বৰষুণ (বন্দনা দত্ত মজুমদাৰ)
বৰষুণৰ গানবোৰ
টোপ টোপকৈ নিগৰি
আহি ওলমি ৰয়
হিয়াৰ ৰেলিং উপচি॥
ৰ’দ কাঁচলিত তিৰবিৰাই
প্ৰতিটো টোপাল
মুকুতা মণি হৈ
দুচকুত ছবি আঁকি॥
নিৰৱে দহি নিয়ে
হেৰুৱাৰ বেদনাই
কাতৰ কৰে,
উকা হৃদয়খনিক
পুনৰ সজীৱ কৰে
তীব্ৰভাৱে
আছাৰকণিৰে॥