ভ্ৰমণৰ আনন্দ : সৌম্যদ্বীপ দত্ত (অনামিকা বৰুৱা)

ভ্ৰমণৰ আনন্দ : সৌম্যদ্বীপ দত্ত

ණঅনামিকা বৰুৱা

গ্ৰন্থ: ভ্ৰমণৰ আনন্দ

লেখক: সৌম্যদ্বীপ দত্ত

প্ৰথম প্ৰকাশ: জুন, ২০১২

প্ৰকাশক: ভবানী অফ্‌ছেট প্ৰাঃ লিঃ

ISBN: 978-81-824562-0-1

মূল্য: ৩০০ টকা

 

অসমৰ বন, বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণ আন্দোলনত সৌম্যদ্বীপ দত্ত এটা পৰিচিত নাম| উত্তৰ-পূব ভাৰতৰ পৰিবেশ সংৰক্ষণকাৰী গোষ্ঠী ’নেচাৰ্চ বেকন’ নামৰ সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক| বাল্যকালৰ পৰাই সৌম্যদ্বীপ দত্ত বন্যপ্ৰাণীৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হয় আৰু পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিবেশ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰায়োগিক কৰ্যসূচী গ্ৰহণ কৰা সৌম্যদ্বীপ দত্ত আমেৰিকাত অৱস্থিত বিশ্ববিখ্যাত স্মিথেচোনিয়ান ইনষ্টিটিছনৰ পৰা আন্তৰ্জাতিক পৰিবেশ শিক্ষাৰে প্ৰশিক্ষিত| তেওঁ ভাৰত চৰকাৰৰ অধীনস্থ প্ৰাণী সংক্ৰান্তীয় একমাত্ৰ বৈজ্ঞানিক সংগঠন Zoological Survey of India ৰ দ্বাৰা বন্যপ্ৰাণী সংক্ষৰণ আৰু বনৰীয়া চৰাই সংক্ৰান্তীয় অধ্যয়নেৰে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত| জলচ্ছেদ উন্নয়ন, শিবিৰ পৰিচালনা, পৰিবেশ শিক্ষণ সঁজুলি প্ৰস্তুতকৰণ ইত্যাদি বিভিন্ন দিশত তেওঁ প্ৰশিক্ষিত তথা কাৰ্যকৰী দক্ষতা অৰ্জন কৰিছে| ১৯৮৮ চনত অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমগ্ৰ অসম ব্যাপী হোৱা পৰিবেশ সচেতনতা অভিযানৰ নেতৃত্বও প্ৰদান কৰে সৌম্যদ্বীপ দত্তই|

সৌম্যদ্বীপ দত্ত এগৰাকী ভ্ৰমণপিপাসু ব্যক্তি| বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত তেওঁ অসম তথা ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ উপৰি পৃথিৱীৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰিছে| ইতিমধ্যে তেখেতৰ এশৰো অধিক প্ৰবন্ধ, ভ্ৰমণ কাহিনী, পৰিবেশ সংক্ৰান্তীয় আৰু বন্যপ্ৰাণী তথ্য সম্বলিত অনুসন্ধানমূলক লেখা দেশ-বিদেশৰ বিভিন্ন আলোচনী, কিতাপ আৰু বাতৰি-কাকতত প্ৰকাশ পাইছে| ভ্ৰমণ মানুহৰ জীৱনৰ এক আনন্দৰ অভিজ্ঞতা| ভ্ৰমণৰ মাজেৰেই মানুহে পৃথিৱীৰ নিৰ্মল আনন্দ আৰু পৃথিৱীৰ চিৰন্তন মৌলিক ৰূপমাধূৰ্যক আস্বাদন কৰিবলৈ সক্ষম হয়| ভ্ৰমণে মানুহৰ জীৱনলৈ পূৰ্ণতা আনি দিয়ে| এই ধুনীয়া পৃথিৱীখনৰ চুকে-কোণে সিঁচৰিত হৈ থকা অসীম সৌন্দৰ্য, সৌৰভ, বৈভৱ আৰু অপাৰ আনন্দৰ সোৱাদ মানুহে ভ্ৰমণৰ মাজেৰে লাভ কৰিব পাৰে| ভ্ৰমণ স্বদেশতেই হওক বা বিদেশতেই হওক বা ওচৰৰ গাঁও বা চহৰতেই হওক, ভ্ৰমণৰ আনন্দ অনুভৱ সকলোতেই একে| অন্য কোনো বাধাই ভ্ৰমণকাৰীক ভ্ৰমণৰপৰা বিৰত কৰিব নোৱাৰে| ভ্ৰমণকাৰীয়ে ভ্ৰমণ কৰিবই| ভ্ৰমণে মনৰ ঐশ্বৰ্য, প্ৰাণৰ অনুভূতি আৰু অভিজ্ঞতাৰ ভঁৰাল টনকিয়াল কৰে| ভ্ৰমণে মানুহক ভাল পাবলৈ শিকায়, নিজৰ প্ৰতি বিশ্বাস জন্মাই তোলে, অচিনা-অজানাক নিজৰ আত্মীয়ত পৰিণত কৰে|

প্ৰাকৃতিকভাৱে আমাৰ দেশ ভাৰত আৰু আমাৰ ৰাজ্য অসম ইমানেই ঐশ্বৰ্যশালী যে পৃথিৱীৰ ভ্ৰমণপিপাসু ব্যক্তিসকলে জীৱনত এবাৰলৈ হ’লেও এই দেশ, এই ৰাজ্যলৈ আহিব খোজে| অথচ এই দেশ, এই ৰাজ্যৰ অধিবাসী হোৱা সত্ত্বেও আমি বহুতেই হয়তো আমাৰ দেশৰ ৰূপ-বৈচিত্ৰৰ ফালে ভ্ৰমণকাৰী হিচাপে দৃষ্টি নিবদ্ধ কৰা নাই| সৌম্যদ্বীপ দত্তৰ এই ’ভ্ৰমণৰ আনন্দ’ত তেখেতৰ বাৰটা ভ্ৰমণৰ অভিজ্ঞতাৰ কথা সন্নিৱিষ্ট কৰা হৈছে-

১)নমদফাৰ মধুৰ স্মৃতি,

২)ডিব্ৰুগড়ৰপৰা মাৰ্ঘেৰিটা হৈ ডিবং গাঁৱলৈ,

৩)ৰোহিণীৰপৰা ঘুম, চুকীয়া, যোৰপোখৰী আৰু মিৰিক,

৪)আমাৰ তেজপুৰ ভ্ৰমণ,

৫)পূব ছিকিমৰ বাটে বাটে,

৬)মুৰ্কংচেলেক আৰু টি-এম-পি-কেৰ অধিবেশন,

৭)পঞ্চবটীৰপৰা গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানলৈ,

৮)চক্ৰশীলা অভয়াৰণ্য,

৯)বৰফেৰে আবৰা ঈগলনেষ্ট,

১০)পোলেণ্ডৰ এখন গাঁৱত এটা দিন,

১১)মানাহ উদ্যানৰ অৰণ্য ৰাজ্য,

১২)নেপালৰ কাঠমাণ্ডু উপত্যকাত

ইয়াৰ প্ৰতিটো লেখাতেই বৰ্ণনা ইমান জীৱন্ত যে এনে লাগে যেন লেখকৰ লগে লগে পাঠকে নিজেও সেই মনোৰম ভ্ৰমণ আৰু প্ৰাকৃতিক পৰিবেশ চচক্ষে উপভোগ কৰিছে| প্ৰকৃতিৰ সৈতে সহজ আত্মীয়তাই কিতাপখনৰ পঢ়াৰ আনন্দ দুগুণ বঢ়াই তোলে| আশাকৰোঁ কিতাপখন পঢ়াৰ আনন্দ অকলোৱে উপভোগ কৰিব|

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!