বিস্ময়কৰ বিস্ময়কৰ (-মাধুৰীমা ঘৰফলীয়া)

পুৱাই দৰজা খুলি সৰু বাৰাণ্ডাখনত ভৰি থোৱাৰ লগে লগেই পাৰ তিনিটা উৰি আহি ৰেলিঙত পৰেহি। পাৰকেইটাৰ সৈতে আমাৰ বেছিদিনীয়া সম্বন্ধ নহয়। ছমাহ। এই নতুন ঘৰটোত সোমোৱা প্ৰথমদিনাই সিহঁতৰ কোনোবা এটাক দেখিছিলোঁ।
এদিন নিজৰ পোহনীয়া গিনিপিগকেইটালৈ খাবলৈ বুলি আনি থোৱা ঘেঁহু অলপ বাৰাণ্ডাৰ বেছিনটোৰ কাষত দি দিলোঁ। ঘূৰিও নাচালে। আকৌ দিলোঁ, নাখালে। আকৌ দিলোঁ… এদিন মুখত দিলে। আৰু আজি এনে এটা পৰ্যায় পালেহি যে শুই উঠিয়েই প্ৰথমে সিহঁতক ঘেঁহু দিব লাগে। নহ’লে ভিতৰলৈ জুমা-জুমি কৰি থাকে।
পাৰ এহাল নহয়, তিনিটা। দুটা মতা, এজনী মাইকী। মাজে মাজে মতা দুটাই কাজিয়া লাগে। আকৌ ঠিক হৈ যায়। আমাৰ ঘৰৰ সম্মুখৰ দোকানখনৰ হৰ্ডিংখনতে বাহ সাজিছে। দুটা মতাৰ সৈতে এজনী মাইকী পাৰ! কেনে লাগে বাৰু?
চাটকৈ মনত পৰে নাস্তিক মোমাইদেৱে ধাৰ্মিক মাৰ আগত কোৱা সেই কথাষাৰ-এগৰাকীয়ে আনৰ সহায়লৈ সন্তান জন্ম দিলে আৰু আনগৰাকী আক’ সেইপাঁচোটা সন্তানৰ উমৈহতীয়া পত্নী! আৰু সেই দুগৰাকীয়েই হেনো মহান আৰু সতীনাৰী!!
কুমলীয়া মনত সাঁচ বহুৱাই যোৱা সেই কথাষাৰে আজিও মোক ঘূৰি ঘূৰি খেদি ফুৰে। কিয়  কুন্তী আৰু দ্ৰৌপদীক সতী বুলি কোৱা হয়। খেদি খেদি গৈ এটাই উত্তৰ পাওঁগৈ- বংশ ৰক্ষাৰ বাবে নিজৰ স্বামীৰ বাহিৰে আনৰ সহায় ল’বলৈ যাওঁতে কুন্তীয়ে কম মনোকষ্ট পাইছিলনে? আৰু দ্ৰৌপদীৰ! এজনৰ ঠাইত পাঁচজনৰ মাজত নিজকে ভাগ কৰি ল’লে আৰু সেই পাঁচজনে জানো কেৱল তেওঁতে সন্তুষ্ট হৈ থাকিল!
আৰু উৰ্মিলা! ৰামৰ সৈতে নিজৰ নাম চিৰযুগমীয়া কৰা লক্ষণে এৰি থৈ যোৱা উৰ্মিলাক ৰচোঁতাই গুৰুত্ব নিদিলে আনে কি গুৰুত্ব দিব।
এই বাবেই চাগৈ তেওঁলোক সতী।
পাৰজনীক মোৰ দ্ৰৌপদীৰ সৈতে তুলনা কৰিবলৈ মন নাযায়। কাৰণ তাইৰ দুটা গিৰিয়েকক মই কেৱল তাইৰ সৈতে দেখি আহিছোঁ।
পাৰজনী সতী নহয় চাগৈ। কিন্তু সুখী।
 
বাৰাণ্ডাখনৰ প্ৰায় দুহাতমান দূৰৈতে আছে সম্মুখৰ ঘৰটো। প্ৰায়ে ঘৰখনৰ মানুহবোৰৰ সৈতে চকুৱে চকুৱে পৰে। মাতবোল কৰা নহয়। পিছে পখিলাৰ দৰে চটফটাই থকা কণমানী দুজনীৰ সৈতে প্ৰায়ে কথা-বতৰা হয়। ফুটা-নুফুটা মাতেৰে মোক দেখিলেই দুইজনীয়ে চিঞৰে- আণ্টি চুজে দিখলা দৌ!
চুজে বুলি মোৰ গিনিপিগকেইটাৰ কথা কয়। সিহঁতি দেখুৱাবলৈ অনুৰোধ কৰাৰ পাছত নেদেখুৱালে চিঞৰিয়েই থাকিব। মই প্ৰায়েই সিহঁত দুজনীৰ কাণ্ডবোৰ মনে মনে চাই থাকোঁ। বিৰাট খটাসুৰ। এনে লাগে যেন বোকাত দুপাহ পদুম ফুলি আছে।
বোকাত! এৰা বোকাতেই দুপাহ পদুম ফুলা যেন লাগে। দুমহলীয়া ঘৰ এটাত বাস কৰা মানুহঘৰৰ কণমানীকেইজনীক বোকাত ফুলি থকা পদুম যেনেই লাগে। টকাৰ অভাৱ নহ’লে কি হ’ব, সিহঁতৰ জন্ম এনে এখন ঠাইত য’ত ছোৱালী মানেই এটা সময়ত গৈ ডাঙৰ বোজা হোৱা। দৰা বেচা-কিনা ঠাই এইখন। তাতে সিহঁতৰ বায়েক এজনীও আছে। তলমূৰ কৰি কাম কৰি থকা মাকগৰাকীক দেখিলে এনে লাগে যেন গোটেই আকাশৰ বোজাটো তেওঁ কঢ়িয়াই লৈ ফুৰিছে!
 
বিস্ময়কৰ বিস্ময়কৰ- মামণি ৰয়ছম গোস্বামী বাইদেউৰ সেই শব্দকেইটা যেন যেনিতেনি ছেদেলি-ভেদেলি হৈ পৰি আছে।
তিনিজনী ২৬/২৯ বছৰীয়া ছোৱালীৰ মাক আমাৰ পুৰণি ভাৰাঘৰৰ মালিকনীয়ে প্ৰায়েই মোৰ আগত দুখ কৰিছিল। “ইহঁতৰ বাবে ৰিস্তা পোৱা নাই। মই মৰাৰ আগতে বিয়াকেইখন পাতি যাব পাৰিলেই হ’ল।”
মালিকনীৰ ডাঙৰ ছোৱালী ৰেশমাৰ জোৰণ হৈ গৈছিল। পিছে দৰাঘৰে জুনত কৰিম জুলাইত কৰিম এনেকৈ বিয়াখন পিছুৱাই নি থাকিল। আৰু ডেৰবছৰৰ পাছত এদিন সামান্য অজুহাতত বিয়াখন ভাঙি দিলে।
-সিহঁতক প্ৰায়েই বহুত দামী দামী উপহাৰ দিছিলোঁ। দামাদটোও বহুত ভাল আছিল। আমাৰ ঘৰখনৰ সৈতে মিলি গৈছিল। বিয়া ভগাৰ দিনা মই অচেতন হৈ পৰিছিলোঁ।
হুমুনিয়াহ এটা কাঢ়ি মালকনীয়ে কৈছিল। তেওঁৰ কথাবোৰ শুনি মই ৰেশমাৰ কথা ভাবিছিলোঁ। কেনে লাগিছিল তাইৰ! কেনে লাগিছিল ডেৰটা বছৰে কাৰোবাৰ হৈ যোৱাৰ সপোন দেখাৰ পাছত এটা পলতে সেই সপোন ভাঙি দিয়াৰ পাছত! কেনে লাগিছিল তাইৰ??
 
দুদিনৰ পাছতেই যেন মই সেই উত্তৰ পাইছিলোঁ। কাষৰ ঘৰতে খুব বিয়াৰ আয়োজন চলিছিল। মালিকনীৰ মুখৰ পৰাই গম পাইছিলোঁ সেই ঘৰৰ ছোৱালীজনীৰ বিয়াৰ যা-যোগাৰ চলিছে। তাইৰ পাঁচবাৰ বিয়া ভাঙিছে হেনো! এইবাৰ সেই বাবে লৰালৰিকৈ বিয়াখন পাতি পেলোৱাৰ কথা চিন্তা কৰিছে। গতিকে হুলস্থুল চলি থাকিল। কিন্তু হঠাতে এদিন সকলো ঠাণ্ডা হৈ পৰিল। ঠিক যেন মৰিশালিৰ নিস্তব্ধতাহে। মালিকনীক সোধাত ক’লে- আকৌ ভাগিল!!
ছয় নম্বৰবাৰ!
তিনি দিনমানৰ পাছত ছাদৰ ওপৰত ছোৱালীজনী দেখিলোঁ। একেষাৰে ধুনীয়া বুলি শলাগ ল’ব লগা ছোৱালীজনীয়ে সহজভাৱেই কিতাপ এখন পঢ়ি ইফাল-সিফাল কৰি ফুৰিছে। এবাৰ মোৰ চকুৱে চকুৱে পৰিল। ক্ষন্তেকৰ বাবে। মই চকু নমাই আনিলোঁ। সেই দৃষ্টি সহিব পৰা শক্তি মোৰ নাই। মৰা মানুহৰ চকুলৈ মই কোনোদিনে চাব পৰা নাই, সেইদিনাও নোৱাৰিলোঁ।
 
নতুন ঘৰলৈ আহিলোঁ। মাজে মাজে গৃহস্থৰ সৈতে বাৰাণ্ডাত ৰৈ মানুহ চাই আড্ডা পিটো। কেতিয়াবা খিলখিলাই হাঁহি উঠোঁ। সম্মুখৰ ঘৰৰ বোৱাৰীগৰাকীয়ে এহাত ওৰণি লৈ ব্যস্ততাৰে পাৰ হৈ যায়। মোৰ হাঁহি বন্ধ হৈ যায়।
নতুন মালিকৰ দুজনী ছোৱালী দুটা ল’ৰা। মালিকনীয়ে চকু ডাঙৰ কৰি সোধে- তহঁতৰ তাত যৌতুক নলয়! মই বুকু ফিন্দাই কওঁ- ওহো, আমাৰ তাত সেইটো লাজৰ কথা। মালিকনীয়ে তেতিয়া নিজৰ জীয়েক দুজনীক দেখুৱাই কয় আমাৰ ইয়াতযে ইমান বেয়া …
দুদিন পাছতেই দেখিলোঁ সেইগৰাকী মালকনীয়েই নিজৰ ঘৰ সাজিবলৈ পুতেকৰ দৰ-দাম আৰম্ভ কৰি দিলে!
কপাল কোঁচ খাই আহে। দৌৰি গুচি যাবলৈ মন যায় নিজৰ ঠাইখনলৈ য’ত ছোৱালীৰ সন্মান আছে। য’ত মানুহ মানুহ হিচাপেই থাকে। কিন্তু ৰৈ যাওঁ….
 
তাইক আজি চাবলৈ আহিব। কঁপি উঠা হাতেৰে চাহৰ ট্ৰে’খন লৈ আহোঁতে তাই আঁৰ চকুৰে ল’ৰাজনলৈ চালে। মন ভৰি গ’ল। তেওঁলোক যোৱাৰ পাছতো তাই কেৱল ল’ৰাজনৰ কথাই ভাবি থাকিল। আৰু এদিনৰ পাছত ল’ৰাঘৰৰ পৰা খবৰ আহিল যে ল’ৰাই তাইক পচন্দ নকৰিলে! বতাহৰ দৰে গোটেই গাঁৱত খবৰটো বিয়পি পৰিল।
সপোনবোৰ যেন জীৱনৰ কোনোবা এটা কেঁকুৰীত উজুটি খাই থানবান হৈ পৰিল! কোনখিনিত ভুল হৈ গ’ল তাইৰ। কোনখিনিত! তাইক খুটিয়াই খুটিয়াই চায়ো ল’ৰাজনে কিয় তাইক পচন্দ নকৰিলে ?’
….ৰৈ যাওঁ এইবাবেই। বিয়াৰ বজাৰত দৰ-দাম নচলিলেও সাক্ষাৎকাৰৰ পৰ্বযে এতিয়াও শেষ হৈ যোৱা নাই! পচন্দ হোৱা নাই বুলি ছোৱালী এজনীৰ আত্মসন্মান ক্ষন্তেকতে নষ্ট কৰি পেলাব পৰা সেই পৰ্বটো শেষ হৈ নাই যোৱা বাবেই গৌৰৱ কৰিবলৈ গৈও কোনোবাখিনিত ৰৈ যাওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!