৈ বিচাৰিছো, যদিও ভিতৰুৱা কথাবোৰ নাজানো) এটা কৰাৰ আগেয়ে তেওঁ কেই বছৰমান অনুমতি বিচাৰি দৌৰিব লাগিছিল… আৰু এদিন (দহ-পোন্ধৰ বছৰমান পিছত) সংশ্লিষ্ট কৰ্তৃপক্ষ‍ই অতি বিনম্ৰভাৱে জনালেহেতেন যে, উপযুক্ত ব্যৱস্থা আৰু নতুন এই পৰীক্ষাটোৰ গুৰুত্বপূৰ্ণতাৰ ওপৰত বিচাৰ-বিবেচনা কৰি লগতেএক্সপাৰ্টৰ ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি তেওঁৰ আবেদনখন অগ্ৰাহ্য কৰা হৈছে | ISI (Indian Statistical Institute) Kolkata ত গ্ৰাহ্য হোৱা Linux ৰ বঙালী Customization version ৰ অনুৰূপ আৰ্হিত অসমীয়া Linux ৰ বাবে আবেদনৰো একেই দশা হোৱা নাইনে ?

ৰাজীৱ ৰঞ্জন :এই যে নিয়ম ভঙাৰ মানসিকতাটো, এইটো সকলো ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহয় । মানুহৰ দেহৰ বা জীৱনৰ লগত যদি ধেমালী (পৰীক্ষা) কৰিবলৈ যায়, তেনেহলে শাস্তিহে হব আৰু হোৱাটো উচিত । গাহৰিৰ অংগ মানুহৰ গাত লগোৱাৰ চেষ্টা ভাল, সফল হ’লে এটা কিমান যে এটা ডাঙৰ ঘটনা হ’ব । কিন্তু যদি নিয়ম নীতি আৰু process বোৰ মানি আগবঢ়া নহয় তেনেহলে তাৰ ফলত ঘটিব পৰা (পৰা নহয়, ঘটিবই) দূৰ্ঘটনাবোৰৰ বাবে দায়ী কোন হ’ব?? জীৱ বিজ্ঞানৰ ক্ষেত্ৰত এইখিনি মানিহে গৱেষণা কৰা হয় । আৰু সেই কাৰণেই আপুনি মই বেজী এটা লওঁতে চিন্তা কৰিবলগীয়া নহয়, কাৰণ বহু পৰীক্ষা নীৰিক্ষাৰ পাছত হে বেজীটোক মানুহৰ গাত প্ৰয়োগ কৰাৰ স্বীকৃতি দিয়া হৈছে ।

উদ্দীপ তালুকদাৰ :এনে ধৰণৰ কথাতেই পট্‌কৈ বিশ্বাস নকৰিব। সকলোতে বিফল হৈ মানে কি কি চিকিৎসা কৰিছিল, পৰীক্ষা-পাতি কেনেকুৱা হৈছিল, কিমান দিন চিকিৎসা কৰি চোৱা হৈছিল, ৰোগীক চোৱা ডাক্তৰ কেইজনে কিবা ভুল কৰিছিল নেকি ইত্যাদি কথাবোৰ পৰীক্ষা কৰি নোচোৱাকৈ ক’তো ভাল নহ’লটো মানি ল’ব নালাগে। আৰু বাৰে বাৰে কৈ আছোঁ যদিও আকৌ কওঁ, এজন-দুজন ৰোগী ভাল হোৱাটোৱেই এটা চিকিৎসাৰ সফলতাৰ মাপকাঠী হ’ব নালাগে। কাৰণ এনেকুৱা হ’বও পাৰে যে সেই চিকিৎসাত ১০% ৰোগীহে ভাল হয়, বাকী ৯০% নহয়। কালি ধনীৰাম বৰুৱাৰ বিষয়ে গুগল-ত ছাৰ্ছ কৰোঁতে কেবাটাও এনে মন্তব্যও পাইছোঁ য’ত তেখেতৰ ওচৰলৈ অনাৰ পাছত ৰোগীৰ অৱস্থা বেয়া হোৱা বুলি দাবী কৰিছে। সেইকেইটা মন্তব্যকো মই শেষ কথা বুলি কোৱা নাই।

নিয়ম পালনৰ কষ্টৰ বাবে যদি নিয়মটোকেই মানি নোলোৱাৰ কথা আহি পৰে, তেন্তে ভাবকচোন, লাইচেন্স নোলোৱাকৈ গাড়ী চলোৱা মানুহৰ সংখ্যা কেনেকুৱা হ’ব! ‘লাইচেন্স কৰাবলৈ যাওঁতে টকা খুজিছিল বাবে লাইচেন্স নোহোৱাকৈ গাড়ী চলাই আছোঁ। মোৰ গাত কি দোষ?’

দিগন্ত শ‍ইকীয়া :এইখিনিতে মোৰ নিজৰ কথা এটা কওঁ মানে মোৰ দেউতাৰ কথা ৷ দেউতা এজন বেমাৰৰ প্রতি সচেতন লোক আছিল ..তেওঁৰ জীৱনকাল প্রায় ৭০ বছৰ পালে .. মোৰ দেউতা ঢুকুৱা প্রায় ৯ বছৰ মান হ’ল , ঢুকুৱাৰ প্রধান কাৰণ হ’ল হেপাটাইটিছ বি , বম্বেৰ এটা ব্যক্তিগত প্রতিষ্ঠানৰ পৰা যেতিয়া ৰিপৰ্টত ‘পজিটভ’ ওলাল (তেওঁৰ তেজৰ নমুনা মঙ্গোলীয়ৰ AE type, পিচলৈ AE disease লৈ সলনি হ’ল অৰ্থাৎ তেজ লৈ থাকিব লাগে, মই সন্দেহ কৰিছো কাৰোবাৰ পৰা তেজ লওঁতে আহিল নেকি যদিওঁ টেষ্ট কৰি লয় ) , ট্রিটমেন্ট আৰম্ভ হ’ল , নেট বা আন সকলোতে খবৰ কৰিলো .. দিহা এটাই Intron A নাম ইনজেকচন এটা আৰু খোৱা দৰৱ ( নামটো পাহৰিছো) , সেই সময়ৰ বৰ্ত্তমানত সেয়াই উৎকৃষ্ট দৰৱ ৷ আগতে বহু জেষ্ঠ চিকিৎস্যকে experiment চলোৱাৰ পিচত এজন উদয়ীমান এচিচটেন্ট প্রফেচাৰে ( তেতিয়া আছিল, এতিয়া নাম জ্বলা প্রফেচাৰ ) সন্দেহ কৰিলত এইটো ধৰা পাৰিল , ব্যক্তিগত নাৰ্চিং হোম এখনত তেখেতৰ হাতত ট্রিটমেন্ট আৰম্ভ হ’ল যদিও একো কামত নাহিল , ধৰা পৰা সময়ত তেওঁ কৈছিল বচাৰ আশা ক্ষিন বুলি ৷ প্রায় ৭/৮ মাহ মান ট্রিটমেন্ট চলোৱাৰ পিচত দেউতাক হেউৱালো , আমি মাত্র অসহায় হৈ চাইহে থাকিব পাৰিলো ৷ মই সেই সময়ত মনে প্রাণে বিছাৰিছিলো কিবা এটা মিৰেক’ল কাৰ ওচৰত গ’লে উপায় পাম ! পিছে দেউতাৰ মৃত্যু এজন জেষ্ঠ প্রেফেচাৰৰ হাততহে হ’ল ৷ আগতে যিজনৰ হতুৱাই ট্রিটমেন্ট কৰি আছিলো তেওঁ প্রায় পলায়ন কৰাদি কৰিল মানে ডিব্রুগড়ত নাই বুলি গ’ম পাইছিলো, তেওঁ হয়তো এই অসহায় দৃশ্য চাই থাকিব নোৱাৰিলে ৷

অভিজিত কলিতা :১| এসময়ত ধনীৰাম বৰুৱা পৃথিৱী বিখ্যাত হাৰ্ট চাৰ্জন আছিল, ১৯৮৮ চন মানত পৃথিৰীৰ প্ৰথম কৃত্ৰিম হৃদযন্ত্ৰ জাৰ্ভিক – ৭ তেখেতেই সফলতাৰে প্ৰতিস্থাপন কৰিছিল |

২| পূৰ্ণ শইকীয়াৰ দেহত গাহৰিৰ কলিজা স্থাপন কৰাৰ সময়ত তে্খেতে চিকিৎসা গৱেষণাৰ সকলোবোৰ এথিকচ উলংঘা কৰিছিল |

৩| যদি তেঁও সচাকৈয়ে গাহৰিৰ কলিজাৰে এজন মানুহক দুদিন জীয়াই ৰাখিব পাৰিছিল,ই চিকিৎসা বিজ্ঞানৰ এক অন্যতম উপলব্ধি হব লাগে|

৪| সেই সময়ত অসমৰ প্ৰিন্ট মেডিয়াই লোৱা ভুমিকা অতিশয় নিৰাশাজনক আছিল , একশ্ৰেণী বাতৰি কাকতে তেঁওক ভণ্ড বুলি কোৱাৰ সময়তে আন এক শ্ৰেণী কাকতে তেঁওক মহান আৱিস্কাৰক বুলি প্ৰমাণ কৰিব বিছাৰিছিল | হালধীয়া সাংবাদিকতাৰ উচ্চতম নিদৰ্শণ প্ৰতিফলিত হৈছিল সেই সময়ত| সেয়ে অসমৰ ৰাইজে আজি সত্য বিছাৰি পোৱা নাই | ইয়াৰ বাবে অসমৰ বাতৰি কাকত সমূহ সম্পুৰ্ণ ৰূপে দায়ী |

৫| এতিয়া তেখেতে যি কৰি আছে, আমি ৱেবচাইটৰ যোগে যি গম পাইছো , এইয়া মানসিক ভাৰসাম্য হেৰুওৱা লোকৰ কাম বুলি আমাৰ দৰে চিকিৎসা বিজ্ঞান বা জেনেতিক ইঞ্জিনিয়াৰিমৰ নুন্যতম জ্ঞান নথকা মানুহেই বুজি পায় |

৬| কোনোবাই তেখেতক বুজাই দিব নেকি, আয়ুৰ্বেদ শাস্ত্ৰৰ ওপৰত এতিয়াও ইমান গবেষণা হোৱা নাই , বা , অসমত কৰিব পৰা সুবিধাও নাই, যে ই জেনেতিক , বা কেন্সাৰৰ দৰে ব্যাধি ১০০% নিৰাময় কৰিব পাৰে|

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!