নতুন অসমীয়া চিনেমা “নাটেশ্বৰী”- দৰ্শনা বৰুৱা

বৰ্ষীয়ান অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই নিজৰ ৮৫ বছৰ বয়সত এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা পৰিচালনা কৰিবলৈ আগবাঢ়িছে৷ লেখিকা ৰূপলেখা দেৱীৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণৰ কাম আৰম্ভ হোৱা ছবিখনৰ নাম “নাটেশ্বৰী৷“ যোৱা ২২ মাৰ্চত কামাখ্যা মন্দিৰৰ চৌহদত “নাটেশ্বৰী“ৰ শুভ মহুৰত সম্পন্ন হৈ যায়৷ নাটেশ্বৰীৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কুলদা কুমাৰ ভট্টাচাৰ্যৰ৷ চিনেমাখনত মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছে উপকূল বৰদলৈয়ে৷ চিনেমাখনৰ মুখ্য চৰিত্ৰকেইটাত জয় কাশ্যপ, পাৰ্থ হাজৰিকা আৰু কাচ্‌বী শৰ্মাই অভিনয় কৰিছে৷ শুভ মহুৰতৰ পাছতেই চিনেমাটোগ্ৰাফাৰ নাহিদ আহমেদে কেইটিমান দৃশ্যৰে নাটেশ্বৰীৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰে৷ ছেপ্তেম্বৰ মাহৰ পৰা “নাটেশ্বৰী’ৰ পাছৰ পৰ্যায়ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷ নাটেশ্বৰীৰ কলা নিৰ্দেশনা জ্যোতিশংকৰ ভট্টাচাৰ্যৰ, শব্দ গ্ৰহণ বিজয় নাথৰ৷ সৌৰভ মহন্তৰ পৰিচালনাত চিনিমাখনৰ সংগীতৰ কাম আৰম্ভ হৈছে৷ পূৰ্বে গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত “তেজালঘোঁৰা“ ধাৰাবাহিকৰ পৰিচালনাৰে সুনাম অৰ্জন কৰা কুলদা কুমাৰ ভট্টাচাৰ্য মঞ্চ নাট, দূৰদৰ্শনৰ নাট, চলচ্চিত্ৰ আদিৰ এজন খ্যাতিমান অভিনেতা৷ এজন সুদক্ষ ডাবিং শিল্পী হিচাপে পৰিচিত ভট্টাচাৰ্যৰ কণ্ঠ জনপ্ৰিয় “ভাগ্য“ চিনেমাৰ অসমীয়া সংস্কৰণতো শুনিবলৈ পোৱা গৈছিল৷ শকুন্তলা, প্ৰভাতী পখী ৰ গান, চিক্‌মিক বিজুলী, সূৰ্যাস্ত, কেকটাছ, দিক্‌চৌ বনত পলাশ, মাজৰাতি কেতেকী, ভিলেজ ৰক্‌ষ্টাৰচ, ক্ষণচৰ আদি অসমীয়া চিনেমাৰ দক্ষ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই তাহানিতে লণ্ডণ আৰু জাৰ্মানীৰ শিক্ষানুষ্ঠানত অভিনয় তথা মঞ্চকলা, ভিছন মিক্সিং, দূৰদৰ্শনৰ নিৰ্দেশনা আদিৰ বিষয়ে শিক্ষা গ্ৰহণ কৰি বহু কথা শিকিছিল৷ এজন লেখক হিচাপেও ভট্টাচাৰ্যৰ সুনাম আছে৷ গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ নাট বিভাগৰ প্ৰধান হিচাপে ৩ বছৰ কাৰ্যনিৰ্বাহ কৰা কুলদা কুমাৰ ভট্টাচাৰ্যই বহু কেইখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে৷ “নাটেশ্বৰী“ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে পৰিচালনা কৰা অসমীয়া চিনেমা য’ত এইগৰাকী সুদক্ষ অভিনেতাই কিন্তু নিজে অভিনয় নকৰে বুলি জানিব পৰা গৈছে৷ “নাটেশ্বৰী“ৰ কাহিনীভাগ কামাখ্যাৰ এটি ব্ৰাহ্মণ পৰিয়ালৰ কিছু ঘটনাৰ সমষ্টিৰে আগবঢ়াই নিছে চিত্ৰনাট্যকাৰ ভট্টাচাৰ্যই৷ নাটেশ্বৰীৰ প্ৰযোজনা নিয়ন্ত্ৰক নিৰেন দাস৷ যশস্বী তথা বৰ্ষীয়ান শিল্পীজনাৰ পৰিচালনাত “নাটেশ্বৰী“ শীৰ্ষক অসমীয়া ছবিখন সুকলমে নিৰ্মাণ হৈ চিত্ৰগৃহত মুক্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!