ফাগুনৰ স্তৱক (নিবেদিতা হাজৰিকা)

(১)
সৰাপাতবোৰ উৰিছে,
কিবা এক ৰঙীন আৱেশত
বুকুৰ শূন্যতাবোৰ কঁপিছে
হয়তো
কোনেও নেদেখাকৈ ফাগুন নামিছে
শিমলু, পলাশৰ পাহিয়ে পাহিয়ে !

 
 
 
 
 
 
 
 
(২)
হালধীয়া চৰাই এজাকে
আকাশ বিচাৰি ফুৰিছে,
চেগুণৰ অৰণ্যলৈ
ফাগুন নামিছে

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!