যোগ্যতা- গণেশ ডেকা

 সত্তৰোৰ্ধ বয়সৰ দুৰ্বল মানুহজনে ছিটি বাচখনত উঠি চাৰিওফালে চালে ক’ৰবাত বহিবলৈ আসন পায় নেকি৷

জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত আসন দুখনত দুজন কাণফুলি পিন্ধা ডেকাল’ৰা বহি আছে৷ সিহঁতক এখন আসন এৰি দিবলৈ ক’বলৈ তেওঁৰ সাহস নহ’ল৷ এনেতে মহিলাৰ আসনত বহি থকা এজনী কলেজীয়া ছোৱালীয়ে ‘ককা ইয়াতে বহক’ বুলি আসনখন এৰি দিলে৷ পিছৰ ষ্টপেজত এজনী আধুনিকা ছোৱালী বাচখনত উঠিল আৰু বৃদ্ধ গৰাকীক ক’লে – ‘লেডিজ চিট এৰি দিয়ক৷’

– “মাডাম, এই চিটটো মোৰ, মই ককাক বহিব দিছো ৷“ কলেজীয়া ছোৱালী জনীয়ে ক’লে৷ আধুনিকাজনী মনে মনে থাকিল৷

জ্যেষ্ঠ নাগৰিকৰ আসনত বহি থকা এজন ডেকা ঠিয় হ’ল আৰু আধুনিকাক ক’লে- ইয়াতে বহা৷ আধুনিকাই সেই আসন খনত বহিল ঠিক সেই আসনখনৰ এগৰাকী যোগ্য যাত্ৰীৰ দৰে৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!