নব্য ধাৰাৰ ইতিহাসবিদ ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ স’তে সাক্ষাৎকাৰ

নতুন প্ৰজন্মৰ এক সাৰ্থক প্ৰতিনিধিৰূপে সাহিত্য, শিল্প, দৰ্শন, ধৰ্ম, ইতিহাস, ভাষাতত্ব, বিজ্ঞান আদি বিষয়ত গভীৰ প্ৰজ্ঞাৰ পৰিচয় দিবলৈ সক্ষম হোৱা, শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ ঊনবিংশ পূৰ্ণকালীন অধিবেশনত “বুৰঞ্জীবিদ নৰেন্দ্ৰনাথ সোঁৱৰণি বটা” প্ৰাপক, অনুসন্ধানমূলক ইতিহাসৰ গৱেষক, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰক্তিম ৰঞ্জন শইকীয়া দেৱৰ সৈতে পাৰ কৰা এটি সন্ধ্যা সাক্ষাৎকাৰৰূপে আগবঢ়োৱা হৈছে….

প্ৰশ্ন / আপুনি এজন ভূতত্বৰ ছাত্ৰ তথা অধ্যাপক । আপুনি ইতিমধ্যে ভূ-তাত্বিক বিজ্ঞানৰ দৃষ্টিভংগীৰে নিৰপেক্ষ ইতিহাস নিৰ্মাণৰ চেষ্টা কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছে । এই ভূতত্ব বিষয়ৰ পৰা ইতিহাস বিষয়টোৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণ কি? ইতিহাসৰ লগত কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হৈ পৰিল?

✔ সকলোধৰণৰ কিতাপ পঢ়াৰ এটা অভ্যাস সৰুৰে পৰা আছিলেই । ঘটনাক্ৰমে ঔদ্যোগিক ক্ষেত্ৰৰ পৰা শিক্ষকতাৰ ক্ষেত্ৰলৈ আহি দেখিলোঁ ইয়াত তুলনামূলকভাৱে হাতত কিছু ৰাহি সময় থাকে ।সেই সময়খিনিৰ সদ ব্যৱহাৰ কৰিবলৈকে ইতিহাস বিষয়টোক লৈ কিবা কৰিব পাৰি নেকি চেষ্টা কৰি চাবলৈ মন কৰিলো । এই ক্ষেত্ৰত Jared Diamond নামৰ গৱেষকজনৰ কিতাপবোৰে উৎসাহ যোগালে । গতানুগতিক ইতিহাস গৱেষণা নকৰি ইতিহাস অধ্যয়নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কি ভাবে কৰিব পাৰি তাৰ প্ৰচেষ্টা ল’লো । ইতিমধ্যে Indian National Science Academy ৰ অৰ্থসাহাৰ্য্যত এই দিশত এটা গৱেষণা প্ৰকল্প সমাপ্ত কৰা হৈছে আৰু এটাৰ কাম শেষ পৰ্য্যায়ত চলি আছে । “Wadia Institute of Himalayan Geology” নামৰ গৱেষণা প্ৰতিষ্ঠানটোৰ লগ হৈ এটা যুটীয়া গৱেষণাও কৰি থকা হৈছে । এই সকলোবোৰেই অসমৰ ইতিহাসকেন্দ্ৰিক ।

প্ৰশ্ন / বুৰঞ্জী বিষয়ক আপোনাৰ প্ৰকাশিত লেখাসমূহৰ বিষয়ে জনাব নেকি?

✔ মোৰ বুৰঞ্জী বিষয়ক কোনো একক কিতাপ প্ৰকাশ হোৱা নাই । প্ৰকাশহোৱা সমূহ গৱেষণাপত্ৰ আৰু প্ৰৱন্ধহে । অসমৰ অৰ্থনৈতিক ইতিহাসৰ ওপৰত দুখন কিতাপৰ কাম লাহে-ধীৰে কৰি আছো । কেতিয়াবা শেষ হ’ব । অৰ্থনৈতিক-ইতিহাস বিষয়টো বাচি লোৱাৰ কাৰণ হ’ল এই বিষয়ৰ যি কেইখন কিতাপ হাতত পৰিছিল সকলোতে থকা মৌলিক ভুল কিছুমান । ভুল শুদ্ধৰাই থকাতকৈ মোৰ নিজৰ গৱেষণাৰ সমলৰ পৰা নতুনকৈ লিখা ভাল হ’ব বুলি ভাবিলো ।

প্ৰশ্ন / অসমীয়া সাহিত্যৰ ইতিহাস সম্পৰ্কে আপোনাৰ মন্তব্য কি? বিশেষকৈ কোঁচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজাসকলৰ অৰিহণা সম্পৰ্কে দুআষাৰ জানিব বিচাৰিম ।

✔ মোৰ মতে অসমীয়া সাহিত্যৰ ইতিহাস এতিয়াও অসম্পূৰ্ণ । কাৰণ মোৰ হাততে বিট্ৰিছ লাইব্ৰেৰীৰ পৰা সংগ্ৰহ কৰা তিনিটাকৈ প্ৰাচীন পাণ্ডুলিপি আছে যাৰ বিষয়ে সাহিত্যৰ ইতিহাসকাৰসকল এতিয়াও অজ্ঞাত । কোঁচৰজা আৰু আহোম ৰজাসকলৰ লগতে কপিলী উপত্যকাৰ কছাৰী ৰজাসকলৰ অসমীয়া সাহিত্যলৈ অৱদান কেনে আছিল সেয়া এক সৰ্বজনবিদিত ঐতিহাসিক সত্য । মই ইয়াৰ লগত এটা তথ্যহে সংযোজন কৰিব খোজো । বিট্ৰিছ লাইব্ৰেৰীৰ পৰা কমতাৰজা দুৰ্লভ নাৰায়ণ আৰু আহোম ৰজা প্ৰমত্ত সিংহৰ পৃষ্ঠপোষকতাত ৰচনা হোৱা দুখন পুথিৰ পাণ্ডুলিপিৰ প্ৰতিলিপি আমাৰ হাতত আছে, যাৰ তথ্য অসমীয়া সাহিত্যৰ ইতিহাসত সন্নিৱিষ্ট হোৱা নাই ।

প্ৰশ্ন / আহোম যুগৰ সবাতোকৈ শ্ৰেষ্ঠ ক্ষেত্ৰখন হ’ল – বুৰঞ্জীমূলক সাহিত্যৰ ক্ষেত্ৰখন । এই বিষয়ে আপোনাৰ মন্তব্য?

✔ আহোম যুগৰ বুৰঞ্জীসমূহক প্ৰকৃতাৰ্থত সাহিত্য বুলিব নোৱাৰি । সেয়া দিনপঞ্জীৰ দৰে এবিধ লেখাহে । ইয়াৰ উদ্দেশ্যও মনোৰঞ্জনৰ পৰিবৰ্তে তথ্য সংৰক্ষণহে আছিল । আহোম ৰাজচ’ৰাত “লিখকৰ বৰুৱা” নামৰ বিষয়াজনৰ অধীনত এদল লিখাৰু আৰু কাকতি আছিল । ৰাজচ’ৰাৰ দৈনন্দিন কামকাজ বৰ্ণনা বা কাৰ্যবিৱৰণী সমূহ লিখাৰু সকলে পুংখানুপুংখভাৱে লিপিবদ্ধ কৰি গন্ধীয়া ভঁৰালত জমা ৰাখিছিল । কাকতি সকলে ছমাহে বছৰে কাৰ্যবিৱৰণী বোৰ পঢ়ি তাৰ সাৰ সংগ্ৰহ কৰি ধাৰাবাহিক বুৰঞ্জী লিখিছিল । তদুপৰি ব্যক্তিগত ভাৱেও অনেকে বুৰঞ্জী লিখিছিল । আমি আজি বুৰঞ্জী সমূহক সাহিত্যৰ মৰ্যাদা দিলেও এই সমূহৰ লক্ষ্য পৃথক আছিল ।

প্ৰশ্ন / শৰৎ চন্দ্ৰ ঘোষালৰ দ্বাৰা অনুদিত কোঁচবিহাৰৰ বুৰঞ্জীত ১৭১২ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ ক্ষেত্ৰ আৰু পৰ্বতৰ ওপৰত ভিত্তি কৰি এখনি বুৰঞ্জী লিখোৱা হৈছিল । বৰ্তমানে দুষ্প্ৰাপ্য এই বুৰঞ্জীখন অনুসন্ধান কৰি উলিয়ালে অতীত অসমৰ বহুতো সম্বল, তথ্য উদ্ধাৰ হ’ব । এই সম্পৰ্কে আপোনাৰ ওচৰত কিবা তথ্য আছে নেকি? অন্যান্য বুৰঞ্জীমূলক দুষ্প্ৰাপ্য গ্ৰন্থ, সমল সম্পৰ্কে আপোনাৰ পৰা জানিব বিছাৰিম ।

✔ নতুনকৈ পুৰণি বুৰঞ্জী উদ্ধাৰৰ আশা সীমিত যেন লাগে । এনেকুৱা অনেক বুৰঞ্জী পুথি দেশৰ ৰাজনৈতিক ধুমুহাত লোপ পালে ।

প্ৰশ্ন / আপুনি প্ৰায়েই উত্তৰ পূৱৰ পাহাৰ বোৰত ভ্ৰমণ কৰে । ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কি?

✔ অসম হ’ল এটা গেদেৰে নিৰ্মিত উপত্যকা । গতিকে প্ৰাচীন অসমৰ ৰাজ্য সমূহে ক্ৰান্তিক মনিক সমূহৰ আহৰণৰ বাবে চাৰিওফালে থকা পাহাৰ বোৰৰ ওপৰত নিৰ্ভৰ কৰাৰ বাহিৰে উপায় নাছিল । মই কৰি থকা কিতাপ খনৰ কামত সেয়ে সুযোগ পালেই পাহাৰবোৰ ভ্ৰমণ কৰো । নিজ চকুৰে চাই, হাতেৰে চুই পৰীক্ষা নকৰালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা উচিত নহয় বুলি ভাবো ।

প্ৰশ্ন / আপোনাৰ নেতৃত্বত কেইবাটাও প্ৰত্নতাত্ত্বিক খনন কাৰ্য সম্পন্ন হৈছিল । এই সমূহত আপোনাৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰিবনে?

✔ প্ৰথম কথা হ’ল পুৰাতাত্বিক খনন কাৰ্য কৰিবলৈ আমি আইনগত ভাৱে কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি নহয়। সেয়ে মোৰ নেতৃত্বত কোনো খনন কাৰ্য হোৱা নাই । কিন্তু অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে জকাই, দৈয়াং আৰু কপিলি উপত্যকাত চলোৱা কিছু খনন কাৰ্য পৰ্যবেক্ষণ কৰি নমুনা সংগ্ৰহ কৰিছিলোঁ । এই নমুনা সমূহ বিশ্লেষণ কৰি যি সমূহ তথ্য পোৱা গ’ল সেয়া অসমৰ ইতিহাস চৰ্চাত একেবাৰেই নতুন । কিন্তু বৃত্তিগত বাধানিষেধৰ বাবে সেয়া এই মূহূৰ্তত প্ৰকাশ কৰিব নোৱাৰিম । কিন্তু অতি সোনকালেই অসমৰ ৰাইজে সেয়া জানিবলৈ পাব ।

প্ৰশ্ন / নিজৰ ভাষা সংস্কৃতি আৰু আৰ্থ সামাজিক অৱস্থাৰ উন্নয়নৰ হেতু অসমৰ বিভিন্ন নৃগোষ্ঠীয় জনগোষ্ঠীয়ে এতিয়া স্বনিয়ন্ত্ৰণৰ অধিকাৰ বিছাৰিছে । শান্তি – ঐক্য – সম্প্ৰতি অটুট ৰাখি “বৰ অসম” ধাৰণাৰ বিস্তৃতিত ঐতিহাসিক সমলৰ অধ্যয়নে কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব বুলি আপুনি ভাবে?

✔ চাওঁক, বৰ অসম বুলি কোনো ধাৰণাই অতীতত নাছিল । পুৰণি আহোম ৰাজ্যৰ পশ্চিম সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানাহ নদী আৰু দক্ষিণ পাৰে হাদিৰাচকীত আছিল । বৰ অসমখন প্ৰকৃততে বিট্ৰিছ অসম আছিল । সেয়া আছিল এক কৃত্ৰিম ধাৰণা । ইতিহাস অধ্যয়নে “বৰ অসম” গঠন কৰি দিব নোৱাৰে । ইতিহাস বিদ্যায়তনিক ভাৱেই অধ্যয়ন কৰা উচিত । অন্যথা আমি নিজৰ স্বাৰ্থত প্ৰয়োগ কৰিব পৰাকৈ ইতিহাস বিকৃত কৰি ল’ব লাগিব।

প্ৰশ্ন / ড০ বাণীকান্ত কাকতিৰ মতে, “কামাখ্যা অষ্ট্ৰিক গোষ্ঠীয় খাছী সকলৰ মৰিশালি আছিল । অষ্ট্ৰিক সকলৰ পাছত কিৰাট বা মংগোলীয় বড়ো গোষ্ঠীয় লোক সকলৰ প্ৰভাৱ পৰে । তাৰ পিছত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰি এতিয়া সেই কামাখ্যা আৰ্য – হিন্দুৰ প্ৰধান তীৰ্থস্থান ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে ।” এই সম্পৰ্কে আপোনাৰ মতামত কি ?

✔ বাণীকান্ত কাকতিৰ প্ৰজ্ঞাক শ্ৰদ্ধা জনাই কওঁ কামাখ্যা সম্পৰ্কে তেখেতৰ মতামত আমাৰ দৃষ্টিত ভুল । বহু কেইজন আধুনিক পণ্ডিতে এই বিষয়ত ইতিমধ্যেই নিজৰ মত প্ৰকাশ কৰিছেই । আমিও পাঁচ বছৰমান আগতে “প্ৰকাশ” আলোচনীত এই বিষয়ত এটা প্ৰৱন্ধ লিখিছিলো । সচেতন পাঠকে মন কৰিলে “Nilachal Kamakhya, Her History and Tantra” নামৰ কিতাপখন পঢ়ি চাব পাৰে । বাণীকান্ত কাকতিয়ে উল্লেখ কৰা খাচীমূলীয় যোনিপূজা এটা ভ্ৰান্ত ধাৰণা । কামাখ্যা মন্দিৰলৈ যোনি পূজাৰ প্ৰবেশ এটা পাছৰ সংযোজন । কালিকা পুৰাণে কৈছে –

“সত্যাস্তু পতিতম্ তত্ৰ বিশীৰ্ণম্ যোণীমণ্ডলম্।
শিলাত্বমগমচ্ছৈলে কামাখ্যা তত্ৰ সংস্থিতা ।।”
(দ্বিষষ্টিতম অধ্যায়, শ্লোক নং ৭৬, পৃষ্ঠা – ৬১৪)

শ্লোকটোৰ পোনপতীয়া অৰ্থ হ’ল, “সত্য এয়ে যে য’ত কামাখ্যাৰ অৱস্থিতি আছিল তাতে সতীৰ শীৰ্ণহৈ যোৱা যোনিঅংশ পৰি শিলাভূত হৈ ৰ’ল ।” অৰ্থাৎ কামাখ্যাৰ স্থিতি আগৰে পৰা আছিল । যোনীপীঠ হে নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল । যোগিনীতন্ত্ৰইও বাৰে বাৰে নৱযোনী শব্দটোৰ ব্যৱহাৰ কৰিছে ।

” নৱযোনী সমাখ্যাতা কামাখ্যা যোনীমণ্ডলম্।”
(একাদশ পটল, শ্লোক নং ২৮, পৃষ্ঠা – ১৫০)

বাণীকান্ত কাকতিৰ গাৰো-খাচী সকলৰ মাজত কামাখ্যা দেৱীৰ যোনিপূজা উৎস সন্ধানৰ তত্বক নৃতাত্বিক প্ৰমাণে সমৰ্থন নকৰে বুলিহে আমাৰ অনুভৱ হয় । খাচী গাৰোসকলৰ ওপৰত হোৱা অসংখ্য নৃতাত্বিক গৱেষণাৰ কোনো এটাটো গাৰো খাচী সকলৰ মাজত যোনিপূজাৰ প্ৰচলন আছিল বুলি পোৱা নাযায় (অন্তত আমাৰ চকুত পৰা নাই) । সাধাৰণ যুক্তি মতেও যদি মাতৃতান্ত্ৰিক সমাজবোৰ যোনিপূজক হয় তেন্তে সকলো পিতৃতান্ত্ৰিক সমাজ লিংগপূজক হ’ব লাগিব ।বিজ্ঞানসন্মত গৱেষণাত এনে কল্পনা আৰু ভাৱবিলাসৰ স্থান নাই । অসমৰ এজন বিখ্যাত লোকসংস্কৃতিৰ বিশেষজ্ঞক এই খিনি কথা কোৱাত, তেওঁ ক’লে যে খাচী মেগালিথ বোৰে লিংগ আৰু তাৰ ভূমি অংশই যোনিক বুজায়। অৱশ্যে আমি “হটন’ৰ ‘নেচাৰ’ পত্ৰিকাত প্ৰকাশিত খাচীসকলৰ স্ত্ৰী আৰু পুৰুষ মেগালিথৰ বিশদ বৰ্ণনালৈ আঙুলিয়াই দিয়াত বিশেষজ্ঞজনে একো মন্তব্য নিদিলে । আমি নিজে খাচী পাহাৰৰ অতি ভিতৰুৱা ঠাইত তিনি বছৰ ধৰি গৱেষণাৰ কাম কৰিছিলো । এতিয়াও খ্ৰীষ্টান ধৰ্মৰ সলনি প্ৰচীন ধৰ্মকে সাৱটি থকা কোনো খাচীলোকে যোনিপূজা কৰা বুলি কোনো তথ্য দিব নোৱাৰিলে । ক্ষেত্ৰ অধ্যয়নৰ পৰিৱৰ্তে অধিক তাত্বিক গৱেষণাই এনে বিভ্ৰান্তিৰ জন্ম দিয়ে । খাচী নৃতাত্ত্বিক অধ্যয়নৰ ‘বাইবেল’ স্বৰূপ P. R. T. Gurdon ৰ লিখিত, “The khasis (Mcmillan and Co. Limited, St Martin’s Street, London, 1914) নামৰ বিখ্যাত গ্ৰন্থখনত বহুতো খাচী দেৱী আৰু দেৱতাৰ উল্লেখ থাকিলেও যোনিপূজাৰ কোনো উল্লেখ নাই ।” Religion of the Khasi, (S. S. Khongkliam, DVS Publisher, H. B. Road, Panbazar, GUWAHATI – 781001, 2012) নামৰ প্ৰাচীন খাচী ধৰ্ম সম্পৰ্কীয় উল্লেখযোগ্য আধুনিক গৱেষণা গ্ৰন্থখনিয়েও যোনিপূজা সম্পৰ্কে কোনো তথ্য আগবঢ়োৱা নাই। “কামেইখা” নামৰ এগৰাকী দেৱীৰ নাম পোৱা গলেও যোনি পূজাৰ লগত এই দেৱীৰ কোনো সম্পৰ্কৰ উল্লেখ আমি নাপালো ।

প্ৰশ্ন / অসমত বৰপেটাৰ কীৰ্ত্তন ঘৰত মহিলাৰ প্ৰৱেশত থকা বাধা আৰোপ কৰা হৈ আহিছে । সেইদৰে কেৰেলাৰ সৱৰিমালা মন্দিৰটো নাৰীৰ প্ৰৱেশক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । এইবোৰ বহুলাংশে পৌৰাণিক ধ্যান ধাৰণা বা পৰম্পৰাকলৈ হোৱা সংঘাত । এতিয়া আপুনি এনে ঐতিহাসিক পৰম্পৰাক সন্মান কৰিবনে নে বিজ্ঞাননিৰ্ভৰ আধুনিক চিন্তাধাৰাক সমৰ্থন কৰিব ? এই বিষয়ত ঐতিহাসিক প্ৰমূল্য তথা ঐতিহ্যৰ বাহক হিচাপে মঠ মন্দিৰ তথা অন্যান্য সমলৰ অধ্যয়ন ভূমিকা কি হোৱা উচিত?

✔ পৰম্পৰা একো একোটা মানুহেই সৃষ্টি কৰে, গতিকে ভাঙিবও মানুহেই লাগিব । কিন্তু আমিবোৰ এতিয়াও সম্পূৰ্ণৰূপেই সভ্য মানুহ হ’ব পৰা নাই বাবেই এনেকুৱা আৰু অনেক জঘন্য নীতি নিয়ম আমি পৰম্পৰাৰ নামত পালন কৰো । এনেকুৱা পৰম্পৰাৰ প্ৰতি মোৰ অকনো শ্ৰদ্ধা নাই । মঠ মন্দিৰবোৰ একো একোটা ঐতিহাসিক স্মাৰক আৰু এই সমূহক তেনেদৰেই অধ্যয়ন কৰিব লাগে ।

প্ৰশ্ন / অসমৰ ঐক্য সংহতিত বিভিন্ন জনগোষ্ঠীৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰিব নেকি । ইতিহাস অধ্যয়নে এইক্ষেত্ৰত কেনেকুৱা ভূমিকা ল’ব পাৰে বুলি আপুনি ভাবে ।

✔ ঐক্য সংহতি আদি শুনিবলৈ ভাল লগা ধাৰণা বোৰ আহে সম অৰ্থনৈতিক উন্নয়নৰ পৰা । আবেগক ভিত্তি কৰি এই ধাৰণাবোৰ বৰ্তাই ৰাখিব নোৱাৰি । অসমৰ ইতিহাস সূক্ষ্মভাৱে অধ্যয়ন কৰিলে অনবৰতে প্ৰজাৰ মাজত উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰাহে অনুভৱ কৰিব পাৰি । ৰজাঘৰৰ শোষণৰ বিৰুদ্ধে প্ৰজা জাগৰণ অসম ইতিহাসৰ আটাইতকৈ গৌৰৱময় অধ্যায়। ইতিহাস অধ্যয়ন কৰি আমি এই কথাহে উপলব্ধি কৰো যে সম অৰ্থনৈতিক উন্নয়ন অবিহনে ঐক্য সংহতিৰ দৰে ধাৰণাবোৰ আকাশকুসুম ।

প্ৰশ্ন / সুযোগ পোৱা হ’লে আপুনি কোনজন অসমৰ (প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ) ৰজা বা স্বৰ্গদেউৰ সাক্ষাৎকাৰ ল’বলৈ ইচ্ছা কৰিলেহেঁতেন ?

✔ মই চকুপাৰি দেখিব নোৱাৰা জীৱই হ’ল সকলো ধৰণৰ ৰজা । প্ৰতিজন ৰজাই হ’ল একো একোজন ৰঘূমলা । ভাল ৰজাৰ ধাৰণাটো প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিৰ বাহিৰে ক’তো শোভা নাপায়। ৰাজতন্ত্ৰত প্ৰণালীটোৱেই এনেকুৱা য’ত কোনো ভাল হৈ থাকিব নোৱাৰে । গতিকে মই ৰজাতকৈ কৃষক এজনৰ সাক্ষাৎকাৰ ল’বলৈ বেছি ভাল পাম ।

ধন্যবাদ ড০ শইকীয়া । আজি আপোনাৰ লগত কথা পাতি বহুটো নজনা কথা জানিবলৈ সুযোগ পালো। আপোনাৰ কৰ্মই জ্ঞান পিপাসুজনৰ মনৰ বহু দিশ পোহৰাই তুলিব বুলি আমাৰ বিশ্বাস । নমস্কাৰ ।

3 thoughts on “নব্য ধাৰাৰ ইতিহাসবিদ ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ স’তে সাক্ষাৎকাৰ

  • March 20, 2019 at 1:47 pm
    Permalink

    বহুত সুন্দৰ । আপোনাৰ কথা শুনি অভিভূত হলো। ধন্যবাদ জনাইছো।

    Reply
  • May 27, 2019 at 7:11 pm
    Permalink

    খুবেই ভাল লাগিল সাক্ষাৎকাৰটি৷ বহুতোো নজনা কথা জানিব পাৰিলোঁ৷

    Reply
  • June 2, 2019 at 11:30 am
    Permalink

    স্পষ্টবাদী আৰু যুক্তিবাদী সাক্ষাৎকাৰ পঢ়ি ভাল লাগিল আৰু উপকৃত হলো। পূৰ্বৰ পণ্ডিতসকলৰ মতামত পুনৰ বিশ্লেষণৰ প্ৰয়োজন আহি পৰিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!