ফিফা-ফিভাৰ (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

অভিধান মেলি আমাৰ ঘৰৰ ওচৰৰে চিনাকী দাদা এগৰাকীৰ নতুনকৈ জন্ম হোৱা ল’ৰাটিৰ বাবে নাম বিচাৰি আছিলোঁ। ‘ৰ’ আৰু ‘ম’ বৰ্ণৰ। এনেতে আহিল পুলিন দা।
‘নাম বিচাৰিছা? ৰ’বা মই কৈ আছোঁ’
‘দিয়ক দুটামান ভাল নাম ।’
‘এতিয়া তামাম হিট দুটা নাম ‘ৰ’ৰে- ৰ’বেন আৰু ৰ’ণাল্ডিনহো। থৈ দিয়া।’
‘হেহ কি নো কয় হে? কিবা লাগিব দেখোন..’
“একো বেয়া নালাগে। ৰ’বেন ৰাখিবলৈ কোৱা। অলপ অসমীয়া গোন্ধ সানিবলৈ ‘ৰবেন্দ্ৰ’ কৰি দিব পাৰা ।”
‘ধেই, ৰবেন্দ্ৰ ডেকা সেই কেঁচুৱাটোৰ ককাকৰ নাম, মানে দাদাজনৰ দেউতাক..কি যে কয় ।’
‘তেন্তে ৰোণাল্ডিনহো..সুন্দৰ হ’ব।….আৰু ‘ম’ৰে মুলাৰ নহ’লে মিৰ’শ্লাভ…জাৰ্মানীৰ। সাংঘাটিক দুয়োজন ।’
‘নাই নাই..মিৰ’শ্লাভ ডেকা, কিবা আচহুৱা হ’ব। বাৰু ‘মুলাৰ’টো উপাধিহে, তাৰ নাম দেখোন থমাছহে’।
‘তাতে কি হ’ল? এই দুনিয়াত ‘মুলাৰ’ বুলি ক’লে আমি সেই ‘থমাচ মুলাৰ’কে নুবুজোঁ জানো? তেওঁলোকৰ উপাধিও নামৰ দৰেই ‘ফেমাচ’। আমাৰ ইয়াত বেলেগ। আমাৰ গাঁৱলৈ গৈ ‘তালুকদাৰ’ বুলি ক’লে এশজন তালুকদাৰে হাঁহি হাঁহি ওলাই আহিব।…সেইবোৰ বাদ দিয়া, ‘মুলাৰ’টো ফাইনেল কৰি দিয়া…’।
‘মুলাৰ ডেকা..ডেকা মুলাৰ..ডেকাৰ মুলা..ছি:’- মই মুখৰ ভিতৰতে মাতি চালোঁ নামটো কেনেকুৱা লাগে।
‘পিছে পুলিন দা, আপোনাৰ ল’ৰাটিৰ নাম কি নো?’- মোৰ জানিবলৈ মন গ’ল।
“হে: হে: ভাল কথা সুধিছা। তাৰ নাম ‘ডিয়েগো’….”
‘মাৰাডোনাৰ নামটো?’
“নহয় হে…মাৰাডোনা বহুত আগৰ। ‘ডিয়েগো ফৰলান’ যে..উৰুগুৱেৰ। যোৱাবাৰৰ বিশ্বকাপত হায়েষ্ট গ’ল কৰিছিল। আমাৰ তাৰ আকৌ বিশ্বকাপৰ পিছৰ মাহতেই জন্ম যে, সেইটোৱেই ৰাখি দিলোঁ আৰু…”
‘সাংঘাটিক ফুটবলপ্ৰেমী দেই আপুনি…পিছে আপোনাৰ দেউতাৰ বোধকৰোঁ ইমান নিচা নাছিল ।’
‘কি কোৱা! মোতকৈ এশগুণ বেছি…’
‘পিছে আপোনাৰ নামটোত ফুটবলৰ গোন্ধ নাই কিন্তু…’
‘নাথাকিব? মোৰ জন্ম ১৯৭০ চনত। সেইবাৰ ব্ৰাজিল চেম্পিয়ন। দেউতাই মোৰ নাম ৰাখিলে ‘পেলে’। স্কুলত নাম লগাওতে হেড পণ্ডিতে ক’লে- কি নাম ৰাখিছে হে, ‘পেলে তালুকদাৰ’..সলনি কৰক। উপাই নাপাই দেউতাই দুখমনে ‘পেলে’ আঁতৰাই ‘পুলিন’ কৰিলে। দেউতাৰ মতে পেলেই পুলিন, পুলিনেই পেলে!’
মই ভাবিবলৈ ধৰিলোঁ আমাৰ দেউতা ফুটবলপ্ৰেমী হ’লে মোৰ নামটো কেনেকুৱা হ’লহেঁতেন বাৰু!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!