‘দেশাই নগৰ’ টেকেলা গাঁৱত এইবাৰৰ ভোগালী – ঈশ্বৰ প্ৰসন্ন বৰা

 সুদীৰ্ঘ চল্লিছ বছৰৰ আগৰ কথা৷ যোৰহাটৰ পৰা দেৰগাঁৱৰ দিশে ৰাষ্ট্ৰীয় ঘাইপথেৰে ১০ কি:মি: গৈ পানীচকুৱাৰ পৰা বাওঁদিশে ৪ কি:মি: সোমাই গ’লেই পোৱা টেকেলা গাঁৱত হুৱাদুৱা লাগিল৷ সেই সন্ধিয়া এখন বিমান ভূপতিত হ’ল৷ সেয়া ১৯৭৭ চনৰ ৪ নৱেম্বৰৰ কথা৷ সেইখন বিমানত সেই সময়ৰ জনতা পাৰ্টি চৰকাৰৰ, ভাৰতৰ চতুৰ্থজন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই যোৰহাটলৈ আহিছিল৷ লগত আছিল অৰুণাচলৰ মুখ্যমন্ত্ৰী, সৰ্বোদয় নেতা নাৰায়ণ দেশাই, কেবাজনো উচ্চপদস্থ চৰকাৰী বিষয়া আৰু সংবাদকৰ্মী৷ সৌভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছিল, কিন্তু একেসময়তে প্ৰধানমন্ত্ৰীকে ধৰি আন ভিভিআইপি সকলৰ প্ৰাণ ৰক্ষা কৰিবলে গৈ পাঁচ জনকৈ বৈমানিকে কৰুণভাৱে মৃত্যুক সাবটি লৈছিল, যি কথাই মোৰাৰজী দেশাইকে ধৰি সকলোকে শোকস্তব্ধ কৰি তুলিছিল৷ এফালে প্ৰাণ ৰক্ষাৰ আনন্দ, আনফালে মৃত্যুৰ কিৰিলি৷ সকলো হতচকিত৷ তাৰ পাছতেই প্ৰচণ্ড ঠাণ্ডা আৰু কিনকিনিয়া বৰষুণকো নেওচি লোকে লোকাৰণ্য হৈ পৰিছিল টেকেলা গাঁও৷ এনেই বিমান দেখা পোৱা নেযায়, তাতে আকৌ দুৰ্ঘটনা৷ চৰ্চালৈ আহিছিল টেকেলা গাঁও৷ চৰকাৰী কোনো সা-সুবিধাই ঢুকি নোপোৱা টেকেলা গাঁও ’দেশাই নগৰ’ হৈ পৰিছিল৷ হতচকিত হৈ দুজন লোকৰ কান্ধত ভেঁজা দি স্থানীয় বাসিন্দা ইন্দ্ৰেশ্বৰ বৰুৱাৰ ঘৰ অভিমুখে এখোজ দুখোজকৈ আহি থকা স্বাধীন ভাৰতৰ চতুৰ্থজন প্ৰধানমন্ত্ৰীক ঘটনাস্থলীত উবুৰি খাই পৰা ৰাইজে প্ৰত্যক্ষ কৰিছিল৷

নিশাটোৰ ভিতৰতে বিখ্যাত হ’ল টেকেলা গাঁও৷ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল৷ কিন্তু বিখ্যাতহে হল, চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত দেখা নগ’ল সেই স্মৃতি বিজড়িত স্থানক সংৰক্ষণৰ কোনো চিন্তা বা পদক্ষেপ৷ স্বাভাৱিকতে ইয়াকে লৈ ৰাইজৰো আছে বহু আক্ষেপ৷

সেই “দেশাই নগৰ” টেকেলা গাঁৱৰে নাম আজি কিছুদিনৰ পৰা পুনৰ চৰ্চালৈ আহিছে—কাৰণ এই টেকেলা গাঁৱত সেই দুৰ্ঘটনা হোৱা স্থানতে অহা মাঘবিহু উপলক্ষে ভূপতিত হোৱা বিমানখনৰ আৰ্হিত খেৰ, বাহঁ, আৰু নৰাৰে এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু গাঁওবাসীৰ সহযোগত অসমীয়াৰ ভোগৰ উৎসৱটো কিছু ব্যতিক্ৰমী ৰূপত উদযাপন কৰিবলৈ যো-জা কৰা হৈছে৷ লগতে তাৰ লগত সংগতি ৰাখি কিছু বৰ্ণাঢ্য কাৰ্যসূচীও ৰখা হৈছে৷ কিন্তু কেৱল খোৱা-বোৱা কৰি আনন্দ কৰাটোৱেই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য নহয়— ইয়াৰ অন্তৰালত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ প্ৰাণ ৰক্ষা পৰা সেই শিহৰণকাৰী ঘটনাৰ স্থানৰ বিষয়ে সকলোৰে আগত দাঙি ধৰি, সেই স্থানৰ স্মৃতি যুগমীয়া কৰাৰ এক মহান প্ৰচেষ্টা ৷ ৰাইজৰ পঞ্জীভূত ক্ষোভ—-সকলোৰে আগত কিছু ব্যতিক্ৰমী ধৰণেৰে তুলি ধৰাৰ প্ৰয়াস হিচাপে, সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰা সেই দুৰ্ঘটনাৰ স্থানত এটা সৌধ নিৰ্মাণৰ বাবে৷ জনপ্ৰিয় মাহেকীয়া আলোচনী ’মায়া’ৰ সম্পাদক বিতোপন বৰাই শেহতীয়াকৈ নেৰানেপেৰা একক প্ৰচেষ্টাৰে এই বিষয়টোক চৰ্চালৈ তুলি আনিছে৷ ৰাইজেও সহযোগ কৰিছে৷ বিতোপন বৰাক সম্পাদক হিচাপে লৈ “প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই বিমান দুৰ্ঘটনাৰ স্মৃতি সংৰক্ষণ সমিতি” নামকৰণেৰে এখন দাবী সমিতি গঠন কৰা হৈছে, যাৰ মূল উদ্দেশ্য হল চৰকাৰৰ ওচৰত সবল দাবী উত্থাপন কৰা— যাতে আজি চল্লিছ বছৰে বহু চৰকাৰ সলনি হোৱাৰ পাছতো এচপৰাও ইটা নপৰা সেই স্থানত চৰকাৰী পৃষ্ঠপোষকতাত এক স্থায়ী স্মৃতিসৌধ নিৰ্মাণ কৰাটো সম্ভৱপৰ হয়৷ য’ত সেই শিহৰণকাৰী, মোৰাৰজী দেশাইৰ প্ৰাণ ৰক্ষা পৰা সেই দুৰ্ঘটনাৰ কথা স্থানীয় ৰাইজে তেতিয়াই ৰুই থোৱা কেবল মাত্ৰ এজোপা মদাৰ গছেহে আজিও নীৰৱে সোঁৱৰাই আছে৷ সেয়ে প্ৰতিকী প্ৰতিবাদৰ ৰূপত স্থানীয় ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে সেই পুষ্পক বিমানখনৰ সমান জোখত এজোপা গছক খুন্দা মাৰি থকাৰ ৰূপত এশ ফুট দীঘল বিমান আৰ্হিৰ এটা ভেলাঘৰ৷ এটাই আশা—এইবাৰ এই খবৰ সকলোৱে গম পাব, চৰকাৰৰ কাণত পৰিব আৰু সেই স্থানত অচিৰেই এটা স্মৃতি সৌধ নিৰ্মাণ হৈ উঠি ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা প্ৰদান কৰিব৷ সেয়ে ৰাইজে গাঁঠিৰ ধন ভাঙি ভোগালীৰ এই বিশেষ বিশাল আয়োজন কৰিছে৷

যোৰহাটৰ “দেশাই নগৰ” টেকেলা গাঁৱত স্মৃতিসৌধ নিৰ্মাণৰ দাবীক আৰু অধিক জোৰদাৰ কৰি তুলি সকলোৱে এই মহান প্ৰচেষ্টাৰ অংশীদাৰ হোৱাটোকেই ৰাইজে কামনা কৰিছে৷

★★★

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!