তোমালৈ এখন চিঠি (অমিতাভ মহন্ত)

অমিতাভ মহন্ত

 তোমালৈ এখন চিঠি ::

মৰমৰ…….

আশাকৰোঁ ভালে আছা৷ নতুন সংসাৰ কেনে লাগিছে তোমাৰ? এক সম্পূৰ্ণ নতুন জীৱন নহয়নে? আজিকালি চাগে ঘৰত থাকিলে তোমাৰ মোৰ কথা মনতেই নপৰে৷ কামৰ ফাঁকে ফাঁকে কেতিয়াবা বাৰু অলপ সময়ৰ বাবেও মোক মনত পেলোৱানে? মই জানো এতিয়া চাগে শাহু, শহুৰ, ননদ দেৱৰৰ সৈতে তুমি ভীষণ ব্যস্ত৷ হয়তো শহুৰ দেউতাৰ লগত কিবা বাতৰি আলোচনা কৰাত ব্যস্ত৷ নহ’লে ননদৰ সৈতে শনিবাৰে বজাৰ যোৱাৰ প্লেন৷ মই কিন্তু তোমাক সদায় মিছ কৰো৷ অফিচৰ মোটা ফাইলবোৰ জমা হৈ ওখ হৈ গৈ আছে৷ কাম কাজ কৰিবলৈ মন নোযোৱা হৈছে৷ অফিচত বহি লেপটপত তোমাৰ পুৰণি ফটোবোৰ, বিয়াৰ আগৰ ফটোবোৰ চাওঁ৷ বিশেষকৈ সেই যে তোমালোকৰ হোষ্টেলৰ চাদৰ ওপৰত উঠা ফটোখন৷

আজি দুপৰীয়া দীঘলী পুখুৰীৰ পাৰলৈ গৈছিলোঁ৷ বহু সময় বহিলোঁ৷ সকলো একেই আছে৷ লগত কেৱল তুমি নাই৷ সেই যে আমি সদায় বহা বেঞ্চখন, সেইখন এতিয়াও কৃষ্ণচুড়াবোৰে ৰঙা কৰি থয়৷ তোমালৈ বৰ মনত পৰিছিল৷ লগে লগে তোমালৈ ফোন কৰিছিলোঁ, তুমি নধৰিলা৷ হয়তো বহুত ব্যস্ত তুমি৷ কি কৰি আছিলা বাৰু? ভাত ৰান্ধি আছিলা চাগে? নে শাহুৰ লগত ব্যস্ত??

তোমাৰ হাতত ধৰি আকৌ এবাৰ দীঘলীপুখুৰীৰ পাৰত বহিবলৈ বৰ ইচ্ছা হৈছে অ’ মোৰ৷ জানো আজিৰ দিন আগৰ দিনবোৰৰ দৰে নহয়৷ আজি তুমি এগৰাকী সু-গৃহিণী৷ ময়ো আগৰ সেই কলেজীয়া ল’ৰাটো হৈ থকা নাই৷ তথাপি আজি মোৰ বৰ মন গৈছে৷ আহিবা নেকি আজি গধূলিলৈ? সময় হ’বতো তোমাৰ? কিবাকৈ মিলাবানা প্লিজ৷ মই সেই আগতে যে ৰৈ থাকিছিলোঁ পান দোকানখন, আজিও তাৰ আগতেই ৰৈ থাকিম৷

নিৰাশ নকৰিবা৷ কথা দিছোঁ আমাৰ বাহিৰে কোনেও এই বিষয়ে কেতিয়াও গম নাপাব৷

মই অপেক্ষা কৰিম৷

ইতি
তোমাৰ প্ৰাক্তন প্ৰেমিক আৰু বৰ্তমানৰ স্বামী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!