শ্ৰী গিৰীশ চন্দ্ৰ মহন্ত: এক নীৰৱ সাধক( -ভাস্কৰজ্যোতি দাস)

১৯৬৭ চনৰ ১ মাৰ্চ তাৰিখ, বুধবাৰ। শিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী জকাইসত্ৰত তেখেতে জন্ম লাভ কৰে। সত্ৰৰ মঞ্চত পিতৃ নগেন্দ্ৰনাথ মহন্ত আৰু মাতৃটঙ্কেশ্বৰী মহন্তৰ আদৰত পৰম্পৰাগতভাৱে সত্ৰীয়া পৰিৱেশতে তেখেতে লাভ কৰেশংকৰদেৱ পৰম্পৰাৰ প্ৰাৰম্ভিক শিক্ষা। শিৱসাগৰৰ বেজগাঁও মজলীয়া বিদ্যালয়তসপ্তম শ্ৰেণীলৈকে মধ্য ইংৰাজী শিক্ষা গ্ৰহণ কৰাৰ পাচত তেখেতে গৌৰীসাগৰইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ পৰা প্ৰৱেশিকা আৰু ডিব্ৰু কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত তেখেতে অৰুণাচল প্ৰদেশত বন বিভাগৰ চাকৰিত যোগদান কৰে যদিওপাচলৈ বস্তুবাদী দৰ্শন ত্যাগ কৰি অসমৰ সংস্কৃতিৰ পথাৰখনত কিছু কৰাৰ কথাচিন্তা কৰি নিজ জন্মস্থানলৈ উভটি আহে। ২০০৩ চনৰ পৰা ২০০৫ চনলৈ দুবছৰকালতেখেতে শিল্পগুৰু শ্ৰী ৰেবকান্ত মহন্তদেৱৰ তত্বাৱধানত শংকৰদেৱৰ অৱদান মুখাশিল্পৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ কিছুদিনৰ পাচতে এইজনা শিল্পীয়ে২০০৬ চনৰ মাৰ্চ মাহত তামিলনাডুৰ শ্ৰীৰঙ্গমত অনুস্থিত বৈষ্ণৱ মহাসন্মিলনতমুখাৰ সৈতে অংশগ্ৰহণ কৰে। সেইখন মহাসন্মিলনত তেখেতে বহুলভাৱে সমাদৰ লাভকৰে। তাৰ পাচত আৰু পিচলৈ চাবলগীয়া হোৱা নাই এইজন কলাসাধকে। ২০০৬ চনতেতেখেতে শিৱসাগৰৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুস্থান “ঈক্ষণ”ৰ সৌজন্যত ১৫ দিনীয়ামুখাশিল্পৰ প্ৰশিক্ষণৰ কৰ্মশালাত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে। একেটা বছৰতেশোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত অনুষ্ঠিত অসম সত্ৰ মহাসভাৰ সেতুবন্ধকাৰ্যসূচীত প্ৰদৰ্শিত মুখা ভাওনাত তেখেতে অংশগ্ৰহণ কৰি বিভিন্ন মহলৰপৰাভূয়সী প্ৰশংসা লাভ কৰে।
২০০৮ চনৰ ছেপ্টেম্বৰ মাহত “ৰাষ্ট্ৰীয়নাট্য বিদ্যালয়, দিল্লী”ৰ অধীনত তেখেতে শোণিতপুৰ জিলাৰ তেজপুৰতবিদ্যালয়খনৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক আৱাসিক প্ৰশিক্ষণ বাহৰতদুসপ্তাহজুৰি মুখাশিল্পৰ প্ৰশিক্ষণ দিয়ে। একেদৰে ২০১০ চনত তেখেতে অসম সত্ৰমহাসভাই আয়োজন কৰা ভাওনা আৰু সত্ৰীয়া নৃত্যৰ আহাৰ্যৰ কৰ্মশালাত সমলব্যক্তি হিচাপে যোগদান কৰে। ইয়াৰোপৰি এইজন শিল্পীয়ে অসমৰ বিভিন্নপ্ৰান্তত অনুস্থিতমুখাশিল্পৰ প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে সুনাম অৰ্জনকৰে। ২০১৩ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক তেখেতে দ্বিতীয়লানিপ্ৰশিক্ষণ দিয়ে আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে ব্যৱহাৰৰ হেতু তেখেতে সজামুঠ ১৫ ভাগ মুখা সংগ্ৰহ কৰে।
এইসমুহৰ উপৰিও তেখেতেকৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত লিখা বহুকেইটা সমলভিত্তিকপ্ৰৱন্ধ বিভিন্ন গ্ৰন্থত প্ৰকাশিত হৈছে। শেহতীয়াকৈ নগাঁৱত “চ’চাইটি ফৰশ্ৰীমন্ত শংকৰদেৱ” নামৰ অনুষ্ঠানে তেখেতক মুখা শিল্পী ৰূপে সম্বৰ্ধনাজনাইছে আৰু ২০১৪ চনৰ গণৰাজ্য দিৱসত শিৱসাগৰ জিলা প্ৰশাসনে তেখেতক “লোকসেৱাৰ উৎকৃষ্টাৰ বঁটা” আগবঢ়াইছে।
এইজন নীৰৱ শিল্পী শ্ৰীযুতগিৰীশ চন্দ্ৰ মহন্তদেৱে এইদৰেই কেৱল শিল্পকৰ্মৰ দিশতে সোমাই থাকি নিজৰবহুমুখী প্ৰতিভাৰে উঠি অহা চামৰ মাজত শংকৰী কলা-কৃষ্টিৰ এখন ব্যৱহাৰিক মঞ্চদিয়াৰ বাবে আহোপুৰোষাৰ্থ কৰিছে। লগতে জকাইসত্ৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰযোগেদি তেখেতে উঠি অহা চামটোক সত্ৰীয়া সংগীত, নৃত্য-বাদ্যৰ ওচৰলৈ লৈযোৱাৰ বাবে প্ৰয়াস কৰিছে।
অসমত এনে বহু প্ৰচাৰবিমুখ শিল্পী আছেযি নিজৰ কৰ্মৰ মাধ্যমেৰে নিজৰ কৃষ্টি সংস্কৃতিৰ বাবে যথেষ্ঠখিনি কৰিছে।কিন্তু পৰিতাপৰ বিষয় যে আজিৰ প্ৰচাৰ মাধ্যমে এইসকল নীৰৱ সাধকক এতিয়ালৈকেঢুকি পোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!