ডানকাৰ্ক! ডানকাৰ্ক – নিজৰা ৰাজকুমাৰী

 

“ সময় সমাগত৷ জাৰ্মান ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ণয়কাৰী সংগ্ৰামৰ সময় সমাগত৷ যোৱা তিনিশ বছৰে ইংলেণ্ড আৰু ফ্ৰান্সৰ শাসকবৃন্দই ইউৰোপৰ বুকুলৈ সুস্থিৰ পৰিৱেশ অনাত বাধা দি আহিছে, চেষ্টা কৰি আহিছে জাৰ্মানীক সদায় দুৰ্বল আৰু অসহায় কৰি ৰাখিবলৈ৷ আজি যি সংগ্ৰাম আৰম্ভ হ’ব, অনাগত সহস্ৰ বছৰৰ বাবে সি জাৰ্মান জাতিৰ ভাগ্য নিৰ্ণয় কৰিব৷ “ –এয়া হিটলাৰৰ মাত৷ ফ্ৰান্স আক্ৰমণৰ বাবে প্ৰস্তুত হোৱা হিটলাৰৰ সৈন্যবাহিনীলৈ অনুপ্ৰেৰণাৰ বাণী৷ সময় ১৯৪০ চন, ১০মে’৷ ফ্ৰান্সে কল্পনা কৰিব নোৱাৰা এক আক্ৰমণ-পৰিকল্পনা৷ নদী পাৰহৈ জলাহ-বনাঞ্চলৰ মাজেৰে ভয়াবহ টেঙ্ক আক্ৰমণযে অসম্ভৱ সেয়া ফ্ৰান্সে জানে৷ পিছে অসম্ভৱক সম্ভৱৰ নামেইতো হিটলাৰ৷ জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণ কৰিবলৈ যাওতে উত্তৰৰ পৰা আক্ৰমণ আৰম্ভ কৰি প্ৰথমে বেলজিয়াম, হলেণ্ড অধিকাৰ কৰিব৷ প্ৰধান জাৰ্মান আক্ৰমণ হ’ব মিউচ নদী পাৰ হৈ আৰডেনিছ বনাঞ্চলৰ মাজেৰে৷ জাৰ্মানীৰ এই আক্ৰমণ আছিল তেতিয়ালৈকে হোৱা পৃথিৱীৰ আটাইতকৈ দ্ৰুত, শক্তিশালী আৰু বৃহৎ পৰিসৰৰ আক্ৰমণ৷ এনে ভয়াবহ আক্ৰমণৰ সমুখত ফ্ৰান্স, বৃটিছ, বেলজিয়াম সেনা ধাৰাসায়ী হ’ল৷ বেলজিয়ামৰ পতনৰ লগে লগে মিত্ৰপক্ষৰ প্ৰতিৰক্ষাত যি সুৰুঙাৰ সৃষ্টি হ’ল সেই সুৰুঙাইদি মিত্ৰপক্ষৰ কমাণ্ডাৰ জেনেৰেল গৰ্টক শক্তিহীন কৰি সোমাই আহিল জাৰ্মান টেঙ্ক৷ উপায়হীন হৈ গৰ্টে সৈন্যবাহিনীক লৈ পিছুৱাই আহিল উত্তৰ ফ্ৰান্সৰ ডানকাৰ্ক অঞ্চললৈ৷ পিছহুহকি অহা এই ব্ৰিটিছ, ফ্ৰান্স, বেলজিয়ামৰ প্ৰায় চাৰিলাখ সেনাক জাৰ্মানীয়ে ডানকাৰ্কতে আৱদ্ধ কৰি পেলালে৷ এইখিনি বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ ক্ৰিষ্ট’ফাৰ ন’লানৰ মূল আকৰ্ষণৰ বিষয় নহয়, তেওঁৰ চিনেমাত ইয়াৰ কোনো উল্লেখ নাই৷ তেওঁ যেন নাজী বাহিনীক নিচিনে, চিনে কেৱল ডানকাৰ্কত আৱদ্ধ সৈন্যসকলক আৰু তেওঁলোকক আক্ৰমণ কৰি থকা শত্ৰুপক্ষক৷ তেওঁ বুজে কেৱল ডানকাৰ্কক৷ “ডানকাৰ্ক!“ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতা, প্ৰাণৰ মমতা, মানবীয়তা, সন্দেহ-সংশয় তথা বীৰগাঁথাৰে মুখৰ ডানকাৰ্ক৷ এই ডানকাৰ্কক লৈয়েই জাৰ্মানীৰ আক্ৰমণ তথা উদ্ধাৰ অভিযান ঘটনাৰ ৭৭ বছৰ পাছত বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ ক্ৰিষ্ট’ফাৰ ন’লানৰ অতি সফল যুদ্ধ বিষয়ক চিনেমা “ডানকাৰ্ক “(২০১৭)৷ চিনেমাখন আৰম্ভ হৈছে ছজন কমবয়সীয়া সৈনিকে এটা পথেৰে আগুৱাই যোৱাৰ দৃশ্যৰে৷ স্বাভাৱিকভাবেই যুদ্ধবিধ্বস্ত ঠাইখণ্ডৰ পথৰ দুয়োকাষৰ ঘৰবোৰ আবাসীশূন্য৷ হঠাতে পথটোত শ-শ লিফলেটৰ বৰষুন হৈছে -য’ত শত্ৰুপক্ষই চাৰিওদিশৰপৰা ডানকাৰ্কত সৈন্যসকলক আগুৰি ধৰাৰ সাংকেতিক ছবিৰ লগতে লিখা আছে “we surround you৷“ এজন সৈনিকে পৰিত্যক্ত ঘৰ এটাৰ পানীৰ পাইপত সোহা মাৰিছে, এজনে ওপৰৰ পৰা ধাৰাসাৰে পৰা লিফলেটবোৰৰ এখন থপিয়াই ধৰি পঢ়িছে৷ শত্ৰুৰ গুলীবৰ্ষণ চলিয়েই আছে৷ তেওঁলোকৰ পৰা কিছুদূৰতে আছে সমুদ্ৰ আৰু এই সমুদ্ৰৰেই প্ৰায় চাৰিলাখ সেনাক উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হ’ব৷ পিছে পথটোৰে আগুৱাই যোৱা ছজন সৈন্যৰ টমী নামৰ সৈনিকজনহে সমুদ্ৰতীৰত উপস্থিত হ’ব পাৰিলে৷ শত্ৰুৰ গুলীত বাকী কেইজনৰ নিথৰ দেহ পথৰ ওপৰতে বাগৰি পৰিল৷ অৱশ্যে মাত্ৰ পাঁচজন সৈন্যৰ মৃতদেহ দেখি দুখ কৰাৰ অৰ্থ নাই, কাৰণ ইতিমধ্যে ডানকাৰ্কত আবদ্ধ সৈন্যবাহিনীৰ ওপৰত শত্ৰুপক্ষৰ আক্ৰমণে হাজাৰ হাজাৰ সৈন্যৰ প্ৰাণ লৈছে৷ জাৰ্মান আক্ৰমণত তেজেৰে ডানকাৰ্ক ৰাঙলী হৈ গ’ল যদিও আবদ্ধ বাহিনীয়েও প্ৰতি আক্ৰমণ কৰিবলৈ নেৰিলে৷ অৱশেষত আক্ৰমণৰ মাজতে বৃটিছ নৌ বিভাগে আৱদ্ধ সৈন্য সকলক সাগৰেৰে উদ্ধাৰৰ সিদ্ধান্ত ল’লে৷ উদ্ধাৰকাৰ্যত ব্যৱহাৰ হ’ল যুদ্ধ জাহাজৰ পৰা মাছমৰীয়া নাঁও, কয়লা কঢ়িওৱা নাৱলৈকে৷ ৰয়েল নেভীৰ প্ৰায় ২২০খন জাহাজ আৰু ৬৬০খন সৰু ব্যক্তিগত নাৱেৰে প্ৰচুৰ হানি-বিঘিণিৰ মাজেৰে প্ৰায় দুইলাখ চৌব্বিছ হাজাৰ বৃটিছ আৰু এক লাখ বাৰ হাজাৰ ফৰাছী, বেলজিয়াম, ডাছ, পোলিছ সেনা উদ্ধাৰ কৰা হ’ল৷ আকৌ যুদ্ধৰ পৰা ন’লানৰ ডানকাৰ্কলৈ আহো৷ সহযোদ্ধাসকলক হেৰুওৱাৰ পাছত টমী নামৰ মিলিটেৰী ৰেংকৰ তলখাপৰ সেনাজন সাগৰৰ পাৰলৈ আহিল, য’ত ডাইভ-বোমাৰৰ আক্ৰমণ মূৰপাতি লৈয়েই লাখ লাখ সৈন্যই অপেক্ষা কৰি আছে উদ্ধাৰকৰ্তা জাহাজবোৰলৈ৷ টমীয়ে আহিয়েই বালিত মৃতদেহ এটা পুতি থকা অৱস্থাত গিবচনক লগ পালে৷ তাৰপাছত লগ পালে এলেক্সক৷ লাখ লাখ টমী-এলেক্সেৰ বিপদ সংকুল “ঘৰমুখী“যাত্ৰাৰ সাক্ষী হৈ ৰ’ল সাগৰ৷ সন্দেহ -সংশয়ে মাজে মাজে পৰিস্থিতিক আৰু অধিক বিষময় কৰি তুলিলে৷ আকাশৰ পৰা যুঁজাৰু বিমানৰ বোমা, পানীৰ তলৰ পৰা টপীড’ৰ আক্ৰমণত ডুব গ’ল বহু জাহাজ, সৈন্যৰ তেজে লুনীয়া পানীক অধিক লুনীয়া কৰি পেলালে৷ সেয়ে ডানকাৰ্কৰ উদ্ধাৰ অভিযানেই চিনেমাখনৰ মূল বিষয় হ’লেও ডানকাৰ্ক কেৱল এখন “ৰে’ছকিউ ফিল্ম“ নহয়, ই এখন অনবদ্য ৱাৰ ফিল্ম৷ উদ্ধাৰ কাৰ্যত ভাগ ল’বলৈ ডৱচন আৰু তেওঁৰ পুত্ৰ পিটাৰো মুক্তমনে আগবাঢ়ি আহিল৷ দুৰ্ভাগ্যজনক ভাৱে যুদ্ধভীতিয়ে অস্বাভাৱিক কৰি পেলোৱা বিষয়া এজনৰ আক্ৰমণত পিটাৰৰ সোতৰ বছৰীয়া বন্ধু জৰ্জ এই যাত্ৰাত মৃত্যমুখত পৰিল৷ অৱশেষত গাৰ নোম শিয়ৰা পৰিস্থিতিৰ অন্ত পৰিল আৰু সেনা বিষয়া তথা বৃটিছ প্ৰধানমন্ত্ৰীয়ে আশা কৰাতকৈ বহুবেছি সৈন্যক উদ্ধাৰ কৰিব পৰা গ’ল৷
“ডানকাৰ্কৰ এই কাহিনীটো আমাৰ হাড়ে-হিমজুৱে আছে, যাক বৃটিছ মানুহে লালন কৰিছে৷ এয়া এক পৰাজয় আছিল, কিন্তু সেই পৰাজয়তো কিবা এটা বিস্ময়ৰ সূচনা হৈছিল“–এটা সাক্ষাৎকাৰত এইদৰে কৈছিল ন’লানে৷ আৰু পৰাজয়ৰ সেই বিস্ময়কে চিনেমাখনত তুলি ধৰা হৈছে আপোচহীনভাৱে৷ চিনেমাখন নিৰ্মাণৰ ২৫ বছৰ আগেয়ে পত্নীৰ সৈতে ন’লানে ইংলিছ চেনেলত নৌকাযাত্ৰাৰ অভিজ্ঞতা লোৱাৰ সময়তে তেওঁৰ মনত ডানকাৰ্ক-ভাৱনাৰ বীজ ৰোপিত হৈছিল৷ ন’লানৰ চিনেমাখনত কোনো সুগঠিত কাহিনী নাই৷ মাজে মাজে ভাৱ হয় সামৰিব নোৱাৰা খেলিমেলিৰে শেষ হৈ যাব ছবিখন৷ পিছে এই ভাৱ ক্ষন্তেকৰ বাবেহে৷ পৰিচালনা শৈলী, চিনেমাট’গ্ৰাফী, সংগীত-শব্দই এনে এক মায়াজালৰ সৃষ্টি কৰে যে প্ৰচুৰ উৎকণ্ঠা, প্ৰাণৰ ভয়েৰে দৰ্শকো ৰয়েল নেভীৰ জাহাজৰ অথবা সাগৰৰ প্ৰচণ্ড ঢৌত উঠা-নমা কৰা নাও এখনৰ যাত্ৰী হয়৷ ডানকাৰ্ক পৰিচালকে দৰ্শকক ক’ব খোজা চিনেমা নহয়, নিচেই কম সংলাপেৰে “দেখুৱাব“ খোজা চিনেমাহে, যি সঁচাকৈয়ে সফল চিনেমা এখনৰ চৰ্ত তথা মাধ্যমটোক অন্য গণ মাধ্যমৰ পৰা পৃথকে ৰাখিব পৰাৰ মৰ্যাদাসম্পন্ন কৌশল৷ বৃটিছ-আমেৰিকান-ফ্ৰান্স-ডাচ প্ৰযোজনাত নিৰ্মিত ডানকাৰ্ক ক্ৰিষ্ট’ফাৰ ন’লানৰ এক অবিস্মৰণীয় কৰ্ম৷ ডাচ-ছুইডিছ চিনেমাট’গ্ৰাফাৰ Hoyte van Hoytema -ৰ চিনেমাট’গ্ৰাফী নিজেই এক মৌন অথচ শক্তিশালী কাহিনী৷ ডানকাৰ্কৰ সংগীত ১৯৯৫-ত “দ্য লায়ন কিং“ৰ বাবে অস্কাৰ প্ৰাপক শিল্পী হেনচ্ ফ্লৰিয়ান ছিমাৰ৷ যোৱাবছৰৰ জুলাই মাহত মুক্তি পোৱা ১০০ মিলিয়ন ডলাৰ বাজেটৰ ছবিখনৰ বিশ্বজুৰি আয় ৫২৫.৬ মিলিয়ন ডলাৰ৷ ব্যৱসায়িক ভাৱেও অতি সফল ছবিখনে অহা মাৰ্চ মাহত ঘোষণা কৰিবলগীয়া এইবছৰৰ অৰ্থাৎ ৯০সংখ্যক অস্কাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, চিনেমাট’গ্ৰাফী আদি বিভিন্ন শিতানত লাভ কৰিছে আঠোটাকৈ নমিনেশ্যন৷ এতিয়াও কোনো কঠিন পৰিস্থিতিত কোনো লোকে দেখুৱা একাগ্ৰতা-সাহসক ডানকাৰ্কৰ দুঃসাহসিক অভিযান তথা সেই জটিল সময়ত সৈনিকসকলৰ সাহস-মনোবলৰ কথা সুঁৱৰি মানুহে অভিহিত কৰে “দ্য ডানকাৰ্ক স্পিৰিট“ নামেৰে৷ চিনেমা বিশ্বত ন’লানৰ “ডানকাৰ্কো“ মোৰ বোধেৰে এক ডানকাৰ্ক স্পিৰিটেই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!