প্ৰতিশ্ৰুতিৰ দেশ (Promise land) ইজৰাইল, আৰব, হামাচ ইত্যাদি আৰু এটি প্ৰেম কাহিনী (ধনজিৎ কলিতা)

 

 

 

(বৰ্তমানৰ বা আচলতে যোৱা ৬৭ বছৰ (নে ২০০০ বছৰ?) ধৰি চিৰ বৰ্তমান, পৃথিৱীৰ আতাইতকৈ ডাঙৰ সমস্যাবোৰৰ এই সমস্যাটোৰ কোনোপক্ষ সমৰ্থন কৰি কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য/বক্তব্য ৰখাৰ বাবে এই লিখাটি উপস্থাপন কৰা নাই। মাথো ভাবিলে আচৰিত লগা পৰিস্থিতিতো যে ইজৰাইল এতিয়াও বৰ্তমান সেয়াহে আলোচনা কৰিব বিচৰা হৈছে।

 

ভাবি চাওঁকচোন এটা জাতিৰ কথা যাক ছয় খ্ৰীষ্টাব্দত (২০০০ বছৰ আগেয়ে) শক্তিশালী ৰোমান আক্ৰমণকাৰীয়ে ৰাজ্য অধিকাৰ কৰি নিজ ঠাইৰ পৰা সম্পূৰ্ণ  উচ্ছেদ কৰি দিছে। জাতিৰ আধাতকৈ বেছি মানুহৰ আক্ৰমণত বা আক্ৰমণৰ পৰা হাত সাৰি পলাওতে মৃত্যু হৈছে। প্ৰাণৰক্ষাৰ তাৰণাত এঠাইৰ পৰা আন ঠাইলৈ গৈছে, বিশ্বৰ চুকে কোনে গৈ শৰণ লৈছে কিন্তু ক’তোৱে যেন তেওঁলোকৰ বাবে ঠাই নাই। সকলোতে মাথো অত্যাচাৰ, অপমান, শোষণৰ সম্মুখীন হৈছে। তথ্যমতে মাথো খ্ৰীষ্টাব্দ ১৩৬ চনৰ এটা বছৰৰ ভিতৰতে ৫৮০,০০০ ইহুদিৰ সামূহিক হত্যা আৰু ৯৮৫ খন ইহুদি বসতিস্থান সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছিল (Katz, 2001)। ১৯০০ বছৰৰো অধিক শোষণ, আক্ৰমণৰ মাজেৰে পাৰ কৰি ইহুদি জাতিটোৰ কাৰণে বিশং শতিকাই যেন কঢ়িয়াই আনিছিল অকল্পনীয় ভয়াবহতা। ১৯১৯ চনত হাঙ্গেৰীত ৩০০০ ইহুদিৰ সমূহীয়া হত্যাৰ পিছত এতিয়াৰ অষ্ট্ৰিয়া, পোলেণ্ড আৰু জাৰ্মানিৰ শাসনকৰ্তা হিটলাৰৰ অধীনত আৰম্ভ হৈছিল ইতিহাসৰ পাতত কুখ্যাতিৰ শিখৰ আৰোহণ কৰা ‘হলোকাষ্ট’ প্ৰকল্প। সংঘবদ্ধভাবে আৰম্ভ কৰা হৈছিল ইহুদি বিৰোধী অভিযান। বহুতে হয়তো জাৰ্মানিত হিটলাৰৰ ইহুদি হত্যাৰ বিষয়েহে জানে। কিন্তু চোভিয়েট ৰাছিয়া, সমগ্ৰ ইউৰোপ আৰু আৰব দেশসমূহৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ প্ৰান্ততে আৰম্ভ হৈছিল ইহুদি নিধন যজ্ঞ। একমাত্ৰ ভাৰতৰ বাহিৰে এনেকি আমেৰিকাতো ইহুদি সকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল। অষ্ট্ৰিয়া, বহেমিয়া, হাঙ্গেৰী, ফ্ৰাঁন্স, পোলেণ্ড, জাৰ্মানি আদিকে ধৰি বিশ্বব্যাপি ৬০,০০০০০ (ষাঠি লাখ) ৰো অধিক ইহুদি হলোকাষ্টৰ বলি হৈছিল। সেই সময়ত পৃথিৱীত থকা মুঠ ইহুদিৰ সংখ্যা আছিল প্ৰায় ৯০,০০০০০ (নব্বৈ লাখ)। ইয়াৰে জাৰ্মানিত থকা (এতিয়াৰ জাৰ্মানি, পোলেণ্ড, অষ্ট্ৰিয়া) ৪০,০০০০০ (চল্লিছ লাখ) ইহুদিৰ প্ৰায় ৩২,০০০০০ (বত্ৰিছ লাখ) ৰো অধিকক হিটলাৰ প্ৰত্য‌ক্ষ আদেশত অমানবীয়ভাবে হত্যা কৰা হৈছিল। (Dawidowicz, 1986)

 

তাৰ পিচত আৰম্ভ হৈছিল এটি প্ৰেম কাহিনীৰ। ১৯৪৭ চনত বৃটেইন আৰু আমেৰিকাৰ মধ্যস্থতাত ১৯৫০ বছৰৰ পিছত ইহুদি সকল আকৌ ঘূৰি আহিছিল নিজৰ ঠাইলৈ। প্ৰতিশ্ৰুতিৰ দেশলৈ। বাইবেবেলত যাৰ বৰ্ণনা আছে য’ত গাখীৰ আৰু মৌৰ নৈ বয়; যি শস্য শ্যামলা পথাৰেৰে চিৰ বৰ্তমান বুলি। ভগবানে আব্ৰাহামক দিয়া প্ৰতিশ্ৰুতি সেয়া। আব্ৰাহামৰ নাতি ‘ইজৰাইল’ৰ নামেৰে আজিৰ ইজৰাইল (Rich, 2011)। কথা, আদিকথা যিয়েই নহওঁক ইহুদি সকলে স্বস্থিৰ নিশ্বাস পেলালে যে এতিয়া ইহুদি সকলৰ নিজৰ দেশ পুনৰ স্থাপন হ’লে তেওঁলোকে নিৰাপদে জীৱন যাপন কৰিব পাৰিব। সমস্যাবোৰৰ ধিৰে ধিৰে অন্ত হ’ব।

 

কিন্তু সমস্যাবোৰৰ অন্ত হোৱাটোতো দুৰৰ কথা সমস্যাবোৰৰ যেন আৰম্ভহে হৈছিল। গাখীৰ আৰু মৌ বৰসা যি প্ৰতিশ্ৰুতিৰ দেশৰ কথা কোৱা হৈছিল সেয়া তৰু-তৃণহীন, অনুৰ্ব্বৰ, কোনো জান-জুৰি, নৈ নোহোৱা, শিলাময়, শস্যৰ বাবে দৰকাৰী পানীৰটো দুৰৰ কথা খাবলৈও পানীৰ হাহাকাৰ হোৱা এটি মৰুভূমিৰ টুকুৰাৰ বাহিৰে আন একো নাছিল। ভুতৰ ওপৰত দানহ পৰাদি জন্মৰ পিছদিনাই গোটেই আৰব জগত মিলি ‘ইজৰাইল’ক পৃথিৱীৰ মেপৰ পৰা মচি দিবলৈ বুলি আক্ৰমণ চলাইছিল। কিন্তু প্ৰৱল ইচ্ছাশক্তি আৰু পৰাক্ৰমেৰে কোনোমতে ইহুদিসকলে ইজৰাইল ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। নিজতকৈ আকাৰত ৬০০ গুণ ডাঙৰ শত্ৰুৰ বিপৰীতে, হাতীৰ তুলনাত মাখিৰ অবয়বৰ ইজৰাইলে বুজিছিল যে অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে সকলো পিনৰ পৰা যুদ্ধ কৰিব লাগিব; শিখৰত উপনিত হ’ব লাগিব। এফালে তেলৰ ধনী বৃহদাকাৰ, পৰাক্ৰমী শত্ৰু আৰৱ জগত আৰু আনফালে কোনো ধৰণৰ প্ৰাকৃতিক সম্পদ নথকা অত্যন্ত প্ৰতিকূল পৰিবেশত থকা ইজৰাইল।

 

প্ৰতিদিন, প্ৰতিনিয়ত আৰৱ প্ৰৰোচিত আক্ৰমণৰ উপৰিও মুঠ পাঁচবাৰকৈ ২২ খন আৰৱ দেশৰ সন্মিলিত আক্ৰমণক ক্ষুদ্ৰ ইজৰাইলে দক্ষতাৰে প্ৰতিহত কৰিছিল। এনেকি প্ৰতিবাৰেই ইজৰাইলে শত্ৰুপক্ষক সম্পূৰ্ণকৈ পৰাজিত কৰিছিল। ১৯৬৭ চনৰ যুদ্ধত ইজিপ্ত, ইৰাক, ইৰাক, ইৰান, জৰ্দান আৰু চিৰিয়াৰ বায়ুসেনাৰ সমূহ বিমান নৌ উৰোতেই ধ্বংস কৰিছিল। মন কৰিব যে যোৱা দুমাহত হামাচে ইজৰাইলৰ ওপৰত প্ৰক্ষেপণ কৰা প্ৰায় ১২০০+ ৰকেটৰ ৯৫% শতাংশকে ইজৰাইলি সৈন্যই অত্যাধুনিক ‘আইৰন ডোম’ প্ৰযুক্তিৰে আকাশতে ধ্বংস কৰিছিল। এই ৰকেটসমূহ আটাইবোৰ ইজৰাইলৰ ভূমিত পৰিলে ইতিমধ্যেই ইজৰাইল নিশ্চিহ্ন হ’লহেঁতেন।

 

অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজতো অপৰমেয় সংগ্ৰাম কৰি, অহোৰাত্ৰ পৰিশ্ৰম কৰি জাতিপ্ৰেম আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শনেৰে ইজৰাইলে জগতত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। যি সময়ত আৰৱৰ দেশবিলাকে ধৰ্মভিত্তিক সংকুচিততাৰে ইজৰাইল ধ্বংসৰ ন-ন উপায় উদ্ভাৱনত ব্যস্ত সেই সময়ত ইজৰাইলিসকলে নিৰৱে নিজৰ প্ৰযুক্তিগত উদ্ভাৱনেৰে সৰ্বোতপ্ৰকাৰৰ উন্নয়ণ কৰিবলৈ সমৰ্থ হৈছে আৰু পৃথিৱী আৰু মানৱ জাতিকো নতুন দিশ দেখুৱবলৈ সমৰ্থ হৈছে।

 

‘দ্ৰিপ ইৰিগেচন’ বা’ ত্ৰিকল ইৰিগেচন’, ‘চইললেচ এগ্ৰিকালচাৰ’, ‘গ্ৰ্ৰিণহাউচ ফাৰ্মিং’ আদি প্ৰযুক্তিৰে ইজৰাইলি খেতি বিশ্বৰ শীৰ্ষস্থানৰ (Jpost.com, 2012)। যি সময়ত ভাৰতৰ সাধাৰণ ভাল সচৰ গৰুৱে বছৰৰ ২০০০ লিটাৰৰ ওচৰা-ওচৰিহে গাখীৰ দিয়ে সেই সময়ত ইজৰাইলি গৰুৰ গড় গাখীৰ উৎপাদন বছৰি প্ৰায় ১১,০০০ লিটাৰ। ইজৰাইল পৃথিৱীৰ একমাত্ৰ দেশ য’ত আজিৰ তাৰিখত যোৱা শতিকাৰ আৰম্ভনিৰ তুলনাত অধিক গছ গছনি আছে। অস্ত্ৰ-শস্ত্ৰ প্ৰযুক্তিতো আমেৰিকাৰ পিচতে ইজৰাইলৰ স্থান। এনেকি বহু ক্ষেত্ৰত ইজৰাইল বিশ্বৰ শীৰ্ষত। আপোনালোকে নিশ্চয় জানে যে ভাৰত পৃথিৱীৰ আতাইতকৈ ডাঙৰ অস্ত্ৰ ক্ৰয় কৰোতা আৰু ভাৰতে আতাইতকৈ বেছি অস্ত্ৰ ইজৰাইলৰ পৰাই কিনে। ‘আইৰণ ডোম’, ‘ড্ৰোণ’ ইত্যাদি প্ৰযুক্তি ইজৰাইলৰ অবদান। (affairs, 2013) ইজৰাইলত থকা মুঠ ৭ খন বিশ্ববিদ্যালয়ৰ ৪ খনেই বিশ্বৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আহে। ইজৰাইলি শিক্ষাব্যৱস্থা অতি উন্নত মানৰ। প্ৰতি মূহুৰ্ততে ন-ন আবিষ্কাৰত ব্যস্ত শ-শ বিজ্ঞানী এই বিশ্ববিদ্যালয় সমূহত গৱেষণাৰত। মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত পৃথিৱীৰ প্ৰথম ১৫ খন উন্নত দেশৰ ভিতৰত ইজৰাইল অন্যতম। পৰিয়াল আৰু পাৰিবাৰিক জীৱনক অত্যন্ত গুৰুত্ব দিয়া এই দেশখন ব্যৱসায় বিদ্যাৰ ক্ষেত্ৰতো অত্যন্ত আগবঢ়া। প্ৰায় সকলো অগ্ৰণী বহুজাতিক কোম্পেনীৰ শাখা এই ক্ষুদ্ৰ দেশখনত থকাৰ উপৰিও বিশ্বব্যাপি থকা বহু ইজৰাইলি কোম্পেনিৰ জন্মস্থানো এই দেশ। ব্যৱসায় কৰিব পৰা এই গুণ থকা ইজৰাইলি সকলৰ বাবে ইজৰাইলক ব্যৱসায় জগতত ‘ষ্টাৰ্ট আপ নেশ্যন’ বুলি জনা যায়। আমি প্ৰতিদিনে ব্যৱহাৰ কৰা মোবাইল, কম্প্যুটাৰৰ ক্ষুদ্ৰ ‘চিপ’ৰ পৰা আৰম্ভ কৰি তথ্যপ্ৰযুক্তি জগতৰ শেহতীয়া চাঞ্চল্য ‘ক্লাউড কম্প্যুটিং’ অলৈকে ইজৰাইলৰ অবদান লেখত লবলগীয়া। ইজৰাইলিসকলে উদ্ভাৱন কৰা ইলেক্ট্ৰনিক মটৰগাড়ী, ‘হাইড্ৰ’জেন ফুৱেল চেল প্ৰযুক্তি’ ইত্যাদিয়ে খাৰুৱা ইন্ধনৰ ওপৰত মানবজাতিৰ নিৰ্ভৰতা নোহোৱা কৰিব পৰাৰ সম্ভাৱনীয়তা সৃষ্টি কৰিছে। সৌৰ শক্তিৰ ক্ষেত্ৰতো ইজৰাইলৰ অবদান লেখত লবলগীয়া। আহোপুৰুষাৰ্থ কষ্টেৰে ইজৰাইলি সকলৰ জনমূৰি আয় ইতিমধ্যে বছৰি ৩৯,০০০ ডলাৰ চুইছে। মন কৰিব যে অৰ্থনৈতিক জগতত নতুন শক্তিৰূপে চিহ্নিত হোৱা ভাৰতৰ বছৰি জনমূৰি আয় প্ৰায় ১২০০ ডলাৰহে মাথোঁ।

 

ইজৰাইলী উদ্ভাৱনা আৰু উন্নতিৰ বিষয়ে বিষদ আলোচনা কৰিবলৈ হ’লে বহু হাজাৰ পৃষ্ঠা প্ৰয়োজন হ’বগৈ। অজস্ৰ প্ৰতিকূলতাৰ মাজতো ইজৰাইল বৰ্তি থকাটোৱে মোৰ মতে এটা জাতিৰ অনন্য জাতিপ্ৰেম, দেশপ্ৰেমৰ কথা সূচায়। ইজৰাইল মাথো এখন দেশৰ নাম নহয়; মাত্ৰ ২০,০০০ বৰ্গ কিলোমিটাৰৰ এখন ক্ষুদ্ৰ দেশৰ নামেৰে ই এক অনন্য প্ৰেম কাহিনী। ইজৰাইল দীৰ্ঘজীবী হওঁক।

 

সহকাৰী সমল

Affairs, M. o. (2013). Israel MinistryofForeignAffairs. Retrieved from Israel MinistryofForeignAffairs: http://www.mfa.gov.il/mfa/aboutisrael/economy/pages/economy-%20sectors%20of%20the%20economy.aspx

Dawidowicz, L. (1986). The War Against the Jews. In L. Dawidowicz. New York: Bantam Books.

Jpost.com. (2012). GREATEST INVENTIONS OF ALL TIME. Innovation .

Katz, J. E. (2001). A History of the Jews. Retrieved from A History of the Jews: http://www.eretzyisroel.org/~jkatz/expulsions.html

Rich, T. R. (2011). The Land of Israel. The Land of Israel , http://www.jewfaq.org/israel.htm.

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!