মাছৰ সিদ্ধ (তেলবিহীন)ঃ- -ৰূপলেখা দেৱী


এই তেলবহীন মাছৰ ব্যঞ্জনখন পেটৰ কাৰণে খুব ভাল আৰু খায়ো বৰ ভাল লাগে৷
উপকৰণঃ-

ৰৌ মাছ–3 বা 4 টুকুৰা
আলু–ডাঙৰ 1টা ( টুকুৰা কৰা)
পিয়াজ–1টা( কুটি লোৱা)
বিলাহী–1টা( পুৰি লোৱা)
আদা-1টুকুৰা
নহৰু–3 কোহ
শুকান জলকীয়া–2টা বা সোৱাদ অনুসৰি( পুৰি লোৱা)
খৰিচা–2 চামুচ
নিমখ–সোৱাদ অনুসৰি
প্ৰণালীঃ–

মাছত নিমখ হালধি সানি কিছু সময় ঢাকি থব৷ কেৰাহীত 2 1/2 গিলাচ পানী বহাই দি গৰম হ’লে কাটি থোৱা আলুখিনি দি লগতে নিমখ দিব৷ আলু আধা সিজিলে পিয়াজ যোগ কৰিব৷ লগতে মাছ কেইটুকুৰ দি দিব৷ অলপ পিছত পোৰা বিলাহিটো হাতেৰে মোহাৰি দি দিব৷ অলপ দেৰি উতলাৰ পিছত আদা নহৰু আৰু জলকীয়াখিনি একেলগে খুন্দি উতলি থকা আঞ্জাত যোগ দিব৷ মাছ সিজালৈকে আঞ্জাখন ভালদৰে উতলাই দুটুকুৰা মান আলু ভাঙি দিব৷ প্ৰয়োজন হ’লে আৰু পানী যোগ কৰিব৷ একেবাৰে শেষত খৰিচা দুচামুচ দি জোলখন উতলিলে নমাই গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!