ধামাকা-২০১২ (ঈশানজ্যোতি বৰা)

(সেই আন্দোলনৰ প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে বছৰটোৰ শেষত এজন বাংলাদেশীয়েও অসম এৰি নগ’ল ৷ হাঁহি হাঁহি তেওঁলোকে এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক-কাৰ দৌৰাই ধামাকা দেখুৱাই আছে ।…)

 

ধামাকা-২০১২

ঈশানজ্যোতি বৰা

 

৩১ ডিচেম্বৰ ধামাকা

পল্টনবজাৰ ৰে’ল ষ্টেচনৰ পৰা ওলাই বাহিৰত এনেই ঘূৰি ফুৰোতে চকু গ’ল পথৰ বাওঁফালে আৰি থোৱা বেনাৰ এখনলৈ ৷ হাতত সময় আছিল প্ৰচুৰ ৷ সময়ৰ সদ্ব্যৱহাৰ কৰোঁ বুলি গোটেই বেনাৰখন ইমূৰৰ পৰা সিমূৰলৈ পঢ়ি পেলালো ৷ বেছি সময় নালাগিল ‘ধামাকা’টো বুজিবলৈ ৷ কেইজনমান উদাৰ আৰু কৰ্মপ্ৰিয় মানুহে উপহাৰ কুপনৰ খেল পাতিছে ৷ নাম দিছে-‘৩১ ডিচেম্বৰ ধামাকা’।  মানে অহা বছৰত নোসোমাওঁতেই ধামাকা ভাগ অনুষ্ঠিত কৰিব তেওঁলোকে৷ উপহাৰসমূহ সাংঘাটিক ধৰণে লোভলগা ৷ কেৱল খাবৰ বাবেই জীয়াই থকা লোকসকলে ধামাকাৰ কুপন এখন নিকিনাকৈ যে থাকিব নোৱাৰে সেইটো ধুৰূপ ৷ প্ৰথম পুৰষ্কাৰ এটা নোদোকা হাঁহ ৷ দ্বিতীয় পুৰষ্কাৰ-এটা চালানী মাছ ৷ তৃতীয় পুৰষ্কাৰ- দুই কিলোগ্ৰাম ব্ৰইলাৰৰ মাংস আৰু তিনিটা নিচুকনি পুৰষ্কাৰ-তিনি প্লেট লোকেল মুৰ্গীৰ কণী ৷

পুৰষ্কাৰকেইটাতকৈ মোৰ অধিক দৃষ্টি আকৰ্ষণ কৰিলে ‘ধামাকা’ শব্দটোৱে ৷ ছাট্ কৈ মনটো উৰা মাৰি গ’ল ২০১২ৰ এৰি থৈ অহা দিনবোৰলৈ। য’ত আছিল এটাৰ পিছত এটাকৈ ধামাকা, কেৱল ধামাকা।

১) জি এছ ৰোডৰ ধামাকা : বছৰটোৰ শ্ৰেষ্ঠ ধামাকাৰ ভিতৰত জি এছ ৰোডৰ ধামাকাই ‘টপ’ত আছিল বুলি নি:সন্দেহে ক’ব পাৰি ৷ কাৰণ সেই ধামাকাই সমগ্ৰ ভাৰততে  ধামাকাৰ সৃষ্টি কৰিছিল ৷ বহু ৰথী-মহাৰথীয়ে নিজৰ নিজৰ বহুমূলীয়া মত প্ৰকাশ কৰি ধাৰাবাহিকভাৱে কেইবাদিনলৈকে ধামাকা দি গৈছিল। ৷ খুব কম দিনৰ ভিতৰতে দোষীয়ে শাস্তি পালে ৷ যিটো ধামাকাৰ অন্য এটা এক ধামাকা ৷ গগৈ ছাৰে আদালতৰ বিচাৰত সন্তুষ্ট হোৱা নাই ৷ সৰল মানুহজনৰ সেই বক্তব্যকো শেহতীয়াভাৱে বহুতেই ধামাকা বুলি ক’ব খুজিছে ৷ ভৱিষ্যতে এই ধামাকাই আৰু কেইটা উপ-ধামাকাৰ সৃষ্টি কৰে সেইয়া লক্ষণীয় হ’ব ৷ অৱশ্যে এতিয়াও গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ অলিয়ে-গলিয়ে বহু নাবালক ডেকাক মদ খাই পায়চাৰি কৰি ফুৰা, গাভৰুৱে নিশা দহ বজাতো কম কাপোৰ পিন্ধি শ্বপিং মলত বয়ফ্ৰেণ্ডৰ সৈতে হালি-জালি খোজকাঢ়ি ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷ যিটোৱে সূচায় যে তেওঁলোকৰ অভিভাৱকসকল অত্যন্ত সচেতন হৈছে ৷ তেওঁলোকৰ আৰু ধামাকা কৰিবলৈ ইচ্ছা নাই ৷ ভাগ্য ভাল যে অসমৰ সকলো অভিভাৱক তেওঁলোকৰ দৰে সচেতন নহয় ৷ নহ’লে ধামাকাবোৰ দেখোন নাইকিয়া হৈ যাব ৷ নে কি কয় আপুনি ?

২) “আহ ঐ আহ”ৰ ধামাকা: ২০১২ৰ যিটো বিশেষ ধামাকাই সমগ্ৰ অসম কঁপাই তুলিলে সেইটো হ’ল—‘আহ ঐ আহ’ আন্দোলনৰ ধামাকা ৷ প্ৰায় দুমাহজোৰা চলা সেই ধামাকাত আন্দোলনকাৰীসকলৰ টেটু ফলা চিঞৰত আকাশ-বতাহ ৰজনজনাই গ’ল ৷ জোঁৰ লৈ সমদল কৰোঁতে কৰোঁতে দোকানৰ কেৰাচিন তেল শেষ হোৱাৰ উপক্ৰম হ’ল ৷ সেই আন্দোলনৰ প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে বছৰটোৰ শেষত এজন বাংলাদেশীয়েও অসম এৰি নগ’ল ৷ হাঁহি হাঁহি তেওঁলোকে এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক-কাৰ দৌৰাই ধামাকা দেখুৱাই আছে ৷ এইটোৱে ইয়াকে প্ৰমাণ কৰে যে অসমৰ মানুহে দেশবাসীক দেখুৱাই আন্দোলন কৰিলেও মনে মনে তেওঁলোক মানৱপ্ৰেমী ৷ কোন অসমীয়া, কোন বাংলাদেশী, আমিতো সব মানুহেই ৷ গতিকে মিছাতে ধামাকা কৰি কিনো লাভ ? বহু পলমকৈ হ’লেও অনুতাপত দগ্ধ অসমীয়াই ভৱিষ্যতে এই ধৰণৰ ধামাকা কৰাৰ পৰা বিৰত থাকিব বুলি ভাবিবৰ থল আছে ৷

৩) ‘অকথ্য’ৰ ধামাকা: ভূঞাদেৱৰ ‘অকথ্য’ নামৰ গ্ৰন্থখন  বিগত বছৰৰ অন্যতম ধামাকা আছিল ৷ ‘কথা ক’ব নাজানিলে মানুহে য’তে ত’তে মুখ থেকেচা খাব পাৰে’-এয়াই গ্ৰন্থখনৰ মূল বিষয়বস্তু, যিটো এটা মহান ধামাকাৰ বাদে আন একো নহয়৷ সাংবাদিকতাৰ জগতৰ প্ৰাক্তন উজ্জ্বল তাৰকা ভূঞাদেৱৰ গ্ৰন্থখন অসমীয়া সাহিত্যৰ ভঁৰাললৈ এটা তামাম ধামাকা বুলি বহুতেই মন্তব্য কৰি সেই ধামাকাত নিজকে চামিল কৰে ৷ জি এছ ৰোডত সংঘটিত হোৱা অভূতপূৰ্ব ধামাকাত দিক-বিদিক হেৰুৱাই পেলোৱাৰ পিছতো নিৰাশ নহৈ এইজনা গীতে-মাতে বিশাৰদ সাংবাদিকে খুব কম দিনৰ ভিতৰতে এখন অনুপম গ্ৰন্থ ৰচনা কৰি যি ধামাকা কৰিলে, সেয়া সঁচাকৈয়ে অনুকৰণীয় আৰু আদৰণীয় ৷ অসমৰ পাঠক সমাজে অনাগত দিনবোৰত ভূঞাদেৱৰ পৰা অকথ্যতৈও বেছি শক্তিশালী ধামাকাৰ আশা কৰিব পাৰে ৷
৪) গৰুৰ ধামাকা : আগৰ দিনৰ কথা সুকীয়া আছিল ৷ গৰুৱে ঘাঁহ খাইছিল ৷ পিছে যুগৰ পৰিৱৰ্তনৰ লগে লগে গৰু সমাজেও নিজৰ ষ্টেটাছ মিলাই চলিব লগা হৈছে। তাৰ বাবে তেওঁলোকে নিত্য-নতুন ধামাকাৰ উৎস বিচাৰি ফুৰে ৷ এইবাৰ তেওঁলোকৰ হাতলৈ আহিল সেই সুৱৰ্ণ সুযোগটো ৷ তিনিবাৰ পৰীক্ষা অনুষ্ঠিত কৰি এইবাৰ ‘ছেবা’ই একপ্ৰকাৰৰ ধামাকাৰ সৃষ্টি কৰিছিল ৷ তেওঁলোকৰ সেই ধামাকাক অন্য মাত্ৰা প্ৰদান কৰাৰ উদ্দেশে গোৱালপাৰাৰ গৰুকেইটাই গোগ্ৰাসে গিলি পেলালে মেট্ৰিকৰ কেইখনমান বহী ৷ স্বাভাৱিকতেই সেই অতুলনীয় ধামাকাই স্থান পালে বাতৰিকাকতৰ প্ৰথমপৃষ্ঠাত ৷ গৰুকূলৰ বাবে ইয়াতকৈ আৰু কি ধামাকা হ’ব পাৰে! কিন্তু এটা কথা ঠিক যে ছেবাৰ সহায় অবিহনে তেনে ধামাকা সম্ভৱ নহ’লহেঁতেন ৷ জয়তু ছেবা, যি কেৱল নিজৰ বাবেই নহয়,পশু-পক্ষীৰ কাৰণেও চিন্তা কৰে ৷ ধন্য ধন্য এই ধামাকা !

৫) টেটৰ ধামাকা : গগৈদেৱৰ পিচতেই অসমৰ ৰাজনীতিত নিয়মীয়াকৈ ধামাকা কৰি থকা আন এজন ব্যক্তি হৈছে শৰ্মাদেৱ৷ এইবাৰো তেৰা পিছ পৰি ৰোৱা নাই ৷ মাজতে তেৰাই অৱশ্যে কেইদিনমান পদত্যাগ কৰিও তামাম ধৰণৰ ধামাকা এটা কৰিছিল ৷ পিছে তেৰাই ২০১২ চনত কৰা সকলো ধামাকাৰ ভিতৰত টেটৰ ধামাকা আছিল লেখত ল’বলগীয়া ৷ সেই ধামাকাই কোনোবাৰ জীৱনলৈ সুখৰ নিজৰা বোৱাই আনিলে, কাৰোবাৰ জীৱনৰ আকাশখনলৈ আনিলে দুখৰ ক’লীয়া ডাৱৰ ৷ সি যি কি নহওক, অসমৰ বহুতো বেকাৰ ল’ৰা-ছোৱালীয়ে কেইটামান অনুৰূপ ধামাকাৰ আশাত বাট চাই ৰৈ আছে এটা আশাবাদী মন লৈ ৷ যদি তেওঁলোকৰ সেই আশা মষীমূৰ হয়, তেন্তে  নৱবৰ্ষত যে তেওঁলোকেও এটা বৃহৎ ধামাকা কৰিব সেইটো প্ৰায় খাটাং বুলিয়েই ক’ব পাৰি ৷

৬) সংলাপৰ ধামাকা : ১২ বছৰতকৈও অধিক কাল ধৰি গগৈ চৰকাৰে সংলাপৰ ধামাকাৰে অসমখন ধামাকাময় কৰি আহিছে ৷ এইবছৰো ব্যতিক্ৰম নহ’ল ৷ এইবাৰ তেখেতসকলে সংলাপ নিক্ষেপণত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিলে ৷ প্ৰতিটো সংলাপতে আছিল ১০০% ধামাকা ৷ কোনোৱে যদি সঁচা কথা কৈ ধামাকাৰ সৃষ্টি কৰিলে, কোনোৱে মিছা কথা কৈ ধামাকাৰ সৃষ্টি কৰিলে ৷ অৱশ্যে গগৈ ছাৰৰ প্ৰতিটো ঘোষণাতে ধামাকা বিদ্যমান ৷ ‘আত্মহত্যা সকলোৰে মৌলিক অধিকাৰ’- এইটো ছাৰৰ শেহতীয়া ধামাকা ৷ অ’ মনত পৰিল, ছাৰৰ এইবছৰৰ বাৰ্থডে’ পাৰ্টিটোৱেও বহুতৰ মনত তুমুল ধামাকাৰ সৃ্ষ্টি কৰিছিল ৷ এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে য’তে ছাৰ, ত’তে ধামাকা ৷

৭) চোৰৰ ধামাকা: অসমত চোৰৰ অভাৱ কেতিয়াও হোৱা নাছিল আৰু নহয়ো ৷ বগা কাপোৰ পিন্ধি বত্ৰিশটা দাঁত জিলিকাই হাঁহি মৰা চুৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ চুবুৰীত পিয়া পি দি ঘূৰি ফুৰা পাণ-তামোল চোৰে অতীজৰে পৰাই অসমত ধামাকাৰ সৃষ্টি কৰিয়েই আহিছে।৷ পিছে এইবছৰ এক অন্য ধৰণৰ চুৰেহে অসম মুলুকত তীব্ৰ ধামাকাৰ সৃষ্টি কৰিলে ৷ বেচেৰা গড়, হাতীকেইটা এই চুৰকেইটাই কৰা ধামাকাৰ বলি হ’ল ৷ মুহূৰ্ততে ধামাকাৰ সৃ্ষ্টি হ’ল সমগ্ৰ অসমত ৷ ঠায়ে ঠায়ে প্ৰতিবাদী ধামাকাৰ জন্ম হ’ল ৷ কোনো কোনো বিদ্বানে পুত্তলিকা দাহ কৰিলে, বনমন্ত্ৰীৰ প্ৰতিকৃতি জ্বলালে ৷ মুঠতে চাৰিওফালে ধামাকাৰ উত্তেজনাময় পৰিবেশ ৷ অনাগত দিনবোৰতো তেনে ধামাকা অব্যাহত থাকিব বুলি ধাৰণা কৰিব পাৰি ৷ চুৰেৰে ভৰি থকা অসমখনৰ এনেবোৰ ধামাকাৰ ৰহস্য কথা ক’ব নজনা বন্য জীৱ-জন্তুয়ে কাহানিবা বুজি পাবনে ?

৮) ব্ৰেকিং নিউজৰ ধামাকা : আজিকালি আগৰ দিন নাই ৷ এতিয়া নিউজ মানে কেৱল আৰু কেৱল ধামাকা ৷ প্ৰথিতযশা সাংবাদিকসকলৰ ভঙা ভঙা কথনশৈলী, ধামাকাদাৰ উপস্থাপন শৈলীয়ে প্ৰতিটো সন্ধ্যাতেই ধামাকা কৰি আহিছে ৷ দুটা-এটা অসমীয়া শব্দৰ মাজে মাজে দহটামান ইংৰাজী আৰু পাঁচটামান হিন্দী শব্দ সংযোজনৰে তেওঁলোকে যিদৰে অসমৰ সংবাদ মাধ্যমত ধামাকাৰ সৃষ্টি কৰি আছে সেয়া তুলনাবিহীন তথা মনোৰম ৷ পাঁচ মিনিটৰ মূৰে মূৰে ব্ৰেকিং নিউজবোৰ দেখুৱাই থকাটোও কম দু:সাহসিক নে! এয়া ধামাকা নহয় যদি কি? ক’ৰবাত গৰু গছত উঠিল, কোনোবাই চকলেট খাওতে দাঁত ভাঙিল ইত্যাদি নানানটা অভূতপূৰ্ব তথা অশ্ৰুত বাতৰিৰে গোটেই বছৰ ধামাকা কৰিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে ৷ তেওঁলোকৰ এই ধামাকাই আমাক আগলৈকো আনন্দ দি যাব চাগৈ ৷

পৰিশেষত—

৯)আপডেটৰ ধামাকা : খাবলৈ নাই চাউল, পিন্ধিবলৈ নাই কাপোৰ, থাকিবলৈ নাই ঘৰ ৷ তথাপিও নাই চিন্তা ৷ হোৱা নাই হতাশ ৷ কাৰণ, হাতত আছে ম’বাইল আৰু ম’বাইলত আছে ফেচবুক ৷ আৰু ফেচবুকত কি আছে ? সব আছে ৷ ফেচবুকেও যে ধামাকাৰ সৃষ্টি কৰিব পৰাৰ এক অন্যতম আহিলা হ’ব পাৰে সেইটো নজনা মানুহ এতিয়া অসম মুলুকত বিৰল ৷ পুৱা শুৱাৰ পৰা উঠাৰ পৰা ৰাতি ১২ বজাত শৌচাগাৰলৈ যোৱালৈকে সকলো ধৰণৰ আপডেটেৰে অসমীয়াই ধামাকা কৰি দপদপাই ঘূৰি ফুৰে ফেচবুকত ৷ কিমান যে অদ্ভুত ! কিমান যে বিচিত্ৰ তেওঁলোকৰ এই নিত্য-নৈমিত্তিক আপডেটবোৰ ! এই ধুনীয়া ধুনীয়া হিয়া-মন জুৰ কৰি পেলোৱা ধামাকাবোৰ !

উল্লিখিত ধামাকাকেইটাৰ উপৰিও আন কেইবাটাও ধামাকা ২০১২ চনত অসমবাসীয়ে উপভোগ কৰিলে ৷ এইবোৰৰ উপৰিও বানপানীৰ চকুপানী, অসম বন্ধৰ উভৈনদী, চাঞ্চুমা উপাখ্যান, সাহিত্য সভাৰ বেমেজালি, নিবনুৱাৰ খঙকে ধৰি কেইবাটাও স্থায়ী-অস্থায়ী ধামাকাই আমাক চুই গৈছিল ৷ এতিয়া প্ৰশ্ন হয়— ২০১৩ চনতো এইদৰে ধামাকা হ’ব নে ? নে ইয়াতকৈ বেছি ধামাকা হ’ব ? হ’লে কিমান বেছি ধামাকা হ’ব ? কোন কোন ব্যক্তি এই ধামাকাৰ লগত জড়িত হ’ব ? মিছা ক’লে কিডাল হ’ব, মই পুৰা সাজু ২০১৩ চনৰ কেইটামান বিশেষ ধামাকালৈ ৷ আপুনি সাজুনে ?

—————————————————————————————————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!