শামুক এটাৰ শীত গাঁথা (দ্ৰিচাং বসুমতাৰী)

শামুকভঙা এজনীয়ে খুটিয়াই মোৰ চোলাটো ফালিলে
লেটি লোৱা বাৰিষা এটা শুকাই আছে মোৰ বুকুত
লুটি বাগৰ মাৰিব পৰা হ’লে মই বুকুখনেই আগুৱাই দিলো হয় তাইক
..
ফটা চোলাটোৰে শীত সোমাইছে
শুকান মেটেকাৰ উম খিনি কমি আহিছে
চোলাটোৰ ফুটাৰে মই গণি আছো জোন
জোনৰ ৰাতিবোৰ
কেলেণ্ডাৰৰ পৰা সৰি আছে জোনবোৰ..
অইন কালে মই শীতক অনুভৱ কৰি পোৱা নাই
বৰষুণৰ দিন শেষ হোৱাৰ আগতেই মই শীত নিদ্ৰাত গুচি যাওঁ
মোৰ চোলাটোৰে পিছলি বৰষুণে মোৰ বুকু চুলেই মই সাৰ পাওঁ।
সিদিনা কোৱা শুনিলোঁ কোনোবাই,
এইবাৰ হেনো শীতটো বেছি
সকলো হেনো নিজৰ চোলাৰ ভিতৰত সোমাই আছে
নিজৰ নিজৰ চোলাবোৰ উমাল কৰিবলৈ সিহঁতৰ আছে নানানটা বুদ্ধি
মাজতে এদিন মোৰ উমৰ শুকান মেটেকাখিনি টানি লৈ গ’ল সিহঁতি
চোলাৰ ফুটাটোৰে কত চিঞৰিলোঁ
ৰাতি হৈ অহালৈ শীতবোৰ মোৰ চোলাৰ ফুটাৰে সোমাই
বাৰিষাটোৰ সতে বাহ বান্ধিল..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!