বাতৰিৰ বতৰা (উজ্জ্বল ফুকন)

বাতৰিৰ বতৰা (উজ্জ্বল ফুকন)

( বি:দ্ৰ: তলত বৰ্ণনা কৰা কথাখিনি কোনো জীৱিত বা মৄত ব্যক্তিৰ লগত জড়িত নহয়। ক’ৰবাত কিবা সাদৃশ্য দেখা পালে সেয়া সম্পূৰ্ণ কাকতালীয়। ধন্যবাদ।)

“নমস্কাৰ.. ডি-ৱাই লাইভৰ নৈশ বাতৰিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ।” ষ্টুডিঅ’ত মই সত্যম শিৱম শৰ্মা বৰদলৈ।
“উদণ্ড যুৱকৰ.. প্রচণ্ড চৰ” হয় মই আকৌ কৈছো “উদণ্ড যুৱকৰ প্রচণ্ড চৰ” আজি আমি আপোনালোকক লাইভ দেখুৱাম। এইখন অসমতে এজন উদণ্ড যুৱকৰ প্রচণ্ড চৰত আন এজন যুৱক কেনকৈ ধৰাশায়ী হৈছে।
আমাৰ সংবাদদাতা কেমেৰা পাৰ্ছন মনুৰ সৈতে ঘটনাস্থলীত উপস্থিত আছে। আমি জানিবলৈ বিচাৰিম আমাৰ সংবাদদাতা অমৰৰ পৰা”— “ হয় অমৰ, আপুনি শুনা পাইছে? মই স্টুডিঅৰ পৰা সত্যম শিৱম শৰ্মা বৰদলৈ।
আমি দেখা পাইছো এখন দোকানৰ সন্মুখত অজস্র মানুহ গোট খাইছে। “কলিতা স্টোৰ”, হয়, আমি নামটো দেখা পাইছো দোকানখনৰ। মই কেমেৰা পাৰ্ছন মনুক অনুৰোধ জনাম দোকানখনৰ নামটো দৰ্শকক আকৌ এবাৰ দেখুৱাবলৈ।
আমি ধৰি লৈছো কলিতা এজন পুৰুষ বুলি। মহিলা হোৱা হলে দোকানখনৰ নাম হয়তো “কলিতানি ষ্টোৰ” হ’লহেঁতেন। আৰু আমি শুনামতে দুটা দাঁত উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীৰপৰা। আমি জানিব বিচাৰিম সেই দাঁত দুটা আগদাঁত, গুৰি দাঁত নে কুকুৰ দাঁত আছিল? তাৰদ্বাৰা আমি জানিব পাৰিম চৰটো সঁচাকৈ কিমান ভয়ঙ্কৰ আছিল। আৰু যদি সেইদুটা আগদাঁত তেতিয়া হয়তো সেইটো চৰ নহয় সেইটো ঘোচা হব লাগিব।
অমৰ আপুনি আৰু কি দেখিছে? অলপ কব নেকি? ‘অমৰ’ ..’অমৰ’ .. অমৰ আপুনি শুনা পাইছেনে? অমৰৰ লগত আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। আমি খন্তেক বিৰতিৰ পিছত আকৌ অমৰৰ সৈতে যোগাযোগ কৰিম। এটা সৰু বিৰতিৰ পিছত আপোনালোকক দেখুৱাম কিয় আৰু কেনেকৈ ঘটিলে এই ঘটনাটো।
টেলিভিছনৰ পৰ্দাত এটা মূৰ ঘোলা কৰা বিজ্ঞাপন জিলিকি উঠিল।

“কাকা..তমি ইতিয়াও ইমান ষ্ট্ৰঙ..
অমৰ দিনত..
জান্নু জান্নু, চকলো খটি আছিল।
আজ্জিকাল্লি আছে জানো কিব্বা..
নিশ্চঈ অছে..’বিৰলা গল্ড চিমেন্ট’
তমাৰ দৰে..”

টেলিভিছনৰ পৰ্দাত আকৌ সত্যম শিৱম জিলিকি উঠিল—“আকৌ উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ আমি পোনে পোনে যাব বিচাৰিম আমাৰ সংবাদদাতা অমৰৰ কাষলৈ।
“অমৰ .. আপুনি শুনা পাইছেনে?”
“হয় সত্যম .. মই শুনা পাইছো।” অমৰৰ উত্তৰ।
“হয় অমৰ .. এতিয়াৰ পৰিস্থিতি কেনেকুৱা? কোনোবা উদণ্ড যুৱকৰ লগত আপুনি কথা পাতিব পাৰিছে নেকি?
আৰু এয়া গোষ্ঠীগত সংঘৰ্ষ নেকি? নে কোনো উগ্রপন্থী সংগঠনৰ হাত আছে এই সংঘাটৰ গুৰিত?” সত্যম শিৱমৰ প্রশ্ন আখৈ ফুটাদি ফুটিবলৈ ধৰিলে।
সংবাদদাতা অমৰে মনে মনে ভাবিলে- “এই দালৰ ভাগৰো নালাগে হেৰৌ। মেট্ৰিকৰ অঙ্ক প্রশ্নকাকতৰ প্রশ্ন কেতিয়াবা কমন পৰি যায় কিন্তু সত্যম শিৱমৰ প্রশ্নৰ সেইটো সম্ভাৱনাও নাই।
আৰু ইমান অহৰহ কথা কব পাৰে! শঙ্কৰ মহাদেৱনৰ ব্রেথলেচৰ অসমীয়া ৰূপটো সত্যম শিৱমে অনায়াসে গাই দিব।
“অমৰ অমৰ, আপুনি শুনা পাইছেনে?” হঠাত সত্যম শিৱমৰ মাতত অমৰ বাস্তৱ জগতলৈ উভটি আহিল।
“হয় সত্যম, ইয়াত আমি দেখিবলৈ পাইছো অজস্র মানুহৰ সমাগম। দৰাচলতে কিহৰ বাবে দুটা গোটৰ মাজত এই সংঘৰ্ষ হল তাৰ সঠিক তথ্য আমাৰ হাতত এতিয়াও পৰা নাই।
মই কেমেৰা পাৰ্ছন মনুক অনুৰোধ জনাম এই সংঘৰ্ষত ক্ষতি হোৱা কলিতা ষ্টোৰৰ বয়বস্তু কেনেকৈ সিচৰতি হৈ আছে তাক দেখুৱাবলৈ।

ভঙা দোকানখনৰ ভিতৰৰ পৰা কলিতাইও মৰ্টনৰ বৈয়াম দুটাৰ মাজেদি আলিবাটত পৰি থকা নিজৰে দোকানৰ বস্তুবোৰ চাবলৈ ধৰিলে। কলিতাৰ দেহত বস্ত্র বুলিবলৈ কঁকালত ওলমি থকা অকনমানি গামোছাখন। কলিতাই কিবা এটা পিন্ধিবলৈ দোকানৰপৰা ওলাই যাবলৈ সুযোগেই নাপালে। ডি-ৱাই লাইভৰ সংবাদদাতা আহি উপস্হিত হলেই। টেলিভিছনৰ পৰ্দাত ওলোৱাৰ কলিতাৰ ইমানদিনৰ সপোন হয়তো আজি পূৰণ হ’ব কিন্তু গামোছা পিন্ধি ওলাবলৈ কলিতাৰ অকণো মন নাই।
মনে মনে আইনাখন উলিয়াই কলিতাই চুলিখিনি আৰু প্রয়োজনতকৈ বেছি ওলাই থকা আগ দাঁত দুটা চাফা কৰি ল’লে। সিফালে অমৰে সত্যম শিৱমক বৰ্ণনা দিয়েই আছে।
“হয় অমৰ,  আমি দেখা পাইছো কলিতা ষ্টোৰখন কেনেকৈ ধংসস্তুপত পৰিণত হৈছে। আমি আলিবাটত গাখীৰৰ নিচিনা কিবা পৰি থকা দেখিছো। আমি সেই বিষয়ে সবিশেষ জানিবলৈ বিচাৰিম।” সত্যম শিৱমৰ প্রশ্নবান।
“হয় সত্যম , মই কেমেৰা পাৰ্ছন মনুক অনুৰোধ জনাম আলিবাটত পৰি থকা গাখীৰখিনি দেখুৱাবলৈ। ইয়াত কিছুমান টেকেলিৰ টুকুৰাও পৰি থকা দেখা পাইছো। আমি এজন প্রতক্ষ্যদৰ্শীৰপৰা জানিবলৈ বিচাৰিম।
আপুনি কি দেখিলে অকনমান কব নেকি?” অমৰে ৰৈ থকা জনতাৰ মাজৰপৰা এজনক সুধিলে।
“নমস্কাৰ, মই উপেন গগৈ। এক মিনিট ৰবচোন দেই।” প্রত্যক্ষদৰ্শীয়ে মোবাইলেৰে কাৰোবাৰ লগত কথা পাতিব ধৰিলে, “হেৰৌ পোনাকনৰ মাক, টিভিটো মেলি চা। অকল তৰুণ গগৈ আৰু অখিল গগৈহে ওলাব পাৰে নেকি? অমুকা উপেন গগৈও ওলাইছো আজি।”
সংবাদদাতা অমৰে ততালিকে বেলেগ এজন প্রত্যক্ষদৰ্শীক সুধিলে, “আপুনি কি দেখিলে ক’ব নেকি?”
“কিটো কবলৈ আছে হে! সেইটো কলিতাৰ দোকানৰ দৈৰ টেকেলি আছিল। কিন্তু এতিয়া আৰু নহয়। মই কিনি আনিছিলো। আখৈফুটিয়াৰ দৈ বুলি কৈছিল। কলিতাই কৈছিল টেকেলি ভাঙিলেও বোলে। দৈ খিনি টেকেলিৰ নিচিনাই হৈ থাকিব। ইমান ডাঠ। আৰু কৈছিল বোলে দৈ ইমানেই ডাঠ যে খোৱাৰ দুদিন পাছলৈ আপুনি আঙুলিৰে টিলিকি বজাব নোৱাৰিব। এতিয়া চাওক দৈৰ অৱস্থা।
মস্ত ফাঁকিবাজ কলিতা। দহটা ফাঁকিবাজ একেলগে মৰিলে এটা কলিতাৰ জন্ম হয়। তাৰ সেই আখৈফুটিয়া দৈৰ মহিমা শুনি গহীন বোলা এটা ল’ৰাই টেকেলিটো মোৰ হাতৰ পৰা কাঢ়ি আনটো দলৰ এটাৰ মুখত মাৰি দিলে। মই দুয়োটা দলৰ তৰ্কাতৰ্কি শুনি আছিলো। যিমান দূৰ বুজি পালো এয়া প্রেমজনিত কাৰণত হোৱা সংঘাট।”

“আপোনাক অশেষ ধন্যবাদ জনালো। সত্যম আপুনি নিশ্চয় শুনা পাইছে চাগৈ ঘটনাৰ আৰঁত প্রেমজনিত কাৰণ আছে।”
“ধন্যবাদ অমৰ, আমি উদণ্ড প্রেমিকৰ লগতে এজন ভণ্ড দোকানীৰ বিষয়েও বহু তথ্য পাইছোঁ। আমাৰ হাতত সেই ভঙা দৈ টেকেলিটোৰ এক্সক্লুছিভ ফটো আছে। হয় মই আকৌ কৈছোঁ কেৱল ডি-ৱাই লাইভত আপোনালোকে দেখিবলৈ পাব এই এক্সক্লুছিভ ফটো। অমৰ আপুনি সেই ভণ্ড দোকানীজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰক।” সত্যম শিৱমৰ আদেশ।

কলিতা এইবাৰ সচকিত হল। আলুগুটিৰ খালি বস্তাৰে যিমান পাৰে নিজক ঢাকি দোকানৰ ভিতৰত থকা সৰু খাটখনত কুঁচিমুঁচি পৰি থাকিল।

“কলিতা দা, উঠক। শুনিছেনে?”
লাহেকৈ কলিতাৰ ভৰিত চাট্‌ এটা পৰিল। কলিতা যেন এইবাৰ আৰু লুকাবলৈ চেষ্টা কৰিলে।
হঠাৎ এটা প্রচণ্ড চিকুটত কলিতাই চিঞৰি উঠিল “মোৰ একো দোষ নাই। সকলো সেই গহীন, ৰমেন আৰু মদনৰ কাম।”
কথাটো শেষ কৰিয়েই কলিতাই তিনিওটাকে চকুৰ আগত দেখি উচপ খাই উঠিল।
চকু দুটা মোহাৰি বাহিৰত ওলমি থকা দৈৰ টেকেলিটোলৈ চালে।
“কি হ’ল অ’ কলিতা দা? আমি কি কৰিলো?” মদনে কলিতাক সুধিলে।
“চেহ নহয় অ’ .. এইটো সপোন হে আছিল। দিনৰ ভাত ঘুমটিৰ সপোন। আৰু এই সত্যম শিৱম সি মোক সপোনতো খেদি ফুৰে বুজিছ।”
“হাঃ হাঃ হাঃ। ঠিক আছে পিছে বাতৰিত আমি ক’ৰপৰা ওলালো?” ৰমেনৰ প্রশ্ন এইবাৰ।
“এহ বাদ দে সেইবোৰ। কচোন কিমান আগবাঢ়িল তহঁতৰ সৰস্বতীক পলোৱাৰ আঁচনি।” কলিতাই কথা সলনি কৰি সুধিলে।
“অই পোৱালি .. এটা চাহ লৈ আন কলিতা দাৰ কাৰণে আৰু বিস্কুটো লৈ আহিবি। আৰু আমাকো দিবি চাহ।” মদনে কলিতাৰ দোকানৰ ল’ৰাটোক কলে।
চাহত শোহা মাৰি গহীনে কলিতাক কলে, “দেওবাৰে আপুনি,ককা, জেতুকী বাই আৰু আমি তিনিওটা আলোচনাত বহিম আৰু এটা সুৰুঙা নথকা সৰস্বতী হৰণ আঁচনি তৈয়াৰ কৰিম।” কথাটো কৈ গহীনৰ নিজকে কৃষ্ণ যেন লাগিল।
“কিন্তু তোৰ ককা আৰু মোৰ কথা জানই দেখোন.. ৰাহি-যোৰা নাহে।” কলিতাই গহীনক কলে।
“ককাৰ ফালৰ পৰা একো সমস্যা নাই আপুনি আহিলে।” মদনে কলে।
“ঠিক আছে তেন্তে দেওবাৰে দেখা হ’ম।” কলিতাৰ উত্তৰ।
“বঢ়িয়া” তিনিওটাই একেলগে চিঞৰি কলিতাক ধন্যবাদ জনাই ওলাই গল।
কলিতাই সিহঁত যোৱালৈ চাই ভাবিলে, “এইকেইটা আহি মোৰ টিভিত ওলোৱাৰ সম্ভাৱনা শেষ কৰি গ’ল। সপোন হ’ল কি হ’ল। তাৰ ওপৰত সেই গেলা চিকুটটো আছেই। আৰু মোৰ দোকানৰ চাহ বিস্কুট মোকে খুৱাই শত্রুৰ লগত সন্ধিৰ চুক্তিত স্বাক্ষৰ কৰাই লৈ গল।”
দৈ টেকেলিটো চাই চাই কলিতাই ভাবিলে- “ইহঁতৰ লগত বন্ধু হৈ সি নিজৰ বিপদ মাতি অনা নাইতো? হে প্রভু! দুপৰীয়াৰ সপোন নফলিয়ালেই ৰক্ষা।।”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!