“বহাগ” প্ৰাইভেট লিমিটেড : ধীৰাজ কলিতা


পুৰণি বাতৰি কাকত এখনত বিজ্ঞাপনটো চাই পাকঘৰত ভাত ৰান্ধি থকা মাকলৈ পিক্সিয়ে চিঞৰিছে
–“মা, মা এই চাকৰিটোত এইবাৰ এপ্লাই কৰিমেই কৰিম| গুৱাহাটীতেই অফিচ | তোমালোকৰ কাৰনে এই গভট চাকৰি বিছাৰি বিছাৰি যোৱা এবছৰ এনেই গ’ল | এইবাৰ এটলিষ্ট এপ্লাই কৰি চাওঁ।
–কিহৰ চাকৰিনো?
–প্ৰাইভেট হ’ব ছাগে | নামটোৱো আগতে শুনা নাছিলোঁ, নতুনকৈ খুলিছে কিজানি | ৱেবছাইটটো চালে দিটেইলচ গম পাই যাম |
ককায়েকে নিজৰ কোঠাৰ পৰা মাত লগাইছে
–ৱেবচাইট-চুৱেবচাইট চেক কৰি একো লাভ নাই | অসমৰ কোম্পেনীয়ে ৱেবচাইট আপডেট কৰা কত শুনিছ? গুৱাহাটীতে অফিচ যদি কাইলৈ গৈ এবাৰ খবৰ লৈ আহিবি | আজিকালি এইবোৰ ধেৰ ফাং-ফুং ওলাইছে |
–আৰে গ্ৰেজুৱেচন হোল্ডাৰৰ কাৰনে ১৫ হাজাৰ লিখিছে | গুৱাহাটীত ১৫ হাজাৰ মোৰ কাৰণে এনাফ |
–গুৱাহাটীত নতুন কোম্পেনী এটাই ১৫ হাজাৰ দৰমাহা দিব, তাকো নতুনকৈ পাছ কৰি ওলোৱা আৰ্টচৰ ষ্টুডেন্ট এজনক | সেই কাৰনেহে বেছি ডাউট হৈছে |
–ঠিক আছে কাইলৈ ১০ মান বজাত এবাৰ যাম | ভাল লাগিলে, একেবাৰে ৰিজিউম খনো দিয়ে আহিম |
কথা মতে কাম | ইন্টাৰনেটৰ পৰা লোৱা ঠিকনা অনুযায়ী পিছদিনা ৰাতিপুৱা স্কুটি খন লৈ ওলাল পিক্সি, লক্ষ্য-“বহাগ প্ৰাইভেট লিমিটেদ | মাৰোৱাৰী পট্টি, ফাঁছীবজাৰ-গুৱাহাটী “| ৰাস্তাৰ ওচৰতে স্কুটিখন ৰখাই ছামৰাৰ কলা বেগ খন হাতত লৈ ফাছীবজাৰৰ ভিতৰলৈ সোমাল | ইতিমধ্যে গোটেই ৰাস্তাত প্ৰথম মাহৰ ১৫ হাজাৰ কত কত কেনেদৰে খৰছ কৰিব সেয়া হিচাপ কৰি শেষ কৰি পেলাইছে তাই | জীৱনৰ প্ৰথম চাকৰিৰ উপাৰ্জনৰ পইচা খৰচ কৰাৰ সকলোৰে এক হেপাহ থাকে | ইন্টাৰনেটত দিয়া ঠিকনা অনুযায়ী শ্বপিং মলটোৰ সোফালে দেখোন কোনো কোম্পেনীৰ বেনাৰ নাই | গ্ৰাহকৰ ভিৰ থকা গেলামালৰ দোকানীজনে একেআষাৰে চিনি নাপাওঁ বুলি ক’লে, এজনে ভাৱ এটা দেখুৱালে যে নামটো কৰবাত শুনিছে কিন্তু ঠিকনাটো নাজানে | পান দোকানী চান দোকানীক সুধিতো লাভেই নাই, ক’ত আৰু সিহতে এই অফিচ চিনি পাব(?)| ৰাস্তাৰ মানুহবোৰ বেছিভাগেই ফাচীবজাৰৰ স্থানীয় নহয় | অলপমান আগবাঢ়ি গৈ গহনাৰ দোকানৰ বয়সীয়াল মালিক জনক সুধিলে, “আংকল বহাগ প্ৰাইভেট লিমিটেডৰ অফিচটো চিনি পায় নি ?”| কানখন থিয় কৰি এক বিৰক্তিসুৰত তেওৰ উত্তৰ,”হ্যা জ্যী | ক্যা অফিচ?” তেনেতে জুইৰ শিখা ফুৱাই থকা পাইপডাল মুখৰ পৰা হাতত লৈ কৰ্মচাৰী এজনে সহানুভুতিৰে কলে, “কাষৰ গলিটোৰে যাওক,ৰঙা বিল্ডিং এটা পাব | গ্ৰাউণ্ড ফ্লোৰত কেবাখনো হাৰ্ডৱেৰ দোকান আছে | ছেকেণ্ড ফ্লোৰত ৬ মাহ মান আগতে কোনোবা কোম্পেনী এটাৰ অফিচ খুলিছে বুলি জানো | নামটো গম নাপাওঁ পিছে, আপুনি এবাৰ চাই আহিব পাৰে |”
ওঁঠত অকনমান হাঁহিৰ স’তে থেংক ইউ বুলি কৈ কাষৰ গলিটোৰে বাট পোনালে পিক্সিয়ে | পাওঁতে ৰঙা ৰঙৰ বিল্ডিংটো পালে, হাৰ্ডৱেৰ দোকানকেইখনো | পিছে কাষৰ চিৰিৰে ওপৰলৈ ঊঠি থকাৰ সময়তো ভৱা নাছিল যে তাত কিবা অফিচ থাকিব পাৰে বুলি | পিঠিত বেগ লৈ,স্কুল ইউনিফৰ্ম পিন্ধা প্ৰাইমাৰী স্কুলৰ ছোৱালী এজনী আহি আছে তাইৰ পিছে পিছে | মুঠেই লগা নাই যে সেয়া অফিছৰ পৰিৱেশ | দ্বিতীয় মহলাৰ দুৱাৰ মুখতে দেখিলে “গুপ্তা ভৱন”| গ্ৰীলৰ ভিতৰত সৰুকৈ এখন চাইনবোৰ্ড “BOHAG PTE LTD, AN ISO CERTIFIED COMPANY, ESTD-2012″| দীঘলকৈ উশাহ এটা ল’লে পিক্সিয়ে, অৱশেত বিছাৰি পালে | কলিং বেল টিপি দিয়াত ভিতৰৰ পৰা ৪০-৪৫ বয়সৰ মানুহ এজন ওলাই অহিল | হাতত খাৰু, কঁপালত ৰঙা তিলক | ভঙা ভঙা অসমীয়াৰে তেওঁ কলে “আহক বিতৰলৈ আহক “| পিক্সিয়ে ভিতৰত সোমাই দেখে সেইটো দেখোন তেওলোকৰ দ্ৰয়িংৰুম | আলমিৰা, টি.ভি, পৰিয়ালৰ ফটো, দুটা ডাঙৰ ডাঙৰ জাপি (তলত লিখা আছে assamese tradition)| মানুহজন ভিতৰলৈ অহালৈ পিক্সিৰ মনত বহুত প্ৰশ্ন/চিন্তা |”এইজনেই গুপ্তা নেকি? কি যে চাকৰিত এপ্লাই কৰিব আহিলোঁ, এনেকে আৰু মানুহে অফিছ পাতে নে ?”| মোবাইলটো খুচুৰি থকাৰ সময়তে মানুহজন সোমাই আহি কলে, “ৰিজিউম টা আনিছা ?”
–হয় | অপোনালোকৰ ৱেবচাইটত দিটেইলচ নাপাই ভাৱিলো অফিছতে খবৰ লৈ আহো | মোৰ ঘৰ গুৱাহাটীতে, নাৰেংগীত |
–এইটো কথা ঠিক | বহুত ষ্টুদেন্টে ফোন কৰিও এই কথাটোৱে কৈছে | আমি জল্‌দি আপদেট কৰিম | একচুৱেলী আমাৰ কোম্পেনীটো একবাৰে নতুন |
–চাকৰি পোৱা নোপোৱা পিছৰ কথা বাৰু, তথাপিও আহিছো যেতিয়া কাম বা পোষ্টিঙৰ কথা ক’ব নেকি অলপ?
–কাম তেনেকা একো নাই | আমাৰ এইটো নতুন ফাৰ্ম | এক বছৰে মেক্সিমাম ৪ মাহ কাম, মানে ৪ মাহ চাইটত কৰিব লাগিব | বাকী ৮ মাহ অফিছত | অফিছতো সেই ১-২ ঘন্টাৰ কাম | তাৰ পিছত ঘৰ যাব পাৰিবা | আমি মেইনলী প্ৰথম প্ৰথম কনচালটেন্সীৰ কাম কৰিম | বিহু চিজনত বিহু ডেন্সাৰ, জাজ, স্পেচিয়েল গেষ্ট, বা অনলী লেকচাৰ আদি প্ৰভাইদ কৰিম | আমাৰ মাৰ্কেটিং দিপাৰ্টমেন্ট আছে সিহতে অৰ্ডাৰবোৰ ল’ব | অৰ্ডাৰ পোৱাৰ পিছত ইমিডিয়েট থীম টোৰ লগতে ফাংচন লোকেচন,কিহৰ ফাংচন চব দি দিম | তোমালোকে ঘৰৰ পৰাও লেকচাৰটো লিখি মেইল কৰিব পাৰা, ভেৰী চিম্পল | বেছিকৈ এক্সপেৰিয়েন্স মানুহ ৰিকুইট হৈ গলে আমি পেকেজ হিচাপত, “ডেন্সাৰ, ট্ৰেদিছনেল কম্পিটিচনৰ জাজ, গেষ্ট অৱ অনাৰ” একেলগে দিব পাৰিম | পাছপৰ্ট বনাই থ’বা, বিদেশ ট্যুৰ ৰ স্কোপ আছে | ফৰেইনত ও অচমীয়া মনুহবোৰৰ ওচৰত বিহু ৰ হেভী ডিমান্ড |
পিক্সিয়ে কলে-আংকল মই ট্ৰেডিচনেল ডান্স কৰিব নোৱাৰিম | লেকচাৰ প্ৰিপাৰেচনৰ কামটো মেনেজ কৰি দিম | আৰু ডাঙৰ ফাংচনবোৰত মই নিজে জাজ কৰিব নোৱাৰিলেও মোৰ চিনাকি আছে |
–দাঞ্চ কি আৰু? ধীৰে ধীৰে শিকি যাবা | ফৰেইনত কাম পালে তোমালোক যাব পাৰিবা | বিদেশত ইমান মেটাৰ নকৰে এইবোৰ | ঠিক আছে তুমি ৰিজিউম টো দি যোৱা | মই কল কৰিম, ফৰ্মেলি ইন্টাৰভিউ লম |
থেংক ইউ বুলি কৈ বহা আসনৰ পৰা উঠিলে তাই | মনে মনে তাইৰ স্ফুৰ্ত্তি, কি আৰামৰ চাকৰি দেখোন | চিজনৰ কেইদিন হে কাম | অফ চিজনত অফিচলৈ “আহ, বহ, গ’”-বহাগ প্ৰাইভেট লিমিটেড |

2 thoughts on ““বহাগ” প্ৰাইভেট লিমিটেড : ধীৰাজ কলিতা

  • November 20, 2018 at 11:36 am
    Permalink

    “অসমৰ কোম্পেনীয়ে ৱেবচাইট আপডেট কৰা কত শুনিছ?”- কিছুখিনিক বাদ দি বেছিখিনিৰ ক্ষেত্ৰতেই অপ্ৰিয় সত্য ! ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!