মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম . . . (- সুৰজিত নেওগ)

ভূপেন দাক মনত পেলোৱাৰ সময় হ’ল . . . ৫ নভেম্বৰ পালেহিয়েই নহয় . . . কোনে কোনে কি কি কৰিছে ? চাৰিওফালে চাগে এতিয়া প্র্স্তুতি চলিছে । কোনোবাই যদি ভুপেন্দ্র সংগীত আওৰাইছে, কোনোবাই হয়তো ভূপেন দাৰ ওপৰত তত্ব্গধুৰ কিতাপ লেখিছে । কোনোবাই নিচ্ছয় ভুপেনদাৰ গীতবোৰ গুটাই পিতাই (সকলোখিনি নহলেও) গীতৰ সংকলণ চপাই বিক্রি কৰাৰ মানস কৰিছে । আকৌ কোনোবাই হয়তো শ্রদ্ধাঞ্জলী উপলক্ষে পতা বিভিন্ন সভা-সমিতিত বিশিষ্ট বক্তা হিচাপে দিবলগীয়া ভাষণটো কন্ঠষ্ট কৰিছে; আখৈ ফুটাদি ফুটিব লাগিব যে । এয়াই সময় । ভুপেন দাক মনত পেলোৱাৰ উপযুক্ত সময় …। শিল্পীক সন্মান দিব জনা অসমীয়াই আজিৰ পৰা এবছৰ মান আগতে সমগ্র বিশ্বক দেখুৱাই দিছিল … ৫-৬ টা টিভি চেনেলৰ 24X7 টেলিকাষ্ট, ৫-৬ লাখ লোকে অশ্রুসিক্ত নয়নেৰে পুৱতি নিশা পৰ্য্যন্ত দিঘলীয়া শাৰীত থিয় হৈ শেষ শ্রদ্ধাঞ্জলী জনোৱাৰ সেই বিৰল দৄশ্য …. কতজনৰ উদাত্ত কন্ঠৰ ব্র্জকঠিন ঘোষনা… ভুপেনদাক আমি সদায়েই এনেকৈ মনত ৰাখিম …

কিমান চিন্তা, কিমান চৰ্চা, কিমান তৰ্ক-বিতৰ্ক, টিভিৰ পৰ্দাত কিমান আলোচনা, কিমান পৰিকল্পনা . . . আমাৰ চুবুৰীয়া বংগই যদি ৰবি ঠাকুৰক যুগমীয়া কৰি ৰাখিব পাৰিছে আমি কিয় নোৱাৰিম ? কলিকতাৰ প্রায়ভাগ ৰাজহুৱা স্থানত ৰবীন্দ্র সংগীত বজাৰ দৰে আমাৰো ৰাজহুৱা স্থান যেনে বাচআস্থান, ৰেল ষ্টেচন, ৰাজহুৱা ঘোষণা ব্যৱস্থাৰ দ্বাৰা ভুপেন্দ্র সংগীত বাজোৱাৰ … কিমান যে কল্পনা, পৰিকল্পনা, পৰিযোজনা, আশ্বাস, ঘোষণা …. ভুপেন দাক ভালপোৱা সকলোৰে টনা-আজোৰা, ভুপেনদাৰ শেষ শয়ণ আমাৰ ইয়াতে হওক . . . এবাৰ পাৰ্ক, এবাৰ ট্রাষ্টৰ মাটিত আৰু শেষত ভুপেন দাৰ অতিকৈ মৰমৰ বিশ্ব বিদ্যালয়ৰ কাষতে চিৰ শান্তিত …. প্রায়ে অহা যোৱা কৰোতে এবাৰ চাওঁ …. ভুপেনদা কেনে শান্তিত শুই আছে . . . কোনেও দিগদাৰি নকৰে . . . কিজানিবা তেখেতৰ টোপনী ভাঙি যায় ; সেয়েহে হবলা আমি তাত এতিয়ালৈকে একো কৰা নাই । ভুপেন দাক সবাতোকৈ বেছি ভালপোৱা কিজনে মনত পৰিলে মাজে মাজে লগহৈ টিভিত আলোচনা কৰা দেখো; মনতো ভাল লাগি যায় ।

কিমান বিখ্যাত, অজ্ঞাত লেখক অলেখকে একে ৰাতিৰ ভিতৰতে ভূপেন দাৰ জীৱনৰ ওপৰত, ভুপেনদাৰ গীত-সংগীতৰ ওপৰত, ভুপেন দাৰ জ্ঞাত-অজ্ঞাত প্রেম কাহিনীৰ ওপৰত তত্তগধুৰ কিতাপ লেখি প্রকাশ কৰি অসমীয়াৰ আবেগৰ ওচৰত বিক্রি কৰিলে . . . আচৰিত হৈছিলো, ভুপেন দাক জনা, ভুপেন দাক বুজা ইমানসোপা বিশেষজ্ঞ পণ্ডিত আমাৰ মাজত আছে বুলি জানি … নিজৰ অজ্ঞতাৰ ওপৰত ধিক্কাৰ জন্মিছিল . . .

দীঘলী পুখুৰীৰ পাৰত ৫০ হাজাৰডাল মান ম’ম জ্ব্লাবৰ সময় সমাগত । ইতিমধ্যে ফাঁচিবজাৰত অৰ্ডাৰ দিয়া হৈ গৈছে । টিভি চেনেলবোৰো সাজু হৈছে, বছৰেকীয়া শ্রাদ্ধৰ দিনা এক্সক্লুচিভ ৰিপৰ্টিং লৈ । অসমীয়া হৈ জন্ম লৈছো যেতিয়া অন্তত এবাৰলে হলেও আকৌ জালুকবাৰি লৈ যাব লাগিব নহয় । ভুপেন দা, তুমি চকুলো নুটুকিবা … আমি তোমাক মনত পেলাম; পুজাটো পাৰ হৈ যাওকছোন । ৫ নভেম্বৰৰ দিনা আমি জাকজমককৈ অনুস্থান পাতি তোমাক সুৱঁৰিম । কেৱ্ল এইবছৰেই নহয়, প্রতি বছৰে এই দিনটোতে, কেৱ্ল এই দিনটোতে তোমাক আমি শ্র্দ্ধাৰে বিচাৰিম । আমি পুনৰ বাৰ সমগ্র বিশ্বক দেখুৱাই দিম আমি শিল্পীক সন্মান জনাব জানো . . . আমি প্র্মাণ কৰি দিম এবছৰৰ আগতে যি হৈছিল সেয়া কেৱল আবেগৰ বহিৰ্প্রকাশ নাছিল . . .!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!