বন্ধু (ৰঞ্জিত কুমাৰ বৰা)
(মূল- এটি পঞ্জাৱী গল্প)
তেনেই সাধাৰণ কথা এটাক লৈ আজি পুৱাই পুৱাই পতি-পত্নীৰ মাজত লাগি গ’ল কন্দল এখন। একেবাৰে কোনেও কাৰো মুখ নোচোৱা অৱস্থা পালেগৈ। কাজিয়া এৰি পতিয়ে একো নোখোৱাকৈ, পত্নীক মাত নিদিয়াকৈ অফিচলৈ গুছি গ’ল। অফিচৰ পৰা শ্ৰীমতীক ম’বাইলেৰে মেছেজ দিলে—‘মই আজিৰ পৰা ৰাতিৰ ডিউটী বাছি ল’লোঁ। ’
প্ৰত্যুত্তৰত পত্নীয়েও মেছেজ পঠিয়াই ক’লে—‘মইও তাকেই বিচাৰিছিলোঁ, ভালেই কৰিলে। ’
এইদৰে দুয়ো দুয়োকে নমতাকৈ, নেদেখাকৈ কেইবাদিন অতিবাহিত কৰিলে। পুৱা পতিয়ে ঘৰত সোমোৱাৰ আগেয়ে পত্নীয়ে চাকৰিলৈ যায়। সন্ধিয়া ওভতাৰ পূৰ্বে পতিয়ে অফিচলৈ গুছি যায়। অৱশ্যে ঘৰৰ সকলো কাম, যোগাযোগ মেছেজৰ জৰিয়তে চলি থাকে। পত্নীৰ জন্মদিনৰ দিনা পতিয়ে পুৱাই মেছেজ পঠিয়াই ‘হেপী বার্থ ডে’ টু ইউ’ বুলি ক’লে। ঘৈণীয়েকেও মেছেজৰ জৰিয়তে ‘থেংকু ইউ’ দিলে।
পতিয়ে বিয়লি তিনি বজাত মেছেজ এটা পঠিয়াই ক’লে—‘মই তোমাৰ বাবে অনা উপহাৰটো আলমিৰাৰ বাওঁপিনে থৈ দিছো । লৈ ল’বা । ’ উত্তৰত পত্নীৰ মেছেজ—‘তোমাৰ বাবে ফ্ৰীজত কেক থৈছোঁ । মোৰ নাম লৈ খাবা দেই। ’
পাঁচ বজাত পুনৰ পতিদেৱৰ মেছেজ গ’ল—‘দিনটো কেনে গ’ল?’
‘বহুত সুন্দৰ। সুখদায়ক। ’—পত্নীয়ে মেছেজেৰে প্ৰত্যুত্তৰ দিলে।
‘আৰু নিশাটো?’—পতিয়ে আৰু এটা মেছেজ পঠিয়ালে।
‘য’ত ইমান অন্তৰংগ বন্ধু থাকে, তাত নিশাটো মধুৰ নহৈ পাৰেনে! আমেজভৰা। ’
পত্নীৰ বাৰ্তা পঢ়ি পতিৰ মূৰ গৰম হৈ গ’ল। অলপো সময় নষ্ট নকৰাকৈ তেওঁ অফিচৰ পৰা পোনে পোনে ঘৰলৈ লৰ মাৰিলে।
‘ৰিমা, কোন বন্ধুৰ কথা কৈছা তুমি?’— প্ৰায় এমাহজোৰা নীৰৱতাৰ বান্ধ খুলি ৰাজেশে পত্নীক জবাবদিহি কৰিলে।
‘তেওঁ মোৰ অন্তৰংগ বন্ধু, যাৰ অকৃত্ৰিম সান্নিধ্যত পাৰ হৈছে ইমান দিনৰ নিসংগতা । ’
‘ ক’ত আছে তেওঁ?’— উষ্মা মিহলি কণ্ঠেৰে ৰাজেশে ৰিমাক প্ৰশ্ন কৰিলে।
‘বিছনাত । বেড-ক’ভাৰৰ তলত শুই আছে তেওঁ। ’
‘ক’ত, ইয়াত কোনোৱেই নাই দেখোন!’—বেড-কভাৰখন আঁতৰাই ৰাজেশে সুধিলে।
‘কিয়নো নহ’ব, ভালদৰে চাওক। গাৰুৰ কাষতে আছে। ’
‘তাত তোমাৰ ম’বাইলটোহে আছে। ’—ৰাজেশে ক’লে।
‘সেইটোৱেইতো মোৰ বন্ধু। কেতিয়াবা গান শুনো, কেতিয়াবা গেম খেলোঁ, কেতিয়াবা তোমালৈ মেছেজ পঠিয়াও। আৰু কেতিয়াবা তোমাৰ মেছেজ পঢ়োঁ। বছ, এইদৰেই ৰাতিবোৰ পাৰ হৈ গৈ আছে। ’
পত্নীৰ কথা শুনি দুগালেৰে নামি অহা অশ্ৰুৰ লোতক মচি ৰাজেশে গভীৰ আৱেগেৰে ৰিমাক সাবটি ধৰিলে।