নিৰ্বাচিত কথা-বতৰা :অসমৰ চৰকাৰী অভিযান্ত্ৰিক কলেজ কেইখন আৰু ইয়াৰ ছাত্ৰ সকললৈ নামি আহি আছে দূৰ্যোগ…

 

মন্দিৰা কছাৰী : ৰাজ্যৰ সবাতোকৈ পুৰণি অভিযান্ত্ৰিক মহাবিদ্যালয় ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ আৰু ‘যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ লগতে আৰু দুখন নতুনকৈ স্থাপিত হোৱা চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ affiliation কাটি ASTU ৰ অধীনলৈ অনাৰ এক প্ৰচেষ্টা চলাইছে চৰকাৰে! BE বা BTech কৰাৰ নামত ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ লগত একে শাৰীতে থ’ব বিচাৰিছে। সকলোতে একে পাঠ্যক্ৰম আৰু একেই চাৰ্টিফিকেট দিলে CEE উত্তীৰ্ণ হোৱাৰ অৰ্থই বা কি থাকিল! ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কেইখনৰ মানদণ্ড নিম্ন হৈ পৰিব। ব্যক্তিগত খণ্ডৰ নিচিনাকৈ মহাবিদ্যালয়ৰ মাচুল ৪০ হাজাৰ মান কৰি অসমৰ মেধাবী অথচ দুখীয়া ছাত্ৰ-ছাত্ৰীক ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া ক্ষমতালোভী একাংশ মানুহৰ বিপক্ষে একো পদক্ষেপ ল’ব পৰা নাযায়নে! অকল ছাত্ৰ-ছাত্ৰীয়েই আজি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত কৰাৰ দৰে কিমান প্ৰতিবাদ কৰিব! ৰাইজে সঁহাৰি জনাব নোৱাৰেনে এই বিষয়ত? কোনোবাই যদি এই ASTU act ভাল বুলি ভাৱে কাৰণ দৰ্শায় দিয়ে যেন। আপোনালোকৰ অমূল্য মন্তব্য পালে কৃতাৰ্থ হ’ম এই দূৰ্যোগৰ সময়ত!

বি.দ্ৰ.: ASTUৰ নিজা অফিচ এটাও নাই, অস্থায়ীভাৱে আছে ২০০৯ৰ পৰা। এনে এখন বিশ্ববিদ্যালয়ৰ তলতীয়া হ’লে আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে উপনিত কৰিব পাৰিমনে? কি, এনে এক বিশ্ববিদ্যালয়ে অসমৰ সকলো অভিযান্ত্ৰিক মহাবিদ্যালয় সুকলমে চলাব পাৰিবনে?

উদ্দীপ্ত হাজৰিকা: কথাটো যিমান গুৰুতৰ, অসমৰ বৌদ্ধিক মহলে সিমান গুৰুত্ব নিদি যি অনিহা দেখুৱাইছে, ই অদূৰ ভৱিষ্যতে সমগ্ৰ অসমৰে অভিযন্তাৰ গুণগত মাত্ৰা হ্ৰাস কৰিব।

 

 

বিমান সোনোৱাল: চৰকাৰৰ এনে কিছু টোগলকী সিদ্ধান্তই আমাৰ শিক্ষানুষ্ঠানবোৰক আগতেও বহু ক্ষতি কৰিছে। সঁচাই চিন্তনীয় বিষয়।

 

 

উদ্দীপ তালুকদাৰ: ASTU মানে ‘অসম ৰাজ্যিক টেক্নিকেল ইউনিভাৰ্ছিটি’ জাতীয় নেকি? শংকৰদৱ চিকিৎসা শিক্ষা বিশ্ববিদ্যালয়ৰ দৰে? তেন্তে চিধা কথাটো হৈছে একো লাভ নাই। মানুহক ক’বলৈ বহু ডাঙৰ-ডাঙৰ কাৰণ ওলাব, যেনে, গুণগত মান উন্নয়ন, প্ৰশাসনিক সুবিধা আদি, কিন্তু মূৰকত চব ফুটুকাৰ ফেন। আকৌ ASTU-ৰ ইউ.জি.চি. মান্যতাপ্ৰাপ্তি আদি আছে নে নাই, কিমান দিন পাছত আহিব, তেতিয়ালৈ ডিগ্ৰীবিলাকৰ মান্যতা কোনে দিব আদি প্ৰশ্নবোৰ আছেই। দুখৰ কথাটো হৈছে, চকুৰ সন্মুখতে থকা সমস্যাবিলাক সমাধানৰ বাবে যত্ন নাই, কিন্তু এনেকুৱা কিবা এটা কৰি অকামৰ কাম কিছুমান কৰি সময় আৰু অৰ্থ নষ্ট কৰি থাকিব। এনেকুৱা সময়ত সুধিবলগীয়া আটাইতকৈ জৰুৰী প্ৰশ্নকেইটা হৈছে:

নতুন বিশ্ববিদ্যালয়খনে এতিয়াৰ কেইখনে দিব নোৱৰা কি কি সুবিধা দিব? ইতিপূৰ্বে থকা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব? সেই বিষয়ে কি নীতি যুগুতোৱা হৈছে? বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ অধীনত সেই অসুবিধাসমূহ কিয় আঁতৰাব পৰা নাই?

এই প্ৰশ্নকেইটাৰ ওপৰত ৰাজহুৱাকৈ আলোচনা হওক, সপক্ষে-বিপক্ষে মুকলি মঞ্চত তৰ্ক হওক, গুণী-জ্ঞানীসকলে ভাগ লওক। তাৰ পাছত এটা সিদ্ধান্ত লওক। নহ’লে নতুন কিবা এটা হ’ব, সেইখনে নিজৰ খুঁটি থিয় কৰাওঁতে্ই যাওক পাঁচটা বছৰ, আৰু শেষত আকৌ যেই আছিল সেই! মাজত কেৱল ভৱন নিৰ্মাণ কৰিয়েই কেবাজনো ধনী হ’ব।

 

 

নাইনা শইকীয়া: চিন্তনীয় বিষয়। কিন্তু সকলো কথাতে অকৰ্মণ্য চৰকাৰক দোষ দিয়াতকৈ আমাৰ ছাত্ৰ সমাজে সোনকালে এক উচিত পদক্ষেপ লোৱাতো অতি প্ৰয়োজনীয় হৈ পৰিছে।

 

 

দিব্যজ্যোতি নাথ: অসম কাৰিকৰী বিশ্ববিদ্যালয় (Assam Technical University – ASTU) – মোৰ বোধেৰে অসম চৰকাৰৰ এটা ভাল পদক্ষেপ আছিল। অসমৰ কাৰিকৰী শিক্ষাৰ গুণগত মান উন্নয়ন আৰু পাঠ্যক্ৰম, পৰীক্ষা আদি সুচাৰুৰূপে পৰিচালনাৰ কাৰণে এনেকুৱা এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আছিল। কাৰণ অসমৰ কাৰিকৰী শিক্ষাৰ জগতখন যোৱা কেইবছৰমানৰ ভিতৰত বহুত পৰিবৰ্তন হ’ল, নতুন নতুন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বহু কেইখন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন হ’ল গতিকে ইমান কেইখন শিক্ষা প্ৰতিষ্ঠানৰ বোজা ল’ব গুৱাহাটী বিশ্ববিদ্যালয়েই হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয়েই হওক স্পষ্ট দৃষ্টিত অসমৰ্থ (ইতিহাস খুচৰি চালে গম পোৱা যায়) আৰু ই বিজ্ঞান-সন্মতো নহয় চাগে! কিন্তু এটা দুখজনক কথা যে কিহৰ বাবে ASTU ৰ পাঁচ বছৰেও নিজাকে এটা প্ৰশাসনিক ভৱন নহ’ল! আৰু শুনিবলৈ পোৱা মতে ASTU ৰ ভিতৰখনতো বহুত খেলিমেলি! এনেকু্ৱা হ’লে ইয়াৰ অন্তৰ্গত পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিৰপত্তাহীনতাত ভোগাতো স্বাভাবিক। কি বিশেষ পাকচক্ৰত ASTU ৰ এই অৱস্থা সেইয়া নুবুজা সাঁথৰ! এইক্ষেত্ৰত অসম চৰকাৰ আৰু শিক্ষা বিভাগে দৃঢ় আৰু সুস্থ পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছে।

 

মন্দিৰা কছাৰী, আপোনাৰ “BE বা BTech কৰাৰ নামত ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ লগত একে শাৰীতে থ’ব বিচাৰিছে। সকলোতে একে পাঠ্যক্ৰম আৰু একেই চাৰ্টিফিকেট দিলে CEE উত্তীৰ্ণ হোৱাৰ অৰ্থই বা কি থাকিল!” এই বাক্যটিত কিন্তু প্ৰশ্নৰ অৱকাশ থাকি গ’ল! কাৰণ “CEE” অভিযান্ত্ৰিক ডিগ্ৰী (BE/BTech)ৰ চাৰ্টিফিকেটৰ মাপকাঠী নিশ্চয় হ’ব নোৱাৰে! “CEE” অভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা নিৰ্ণায়কৰ মাপকাঠীহে!

 

 

মুক্তি নাথ গগৈ: ASTU নিশ্চয় এটি সুন্দৰ পদক্ষেপ। ইয়াৰ সুফল অদূৰ ভবিষ্যতে পাবা। অভিযান্ত্ৰিক প্ৰতিষ্ঠানবিলাকৰ সুচাৰু পৰিচালনাৰ বাবে এইটো এটি প্ৰসংসনীয় পদক্ষেপ। নিজৰ এতিয়ালৈকে বিল্ডিং নাথাকিলেও (যিটো সাজি থকা হৈছে), ASTU ৰ প্ৰশাসনিক বিষয়, পৰীক্ষা, ৰিজাল্ট, পাঠ্যক্ৰম ইত্যাদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আওপুৰণি ব্যৱস্থাতকৈ বহু পৰিকল্পিত। ৩০ দিনৰ ভিতৰত ৰিজাল্ট, নতুন গ্ৰেডিং পদ্ধতি ইত্যাদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ত পুৰণি নম্বৰ নিৰ্দ্ধাৰণৰ নিয়মৰ বাবে বহু পৰীক্ষাৰ্থীৰ বেকৰ ওপৰত বেক থাকি যায়। মই ভাবো গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ৬০ বছৰ গৰকা শিক্ষানুস্থান এখনৰ আজি ভাৰতত কি হ’ব লাগিছিল আৰু আজি ক’ত আছে? তাৰ কাৰণ হ’ল – প্ৰশাসনিক অদূৰদৰ্শীতা; যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সততে দূৰ নহয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!