ড০ অনিল কুমাৰ শৰ্মা ছাৰলৈ শ্রদ্ধাঞ্জলি: -(ড° কৃষ্ণা নাথ)

অপৰাহ্নৰ হেঙুলীয়া আভাৰে ওমলি
বৰগছজোপা ভাগৰুৱা হ’ল
সুৰুঙা পাই দুখ এটাই শিপাৰপৰা বগুৱা বাই
ডালে-পাতে উজাই আহিল
সালোক সংশ্লেষণৰ নীতি আৰু প্রক্রিয়া
পাহৰিবৰে কথা
গছে অম্লজান এৰাৰ নিষ্ঠা পাহৰি
মাথোন ককবকালে
দুখ আৰু সমর্পিত নিষ্ঠাৰ
অন্তিম স্বীকাৰ্য
দুয়ো সদা সমান্তৰাল
কোনেও কাকো চুব নোৱাৰাকৈ ।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!