ভিটামিন চিৰ বিষয়ে কিছু আলোচনা-ডাঃ চৈয়দা চেমিন ইছলাম

ভিটামিন চি/ এচকৰ্বিক এচিড এবিধ water soluble vitamin. শৰীৰত ইয়াৰ স্বাভাৱিক মাত্ৰা হৈছে ০.৬ – ২ mg/dL. লেবোৰেটৰীত তেজ পৰীক্ষা কৰি ইয়াৰ ডেফিচিয়েন্সী নিৰূপণ কৰিব পাৰি।
ভিটামিন চি আমাৰ শৰীৰৰ এক প্ৰমুখ ভিটামিন যিয়ে শৰীৰৰ বহুধৰণৰ মুখ্য ভূমিকা পালন কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হিচাপে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত অন্য তম। ইয়াৰ উপৰিও চৰ্দী, জ্বৰ, কাহ, কটা ঘাঁ শুকোৱা তথা এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰি শৰীৰৰ কোষ সমূহ নষ্ট হোৱাত বাধা প্ৰদান কৰে। John Hopkins University School of Medicine ৰ বিজ্ঞানী সকলৰ মতে ৫০০ মি.গ্ৰা. ভিটামিন চি নিতৌ সেৱন কৰিলে উচ্চ ৰক্তচাপ সামান্য পৰিমাণে কমে। ভিটামিন চিয়ে diuretic হিচাপে কাম কৰি শৰীৰৰ পৰা অতিৰিক্ত পানীভাগ নিষ্কাষণ কৰি উলিয়াই দিয়ে, যাৰ ফলত ব্লাড প্ৰেচাৰ সামান্য হ’লেও কমাত সহায়ক হয়।
পিছে, এই অত্যা্ৱশ্যrকীয় ভিটামিন চি বা এচকৰ্বিক এচিড আমাৰ শৰীৰে নিজে প্ৰস্তুত কৰিব নোৱাৰে। সেয়ে, শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন চি যুক্ত আহাৰ অথবা ভিটামিন চি টেবলেট/ ইঞ্জেকচন আদি ঔষধ হিচাপে গ্ৰহণ কৰাৰ প্ৰয়োজন হয়।
ভিটামিন চি পানীত দ্ৰৱীভূত হয় বাবে ইয়াৰ অতিৰিক্ত পৰিমাণে গ্ৰহণ কৰিলেও শৰীৰত জমা নহৈ মূত্ৰৰ সৈতে ওলাই যায় বুলি কোৱা হয়। সেয়ে, “আহাৰ”ত ভিটামিন চিৰ মাত্ৰা বেছি হ’লেও ই বিপদজনক নহয়।
ঔষধ হিচাপে ভিটামিন চি গ্ৰহণ কৰিবলৈ হ’লে সকলো ধৰণৰ প্ৰাপ্ত বয়স্ক লোকৰ বাবে দৈনিক ২০০০ মি.গ্ৰামৰ বেছি কেতিয়াও গ্ৰহণ কৰিব নালাগে। পৰাপক্ষত ১০০০ মি.গ্ৰাম গ্ৰহণ কৰাই উচিত। অন্যলথাই চিকিৎসকৰ পৰামৰ্শ লৈহে গ্ৰহণ কৰা উচিত। শিশু, গৰ্ভৱতী মহিলা, শিশুক বুকুৰ আহাৰ খুৱাই থকা মহিলা অথবা বিভিন্ন ৰোগত আক্ৰান্ত পুৰুষ-মহিলা উভয়ৰে বাবে ইয়াৰ মাত্ৰা (Dose) ভিন্ন হয়।
কিছুমান ব্যহক্তিৰ ক্ষেত্ৰত ভিটামিন চিৰ মাত্ৰা দৈনিক ২০০০ মি. গ্ৰা. বা ৩০০০ মি. গ্ৰা.ৰ বেছি হ’লে নিম্নলিখিত লক্ষণ সমূহে দেখা দিব পাৰে।

  • ডায়েৰীয়া(diarrhea)
  • বমিৰ ভাৱ(nausea)
  • বুকু জ্বলা-পোৰা কৰা(heart burn)
  • গেষ্ট্ৰাইটিচ(gastritis)
  • আলস্য্ ভাৱ(fatigue)
  • মূৰৰ বিষ(headache)
  • অনিদ্ৰা (insomnia)
    ভিটামিন চি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ সাৱধানয়তা অৱলম্বন কৰিব লাগে।
    গৰ্ভাৱস্থাত থকা মাতৃ সকলে যধে মধে ভিটামিন চি সেৱন কৰা অনুচিত। মাত্ৰাধিক গ্ৰহণ গৰ্ভত থকা শিশুৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে।
    বৃক্ক ৰোগ থকা ব্য্ক্তি সকলৰ বাবে: ভিটামিন চিয়ে পেচাৱৰ অক্সেলেট(oxalate)ৰ মাত্ৰা বঢ়াই দিব পাৰে। যাৰ কাৰণে বৃক্ক ৰোগত আক্ৰান্ত ৰোগীৰ বৃক্ক বিকল (kidney failure) হৈ পৰাৰো সম্ভাৱনা আহি পৰে।
    ডায়েবেটিচ: ভিটামিন চিয়ে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ডায়েবেটিচ ৰোগৰ আক্ৰান্ত বয়সস্থ লোক সকলে চিকিৎসকৰ পৰামৰ্শ লৈহে ভিটামিন চি গ্ৰহণ কৰা উচিত। পৰাপক্ষত বেচিক মাল্টিভিটামিন এটাত যিখিনি ভিটামিন চি পোৱা যায়, তাকেই গ্ৰহণ কৰা উচিত।
    বৃক্কত পাথৰ থাকিলে বা আগতে পাথৰ হোৱাৰ হিষ্ট্ৰি থাকিলেও চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ভিটামিন চি গ্ৰহণ কৰা অনুচিত। মাত্ৰাধিক ভিটামিন চিৰ গ্ৰহণে বৃক্কত পাথৰ হোৱাৰ সমস্যাক অধিক তীব্ৰতৰ কৰি তুলিব পাৰে।
    তেজৰ বিসংগতি পূৰ্ণ ৰোগত আক্ৰান্ত হৈ থাকিলে ভিটামিন চিৰ মাত্ৰাধিক গ্ৰহণে পৰিস্থিতি জটিল কৰি তুলিব পাৰে।
    এলজেইমাৰচ ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতো ভিটামিন চি খুওৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। ভিটামিন ই ( vitamin E) আৰু আলফা লিপইক এচিডৰ সৈতে ভিটামিন চি একেলগে খাবলৈ দিলে ৰোগীৰ মানসিক অৱস্থা বেয়ালৈহে যোৱাৰ আশংকা থাকে।
    এঞ্জিওপ্লাষ্টি বা হাৰ্টৰ যিকোনো প্ৰচিডিউৰ কৰা থাকিলে চিকিৎসকৰ পৰামৰ্শ অবিহনে ভিটামিন চি গ্ৰহণ কৰা অনুচিত।
    কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰত কেন্সাৰ চেল বোৰে অধিক মাত্ৰাত ভিটামিন চি শোষণ কৰি লয়। সেয়ে, কেন্সাৰ ৰোগৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি হে ভিটামিন চি গ্ৰহণ কৰা উচিত।
    ধূম্ৰপান আৰু ধপাত সেৱনৰ ফলত শৰীৰত ভিটামিন চিৰ পৰিমাণ কমি যায়। সেয়ে তেনে অভ্যাৰস থকা লোক সকলে আহাৰত ভিটামিন চি গ্ৰহণ কৰা উচিত।
    মদ্যপান (Alcoholism): সদায় মদ্যপান কৰা ব্যাক্তি সকলৰ পেচাৱৰ সৈতে ভিটামিন চিও বিসৰ্জন হৈ ভিটামিন চি ডেফিচিয়েন্সী হ’ব পাৰে। তেনে ক্ষেত্ৰত তেওঁলোকৰ বাবে স্বাভাৱিক মাত্ৰাতকৈ বেছি পৰিমাণে ভিটামিন চিৰ প্ৰয়োজন হ’ব পাৰে।

এনেকুৱা পৰ্য্যাlলোচনাৰ পৰা পোৱা অনুসৰি ভিটামিন চি যিয়ে যেনেকৈ পায় তেনেকৈ ব্যাৱহাৰ কৰা অনুচিত। সাধাৰণতে চৰকাৰী ভাৱে বিনামূলীয়াকৈ যোগান ধৰা ভিটামিন চি ৫০০ মি গ্ৰাম দৈনিক সেৱন কৰিলে ইয়াৰ পৰা বিশেষ সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা কম। তথাপিও চিকিৎসকে নিশ্চয় সেই বিষয়ে যথোপযুক্ত পৰামৰ্শ দিব।
ভিটামিন চি water soluble হোৱাৰ হেতুকে ৰাতিপুৱা ব্ৰেকফাষ্ট লোৱাৰ আধাঘণ্টা আগতে অথবা আহাৰৰ দুঘণ্টাৰ পিছত সেৱন কৰা উচিত। তেহে শৰীৰে উপযুক্ত ভাৱে ভিটামিন চি ব্য্ৱহাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!